by Arup Kakoti
শ্যামলী শৰতৰ কোনোবা এটি স্নিগ্ধ প্ৰভাতত
দু–ওঁঠত বাগৰিছিল
সেই ভুৱন ভুলোৱা হাঁহিটি..
শেৱালিৰ চঞ্চলতাই সুৰভিত কৰিছিল
লাস্যময়ী সমাহা১…..!
শৰতেই দিছিল কবিতাৰ আঁৰৰ বতৰা….
তাতেই যেন উদ্ভাষিত হৈছিল বাস্তৱ…!
দিবা স্বপ্নস্ৰোতত মগ্ন সেয়া যেন
আজি সৌজন্যপূৰ্ণ ক্ষমাশীলতা…!
য’ত আছিল মাথোঁ সৰগীয় সুখানুভূতিৰ আত্মীয়তা ….!
শ্যামলী শৰতেই দিছিল কবিতাৰ শs…
গুৰিত সিঁচি দিছিল সজাল অনুভৱ …!
সপোনৰ ফলৱৰ্তী ৰূপৰ যেন এক বাসনা..
ভাবিছিল, সেউজ সুন্দৰ পৃথিৱীখনত পৰিব
ছাহাৰাৰ বালিৰ দলিছা…!
সেয়াও যেন এতিয়া শ্যামলীৰেই প্ৰাণ…!