সংকল্প আজিৰেই পৰা যদি কামৰ বিনিময় এটুকুৰা শুকান ৰুটি, থকাৰ বাবে এখন ভগা বিছনা৷ কথায়–কথায় অপমান–অৱহেলা, বংশ–কুটুমৰ সমন্বয়ত কটু বাক্য, পদে–পদে ধৰিব কোনোবাই নহয় কোনোবাই ভুল, অৰ্থ আৰু শিক্ষাৰ আত্মঅহংকা১….৷ সমস্ত জীৱন সিহঁতৰেই কল্যাণাৰ্থে ত্যাগ… তথাপি যেন প্ৰায়শ্চিত্ত নহয়৷ মই সীমাবদ্ধ! চাৰিবেৰৰ ভিতৰত…৷ সিহঁতৰ কথায় বেদ বাক্য, সুযোগ বিচাৰি বিচাৰি মানসিক অপমান৷ মূল্যহীন দুখ–কষ্ট, আবেগ–অনুভূতি, বেমাৰ–আজাৰ, মূল্যহীন নাৰীৰ লিখা–পঢ়া, আশা–আকাংক্ষা….৷ জীৱনটো আৰু জীৱন হৈ থকা নাই যেন মই বজাৰৰ সস্তা পণ্য সামগ্ৰী৷ অভিনয় কৰি কৰি কেতিয়াবা ক্লান্ত হৈ পৰে মানসিক বাবে আহত হৃদয় নামক যন্ত্ৰটো৷ উত্তৰ বিচাৰি বিচাৰি বাগৰি পৰে ঠিকনাবিহীন মনটো৷ যদি ইয়াৰ নামেই বিয়া হৈ থাকে তেন্তে মুক্তি পনে মুক্ত হ’ব বিচাৰোঁ আভিজাত্যৰ দালানৰ বন্দী শালৰ পৰা৷
নাজানো কিয়! প্ৰতিদিন কোনো নহয় কোনো ঠাইত নিৰ্যাতন–ধৰ্ষণ লাঞ্চিত– বঞ্চিত … উচ্চ শিক্ষিত হৈয়ো বিৰতিহীন যোদ্ধাৰ দৰেই হাঁহিৰে মুখ ঢাকি নীৰৱে কৰ্মৰত প্ৰতিগৰাকী নাৰী, হয়তো মাকৰ ঘৰত পানী এগিলাচ নি খাবলৈ টান পাইছিল৷ আজি স্বামীৰ সংসাৰত সকলো কাম কৰে, আচৰিত লাগে তথাপি জয় কৰিব নোৱাৰে মন নামৰ দেহটো মাথো অতৃপ্ত, অসন্তুষ্টি নানা আপত্তি, অভিযোগ ….৷ সঁচাকৈ, এতিয়া বাৰে–বাৰে অন্তৰৰ নিভৃত কোণত প্ৰশ্নৰ তৰোৱালে বিধাতাৰ দৰ্জাৰ দলিচা কাটে আমি নাৰী জাতিক সৃষ্টি কিয় কৰিব লাগে? মাথোঁ পুৰুষ জাতিটো নাথাকিল কিয়? সিহঁত গৰ্ভস্থ নহৈ ভূমিষ্ঠ নহ’ল কিয়? বিধ্বংস নহয় কিয় অবলা দূৰ্ভগীয়া নাৰী জাতি৷ বিশ্ব দৰবাৰত এটাই প্ৰশ্ন অক্ষয় নাৰী জাতিটো মৰিব ক’ত গৈ? বাদেই দিলোঁ জীয়াই থকাৰ কথা, বাস্তৱ ঘটনা– বিয়াৰ ছয় সাত মাহ মান পিছত বোৱাৰীজনীক– প্ৰথমে স্বামী, শাহুমা… যৌতুকৰ বাবে মানসিক ভাবে দুই–চাৰিটা কথা কয় লাহে লাহে শাৰীৰিক বাবে অত্যাচাৰ আৰু কথায় কথায় পঠিয়াই দিয়ে মাক–দেউতাকৰ ঘৰত টকা–পইচাৰ বাবে, মাকৰ ঘৰত গ’লেই মাকে কয় দুই চাৰি দিন