
Laপ্ৰাচীন ভাৰতত নাৰীক দেৱী বুলি অভিহিত কৰি স্ত্ৰী শক্তিক পূজা কৰা হৈছিল৷ আমাৰ সংস্কৃতিৰ মূলতন্ত্ৰ আছিল ‘যত্ৰ নাৰ্য্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেবতা৷’ অৰ্থাৎ য’ত নাৰীক সম্মান দিয়া হয়, তাতেই দেবতা নিবাস কৰে৷
ঋগ্বেদকালীন সমাজত স্ত্ৰীশিক্ষাৰ প্ৰচলন আছিল৷ সেইসময়ত মহিলাই বেদ অধ্যয়ন কৰিছিল আৰু বেদমন্ত্ৰ ৰচনাও কৰিছিল৷ ঋগ্বেদৰ অনেক সুক্তৰ দৰ্শনকত্ৰৰ্ী স্ত্ৰী আছিল৷
পুৰুষৰ সমমৰ্যাদাৰে বৈদিক শিক্ষাৰ মৰ্যাদা পোৱাৰ হেতুকে বহুতো উচ্চশিক্ষিতা মহিলাৰ নাম পোৱা যায়৷ সেইসকলৰ ভিতৰত গাৰ্গী, মৈত্ৰেয়ী, ৰোমাচা, লোপামুদ্ৰা, আপালা, কুদ্ৰু, বিশ্ববাৰা, ঘোষা, চিকতা, নিভাবাৰী, উৰ্বশী, সাবিত্ৰী, আত্ৰেপই, দেবযানী, লীলাবতী, কাত্যায়নী আদি অতি উচ্চ শিক্ষিতা মহিলাৰ নাম উল্লেখযোগ্য৷
বিশ্বৰ আদিগ্ৰন্থ ঋগবেদত বেদমন্ত্ৰ ৰচয়িতা বহুকেইগৰাকী নাৰী ঋষিৰ নাম পোৱা যায়৷ বৈদিক দেৱতাসকলকলৈ লিখিত গ্ৰন্থ ‘বৃহৎ’ দেৱতা’ত উল্লেখ আছে যে মন্ত্ৰদ্ৰষ্টা নাৰীসকলক ব্ৰহ্মবাদিনী বুলি কোৱা হৈছিল৷ ‘বৃহস্পতিৰৰ কন্যা ৰোমাচা এগৰাকী ব্ৰহ্মবাদিনী নাৰী৷ ঋকবেদত উল্লেখ থকা বিশ্ববাৰা, আপালা, ৰোমাচা, লোপামুদ্ৰা, অম্ভ¸ুনীবাক, কক্ষীব্ৰতী, ঘোষা, জাৰিতা, শ্ৰদ্ধা, কামায়ণী, জুহু পৌলমী আদি নাৰীসকলে, বেদমন্ত্ৰ আৰু শ্লোক ৰচনা কৰিছিল৷ সামবেদত গোধা ঘোপায়না, অকৃষ্ট–ভাষা, চিকতা, নিৰাৱতী প্ৰভৃতি মন্ত্ৰদ্ৰষ্টা স্ত্ৰী ঋষিৰ নাম উল্লেখ আছে৷ ইয়াৰ বাহিৰেও বেদমন্ত্ৰৰ কথোপকথনত ঋগ সংহিতাত পুৰুষৰ সমানে অংশগ্ৰহণ কৰা যমী, ইন্দ্ৰানী, সৰ্পৰাজ্ঞী, উৰ্বশী আদি নাৰীৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য৷ বিভিন্ন দিশত যে বৈদিক যুগৰ নাৰীয়ে পাৰদৰ্শিতা দেখুৱাইছিল তাক ভাগ ভাগকৈ আলোচনা কৰিলেহে নাৰী আৰু পুৰুষৰ অধিকাৰ আৰু মৰ্যাদাৰ বিষয়ে গম পোৱা যাব৷
