হতাশা বা বিষাদগ্ৰস্ততা (ইংৰাজীত যাক ডিপ্ৰেছন বুলি কোৱা হয়) বৰ্তমান আমাৰ সমাজত সবাতোকৈ গুৰুত্বপূৰ্ণ মানসিক ৰোগ হিচাপে বিবেচিত হৈছে৷ হতাশা হ’ল এনে এক অৱস্থা য’ত এজন ব্যক্তি অতি দুখী, চিন্তাক্লিষ্ট, খিংখিঙীয়া বা অস্থিৰ হৈ পৰে৷ কোনো কাম কৰিবলৈ মন নোযোৱা হয়৷ সকলো সময়তে নিজকে খুব অকলশৰীয়া যেন অনুভৱ হয়৷ নিজকে অসহায় যেন লাগিবলৈ আৰম্ভ কৰে৷ জীৱনৰ প্ৰতি সকলো আগ্ৰহ হেৰুৱাই পেলায়৷ অনবৰতে মনলৈ আহি থাকে নেতিবাচক চিন্তা৷
আজি অধিকাংশ নতুন প্ৰজন্মই সকলো সময়তে চৰম হতাশা আৰু হীনমন্যতাবোধৰ চিকাৰ হৈ আহিছে৷ তেওঁলোক ইমানেই বেছি অকলশৰীয়া আৰু আত্মকেন্দ্ৰিক হৈ পৰিব ধৰিছে যে, তেওঁলোকৰ নিজৰ মনৰ কথাবোৰ ভাগ–বতৰা কৰিবলৈ এগৰাকী উপযুক্ত বন্ধু বা সংগীৰ অভাৱ৷ পিতৃ–মাতৃৰ সৈতে সন্তানসকলৰ দুৰত্ব ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ চাকৰি বা ব্যৱসায়ৰ ব্যস্ততাৰ বাবে অধিকাংশ পিতৃ–মাতৃয়ে নিজৰ সন্তানক সময় দিব নোৱাৰে৷ সন্তানৰ ৰুচি–অভিৰুচি, অভাৱ–অভিযোগ শুনিবলৈ মাক দেউতাকৰ সময় নাই৷ ‘সকলো সুবিধা দিছোৱেই, তুমি মাত্ৰ পঢ়ি আমাক ৰিজাল্ট দিয়া’ – মাত্ৰ লাগতিয়াল সকলোবোৰ যোগাৰ দিয়েই যেন দায়িত্ব সামৰিছে এইসকল পিতৃ–মাতৃয়ে৷ কিন্তু তেওঁলোকে এবাৰো ভাৱি নাচায়, তেওঁলোকৰ সন্তানেও বহু কিবা কিবি বিচাৰে৷ দিনটোৰ কিছু সময় কটাব বিচাৰে মাক–দেউতাকৰ সৈতে৷ সিহঁতৰ মনৰ কথাবোৰ ক’ব বিচাৰে৷ মাহেকত এদিন হ’লেও ক’ৰবালৈ মাক–দেউতাকৰ সৈতে যাবলৈ বিচাৰে৷ ‘অমুকৰ সৈতে নাযাবা, তমুকৰ সৈতে নুফুৰিবা’ – সৰুৰে পৰা এনেদৰে হকা বধা কৰি কৰি সিহঁতক সমনীয়া বন্ধু–বান্ধৱীৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰে, এইদৰে নিজৰ সন্তানসকলক একাকিত্ব, নিসংগতাৰ ফালে থেলি দিব ধৰিছে পিতৃ–মাতৃসকলে৷ মনৰ কথাবোৰ কাৰোবাক খুলি ক’বলৈ, সমনীয়া বন্ধু–বান্ধৱীৰ সৈতে অকণমান হাঁহি– তামচা কৰি আনন্দ কৰিবলৈ অসমৰ্থ এইসকল সন্তান৷ ফলশ্ৰুতিত সিহঁতৰ ফুলকুমলীয়া মন–মগজুত আত্মকেন্দ্ৰিকতা, স্বাৰ্থপৰতাই লাহে লাহে গা কৰি উঠে৷ নিসংগতা, একাকিত্ব, পঢ়াৰ অত্যধিক মানসিক চাপে এইচাম ছাত্ৰ–ছাত্ৰীক এনেভাৱে ভিতৰি ভিতৰি জুৰুলা কৰি পেলায় যে, এটা সময়ত অত্যধিক মানসিক দুশ্চিন্তাত বেয়া চিন্তা, বেয়া কাম কৰাৰ প্ৰৱণতা গঢ় লৈ উঠে আৰু এদিন নিজৰ জীৱনটোকে শেষ কৰি পেলায়৷