হয় তেনেকুৱা লাহে লাহে ঠিক হৈ যাব অলপ মানাই চলিব লাগিব, সেইখন ঘৰেই তোমাৰ, দুই এঠাইত চাকৰিৰ চেষ্টা কৰিলে নিজৰ ঘৰ বনোৱাৰ, কিন্তু বিফল ….! শেষত নিজৰ ঘৰৰ ঠিকনা বিচাৰি বিচাৰি আজি মালতী উপায়হীন হৈ ছিলিং ফেনত ওলমি থাকিল …৷ ক’ত যাব শান্তি বিচাৰি, শান্তি যে ক’তো নাই ৷
পিতৃকুলতো মূল্যহীন অবহেলিত, প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই কোনোমতে মাথোঁ বিয়া দিব পাৰিলেই পিতৃকূল দায়িত্বহীন, সুখত আছে, নে দুঃখত! কোনো নাই খবৰ লোৱাৰ৷ কল্পনা নকৰে কি হ’ল বিক্ৰী কৰি দিয়াৰ পিছত গৃহ পালিত পশু (অৰ্থাৎ বিয়াৰ পাছত)৷ বঞ্চিত পৈতৃক ঘৰ–সংসাৰ, সম্পত্তি তথা উচিত মৰ্যাদাৰ পৰা৷ এতিয়া অতিথি আপোন জন্ম গৃহত৷ ঘৰৰ মানুহৰ মন গ’লে চিনি পাব মন নগ’লে নাপাব৷ দুই–চাৰি দিন থাকিবলৈ মন গ’লে থকা বিছনা পোৱা টান, খোৱাৰ কথা কোৱা মানুহ নাই, কাপোৰবোৰ থাকিব ঘৰৰ কোনো এক কোণত বেগৰ ভিতৰতেই, অবহেলা! হায়! নাৰীৰ জীৱন, স্বাধীন দেশত … বিয়াৰ আগত ক’ৰবাত যাব বিচাৰিলে মাক–দেউতাকে ক’ব– “বিয়াৰ পাছত য’তে ইচ্ছা ত’তেই যাবা…., বিয়াৰ পাছত স্বামীক ক’লে– “আগতে যি কৰিছাঁ, কৰিছাঁ য’তে ইচ্ছা ততেই গৈছা… এতিয়া সেইবিলাক বাদ দিয়া৷ অলপ মন দি সংসাৰ কৰা, ল’ৰা–ছোৱালী মানুহ কৰা৷ তেতিয়া মন গ’লে য’তে ইচ্ছা যাবা, যি ইচ্ছা কৰিবা কোনে বাধা দিব …’’, এতিয়া ল’ৰা–ছোৱালী ডাঙৰ হ’ল৷ ক’ৰবাত যোৱাৰ কথা উঠিলেই শুনিব

লগা হয় নানান সংলাপ– “মা কি য’তে–ততে যাম–যাম কৰি থাকা, এতিয়া সেই বয়স আছে নেকি? মানুহে কি ক’ব, মান–সন্মানৰ কথা নাই নেকি… এতিয়া ধৰ্ম–কৰ্মত মন দিয়া, পুণ্য অৰ্জন কৰা, আমাৰ কথা ভাবিবা, দুই কাল গৈ তিনি কালত ভৰি দিছা এতিয়া মন স্থিৰ কৰা বেলি ডুবাৰ সময় হ’লেই প্ৰায় …..’’ আপোনালোকে জানে নে নাৰীৰ মৰ্যাদা আৰু স্বাধীনতা ক’ত, স্বাধীনতা বোলা শব্দটো নাৰীৰ বাবে উচিত শব্দ হয় জানো? হয়! দেশ স্বাধীন হৈছে, কিন্তু নাৰী স্বাধীন হোৱা নাই৷ নাৰী স্বাধীনতা পোৱা নাই৷ য’ত শহুৰদেউতা দেওৰেকৰ হাতত গোপনে ধৰ্ষণ, পিতৃৰ হাতত কন্যা ধৰ্ষণ…৷ সেয়ে বিয়া নোহোৱাৰ সংকল্প…! ঘূৰি নাচালেও জোন বেলি থমকি নাযাওঁ৷ উপস্থিত হমেই লক্ষ্যত৷ তথাপিতো নিজৰ মতে চলিব পাৰিম৷ হয়তো সাৰ্থক আৰু স্বাধীন যেন অনুভৱ হ’ব নিজৰ অন্তৰত৷ কিন্তু ক’ত, তেতিয়া আকৌ ৰাস্তাত ভৰি নমালেই লোকৰ কু–দৃষ্টি, কু–বাক্য, কেতিয়াবা নজনাকৈ অজানিতে সজাই দিেয় ‘বেশ্যা’ ….৷ হ্যেঃ নাৰী, চাকৰি কৰিবা, মুক্ত মনে ঘূৰি ফুৰিবা, পদে পদে বাধা–বিপত্তি পৰিচয় বনাবা, নিমিষতে বিফল কৰিব সকলো সংগ্ৰাম সকলো প্ৰচেষ্টা সময় নামক ৰাক্ষসে, য’ত ডাক্তৰবিলাকৰ মৃত্যু দলবদ্ধ ধৰ্ষণত, দিনে ৰাতি হিচাপ হীন ধৰ্ষণ বয়স্কৰ পৰা নাবালক শিশু আছিফা বানু, দলবদ্ধ বাবে ধৰ্ষণ সোহাগী জাহান তনু, জুনকো ফাৰুতা, নিৰ্ভয়া, ডাঃ আফিয়া ছিদ্দিকি, অভয়া….. এতিয়া আকৌ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ডঃ মৌমিতা দেবনাথ৷ ভয়ংকৰ লোমহৰ্ষক ইতিহাস কি নিদাৰুন মৃত্যু৷ ১৮–২০ পুৰুষ…, ১১৩টা কামোৰৰ দাগ, শৰীৰত ১৫০ গ্ৰাম বীৰ্য….৷ ক’ত নিৰাপত্তা নাৰীৰ? ক’ত, আৰু কিমান দিন? কিমান জনৰ শেষ হ’ব এনেকৈ ৰঙীন পৃথিৱী৷ কিমান জনক শেষত পুৰি পেলায় নাম দিয়া হয় ‘আত্মহত্যাৰ’৷ নাইবা প্ৰেমৰ নামত ফুচলাই শেষত টুকুৰা– টুকুৰ কৰি ফ্ৰীজত ৰাখি ৰাখি পেলায় দিয়ে ভিন্ন ঠাইত৷ ক্ষমা নাই ক’তো নাৰী জাতিৰ, সৃষ্টিৰ আদিৰ পৰা আৰম্ভ কৰি নাৰীৰ নাই শান্তি, নিৰাপত্তা, সুৰক্ষা… একো নাই হায় মাথো অবহেলা মাথো অবহেলা ….৷ নাৰী তুমি কেতিয়াও মুক্ত আৰু স্বাবলম্বী হ’ব নোৱাৰিবা ৰাক্ষস আৰু হায়েনা কুলত, তোমাক সেই স্বাধীনতাৰ পতাকা হাতত কেতিয়াও দিয়া নহ’ব, সদায় বঞ্চিত কৰা হ’ব নিৰ্মমভাবে৷ কাৰণ তুমি মূল্যহীন৷ য’ত ভগৱানেও ক্ষমা কৰা নাছিল মাতা কুন্তীকো… হ’ব লগা হৈছিল কুমাৰী মাতৃ৷ পঞ্চম স্বামী থকাৰ পাছতো বস্ত্ৰ হৰণ হ’ব লগা হৈছিল দেবী দ্ৰৌপদীৰ৷ সতীত্ব ৰক্ষাৰ্থে অগ্নি পৰীক্ষা দিব লগা হৈছিল সীতা মাতাক৷ যুগ– যুগান্ত ধৰি নাৰী বঞ্চিত–লাঞ্চিত চাহিদা পূৰণ মন্ত৷ ছয়, সাত মহীয়া গৰ্ভৱতী মহিলাক