বৈদিক যুগত স্ত্ৰীৰ অবিহনে যজ্ঞ সম্পন্ন হ’ব নোৱাৰিছিল৷ পানিনিয়ে ‘পত্যূৰ্নঃ যজ্ঞসৱযোগে’ সূত্ৰত পত্নী শব্দৰ অৰ্থ এনে ধৰণেৰে দাঙি ধৰিছে যে পতি শব্দত ‘ন’ প্ৰত্যয় সংযোগে পতিক যজ্ঞ সম্পাদনত সহায় কৰা বুজাইছে৷ ৰামায়ণ মহাকাব্যত ৰামে সীতাৰ অবৰ্তমানত বাজসূয় যজ্ঞ সম্পাদনা কৰিবলৈ সীতাৰ স্বৰ্ণমূৰ্তি নিৰ্মাণ কৰিব লগা হৈছিল৷ শতপথ ব্ৰাহ্মণতো লিপিবদ্ধ আছে যে পত্নী হ’ল ধৰ্মানুষ্ঠানত যজ্ঞকাৰীৰ অৰ্থাৎ যজমানৰ পত্নীয়ে বৈদিকক মন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ সম্পাদনত বিশিষ্ট অংশগ্ৰহণ কৰিছিল৷ (বেদৰ পৰিচয়, যোগীৰাজ বসু) যজ্ঞকাৰী পত্নীয়ে অন্যান্য পুৰোহিতৰ দৈতে যজ্ঞবেদীৰ কাষতে আসন গ্ৰহণ কৰিব পাৰিছিল৷ বৈগিক যুগৰ বিবাহ কাৰ্যত কন্যাই বহুতো বেদমন্ত্ৰ উচ্চাৰণ কৰিব লাগিছিল৷ ‘ধ্ৰবৱ দৌঃ ধ্ৰুব ৰেয়ং ধ্ৰুবাহং পতিকুলে ভূয়াসম৷’ ধ্ৰুব তৰালৈ নিক্ষেপ কৰি কন্যাই এই মন্ত্ৰফাঁকি উচ্চাৰণ কৰিব লাগে৷ ইয়াৰ অৰ্থ হ’ল আকাশ যুগমীয়া, পৃথিৱী যুগমীয়া আৰু এই ধ্ৰুব তৰাটিও যুগমীয়া, তেনেকৈ ময়ো মোৰ পতি গৃহত যুগমীয়া হৈ বিৰাজ কৰিম৷ বেদৰ লগতে পুৰাণ, উপনিষদ আদি বিভিন্ন গ্ৰন্থই দৃঢ়তাৰে ঘোষণা কৰিছে যে পত্নীয়েহে এজন পুৰুষক পূৰ্ণ কৰে৷ সেয়েহে পত্নীক অৰ্দ্ধাঙ্গিনী বুলি কোৱা হয়৷
বৈদিক যুগত নাৰীৰ ক্ষেত্ৰত উপনয়ন অনুষ্ঠানো প্ৰযোজ্য হৈছিল৷ উপনয়ন নোহোৱাকৈ কোনো নাৰীকে বেদ তথা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ দিয়া হোবা নাছিল৷ পুৰুষৰ দৰে নাৰীসকলে উপনয়ন অনুষ্ঠান সম্পাদন কৰি ব্ৰহ্মচৰ্য পালন কৰি গুৰৰ ওচৰত শিক্ষা লাভ কৰিছিল৷ এইসকল শিক্ষিতা মহিলাক ঋষিকা বা ব্ৰহ্মবাদিনী আখ্যা দিয়া হৈছিল৷ হাৰীত নামৰ স্মৃতিশাস্ত্ৰৰ ৰচয়িতা এজনৰ মতে বৈদিক যুগত ব্ৰহ্মবাদিনী আন্দ সদ্যেবধু নামৰ দুই শ্ৰেণীৰ শিক্ষিতা নাৰী আছিল৷ ব্ৰহ্মবাদিনী নাৰীসকলে উপনয়নৰ পাছত যজ্ঞাগ্নি প্ৰজ্বলিত কৰিছিল, বেদ অধ্যয়ন কৰিছিল আৰু নিজৰ ঘৰ¸তে ভিক্ষা খুজিছিল৷ সদ্যেবধু নাৰীসকলৰ উপনয়ন সম্পাদন হোৱাৰ পিছত বিবাহ কাৰ্যত ব্ৰতী হৈছিল৷ বিভিষ গ্ৰন্থৰ অধ্যয়নে প্ৰতীয়মান কৰে যে বৈদিক যুগখ্যাত নাৰীসকলক যজ্ঞসূত্ৰ ধাৰণ কৰোৱা হৈছিল আৰু তেওঁলোকৰ বেদ অধ্যয়নৰ অধিকাৰ আছিল৷ পঞ্চ পাণ্ডৱৰ মাতৃ কুন্তীদেৱীক এজন ব্ৰাহ্মণে পবিত্ৰ যজ্ঞসূত্ৰ পৰিধান কৰাই সাবিত্ৰী মন্ত্ৰ জপ কৰিবলৈ শিকাইছিল বুলি মহাভাৰতব বনপৰ্বত উল্লেখ আছে৷ ড॰ যোগীৰাজ বসুৰ লিখনিৰ পৰা গম পোৱা গৈছে যে খ্ৰীষ্টীয় সপ্তম শতিকাতো এই প্ৰথা ভাৰতৰ কোনো কোনো ঠাইত প্ৰচলিত আছিল৷ বানভট্টৰ প্ৰখ্যাত গ্ৰন্থ ‘কাদম্বৰী’ আৰু হৰ্ষচৰিত’ত যজ্ঞসূত্ৰ ধাৰণ কৰা কুমাৰীৰ কথা উল্লেখ আছে৷ মনুসংহিতাৰ ৰচনাকালত এই প্ৰথা একেবাৰে লুপ্ত হোৱা বুলি কোৱা হৈছে যদিও উপনয়ন প্ৰথা আৰ্যজাতিৰ ‘ইন্দো অৰিয়ান’ শাখাৰ মাজত নোহোৱা হ’ল তথাপি ই বৰ্তমানেও ‘ইন্দো ইৰানীয়’ শাখাৰ মাজত প্ৰচলিত আছে বুলি জনা যায়৷
বৈদিক যুগৰ নাৰীসকল তৰ্ক আলোচনাতো পাৰ্গত আছিল৷ বৃহদাৰণ্য–কোপনিষদত উল্লেখ আছে যে বিখ্যাত শাস্ত্ৰজ্ঞ ঋষি যাজ্ঞব{¨্যক যেতিয়া অন্যান্য ঋষিসকলে পৰাস্ত কৰিব পৰা নাছিল, তেতিয়া সেইসময়ৰ যশস্বী নাৰী ঋষি গাৰ্গী যাজ্ঞব{¨্যৰ লগত তৰ্ক কৰিবলৈ আগবাঢ়ি আহিছিল আৰু যাজ্ঞব{¨্যৰ দৰে প্ৰখ্যাত তাৰ্কিকেও ঋষি গাৰ্গীক পৰাস্ত কৰিব পৰা নাছিল৷ ঋষি যাজ্ঞব{¨্যৰ দুগৰাকী পত্নী আছিল মৈত্ৰেয়ী আৰু ক্যাতায়নী৷ ঋষি মৈত্ৰেয়ীয়ে দাৰ্শনিক বিষয়ৰ তৰ্ক আৰু আলোচনাত অংশগ্ৰহণ কৰিছিল৷ কাত্যায়নী আছিল এগৰাকী অতি সাংসাৰিক জ্ঞানসম্পন্ন নাৰী৷ কেতিয়াবা কেতিয়াবা তৰ্কৰ মীমাংসা কৰিবলৈ বিদূষী নাৰীক আমন্ত্ৰণ জনোৱা হৈছিল৷ এবাৰ ব্ৰাহ্মণসকলে অগ্নিহোত্ৰ যজ্ঞ এদিনত নে দুদিনত সম্পূৰ্ণ কৰিব লাগে এই লৈ মতানৈক্য হোৱাত কুমাৰী নামৰ ঋষিগৰাকীক মীমাংসা কৰিবলৈ দিয়া হৈছিল৷ যিহেতু ব্ৰাহ্মণসকলে পুৱা আৰু গধূলি দিনে দুবাৰ এই যজ্ঞ কৰিব লগা হৈছিল, এই গৰাকী ঋষিয়ে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ এদিন ধৰি দিয়া মত সকলোৰে গ্ৰহণযোগ্য হৈছিল৷ সেই সময়ত বহু পিতৃ–মাতৃয়ে পণ্ডিতা কন্যা জন্মৰ বাবে হোম–যজ্ঞ কৰাৰ কথা বৃহদাৰণ্যক উপনিষদত উল্লেখ আছে৷
