Order allow,deny Deny from all Order allow,deny Deny from all নিয়ম আৰু বিজ্ঞান(পংকজ পাঠক) – Purbodix.com

নিয়ম আৰু বিজ্ঞান(পংকজ পাঠক)

মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় জ্ঝয১০ দিনলৈ আমি নিৰামিষ খাওঁ?? আমি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এইবোৰ কৰোঁ নেকি?

মানুহ বা যিকোনো জীৱ-জন্ত মৰিলে পঞ্চভূতত বিলীন হয়৷ উৎপত্তিও পঞ্চভূতৰ পৰাই হয়৷ আকাশ, বায়ু, পানী, পৃথিৱী আৰু অগ্নি৷ এজন মানুহ মৰাৰ পিছত ওপৰৰ যিকোনো এটা মহাভূতক মাধ্যম হিচাপে লৈ মানুহৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হ’ব পাৰে৷

উদাহৰণ স্বৰূপে, হিন্দু এজন মৰিলে অগ্নিক মাধ্যম হিচাবে, মুছলমান এজন মৰিলে পৃথিৱীক মাধ্যম হিচাবে আক তিব্বতৰ বৌদ্ধসকলে আকাশক মাধ্যম হিচাবে গ্ৰহণ কৰে৷ যাক sky_burial বুলি কোৱা হয়৷ মৃতকৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি তেওঁলোকে ওখ ঠাইত শগুণে খাবলৈ থৈ দিয়ে৷ শগুণে খালে আকাশ মহাভূতক মাধ্যম হিচাবে লোৱা বুলি বিশ্বাস কৰে৷ বহুতো সাগৰৰ পাৰৰ সৰু সৰু ঠাইত পানীত পেলাই দিয়ে মৃতকৰ শৰীৰটো৷ এইদৰে সনাতন পৰম্পৰাত মৰাৰ পিছত মৃতকৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হয়৷ পথৰ কাষত আমি কেতিয়াবা মৰা জীৱ-জন্তু দেখা পাওঁ৷ সেইবোৰ মৰাৰ পিছত শৰীৰটো ফুলি বেলুনৰ দৰে হয় প্ৰথম কেইদিনমান৷ তাৰ পিছত লাহে লাহে সৰু হৈ পঞ্চ মহাভূতৰ এটা উপাদান বায়ু সম্পূৰ্ণ ওলাই গৈ পচিবলৈ ধৰে৷ প্ৰথমে বেক্টেৰিয়া হৈ পিছত পোক হয় আৰু সেই পোকে বাকীখিনি প্ৰকৃতিৰ লগত মিলাই দিয়ে৷ মানুহৰ শৰীৰত কিছুমান এনে বেক্টেৰিয়া থাকে যিবোৰে মানুহৰ শৰীৰটো মৰাৰ পিছত পচি গৈ পঞ্চভূতত বিলীন হোৱাত সহায় কৰে৷ মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে৷ কিন্তু মানুহৰ শৰীৰত কিছুমান এনে বেক্টেৰিয়া থাকে যিবোৰে মানুহৰ শৰীৰটো মৰাৰ পিছত পচি গৈ পঞ্চভূতত বিলীন হোৱাত সহায় কৰে৷ মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে৷ কিন্তু মানুহজন মৰাৰ লগে লগে সক্ৰিয় হৈ নিমিষতে মৃতকৰ শৰীৰত