সন্তানৰ নিজা সামৰ্থ, ইচ্ছা–অনিচ্ছাৰ প্ৰতি কোনো দিন মন নিদি কেৱল সিহঁতক ‘ডাঙৰ মানুহ’ কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে সমাজখনৰ অধিকাংশ পিতৃ–মাতৃ৷ হয়তো তাৰে পৰিণতিত আমাৰ ভৱিষ্যত কৰ্ণধাৰ স্বৰূপ এইসকল মেধাৱী ছাত্ৰ–ছাত্ৰীয়ে তীব্ৰ হতাশা আৰু মানসিক যন্ত্ৰণাত দিগ্–বিদিক হেৰুৱাই নিজৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ কোনোৱে যদি আত্মহননৰ পথ বাছি লৈছে, কোনোৱে ভৰি দিছে ড্ৰাগছ, মদ আদিকে ধৰি নিচাযুক্ত দ্ৰব্যৰ অন্ধকাৰ জগতত৷ আমাৰ সমাজখনত ঘটি থকা এনেবোৰ ঘটনাই উঠি অহা প্ৰজন্মটোক অহৰহ নেতিবাচক প্ৰভাৱৰে এক অনিশ্চিত ভৱিষ্যতৰ ফালে গতি কৰাইছে সেই কথা আজি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷

আজিৰ যুগত চিকিৎসকে হতাশাক নীৰৱ হত্যাকাৰী বুলি গণ্য কৰে৷ পৰিয়ালৰ সমস্যা, বৃত্তিগত সমস্যা, অসুস্থতা, যুদ্ধ, মহামাৰী, ৰোগ আৰু মনোৰোগ আদি বিভিন্ন কাৰকত মানুহৰ মনত হতাশাৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু এই সমস্যাটোক চিনি পাই সময়মতে ইয়াৰ চিকিৎসাৰ বাবে প্ৰচেষ্টা চলোৱাটো আজিৰ প্ৰগতিশীল সময়ত আৰু উন্নত চিকিৎসা বিজ্ঞানতো এজন সাধাৰণ মানুহৰ বাবে এক কঠিন কাম৷ আজিৰ পৃথিৱীত বিষণ্ণতা এক বিশ্বব্যাপী সমস্যাত পৰিণত হৈছে, যাৰ বাবে সমগ্ৰ বিশ্বৰ বৃহৎ সংখ্যক লোকে হয় প্ৰতি বছৰে প্ৰাণ হেৰুৱাইছে নহয় অসুখী, অশান্ত জীৱন–যাপন কৰিবলৈ বাধ্য হৈছে৷
শুনিবলৈ সহজ যদিও ভুক্তভোগীয়েহে জানে কিমান সহজ এই হতাশা৷ হতাশা সকলোৰে জীৱনলৈ আহে, কাৰোবাৰ কম, কাৰোবাৰ বেছি৷
আমাৰ এটা সহজাত স্বভাৱ আছে, আমি সদায় আনৰ জীৱনটো সুন্দৰ দেখো, নিজৰটো কুৎসিৎ৷ আনৰ চেহেৰা আছে, টকা আছে, শুভাকাংক্ষী আছে …….ইটো আছে সিটো আছে এইবোৰত চকু দিওঁতে নিজৰ কি কি আছে তাক চাবলৈ সময়েই নহয়৷ এটা কথা ঠিক যে, আমি প্ৰতিজন মানুহেই ভিন্ন৷ প্ৰকৃতিয়ে সৃজন কৰিছে সকলোকে ভিন্নতাৰে৷ য’ত আমি সকলোৱে ভিন্ন, তাত তুলনা সম্ভৱ নে?
