কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম) – Purbodix.com

কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম)

 “কেফআজিন্তাক’’ নামটোৰ মাজতেই যেন এক ৰহস্য লুকুৱাই আছে৷ নামটো শুনাৰ লগে লগে নামটোৰ অৰ্থ কি জানিবলৈ মনত হেঁপাহ জাগি উঠে৷  “কেফআজিন্তাক’’ শব্দটোৰ অৰ্থ হৈছে কাকবাঁহৰ তমাল৷কেফআজিন্তাক’’ গ্ৰন্থখন মূলত এখন গল্প সংকলন৷ এই গ্ৰন্থখন ৰচনা কৰিছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰলেখক অজয় কুমাৰ বৰাই৷ সম্পূৰ্ণ কাৰ্বি জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ সামৰি লেখক বৰাই গ্ৰন্থখনৰ প্ৰতিটো গল্প অতি মনোগ্ৰাহী হোৱাকৈ সন্নিবিষ্ট কৰিছে৷ লেখক বৰাৰ গল্প সংকলনখনত সৰ্বমুঠ ১৩টা গল্প সন্নিবিষ্ট কৰিছে৷ অসমত বসবাস কৰা জনগোষ্ঠী সমূহৰ ভিতৰত এক অন্যতম জনগোষ্ঠী কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচনা কৰাকেফআজিন্তাক’’ হৈছে প্ৰথমখন গল্প সংকলন৷ কাৰ্বি জনগোষ্ঠীৰ সামাজিক নীতিনিয়ম, কাৰ্বিভূমিত আন্দোলনৰ সময়ৰ কাহিনী, বিভিন্ন পূজাপাতালৰ নিয়ম আদি অতি সূক্ষ্মভাৱে সুকীয়া সুকীয়াকৈ প্ৰতিটো গল্পতে লেখক অজয় কুমাৰ বৰাই সুন্দৰ আৰু পাঠকৰ মনোগ্ৰাহী হোৱাকৈ উপস্থাপন কৰিছে৷কেফআজিন্তাক’’ নামটোৰ অসমীয়া অৰ্থ হৈছেকাকবাঁহৰ তমাল’’ কাৰ্বি জনগোষ্ঠীৰ মূল ভাষা কাৰ্বি ভাষাৰ বহু শব্দৰ অসমীয়া অনুবাদ গল্পকাৰ বৰাই এই গল্প সংকলন খনত ধুনীয়াকৈ উপস্থাপন কৰিছে৷ অজয় কুমাৰ বৰাৰ গল্প সংকলনকেফআজিন্তাক’’ সন্নিবিষ্ট কৰা প্ৰথম গল্পটোৰ নাম হৈছে দেপ৷ দেপৰ অসমীয়া অৰ্থ হৈছেদেওধনী’’ দেপ মানে আচলতে কি ইয়াৰ সম্পূৰ্ণ বিৱৰণ গল্পকাৰ বৰাই গল্পটোৰ জৰিয়তে বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে৷ কাৰ্বি লোকসকলৰ বাবে দেপ হৈছে একপ্ৰকাৰৰ ধৰ্মীয় পৰম্পৰা৷ যি পৰম্পৰা কাৰ্বি লোকসকলৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই প্ৰচলিত হৈ আহিছে৷ এই পৰম্পৰা সবিশেষ জানিবলৈ হলে পাঠক সকলে গল্পটো সম্পূৰ্ণৰূপে পঢ়িব লাগিব৷  দ্বিতীয় গল্পটো হৈছেহেমপ্ৰেক’’