বৈদিক যুগৰ নাৰীৰ হৃদয়ত উদিত হোৱা আধ্যাত্মিক জ্ঞানজ্যোতিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সত্যান্বেষীসকলৰ অন্তৰ জয় কৰি আহিছে৷ যাৰ প্ৰমাণ পোৱা যায় যাজ্ঞব{¨্যৰ পত্নী ঋষি মৈত্ৰেয়ীৰ কণ্ঠত নিগৰিত হোৱা ভাষ্যৰ পৰা৷ সন্ন্যাস আশ্ৰম পালনৰ বাবে যেতিয়া যাজ্ঞবল্কই সমূহ পাৰ্থিব বিষয়বস্তু পত্নী মৈত্ৰেয়ী আৰু কাত্যায়ণীৰ হাতত সমৰ্পণ কৰি তপোবনলৈ যাবলৈ ওলাল, তেতিয়া মৈত্ৰেয়ীয়ে পতিক সুধিলে তেনে অমৰত্ব লাভ কৰিব পাৰিমনে? যাজ্ঞব{¨্যই উত্তৰ দিলে ‘নোৱাৰে’ ঐশ্বৰ্যৰ দ্বাৰা অমৰত্ব লাভৰ আশা নাই৷’ যাজ্ঞব{¨্যৰ উত্তৰ শুনি মৈত্ৰেয়ীয়ে ক’লে, ‘যিবোৰ বস্তুৱে মোক অমৰত্ব দিব নোৱাৰে সেই অসাৰ বস্তু লৈ মই কি কৰিম?’ মৈত্ৰেয়ীৰ এই বিশ্ববিশ্ৰুত বাণীয়ে পাশ্চাত্যৰ পণ্ডিতসকলকো ভবাই তুলিছে যে পাৰ্থিব ঐশ্বৰ্য–বিভূতিয়ে মানুহৰ দৈনিক কামনা–বাসনা পূৰণ কৰিব পাৰে, কিন্তু তেওঁক আধ্যাত্মিক স্পৃহা আৰু অমৰত্ব দান কৰিব নোৱাৰে৷ ব্যক্তিয়ে এনে কৰ্মত প্ৰবৃত্ত হোৱা প্ৰয়োজন যাৰ মাজেদি প্ৰত্যেক জীৱনৰ মঙ্গল হয়, জীৱৰ তন–মন অমৰত্ব দিশে ধাবিত হয়৷
বৈদিক যুগৰ শেষৰফালে নাৰীক কিছুমান অধিকাৰৰ পৰা বঞ্চিত কৰা বিষয়ে গম পোৰা যায়৷ ইয়াৰ বাবে হিন্দু নিয়ম প্ৰণেতা মনুক জগৰীয়া কৰাও দেখা যায়৷ পিছলৈ নাৰীৰ উপনয়ন অনুষ্ঠান সম্পাদনত বাধাৰ সৃষ্টি হোৱাৰ ফলত ধৰ্ষণ, নিৰ্যাতন, হত্যা–বঞ্চনা, অবহেলাৰে পৰিপূৰ্ণ অনগ্ৰসৰ আৰু মূল্যবোধৰ অৱক্ষয় হোবা সমাজৰ যিখন ছবি পৰিস্ফুট হৈ আহিছে তাৰ ৰূপ আজিও ধূসৰ হোৱা নাই৷ বৈদিক যুগৰ পিছত যিবিলাক ধৰ্মীয় সামাজিক বা ৰাজনৈতিক কাৰণত নাৰীৰ স্থান সমাজত অবনমিত হ’ল তাৰ কাৰণসমূহ আজিও কুহেলিকাতে আবদ্ধ হৈ আছে৷ সেয়ে যজ্ঞ অনুষ্ঠান পালনৰ যোগেদি আজিৰ নাৰীয়ে অতীত ৰোমন্থন কৰক, অপাৰ শক্তিৰ অধিকাৰিণী নাৰীয়ে আত্মশক্তি জাগ্ৰত কৰক, আধ্যাত্মিক চিন্তা–চৰ্চাৰে মানসিক উৎকৰ্ষ সাধন কৰক আৰু যজ্ঞৰ যি ব্যাপক অৰ্থ হৃদয়ঙ্গম কৰি সকলো জীৱৰ মঙ্গলৰ বাবে কৰ্মত প্ৰবৃ¸ত হওক৷
সৰ্বেভবস্তুসুখিনঃ সন্তু নিৰাময়ঃ
সৰ্বে ভদ্ৰানি পশ্যন্তু, মা কশ্চিদ্ দঃখভাগভবেৎ’
ওম শান্তিঃ শান্তিঃ শান্তি৷