বেলেগ এজনে ভালপোৱাটো আপুনি ভাল নাপাবও পাৰে৷ সেইয়াই ভিন্নতা৷ আন এজন ব্যক্তি যিটো কামত নিপুণ, আপুনি নহ’বও পাৰে, সেইয়াই ভিন্নতা৷ আপোনাৰ দৰে আন এগৰাকী লোকৰ গাৰ ৰঙ উজ্জ্বল নহ’বও পাৰে, সেইয়াই ভিন্নতা৷ আপুনি বহিঃমুখী হ’লে মই অন্তৰ্মূখী ব্যক্তিত্বৰো হ’ব পাৰো, সেইয়াই ভিন্নতা৷ আপোনাৰ চৰকাৰী চাকৰি থাকিলে আন এজনৰ নাথাকিবও পাৰে, সেইয়াই ভিন্নতা৷ মই বিবাহিত হ’লে আপুনি অবিবাহিতও হ’ব পাৰে, সেইয়াই ভিন্নতা৷ মুঠতে এই ভিন্নতা আমাৰ শাৰীৰিক, মানসিক, সামাজিক যিকোনো হ’ব পাৰে৷ যিহেতু এই পৃথিৱীত সকলো কাম আমাৰ নিয়ন্ত্ৰণত নাথাকে, আমাৰ ইচ্ছাৰে সংঘটিত নহয়, সেয়ে এই সকলোতে আমি হতাশ হোৱাৰ কোনো অৰ্থ নাথাকে৷
ভিন্নতা এক শক্তি৷ তাক বুজি পোৱা অতি প্ৰয়োজন৷ এই ভিন্নতাই আমাৰ অস্তিত্ব প্ৰতিপন্ন কৰে৷ আজি যদিহে জুবিন গাৰ্গৰ দৰে সকলোৰে কণ্ঠ হ’ল হেঁতেন, তেওঁৰ জনপ্ৰিয়তা থাকিলহেতেন নে? যদি অমিতাভ বচ্চনৰ নিচিনাকৈ সকলোৱে অভিনয় কৰিব পাৰিলেহেঁেতন, তেন্তে তেওঁ ভাৰতীয় ছবি জগতৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট হৈ জিলিকি উঠিলহেঁতেন নে? গতিকে, নিজৰ ভিন্নতাখিনি বুজি, তাক নিজৰ শক্তি কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া জীৱনত হতাশাৰ কোনো স্থান নাথাকিব৷
মানুহৰ জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন সমস্যা আহে৷ সেই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ দক্ষতা কম থাকিলে ভয় সোমাই৷ তেনে ধৰণৰ ব্যক্তি অলপতে হতাশ হৈ পৰে৷ আকৌ, কিছুমানৰ মনৰ চিন্তাত ক্ৰটি থাকে৷ কোনো কোনো ঘটনাত তেওঁ ব্যৰ্থ হলে, তেওঁ ভাবে তেওঁৰ গোটেই জীৱনত ব্যৰ্থতাই আহিব৷ এবাৰ এটা কাম নোৱাৰিলে তৎক্ষণাৎ উপসংহাৰ মনলৈ আহি যায়৷ ভাৱে জীৱনত আৰু একো কাম নহয়৷ এইবোৰ ভাৱনাই তেওঁক হতাশ কৰে৷ বহুতে একেবাৰে সৰু, তু২৬ ঘটনাক বহু ডাঙৰকৈ মনত সুমুৱাই লয় আৰু এইবোৰ ভাবি হতাশাৰ সাগৰত ডুব যায়৷ কেতিয়াবা কেতিযাবা একাকিত্ব অৰ্থাৎ অকলশৰীয়া হ’লে মানুহে হতাশাবোধ কৰে৷ মনৰ অনুভূতি আদান–প্ৰদান কৰিবলৈ একো নাপালে, পাৰিবাৰিক সাহচৰ্য নাপালে মানুহ হতাশ হৈ যায়৷ পৰিয়ালৰ ফালৰ পৰা যদি অনবৰত দোষাৰোপ কৰি থাকে, বিপদত পৰিলে ব্যক্তিজনক সহায় নকৰে, তেতিয়া ব্যক্তিজনৰ মনত আত্মবিশ্বাসৰ অভাৱ হয়৷ তেওঁৰ কোনো কথাতেই উদ্যম নোহোৱা হয় আৰু তেওঁ হতাশ হৈ পৰে৷ বহু সময়ত কৰ্মহীনতাই মানুহক হতাশ কৰি তোলে৷ অৰ্থনৈতিক অসুবিধাই মানুহক হতাশ কৰে৷ সম্পৰ্কৰ উত্থান–পতনৰ কাৰণেও বহু সময় মানুহ হতাশ হৈ পৰে৷ পঢ়া–শুনাৰ ক্ষেত্ৰত অকৃতকাৰ্যতাৰ বাবেও মানুহ হতাশ হয়৷