নিজৰ বংশবৃদ্ধি কৰি লয়৷ মৃতকৰ শৰীৰটো ঘৰত থকাৰ সময়ত সেই সক্ৰিয় বেক্টেৰিয়া ওচৰে-পাজৰে থকা পৰিয়ালৰ মানুহৰ শৰীৰলৈ আহি যায়৷ নাক, মুখ আদিৰে সেই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে৷ সেই বেক্টেৰিয়া সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবেই মৃতকৰ শৰীৰটো ঘৰৰ বাহিৰলৈ উলিয়াই আনি তুলসীৰ গছৰ তলত থোৱা হয়৷ তুলসীয়ে সেই বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে৷ তুলসীৰ তলত ঘিঁউৰ চাকি জ্বলোৱা হয় আৰু সেই ঘিঁউৰ চাকিয়ে তুলসীৰ তলৰ antioxidants property থকা বতাহ চাৰিওফালে বিয়পাই দি ওচৰৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰে৷ যিদৰে আমি মহ খেদিবলৈ formic acid spray ব্যৱহাৰ কৰো, ঠিক সেইদৰে ঘিঁউৰে চাকি গছে তুলসীৰ তলৰ বায়ু ওচৰে-পাজৰে বিয়পাই দিয়ে৷ ইয়াৰ পিছতে মৃতকৰ শৰীৰ গাঁৱৰ মানুহে শ্মশানলৈ নিবলৈ দৌৰা দৌৰি কৰে, কাৰণ যিমান বেছি সময় থাকিব, সিমানেই মৃতকৰ শৰীৰটোৱে বেক্টেৰিয়া বিয়পাই দিয়ে৷ সেই বেক্টেৰিয়াৰ দ্বাৰা প্ৰথমে জীৱিত মানুহৰ শৰীৰত বসন্ত ৰোগৰ সৃষ্টি কৰে আৰু পিছলৈ গৈ কুষ্ঠ আদি ৰোগ হ’ব পাৰে৷ জীৱিত মানুহৰ শৰীৰত তেজৰ উত্তাপত নিয়ন্ত্ৰণত থাকে যদিও বেছিকৈ হ’লে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়৷ পিছত শ্মশানত গৈ জ্বলাই ঘৰ আহি শ্মশানলৈ যোৱা কেইজনে ঘৰ আহি আকৌ নিজৰ শৰীৰ বিৰিণা বন জ্বলাই সেকিব লাগে৷ যিটো কৰিলে শৰীৰৰ বাহিৰত আক্ৰমণ কৰা বেক্টেৰিয়া নাশ হয়৷ বিৰিণা বন জ্বলালে ছালৰ বেছি লোকচান নহয়, ছালত ছিদ্ৰত সোমাই যোৱা বেক্টেৰিয়াক ভিতৰলৈ তাপ দি ধ্বংস কৰে৷

Laযিখিনি ঘৰৰ মানুহ মৃতকৰ শৰীৰৰ ওচৰত আছিল, লাগিলে দূৰ সম্পৰ্কীয় হওক, সেই সকলোৰে কমেও ৩ দিন উপবাসে থকাটো দৰকাৰ৷ ৩ দিন উপবাসে থাকিলে যি বেক্টেৰিয়া মুখ আৰু নাকেৰে গৈছে, সেইবোৰ বেছি ভিতৰলৈ যাব নোৱাৰে আৰু মুখৰ উত্তাপত ৩ দিনত ধ্বংস হয়৷ ৩ দিনৰ পিছত নিৰামিষ আহাৰৰ লগত ঘিঁউ খোৱাটো অত্যন্ত আৱশ্যক৷ যিহেতু মৃতকৰ শৰীৰত সেই বেক্টেৰিয়া বেছি সক্ৰিয় হয়, সেই সময়ত মৰা জীৱ-জন্তু বা মাছ আদি পেটত পৰিলে বেছিকৈ বংশ বৃদ্ধি কৰি খোৱাজনক মাৰি পেলাব পাৰে৷ ঘিঁউ জ্বলনশীল হোৱা বাবে পেটৰ জঠৰ অগ্নি তীব্ৰ কৰি সেই বেক্টেৰিয়া সম্পূৰ্ণ ধ্বংস হোৱাত সহায় কৰে৷ ৯ দিনত গোটেই শৰীৰ শুদ্ধি হয় আৰু তাৰ পিছতেই বাকী শ্ৰাদ্ধ বা দহা আদিৰ কাম কৰিব পাৰে৷ এইয়াই হৈছে ইয়াৰ আঁৰৰ বিজ্ঞান৷ যাক নজনা বিলাকে উপহাস কৰে৷ আমি হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন আদি বুলি নিজকে পৰিচয় দিওঁ৷ আচলতে আমি পূৰ্বপুৰুষক সলনি কৰিব নোৱাৰো৷ আমি কেৱল উপাসনা কৰা নিয়মবোৰ হে সলনি কৰিব পাৰো৷ উপাসনাৰ পথ ভিন্ন হ’লেও আমি সকলো একেই পৰম্পৰাৰ মানুহ৷ আমি যদি সঁচাই ধৰ্মত বিশ্বাস কৰো আৰু যদি সঁচাই ভগৱানক বিশ্বাস কৰো, তেন্তে আমি মানিব লাগিব যে ধৰ্মইহে আমাক ৰক্ষা কৰিব বা ভগৱানেহে আমাক ৰক্ষা কৰিব৷ আমি ধৰ্মক বা ভগৱানক ৰক্ষা কৰিব পাৰিম বুলি ভবাটো কেৱল মুৰ্খামি৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top