সেন্দুৰৰ অৱদান(ৰঞ্জুশ্ৰী বৰ্মন
কেইবছৰমান আগৰ কথা৷ দুৰ্গা পূজালৈ বিশ–পঁচিশ দিন মান আছিল৷ মই মোৰ বাইদেউৰ সৈতে ফাঁচী বজাৰৰ এখন বস্ত্ৰালয়ত প্ৰৱেশ কৰিলোঁ৷ সমাগত দুৰ্গা পূজা৷ সেয়ে দোকানত গ্ৰাহকৰ যথেষ্ট সমাগম আছিল৷ তাৰ মাজতে আমাৰ দৃষ্টি নিবদ্ধ হৈছিল– এহাল স্বামী–স্ত্ৰীত৷ সম্ভ্ৰান্ত ঘৰৰ যেনেই লাগিল৷ দেখিবলৈও ধুনীয়া৷ কূৰ্তা–লেগিংছ পৰিহিতা বোৱাৰীগৰাকীৰ কঁপালত নাই কোনো ফোঁট বা শিৰত সেঁন্দুৰ৷ পিছলৈ গ্ৰাহকৰ ভীৰ বেছি হোৱা বাবে স্বামী বাহিৰতে থিয় হৈ ৰ’ল৷ আমিও দুবিধমান (টি চাৰ্ট, নাইটি, কূৰ্তা) বস্তু লৈ বাহিৰলৈ ওলাই আহিলোঁ৷ আমাৰ আগে আগে বোৱাৰীগৰাকীও হাতত কেইবাটাও কাপোৰৰ বেগ (কেৰিবেগ) লৈ ওলাই আহি কোৱা শুনিলোঁ– ৰোহণ, মই য’তেই যাওঁ ত’তেই মানুহবোৰে মোলৈ কেনেকৈ ৰ’ লাগি চাই থাকে জানা৷ এই মতা মানুহবোৰো যে আৰু../ বুলি ক’বলৈ নৌপাওঁতেই স্বামীয়ে কৈ উঠিল–সেই কাৰণেই মই তোমাক কওঁ শিৰত সেন্দুৰকণ ল’ব লাগে বুলি/ কোনেনো জানিব তুমি যে বিবাহিতা নাৰী বুলি– যদি শিৰত সেন্দুৰেই নোলোৱা৷
তাৰ পিছত আৰু কি ক’লে (স্বামীয়ে) আমি নুশুনিলো৷ বাইদেউ আৰু মই আলিবাট পালোহি৷
এৰা, সেন্দুৰ ভাৰতীয় বিবাহিতা নাৰীৰ শিৰৰ ভূষণ৷ পৱিত্ৰতাৰ প্ৰতীক৷ ৰঙা তিলকেৰে বিভূষিতা নাৰী এগৰাকীৰ সৌন্দৰ্য দুগুণে বঢ়ায়৷ ভাৰতীয় হিন্দু সমাজত ইয়াৰ অৱদান উল্লেখনীয়৷ সেন্দুৰ অবিহনে গুণ–গৰিমাৰে পূৰ্ণ বিবাহিতা মহিলাৰ জীৱন কেতিয়াও পূৰ্ণাঙ্গ হ’ব নোৱাৰে৷ শিৰৰ সেন্দুৰকণ, কপালৰ ৰঙা ফোঁট, আ–অলঙ্কাৰ হিন্দু সমাজত এগাকী সধৱা নাৰীৰ বিবাহৰ সাক্ষীস্বৰূপ৷ বিভিন্ন মাঙ্গলিক কাৰ্যৰ দ্বাৰা হোমাগ্নিক সাক্ষী কৰি এই পবিত্ৰ সেন্দুৰকণ লোৱাৰ সৌভাগ্য উপস্থিত হয়৷

‘সেন্দুৰ’ সৌন্দৰ্য তথা ঐতিহ্যৰো প্ৰতীক৷ পুৱা স্নান কৰি উঠি কপালত ফোঁট আৰু শিৰত সেন্দুৰ লোৱাটো নাৰী মনৰ এক পালনীয় কৰ্ম৷ প্ৰকৃততে শিৰৰ সেন্দুৰখিনি এগৰাকী সতী সাধবী নাৰীৰ চানেকিস্বৰূপ৷
লোক–সংস্কৃতিত প্ৰচলিত ‘ভাই ফোটা’ অনুষ্ঠানত ভগ্নীয়ে ভাতৃৰ কপালত ফোট দি মঙ্গল প্ৰাৰ্থনা কৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা মৰম বিনিময় কৰে৷
অসমীয়া গীত মাততো সেন্দুৰে এক সুকীয়া ভূমিকা লৈ আহিছে৷ সেন্দুৰ আৰু নাৰীক লৈ আধুনিক ভিন্ন গীত–মাত ৰচিত হোৱাৰ লগতে সুৰাৰোপিত হৈছে৷ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ অমৰ সৃষ্টি সমূহত সেন্দুৰক লৈ বহুতো হিয়া জুৰোৱা গীত শুনিবলৈ পোৱা যায়৷
সেন্দুৰ যিদৰে আনন্দ, সুখ–শান্তিৰ বাহক, ঠিক তেনেদৰে ই দুখৰো প্ৰতীক৷ স্বামীৰ মৃত্যুৰ পিছত এগৰাকী সধবা নাৰীয়ে হেৰুৱায় মন্ত্ৰপূত ধবনিৰে দিয়া শিৰৰ সেই সেন্দুৰখিনি৷ এই সেন্দুৰকনো এগৰাকী বিধৱা নাৰীৰ জীৱনলৈ বোৱাই আনে দুখৰ বন্যা, কিয়নো এই সেন্দুৰে এগৰাকী নাৰীক বহু বিপদৰ পৰা ৰক্ষা কৰিও আহিছে– কৰ্মক্ষেত্ৰতে হওঁক বা অন্য ক্ষেত্ৰতে হওঁক৷
তথাপি বিধৱা অৱস্থাতো নাৰী শ্ৰীময়ী, কল্যাণময়ী হিচাপে এক সুকীয়া ৰূপত প্ৰতিভাত হয়৷ নাৰী যে ত্যাগৰ প্ৰতিমূৰ্তি সেয়া এনে অৱস্থাই প্ৰতীয়মান কৰে৷ দেখা যায় সংস্কৃতিৰ পথাৰত সেন্দুৰৰ অৱদান উল্লেখযোগ্য৷ ইয়াক ৰক্ষা কৰাৰ দায়িত্বও প্ৰতিজন হিন্দু মানুহৰ৷
সামগ্ৰিকভাৱে ক’বলৈ গ’লে ভাৰতীয় সামাজিক, আধ্যাত্মিক, সাংস্কৃতিক অৰ্থাৎ সমাজ জীৱনৰ সামগ্ৰিক আসন আছে৷ বিশেষকৈ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সেন্দুৰ নাৰীৰ এক সাত্বিক সম্পদ৷ ক’বলৈ গ’লে ভাৰতীয় জনজীৱনত এই সেন্দুৰে তাৰ আধ্যাত্মিক শুভ চিন্তা এনেদৰে ৰোপিত কৰিছে৷ যাৰ দ্বাৰা হিন্দু সমাজত ই এক গুৰুত্বপূৰ্ণ মহত্বতম সম্পদ হিচাপে বিবেচিত হৈ আহিছে আৰু হৈ পৰিবও…৷