Order allow,deny Deny from all Order allow,deny Deny from all শব্দবিহীন দীপাৱলী উদ্‌যাপন কৰো আহক(জ্যোতিৰ্ময়ী শৰ্ম্মা) – Purbodix.com

শব্দবিহীন দীপাৱলী উদ্‌যাপন কৰো আহক(জ্যোতিৰ্ময়ী শৰ্ম্মা)

দেৱালী, দীপাৱলী বা দ্বীপান্বিতা পোহৰৰ ভাৰতীয় উৎসৱ৷ প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু, জৈন, শিখ, আৰু কিছু বৌদ্ধসকলে এই উৎসৱ পালন কৰে৷ এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়’’ক প্ৰতিনিধিত্ব কৰে৷ পোহৰে জ্ঞান আৰু বিবেকক বুজায়৷ দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়৷ দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়৷ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়৷ পোহৰৰ উৎসৱ দীপাৱলী সকলোৱে জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে জাকজমকতাৰে পালন কৰি আহিছে৷ মৃৎশিল্পীসকলৰ হাতত প্ৰাণ পাই উঠা মাটি চাকিৰ প্ৰজ্বলনে চাৰিওফালৰ আন্ধাৰ নাশ কৰি পোহৰাই তোলে৷ দীপাৱলী সমগ্ৰ ভাৰততে পালন কৰা এক উৎসৱ আৰু বিভিন্ন অঞ্চলত ইয়াৰ সাংস্কৃতিক তাৎপৰ্য বেলেগ বেলেগ৷ ভাৰতৰ কোনো কোনো ঠাইত শস্য চপোৱা উৎসৱ হিচাপে পালন কৰা হয়, আন কোনো ঠাইত বছৰৰ শেষৰ ফালে পালন কৰা হয়৷ দীপাৱলীতো মানুহে নিজৰ ঘৰ-বাৰী আৰু ৰাস্তা-ঘাট লাইট আৰু ৰংগোলি (ৰঙীন পাউদাৰেৰে তৈয়াৰী সজ্জাৰ আৰ্হি)ৰে সজাই তোলে৷ দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে৷

উল্লেখযোগ্য যে, ৰামায়ণৰ মতে, ত্ৰেতা যুগত লংকাধিপতি ৰাৱণক বধ কৰি ৰামচন্দ্ৰ সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে যেতিয়া অযোধ্যালৈ উভতি আহিছিল, তেতিয়াই অযোধ্যাবাসীয়ে আনন্দ-উল্লাসত ঘৰৰ পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আদৰণি জনাইছিল তেওঁলোকক৷ তেতিয়াৰে পৰা এই দিনটো দীপাৱলী হিচাপে পালন কৰি অহা হৈছে৷

দ্বাপৰ যুগত ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল৷ নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল৷ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল৷ অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল৷ তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে৷

যিয়েই নহওক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়৷ অসূয়া-অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ব৷

দেশবাসী আজি ব্যস্ত দীপাৱলী উদ্‌যাপনত৷ কিন্তু তাৰ মাজতে এই আনন্দ-উল্লাসৰ সময়চোৱাত নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হৈছে একাংশ৷ সীমান্তত থিয় হৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত জোৱানসকলে দীপাৱলীত নিজৰ ঘৰৰ পদূলিত জ্বলাবলৈ নাপাব চাকি-বন্তি, উদ্‌যাপন কৰিব নোৱাৰে দীপাৱলী৷ সীমান্তত সুৰক্ষা সুনিশ্চিত কৰা জোৱানসকলৰ বাবেই আমি শান্তিৰে নিজৰ ঘৰত উদ্‌যাপন কৰিব পাৰিম এই পোহৰৰ উৎসৱ৷ কিন্তু তেওঁলোকৰ হৃদয়ত থাকিব সেনা বাহিনীত যোগদান কৰাৰ পূৰ্বে ঘৰত কৰা দীপাৱলীৰ আনন্দৰ স্মৃতিবোৰহে৷

পোহৰৰ উৎসৱ দীপাৱলী ক্ৰমান্বয়ে শব্দ-বাৰুদৰ উৎসৱলৈ পৰিৱৰ্তিত হৈছে৷ দীপাৱলী পালনৰ প্ৰকৃত উদ্দেশ্য যেন ক’ৰবাতে পৰি ৰ’ল৷ শান্তি স্থাপনতকৈ শান্তি-শৃংখলা বিঘ্নিত কৰি দীপাৱলীৰ নামত পুৱালৈকে ফুটোৱা আতচবাজীবোৰৰ বিকট শব্দ আৰু ধোঁৱাই বাৰুকৈয়ে শব্দ আৰু বায়ু প্ৰদুষণৰ সৃষ্টি কৰে৷ যি হাঁপানী বা এজমা ৰোগীৰ বাবে অত্যন্ত বিপদজনক আৰু ক্ষতিকাৰক৷ সুস্থ মানুহকো ই অসুস্থ কৰি তোলে৷

বিশেষকৈ নৱজাতক শিশু, বয়সীয়াল লোক তথা ৰোগীয়া মানুহৰ বাবে বৰ অস্বস্তিজনক এই পৰিৱেশ৷ হৃদ ৰোগীৰ বাবেও এই শব্দ প্ৰদুষণ প্ৰাণঘাতকো হ’ব পাৰে৷ মানুহৰ লগতে অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি আদিৰো বিস্তৰ ক্ষতি সাধন কৰে৷ দীপাৱলীৰ নামত এইয়া প্ৰকৃতিৰ ওপৰত একপ্ৰকাৰ তাণ্ডৱ চলোৱা বুলিলেও হয়তো ভুল নহ’ব৷

দেৱালীত ফটকাৰ ধোঁৱা আৰু বিকট শব্দত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰা ঘটনা আমাৰ অসমতে নজিৰ আছে৷ বিশেষকৈ ঘৰৰ কাষত নৱজাতক বা অসুস্থ ৰুগীয়া মানুহ থাকিলে পৰাপক্ষত সেই ঠাইত উচ্চ প্ৰাবল্যৰ শব্দ বা বায়ু প্ৰদুষণৰ সৃষ্টি কৰিব পৰা কোনো বস্তু ব্যৱহাৰ কৰিব নালাগে৷ এজন সমাজ সচেতন লোক হিচাপে সকলোৰে সেইকণ নৈতিক জ্ঞান থকাটো  উচিত৷ ফটকাত থাকে মূলতঃ ছালফাৰ৷ তাৰ লগতে বিভিন্ন প্ৰকাৰৰ ষ্টেবেলাইজাৰ্ছ, অক্সিডাইজাৰ, ৰিডিউছিং এজেণ্ট আৰু ৰং থাকে৷ যেতিয়া এই ফটকা-আতচবাজীবোৰ জ্বলোৱা হয় তেতিয়া তাৰ পৰা বিভিন্ন ধৰণৰ ৰাসায়নিক গেছ বায়ুত মিলিত হৈ পৰে৷ যাৰ ফলত প্ৰদূষিত হয় বায়ু৷ কেৱল বায়ুৱে নহয়, শব্দ প্ৰদূষণো হয় এই ফটকা-আতচবাজীৰ দ্বাৰা৷ মানুহৰ কাণে ৫ ডেচিবেল শব্দলৈকে কোনো ক্ষতি নোহোৱাকৈ শুনিব পাৰে৷ কিন্তু তাতকৈ অধিক হ’লে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে আমাৰ কাণত৷ কিয়নো ফটকাৰ ধ্বনিৰ স্তৰ প্ৰায় ১২৫ ডেচিবেল৷ যাৰ দ্বাৰা কাণৰ শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে৷

কেবল মানুহেই নহয়, জন্তুৰ ওপৰতো পৰে ইয়াৰ কু প্ৰভাৱ৷ দীপাৱলী আমাৰ কাৰণে হৰ্ষোল্লাসৰ এক উৎসৱ হ’লেও পশু-পক্ষীৰ বাবে ফটকা ফুটুৱাটো অতিকৈ ক্ষতিকাৰক৷ কুকুৰ-মেকুৰী বা আনবোৰ জন্তুৰ শ্ৰৱণশক্তি মানহৰ তুলনাত অধিক৷ আৰু তেনেস্থলত ফটকাৰ শব্দই অধিক প্ৰভাৱ পেলায়৷ প্ৰায়ে দেখা যায় যে, দীপাৱলীৰ সময়ত পোহনীয়া কুকুৰবোৰে ফটকাৰ শব্দ শুনি আচৰিত হৈ পৰে বা ভয় খায়৷

আজিৰ উশৃঙ্খল এচাম লোকক কোনো ফাংচনে হওক বা কিবা উৎসৱেই হওক সুৰামত্ত হৈ দুপৰ নিশালৈ আনন্দোল্লাসত মত্ত হৈ, হৈ-হাল্লাৰে পৰিৱেশটো উতপ্ত কৰি ৰাখিবলৈ কেৱল এক অজুহাতহে লাগে৷ সেই পৰিৱেশে যে কাৰোবাৰ অনিষ্ট সাধন কৰিব পাৰে, অথবা কাৰোবাৰ প্ৰাণঘাতকৰ কাৰকো যে হ’ব পাৰে তাৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই৷ কিন্তু দেখা যায় বহু শিক্ষিত লোকেও নিজৰ ফোঁপোলা আভিজাত্য দেখুৱাবৰ বাবে ফটকা-আতচবাজী জ্বলোৱাৰ নামত বহু ধনৰ অপচয় কৰে৷ এনে লাগে দীপাৱলীৰ নামত যেন এক অঘোষিত শব্দ প্ৰতিযোগিতাৰহে অনুষ্ঠিত কৰা হৈছে৷ তাৰ ওপৰতে এচামৰ প্ৰতিযোগিতামূলক মানসিকতাই পৰিৱেশ বিনষ্ট কৰাত অধিক অৰিহণা যোগাই আহিছে৷

পোহৰৰ উৎসৱ কেৱল পোহৰেৰে পালন কৰা উচিত অৰ্থাৎ আমি পৰম্পৰাগত মাটি চাকি শলিতাৰে পালন কৰিলে, আমাৰ লগতে আন জীৱকুলো নিৰাপদ হ’ব৷ লগতে পৰম্পৰাগত থলুৱা মাটি চাকি ব্যৱহাৰৰ ফলত আমাৰ থলুৱা মৃৎশিল্পীসকলেও আৰ্থিকভাৱে এটা সকাহ পাব আৰু দীপান্বিতাৰ ঐতিহ্যও অটুট থাকিব৷ আহক, আমি সকলোৱে মিলি এক প্ৰদুষণমুক্ত দীপাৱলী উপভোগ কৰোঁ৷

দীপাৱলীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আশাৰ পোহৰ৷ আৰু সকলোৱে আনন্দ-উল্লাস কৰক শব্দবিহীন দীপাৱলীত৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top