হতাশ হ’লে ব্যক্তি এজনৰ যিবিলাক সমস্যা আৰু লক্ষ্যণে দেখা দিয়ে, সেইবোৰ হৈছে, ব্যক্তিজন মন মাৰি বহি থাকে৷ কোনো বিষয়ত আনন্দ বিচাৰি নাপায়৷ মনোযোগৰ অভাৱ হয়, টোপনি কমি যায়, খোৱা–বোৱাৰ সমস্যা হ’ব ধৰে৷ আৱেগৰ তাৰতম্য হয়, শৰীৰ দুৰ্বল লাগে, মুৰ ঘুৰণি হয়৷ পেটৰ অসুখ হৈ থাকে৷ কাম–কাজৰ গতি কমি যায়৷ ব্যক্তিজন অন্যমনস্ক হৈ থাকে৷ নিজকে আন লোকৰ ওচৰৰ পৰা আঁতৰাই ৰাখি ভাল পায় আদি৷ হতাশাক যদি আমি প্ৰথম পৰ্যায়তে ধৰা পেলাব পাৰোঁ অতি কম সময়ৰ ভিতৰতে আমি ইয়াৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ম৷ সেয়েহে যদি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ আপুনি নাইবা আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ কোনোবাই সন্মুখীন হৈছে, বহু দিনৰ পৰা ওপৰৰ যিকোনো এটা লক্ষণেও যদি অসুবিধা দিছে তেনেহলে সহায় লওক আৰু সহায় কৰক৷
গৱেষণাৰ পৰা জানিব পৰা গৈছে যে হতাশগ্ৰস্ত লোকসকলে লাহে লাহে নিজৰ কৃতিত্ব, গুণ আৰু প্ৰতিভা হেৰুৱাই পেলায়৷ গতিকে হতাশ হোৱাৰ কাৰণ যিয়েই নহওক কিয়, সদায় ইতিবাচক মনোভাৱ ৰখা উচিত৷ কাৰণ ইতিবাচক চিন্তাধাৰা থকা মানুহবোৰ ডাঙৰ ডাঙৰ অসুবিধাৰ পৰাও ওলাই আহে৷ কেতিয়াবা এটা বা দুটা কথাই আমাক আটাইতকৈ বেছি আমনি কৰে আৰু যেতিয়া আমি ইতিবাচকভাৱে চিন্তা কৰো তেতিয়া আমি দেখিবলৈ পাওঁ যে সেইবোৰ কথাৰ কোনো যুক্তি নাছিল৷ কিছুমান কথা আমাৰ নিয়ন্ত্ৰণত নাথাকে আৰু কিছুমান কামৰ বাবে আমি অপ্ৰয়োজনীয়ভাৱে টেনচন লওঁ৷ সেয়ে আপোনাক আটাইতকৈ বেছি আমনি কৰা কথাবোৰ পাহৰি যাওক৷ এনে কৰিলে আমাৰ মনটোৰ পৰা এটা গধুৰ বোজা আঁতৰি যায়৷
নিজকে কেতিয়াও অকলশৰীয়া হ’বলৈ দিব নালাগে৷ কাৰণ বেছিভাগ নেতিবাচক চিন্তাই অকলে থকা সময়ত আহে গতিকে সকলো সময়তে নিজকে ব্যস্ত কৰি ৰাখক৷ আপোনাৰ যি কামত ৰাপ, সেই কামত অধিক সময় খৰচ কৰক৷ একো কাম নকৰিলেও নিজৰ ওচৰে–পাজৰে থকা ঠাইখিনিত কেইজোপামান ভাল গছ পুলি ৰোৱক৷ গছ কেইজোপাৰ লালন–পালনত ব্যস্ত থাকক৷ ইহঁত যেতিয়া ডাঙৰ হ’ব, যেতিয়া ই ছাঁ দিব, যেতিয়া ই চৰাইৰ বাসস্থান হ’ব তেতিয়া সেইবোৰ দেখি আপুনি অনাবিল সুখ অনুভৱ কৰিব৷
আটাইতকৈ ডাঙৰ কথা, নিজকে কেতিয়াও কাৰো লগত তুলনা কৰিব নালাগে৷ সততে দেখা যায়, আমাৰ মাজৰে বহুতে আনৰ জীৱন–যাপনৰ অৱস্থা, তেওঁলোকৰ ধন–সম্পত্তি, তেওঁলোকৰ চখৰ প্ৰতি ঈৰ্ষান্বিত হৈ সেইবোৰ বস্তু তেওঁৰ নিজৰ লগত নথকাৰ বাবে নিজৰ ভাগ্যক দোষাৰোপ কৰি হতাশাৰ চিকাৰ হয়৷ এটা কথা মনত ৰাখিব লাগে, যিকোনো ক্ষেত্ৰতে, সেয়া শিক্ষাই হওক বা ধন–সম্পত্তিয়ে হওক, ব্যৱসায়েই হওক বা সাহিত্য–সংস্কৃতিৰ ক্ষেত্ৰই হওঁক, এইবোৰ সাধন কৰিবলৈ বা যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সকলোৱে বহুত কষ্ট কৰিব লাগিব৷ আৰু যদি কাৰোবাৰ হাতত আপোনাৰ তুলনাত এইবোৰ বেছি আছে, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁ তাত উপনীত হ’বলৈ আপোনাৰ তুলনাত অধিক কষ্ট কৰিছে৷ গতিকে কেতিয়াও নিজকে কাৰো লগত তুলনা নকৰিব আৰু সেই কামটো লাভ কৰিবলৈ ইতিবাচক চিন্তাৰে কঠোৰ পৰিশ্ৰম কৰি থাকক৷ আৰু বৰ্তমান যি আছে তাতেই সন্তুষ্ট হওক৷
আমাৰ জীৱনটো বৰ মূল্যৱান৷ গতিকে এই মূল্যৱান জীৱনটোক হতাশাৰ চিকাৰ হ’বলৈ এৰি নিদিব৷
বৰ্তমানৰ যান্ত্ৰিক যুগত, বাঢ়ি অহা প্ৰতিযোগিতামূলক জীৱন শৈলীৰ ফলশ্ৰুতি হিচাপে হওক নাইবা আন আন কাৰণবোৰৰ বাবেই হওক হতাশা বা বিষাদগ্ৰস্ততা আমাৰ সমাজত অতিকৈ সুলভ হৈ পৰিছে৷ কিন্তু সম্যক জ্ঞানৰ অভাৱৰ বাবেই বহু লোক তেনেকেই কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছে আৰু বহুতো লোকেই আত্মহত্যাৰ দৰে চৰম পন্থাও গ্ৰহণ কৰি আহিছে, যাৰ বাবে বহুতো আত্মীয় লোক আমি সময়ে সময়ে হেৰুৱাই আহিছোঁ৷
বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ অনুসৰি ভাৰতৰ প্ৰতি ১ লাখ নাগৰিকৰ ভিতৰত ২১.১ক্ম লোকে মানসিক স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে আত্মহত্যা কৰিছে৷ ইয়াত গড়ে ১০ হাজাৰ লোক মুঠ জীৱনৰ ভিতৰত ২৪৪৩ বছৰ কোনো মানসিক সমস্যা বা এটাতকৈ অধিক সমস্যাৰ সৈতে যুঁজ কৰি কটাবলগীয়া হয়৷ একে সময়তে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সমীক্ষাৰ প্ৰতিবেদনত বিবেচনা কৰা হৈছে যে এই ধৰণৰ সমস্যাৰ বাবে প্ৰায় ১৪ণ ভাৰতীয়ক চিকিৎসাৰ হস্তক্ষেপ বা সহায়ৰ প্ৰয়োজন৷ আন এক সমীক্ষাৰ মতে, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় জ্জ্ব, ০০, ০০০ লোক আত্মহত্যাৰ বলি হয়৷ কেৱল ভাৰতবৰ্ষতেই ২০২১ চনত আত্মহত্যাৰ সংখ্যা আছিল প্ৰায় ৰ, ৬৪, ০৩৩ যিটো যোৱা ৫ দশকৰ তুলনাত ভাৰতত সৰ্বাধিক বুলি পৰিগণিত হৈছে৷ তাৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোলৈকে এই পৰিসংখ্যা দৈনিক কমাৰ সলনি বাঢ়িহে গৈ আছে৷ এই আত্মহত্যাবোৰৰ এক প্ৰধান কাৰণটোৱে হৈছে বিষাদগ্ৰস্ততা বা ডিপ্ৰেছন৷ গতিকে এই ৰোগবিধক ভালদৰে হৃদয়ঙ্গম কৰাটো অতিকৈ প্ৰয়োজনীয়৷
(তথ্যসূত্ৰ – ইণ্টাৰনেটত প্ৰকাশ পোৱা বিভিন্ন লেখা)