জীৱন এখন যুঁজৰ আখৰা৷ যুঁজৰ এখন মঞ্চ৷ প্ৰতিমুহূৰ্তত আমি কেৱল জীয়াই থাকিবলৈ অহৰহ সংগ্ৰাম কৰি আহিছো৷ এই যুঁজ অন্ন–বস্ত্ৰ, বাসস্থান এধানিৰ বাব৷ কেতিয়াবা এটি সংস্থাপনৰ অথবা কেৰিয়াৰৰ বাবে৷ সকলোৱে যুঁজাৰ কাৰণ মাথো ভিন্ন৷
তথাপিও এই পৃথিৱীত কিছু লোক আছে যিসকলে কিছুমান এনে যুঁজ কৰে যি সাধাৰণ মানুহৰ চিন্তাৰ বাহিৰৰ৷ জীয়াই থকাৰ সাধাৰণ চিন্তাৰ বাহিৰত এওঁলোকে এনেকুৱা কিছুমান চিন্তা কৰে যি আমাৰ সমাজ জীৱনক বাৰুকৈয়ে প্ৰভাবিত কৰে৷ এনে মুষ্টিমেয় কেইজনমান পথ প্ৰৱৰ্তক মানুহৰ বাবেই এখন বৃহৎ সমাজ উপকৃত হয়৷ অনেকে প্ৰেৰণা লাভ কৰে নতুন কিবা এটা কৰিবলৈ৷
এই ধৰক যাদৱ পায়েং নামৰ ব্যক্তিজন৷ তেওঁৰ নাই কোনো উচ্চশিক্ষিতৰ আলংকাৰিক সন্মান৷ তেওঁৰ নাই কোনো সম্ভ্ৰান্ত প্ৰতিষ্ঠানৰ পৰা কোনো বিষয়ত লাভ কৰা বৃত্তিগত প্ৰশিক্ষণ৷ এটি অত্যন্ত প্ৰান্তৰ জনসমাগৰ আঁৰত নিৰলে ডাঙৰ দীঘল হোৱা এজন সাধাৰণ সহজ সৰল যুৱক৷ অথচ তেওঁ এদিন হঠাতেই চিন্তা কৰিলে সোঁতৰ বিপৰীতে কিবা এটা কৰাৰ আৰু এনেদৰেই জন্ম হ’ল অৰণ্য মানৱজনৰ৷ হয় তাৰ বাবে তেওঁ নিজৰ জীৱনৰ অলেখ দিন ব্যয় কৰিছিল, এক সাধনাত নিমগ্ন হৈছিল তেওঁ৷ জীৱনৰ সকলো সুখ–দুখ জনাঞ্জলি দি একমাত্ৰ নিজৰ উদ্দেশ্যতে ব্ৰতী আছিল তেওঁ৷
এনেদৰেই আৰু বহুতো ব্যক্তিৰ নাম ল’ব পাৰি৷ কিছুলোকে প্ৰকৃতি ধবংসযজ্ঞৰ বিৰুদ্ধে যুঁজ কৰি আছে৷ কিছুলোকে নিৰক্ষৰতাৰ বিৰুদ্ধে, বিভিন্ন সামাজিক সজাগতা অনাৰ বাবে নিৰলে নিৰৱে নিজৰ যুঁজ চলাই আহিছে৷
কিন্তু দুখৰ কথা হ’ল আমি আমাৰ সমাজত এই প্ৰকৃত যুঁজাৰুসকলক যেন যথোপযুক্ত স্বীকৃতি আৰু সন্মান দিয়াৰ বাবে সদায় কৃপণালি কৰো সমাজৰ বাবে, দেশৰ বাবে নিজৰ জীৱন–যৌৱন দান দিয়া এই প্ৰকৃত যুঁজাৰুসকলক আমি ৰাজহুৱা মঞ্চ এখন দিবলৈ কুণ্ঠাবোধ কৰো৷ সামাজিক মাধ্যমত এওঁলোকৰ বহুল প্ৰচাৰ–প্ৰসাৰৰ বাবে দুআষাৰ লিখিবলৈ আমাৰ সময়ৰ অভাব৷
ৰাজনৈতিক নেতা, ঠিকাদাৰ, চলচ্চিত্ৰ পৰিচালক–সংগীতজ্ঞ, অভিনেতা–অভিনেত্ৰীৰ প্ৰতি যিটো আমাৰ সামাজিক দৃষ্টিভঙ্গী সেই একেই দৃষ্টিভঙ্গীৰে আমি আমাৰ সমাজত নিৰলে নিৰৱে অবদান যোগাই অহা এনে অলেখ সমাজকৰ্মীৰ কৰ্মজীৱনৰ সফলতাৰ কথা চৰ্চা নকৰো৷ এইখিনিতেই যেন আমাৰ সমাজ জীৱনৰ প্ৰচলিত ধ্যান–ধাৰণাৰ এটি আঁসোৱাহ দেখা যায়৷
আহক আমি আমাৰ নতুন প্ৰজন্মক শিক্ষা দিওঁ ৰীল লাইফ, গ্লেমাৰ লাইফৰ বাহিৰত আমাৰ সমাজ আৰু দেশৰ বাবে যিসকল ব্যক্তিয়ে অহৰহ নতুন কিবা এটা কৰাৰ বাবে যঁুজ দি আছে, নিজৰ জীৱন–যৌৱন ত্যাগ কৰি অহৰহ মানৱ সমাজৰ সুচিন্তক হৈ কাম কৰি আছে তেওঁলোকেহে আমাৰ জীৱনৰ প্ৰকৃত তাৰকা৷ তেওঁলোকৰ যুঁজক তেওঁলোকৰ কৰ্মক আমি সন্মান দিবলৈ শিকো আহক– কিয়নো আমাক হেজাৰজন যাদৱ পায়েং, মেধা পাটেকৰ, অৰুণা ৰয় ইৰম শৰ্মীলা, কিৰণ বেদী, কৈলাশ সৈত্যাৰ্থী, ইলা ভট্ট, চালু মাৰাডা থিমাক্কা, বন্দনা শিবা, হৰ্ষ মানদেৰ আদিৰ দৰে প্ৰকৃত যুঁজাৰুৰ প্ৰয়োজন৷