হাঁহি, আনন্দ, সহায়–সহযোগ, কৰ্ম বিৰতিৰ পৰিবৰ্তে দিয়া হয় শাৰীৰিক, মানসিক আৰু দৈনিক নিৰ্যাতন৷ গৰ্ভৱতীৰ হেনো জিৰণিত থাকিব নালাগে অনবৰতে কষ্টৰ কাম কৰিলে সন্তান স্বাভাৱিক জন্ম হয়, কাপোৰ টানকৈ পিন্ধিব লাগে, পীৰাতো হেনো বহিব নালাগে… এয়াই শাহুয়েকৰ ঘৰ, বুজি নাপায় যন্ত্ৰণা বোৱাৰী বুলি, মাকতো সকলোৰেই ভাল আৰু স্বৰ্গ সমান কিন্তু এই শাশুয়েক বিলাক ক’ৰ পৰা আহে৷ কিন্তু ছোৱালী হ’লে সম্পূৰ্ণ বিপৰীত তেতিয়া সকলো সময় জিৰণি আৰু যত্ন …… হায় কপাল, হাজাৰ আশাত তুলি দিয়ে পতি দেবৰ হাতত পিতৃ–ভাতৃয়ে মাথো পেটৰ তাড়নাত নহয় সন্মান– সুৰক্ষা আৰু শান্তিৰ বাবে সুখতো দূৰৈৰ কথা যেন বিক্ৰী হে কৰি দিয়ে৷ চাকৰতুল্য গণ্য কৰে, চাকৰৰ তথাপি দুই–চাৰি দিন ছুটি থাকে সিহঁতৰ ছুটিও নাথাকেষ৷ দুই–চাৰি দিন ক’ৰবাত যাব বিচাৰিলে হেজাৰ কথা, ভোক লাগিলে অপেক্ষা ঘণ্টাৰ পিছত ঘণ্টা কেতিয়া সিহঁতে খাব৷ তথাপি আইনত সিহঁতেই ঠিক আমিয়েই ভুল৷ সঁচাকৈ বাৰু এয়াইনে নাৰীৰ জীৱন! সুখৰ কল্পনা কৰিলেই দুঃখ৷ হে ভগৱান মাতৃ গৰ্ভত কিয় দান কৰা কন্যা সন্তান৷
সমাজ! হায়, কি কৰিব সমাজে, সমাজ অন্ধ, বিচাৰ আইন–কানুন, ৰীতি–নীতি সকলোবোৰ একো একোটা শব্দ মাত্ৰ৷ তাৰ বেছি একো নহয়৷ যাৰ অৰ্থ আছে তেওঁ মাথো মানুহ তেওঁ মুখ্য নেতা, সন্মান তেওঁৰেই, প্ৰতিষ্ঠিত ব্যক্তি তেওঁ৷ এতিয়াও সময় আছে জাগ্ৰত হোৱা নাৰী জাতি লক্ষ্মী, সৰস্বতী ৰূপত নহয়, মা কালীৰ জাগ্ৰত শক্তি ৰূপত৷ হে পাপীষ্ট দানৱকূল৷ তুমি নাজানা দিনৰ শেষত সকলো মিছা, তোমাৰ সিংহ্ৰ বাহুবল, দৈহিক ক্ষুধা, তোমাৰ মোহময় সপোনৰ বজাৰ এদিন অসাৰ, সকলো মূল্যহীন মাথো অলপ সময়ৰ ব্যৱধান৷ নাথাকিব শক্তি, সাহস, ৰূপ, সৌন্দৰ্য…৷ মাটি–ভেটি, অৰ্থ – আভিজাত্য সকলো এটি ভুৱা শব্দ সময়ৰ স্ৰোতে ভটিয়াই লৈ যাব কালৰ বুকুত, ফুটা হৈ যোৱা কলহে যিদৰে পানী ধৰি ৰাখিব নোৱাৰে ঠিক পাপী দেহ নামৰ বস্তুৱে আত্মা ধৰি ৰাখিব নোৱাৰে, জীৱন মানেই লোকচান, এদিন তুমি, মই সকলো বুৰ যাম কালৰ বুকুত পাহৰণিৰ গৰ্ভত৷ vv