হেমপ্ৰেকৰ অসমীয়া অৰ্থ হৈছে পৃথক ঘৰ৷  গল্পটোৰ শিৰোনাম দিবলৈ ব্যৱহাৰ কৰা কাৰ্বি ভাষাৰ এই শব্দটোৱে এক বিশেষ উৎসুকতাৰ সৃষ্টি কৰে৷ হেমপ্ৰেকনো আচলতে কি, কাৰ্বি সমাজত হেমপ্ৰেকৰ প্ৰভাৱ কেনেকুৱা এই সকলোবোৰ বিষয় গল্পকাৰ বৰাই এই গল্পটোৰ জৰিয়তে সুন্দৰভাৱে উপস্থাপন কৰিছে৷ তৃতীয় গল্পটো হৈছে ফৰং কেটেং৷ ফৰং কেটেং শব্দটোৰ অসমীয়া অৰ্থ হৈছেসৰগ পূজাৰ প্ৰস্তুতি৷’’ চতুৰ্থটো গল্পৰ শিৰোনাম হৈছে ছেৰ আৰণান৷ ইয়াৰ অসমীয়া অনুবাদ হৈছে সোণৰ আঙুঠি৷ পঞ্চমটো গল্পৰ শিৰোনাম হৈছে জেৰয় আনকবে৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে ৰাজ্যৰ বীৰ৷ ষষ্ঠ গল্পটোৰ শিৰোনাম হৈছেকেফআজিন্তাক৷’’ যিটো নাম গল্প সংকলনত ব্যৱহাৰ কৰা হৈছে৷ সপ্তম গল্পটোৰ শিৰোনাম হৈছে টেকে হম মাৰ্জং৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে কোদো৷ অষ্টম গল্পটোৰ শিৰোনাম হৈছে কাংহন৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে মৰম৷ নৱম গল্পটোৰ শিৰোনাম হৈছে মেং৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে মেকুৰী৷ দশম গল্পটোৰ শিৰোনাম হৈছে মুনিত লাংন ইয়াৰ অসমীয়া অৰ্থ হৈছে বেয়া মানুহ৷ একাদশ গল্পটোৰ শিৰোনাম হৈছে চমাংকান৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে শ্ৰাদ্ধ৷ দ্বাদশ গল্পটোৰ শিৰোনাম হৈছে কাংতুং৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে কামনা৷ ত্ৰয়োদশ গল্পটোৰ শিৰোনামা হৈছে কুৰ কাংঠুৰ৷ ইয়াৰ অসমীয়া অৰ্থ হৈছে জাতত তোলা৷ প্ৰতিটো গল্পৰ শিৰোনামসমূহ যিদৰে অতি মনোগ্ৰাহী ঠিক একেদৰে গল্পকাৰ বৰাই গল্পৰ ভিতৰভাগটো পাঠকৰ মনোগ্ৰাহী হোৱাকৈ কাৰ্বি জনগোষ্ঠীৰ প্ৰতিটো স্তৰৰ লোকক চুই যোৱাকৈ বিষয়বস্তুসমূহ উপস্থাপন.

কৰিছে৷ গল্প সংকলনখনত গল্পকাৰে যিহেতু তেৰটা গল্প সন্নিবিষ্ট কৰিছে গতিকে প্ৰতিটো গল্পৰে বিষয়বস্তু পৃথকে পৃথকে বিশ্লেষণ কৰিলে সেয়া বহু দীঘলীয়া হৈ পৰিব৷ গতিকে প্ৰতিটো গল্পৰ শিৰোনাম আৰু ইয়াৰ অসমীয়া অৰ্থসমূহ পাঠকৰ সহায় হোৱাকৈ সন্নিবিষ্ট কৰা হৈছে৷ গল্পৰ শিৰোনামৰ বাবে ব্যৱহাৰ কৰা প্ৰতিটো কাৰ্বি ভাষাৰ শব্দ আচলতে পাঠক সমাজৰ মনত উৎসুকতা সৃষ্টি কৰিব পৰা একোটা শব্দ৷ শব্দসমূহ চকুত পৰাৰ পিছত প্ৰায় প্ৰতিগৰাকী পাঠকৰে মন যাব যে গল্পকাৰ বৰাই আচলতে গল্পটোৰ ভিতৰভাগত কিনো বৰ্ণনা আগবঢ়াইছে এবাৰ পঢ়ি চাওঁ বুলি৷ কাৰ্বি জনগোষ্ঠীৰ বিষয়ে নজনা বহু কথাৰ যে উমান অজয় কুমাৰ বৰাৰ এই গল্প সংকলনখনৰ পৰা পাঠকসকলে লাভ কৰিব সেয়া নিশ্চিত৷ নজনা কথাসমূহৰ উপৰিও কাৰ্বি সমাজত প্ৰচলিত বহু জনা অথবা শুনা কথা বহু নীতি নিয়ম আৰু কৰ্মৰ বিষয়েও পাঠক সমাজে বহু নতুন নতুন তথ্য লাভ কৰিব পাৰিব এই গল্প সংকলনখনৰ পৰা৷ কাৰ্বি সমাজৰ পটভূমিত ৰচনা কৰা গল্পকাৰ অজয় কুমাৰ বৰাৰকেফআজিন্তাক’’ নামৰ এই গল্প সংকলনখন ভৱিষ্যতৰ দিনত এক তথ্য সমৃদ্ধ গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰিব পৰা যথেষ্ট সম্ভাৱনীয়তা আছে৷ গল্পকাৰে নিজে কাৰ্বি সমাজক প্ৰতিনিধিত্ব নকৰিলেও কিন্তু কাৰ্বি সমাজৰ প্ৰতিটো দিশ এই গল্প সংকলনখনৰ মাজেদি উপস্থাপন কৰাটো গল্পকাৰৰ এক মহৎ প্ৰচেষ্টা বুলি লাগিব৷ গল্পৰ মাজেদি পাঠকৰ মনোগ্ৰাহী হোৱাকৈ কিছুমান কাহিনী সৃষ্টি কৰি নিজে প্ৰতিনিধিত্ব নকৰা অন্য এটা জনগোষ্ঠীৰ বিষয়ে এনেদৰে উপস্থাপন কৰাটো অতিকৈ কঠিন কাম৷ কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি এখন গল্প সংকলন প্ৰকাশ কৰাৰ সদিচ্ছাই গল্পকাৰ অজয় কুমাৰ বৰা যে এক উদাৰ মনৰ অধিকাৰী সেয়া প্ৰমাণ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *