Order allow,deny Deny from all Order allow,deny Deny from all প্ৰাপ্তি(ৰীমা দুৱৰা) – Purbodix.com

প্ৰাপ্তি(ৰীমা দুৱৰা)

সত্যজিৎ খুড়াই গোটেই দেহাটোক সম্পূৰ্ণৰূপে চকীখনত এৰি দি ভৰি দুটা বহলকৈ মেলি নিজৰ ভিতৰতে ভোৰভোৰাই কিবাকিবি কৈ থাকে৷ তাকে দেখি নীলোৎপলে ভাবিলে খুড়াৰ এই ৰূপে বহু কথাকেই বুজায়৷ সম্ভৱ আজি তেওঁৰ মুড্‌ অফ৷ তেনেকুৱা ক্ষণতে নীলোৎপলে খুড়াকক আৰু উত্তেজিত কৰি তুলিবলৈ তেওঁৰ প্ৰিয় সামগ্ৰীবোৰ আগবঢ়াই দিলে৷

ঃ বহুত প্ৰশ্ন মনলৈ আহে৷ উত্তৰবোৰ পোৱা নাযায়৷ পোৱা নাযায় নহয়৷ উত্তৰবোৰ নায়েই কাৰো ওচৰত৷

ঃ উত্তৰ নাই? এইটো আক’ কেনেকুৱা কথা? তেতিয়া হ’লে প্ৰশ্নবোৰ উদ্ভৱ হ’ব কেনেকৈ খুড়া?

ঃ সেইটোৱেতো ডাঙৰ কথা৷ প্ৰশ্নবোৰ ক’ৰ পৰা উদ্ভৱ হয়৷ ঠিকেই সুধিছ তই৷ সেইটোও নাজানো মই৷ প্ৰশ্ন বোলে নাথাকেই তাত৷ নাজানো মই এইবোৰ কথা৷ একোৱেই নাজানো৷ নজনা-নুবুজাকৈয়ে সোমাই পৰিছিলোঁ এটা চক্ৰবেহুত৷ উলটি আহিব নোৱাৰিলোঁ বুজিছ? বহু চেষ্টা কৰিও নোৱাৰিলোঁ৷ কষ্ট হৈছে এতিয়া, সহিব পৰা নাই৷

ঃ কৈছিল তেওঁ, প্ৰেমৰ হেনো কোনো ব্যাকৰণ নাই৷ কোনো নিয়ম নাই, কোনো নীতি নাই৷ নাথাকে তাত কোনো প্ৰশ্ন৷ কি লাগে তোমাক? কিয় ভালপোৱা মোক সোধোতে তেনেকৈ কৈছিল তেওঁ৷

নীলোৎপল আচৰিত হৈছিল৷ খুড়াৰ লগত বহু কথা পাতিছে সি৷ বহুবাৰ এনে সুন্দৰ সন্ধিয়াবোৰ পাৰ কৰিছে৷ বহু সাৰুৱা কথাৰ জুতি লৈছে৷ সাহিত্যৰ, দেশৰ,ৰাজনীতিৰ, খেল জগতৰ, কিন্তু আজি এটা সম্পূৰ্ণ ব্যতিক্ৰমী অধ্যায়ৰ পাতনি মেলিব খোজা খুড়াক তাৰ এজন অচিনাকি ব্যক্তি যেন লাগিব ধৰিছিল আৰু সি উত্ৰাবল হৈ পৰিছিল তেখেতৰ কথাবোৰ শুনিবলৈ৷ সেয়েহে সি সুযোগটো নেহেৰুৱাবলৈকে খুড়াকক কৈছিল-

– “খুড়া আজি আপুনি আমাৰ ঘৰতে থাকিব৷ এওঁ নাই৷ ল’ৰা- ছোৱালী দুয়োটাকে লৈ মাকৰ ঘৰলৈ গৈছে৷ গতিকে আজি আমি হেঁপাহ পলুৱাই কথা পাতিম৷ ৰ’ব মই মনোহৰক ভাতৰ দিহা দি থৈ আহোঁ বুলি নীলোৎপল ভিতৰলৈ গৈ মনোহৰক ভাতৰ দিহা দি দুটা আইনাৰ গ্লাছৰ সৈতে VAT ৬৯ এটা, লগতে বাদামৰ পেকেট দুটা আনি খুড়াৰ সন্মুখত দাঙি ধৰিলেহি৷ খুড়াৰ মুখত এটা উজ্জ্বল হাঁহি বিৰিঙি উঠিল৷ নীলোৎপলে ভিতৰি ভিতৰি খুব আমোদ পালে৷ কাৰণ সি ভালকৈয়ে জানে, সেইখিনি খোৱাৰ পিছত খুড়াক চাবলগীয়া হয়৷ কাবণ খাই লৈ খুড়া সাংঘাতিক আৱেগিক হৈ পৰে৷ কথাৰ মাজে মাজে দুখতে চকুপানী মোহাৰি থকা দৃশ্যটো সি খুব ভাল পাইছিল৷

সত্যজিৎ গোহাঁই নীলোৎপলৰ বন্ধু ৰাজীৱৰহে নিজৰ খুড়াক৷ মানুহজনৰ ল’ৰামতীয়া স্বভাৱটোৰ বাবে খুড়াক-ভতিজাকৰ মাজত ব্যৱধান একেবাৰেই নাছিল৷ আনদিনা এনেকুৱা দিনবোৰত ৰাজীবো থাকে৷ আজি ৰাজীৱৰ অনুপস্থিতিত নীলোৎপলে সকলো চম্ভালিবলগীয়া হ’ব বুলি সি নিজে কম খাই খুড়াককে খুওৱাৰ কথা ভাবিছে৷ গ্লাছটো পূৰ্ণ কৰি সি খুড়াকলৈ আগবঢ়াই দি ক’লে–

ঃ লওক খুড়া৷ কওক আপোনাৰ কথাবোৰ, কি কৈছিল ভাল পোৱাৰ কথা সোধোতে? Ê

ঃ ওঁ… কৈছিল, প্ৰেমে বয়স নামানে, মানিছিলোঁ৷ জাতিও নামানে, সেইটোও মানিছিলোঁ৷ তাৰ উপৰিও বহুত বাধা আহিব পাৰে৷ বুজাইছিল তেওঁ, প্ৰেমে হেনো বাধাও নামানে৷ প্ৰেমৰ হেনো কোনো ব্যাকৰণ নাই৷ আছে প্ৰেমৰ এখন প্ৰকাণ্ড অভিধান আছে, তেওঁৰ লগত৷ বুজাইছিল সেইবোৰৰ অৰ্থ মোক৷ কাহানিও নুবুজা শব্দবোৰৰ অৰ্থ৷ কৈছিল মোক তেওঁ কোনো এটা দুৰ্বল পৰিৱেশত মোৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল হেনো তেওঁ৷ মোৰ কিন্তু মনত নাছিল৷ সমাজত প্ৰতিষ্ঠিত মহিলা তেওঁ৷ ভাল পৰিয়ালৰ বোৱাৰী আছিল তেওঁ৷ তথাপি কি উৎস বিচাৰি আহিছিল নাজানো তেওঁ মোৰ কাষলৈ৷ প্ৰেম হেনো কাৰো অনুমতি লৈ নাহে৷ হৈ যায় প্ৰেম, যেনেকৈ হৈছিল তেওঁৰ ক্ষেত্ৰত৷ বয়সত মোতকৈ ডাঙৰ আছিল৷ সেয়েহে কৈছিল, প্ৰেমে বয়স নামানে৷ জাতত মোতকৈ উন্নত আছিল৷ তেওঁ সেয়ে কৈছিল– প্ৰেমে জাত নামানে৷ প্ৰেমৰ হেনো এটায়েই জাত, পুৰুষ আৰু নাৰী৷ তইতো জানই, মই চাওঁ সত্যজিৎ গোহাঁই আৰু তেওঁ৷ তেওঁ তোৰ দৰে ব্ৰাহ্মণ’ বুলি কৈ খুড়াই ধেকধেকাই হাঁহিছিল৷ হাঁহোতে হাতৰ গিলাচটোৰ পৰা পানীবোৰ ছিটিকি পৰিছিল গালে- মুখে৷ বাঁওহাতেৰে মুখখন মোহাৰি গিলাচটো থৈ বাদামকেইটামান মুখত ভৰাই মটক মটককৈ চোবাই পুনৰ কৈছিল– “শক্তিশালী আছিল তেওঁৰ অভিধানৰ শব্দবোৰ৷ শৰাই সজাই আহিছিল সেইবোৰ শব্দৰে তেওঁ মোৰ কাষলৈ৷ প্ৰেম, ভালপোৱা, আবেগ, অনুভূতি, প্ৰেৰণা… এইবো১… এইবোৰ বৰ শক্তিশালী শব্দ বুজিছ, কিন্তু আঁতৰাই পঠাইছিলোঁ মই৷ অৱহেলা কৰিছিলোঁ, প্ৰশ্ৰয় দিয়া নাছিলোঁ৷ চকুলো টুকিছিল, মই নুবুজাৰ বাবে তেওঁক; কিন্তু কি হ’ব? এদিনাখন সকলোবোৰ শব্দ শৰাইখনৰপৰা বাগৰি আহি মোক হেঁচা মাৰি ধৰিলেহি৷ মেৰিয়াই পেলালে মোক৷ নোৱাৰিলোঁ, বুজিছ, আঁতৰিব নোৱাৰিলোঁ৷ তেওঁৰ চকুত দেখা পাইছিলোঁ আবেগ৷ তেওঁৰ মাতত পাইছিলোঁ মৰম৷ স্পৰ্শত পাইছিলোঁ অনুভূতি৷ ভয় কৰিছিলোঁ তেওঁলৈ মূৰ তুলি চাবলৈ৷ লাজ পাইছিলোঁ আন দহজনে লক্ষ্য কৰিছে নেকি আমাক৷ যিমান পাৰো আঁতৰি আছিলোঁ তেওঁৰপৰা৷সত্যজিৎ খুড়াই গোটেই দেহাটোক সম্পূৰ্ণৰূপে চকীখনত এৰি দি ভৰি দুটা বহলকৈ মেলি নিজৰ ভিতৰতে ভোৰভোৰাই কিবাকিবি কৈ থাকে৷ তাকে দেখি নীলোৎপলে ভাবিলে খুড়াৰ এই ৰূপে বহু কথাকেই বুজায়৷ সম্ভৱ আজি তেওঁৰ মুড্‌ অফ৷ তেনেকুৱা ক্ষণতে নীলোৎপলে খুড়াকক আৰু উত্তেজিত কৰি তুলিবলৈ তেওঁৰ প্ৰিয় সামগ্ৰীবোৰ আগবঢ়াই দিলে৷

ঃ বহুত প্ৰশ্ন মনলৈ আহে৷ উত্তৰবোৰ পোৱা নাযায়৷ পোৱা নাযায় নহয়৷ উত্তৰবোৰ নায়েই কাৰো ওচৰত৷

ঃ উত্তৰ নাই? এইটো আক’ কেনেকুৱা কথা? তেতিয়া হ’লে প্ৰশ্নবোৰ উদ্ভৱ হ’ব কেনেকৈ খুড়া?

ঃ সেইটোৱেতো ডাঙৰ কথা৷ প্ৰশ্নবোৰ ক’ৰ পৰা উদ্ভৱ হয়৷ ঠিকেই সুধিছ তই৷ সেইটোও নাজানো মই৷ প্ৰশ্ন বোলে নাথাকেই তাত৷ নাজানো মই এইবোৰ কথা৷ একোৱেই নাজানো৷ নজনা-নুবুজাকৈয়ে সোমাই পৰিছিলোঁ এটা চক্ৰবেহুত৷ উলটি আহিব নোৱাৰিলোঁ বুজিছ? বহু চেষ্টা কৰিও নোৱাৰিলোঁ৷ কষ্ট হৈছে এতিয়া, সহিব পৰা নাই৷

ঃ কৈছিল তেওঁ, প্ৰেমৰ হেনো কোনো ব্যাকৰণ নাই৷ কোনো নিয়ম নাই, কোনো নীতি নাই৷ নাথাকে তাত কোনো প্ৰশ্ন৷ কি লাগে তোমাক? কিয় ভালপোৱা মোক সোধোতে তেনেকৈ কৈছিল তেওঁ৷

নীলোৎপল আচৰিত হৈছিল৷ খুড়াৰ লগত বহু কথা পাতিছে সি৷ বহুবাৰ এনে সুন্দৰ সন্ধিয়াবোৰ পাৰ কৰিছে৷ বহু সাৰুৱা কথাৰ জুতি লৈছে৷ সাহিত্যৰ, দেশৰ,ৰাজনীতিৰ, খেল জগতৰ, কিন্তু আজি এটা সম্পূৰ্ণ ব্যতিক্ৰমী অধ্যায়ৰ পাতনি মেলিব খোজা খুড়াক তাৰ এজন অচিনাকি ব্যক্তি যেন লাগিব ধৰিছিল আৰু সি উত্ৰাবল হৈ পৰিছিল তেখেতৰ কথাবোৰ শুনিবলৈ৷ সেয়েহে সি সুযোগটো নেহেৰুৱাবলৈকে খুড়াকক কৈছিল-

– “খুড়া আজি আপুনি আমাৰ ঘৰতে থাকিব৷ এওঁ নাই৷ ল’ৰা- ছোৱালী দুয়োটাকে লৈ মাকৰ ঘৰলৈ গৈছে৷ গতিকে আজি আমি হেঁপাহ পলুৱাই কথা পাতিম৷ ৰ’ব মই মনোহৰক ভাতৰ দিহা দি থৈ আহোঁ বুলি নীলোৎপল ভিতৰলৈ গৈ মনোহৰক ভাতৰ দিহা দি দুটা আইনাৰ গ্লাছৰ সৈতে VAT ৬৯ এটা, লগতে বাদামৰ পেকেট দুটা আনি খুড়াৰ সন্মুখত দাঙি ধৰিলেহি৷ খুড়াৰ মুখত এটা উজ্জ্বল হাঁহি বিৰিঙি উঠিল৷ নীলোৎপলে ভিতৰি ভিতৰি খুব আমোদ পালে৷ কাৰণ সি ভালকৈয়ে জানে, সেইখিনি খোৱাৰ পিছত খুড়াক চাবলগীয়া হয়৷ কাবণ খাই লৈ খুড়া সাংঘাতিক আৱেগিক হৈ পৰে৷ কথাৰ মাজে মাজে দুখতে চকুপানী মোহাৰি থকা দৃশ্যটো সি খুব ভাল পাইছিল৷

সত্যজিৎ গোহাঁই নীলোৎপলৰ বন্ধু ৰাজীৱৰহে নিজৰ খুড়াক৷ মানুহজনৰ ল’ৰামতীয়া স্বভাৱটোৰ বাবে খুড়াক-ভতিজাকৰ মাজত ব্যৱধান একেবাৰেই নাছিল৷ আনদিনা এনেকুৱা দিনবোৰত ৰাজীবো থাকে৷ আজি ৰাজীৱৰ অনুপস্থিতিত নীলোৎপলে সকলো চম্ভালিবলগীয়া হ’ব বুলি সি নিজে কম খাই খুড়াককে খুওৱাৰ কথা ভাবিছে৷ গ্লাছটো পূৰ্ণ কৰি সি খুড়াকলৈ আগবঢ়াই দি ক’লে–

ঃ লওক খুড়া৷ কওক আপোনাৰ কথাবোৰ, কি কৈছিল ভাল পোৱাৰ কথা সোধোতে? Ê

ঃ ওঁ… কৈছিল, প্ৰেমে বয়স নামানে, মানিছিলোঁ৷ জাতিও নামানে, সেইটোও মানিছিলোঁ৷ তাৰ উপৰিও বহুত বাধা আহিব পাৰে৷ বুজাইছিল তেওঁ, প্ৰেমে হেনো বাধাও নামানে৷ প্ৰেমৰ হেনো কোনো ব্যাকৰণ নাই৷ আছে প্ৰেমৰ এখন প্ৰকাণ্ড অভিধান আছে, তেওঁৰ লগত৷ বুজাইছিল সেইবোৰৰ অৰ্থ মোক৷ কাহানিও নুবুজা শব্দবোৰৰ অৰ্থ৷ কৈছিল মোক তেওঁ কোনো এটা দুৰ্বল পৰিৱেশত মোৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল হেনো তেওঁ৷ মোৰ কিন্তু মনত নাছিল৷ সমাজত প্ৰতিষ্ঠিত মহিলা তেওঁ৷ ভাল পৰিয়ালৰ বোৱাৰী আছিল তেওঁ৷ তথাপি কি উৎস বিচাৰি আহিছিল নাজানো তেওঁ মোৰ কাষলৈ৷ প্ৰেম হেনো কাৰো অনুমতি লৈ নাহে৷ হৈ যায় প্ৰেম, যেনেকৈ হৈছিল তেওঁৰ ক্ষেত্ৰত৷ বয়সত মোতকৈ ডাঙৰ আছিল৷ সেয়েহে কৈছিল, প্ৰেমে বয়স নামানে৷ জাতত মোতকৈ উন্নত আছিল৷ তেওঁ সেয়ে কৈছিল– প্ৰেমে জাত নামানে৷ প্ৰেমৰ হেনো এটায়েই জাত, পুৰুষ আৰু নাৰী৷ তইতো জানই, মই চাওঁ সত্যজিৎ গোহাঁই আৰু তেওঁ৷ তেওঁ তোৰ দৰে ব্ৰাহ্মণ’ বুলি কৈ খুড়াই ধেকধেকাই হাঁহিছিল৷ হাঁহোতে হাতৰ গিলাচটোৰ পৰা পানীবোৰ ছিটিকি পৰিছিল গালে- মুখে৷ বাঁওহাতেৰে মুখখন মোহাৰি গিলাচটো থৈ বাদামকেইটামান মুখত ভৰাই মটক মটককৈ চোবাই পুনৰ কৈছিল– “শক্তিশালী আছিল তেওঁৰ অভিধানৰ শব্দবোৰ৷ শৰাই সজাই আহিছিল সেইবোৰ শব্দৰে তেওঁ মোৰ কাষলৈ৷ প্ৰেম, ভালপোৱা, আবেগ, অনুভূতি, প্ৰেৰণা… এইবো১… এইবোৰ বৰ শক্তিশালী শব্দ বুজিছ, কিন্তু আঁতৰাই পঠাইছিলোঁ মই৷ অৱহেলা কৰিছিলোঁ, প্ৰশ্ৰয় দিয়া নাছিলোঁ৷ চকুলো টুকিছিল, মই নুবুজাৰ বাবে তেওঁক; কিন্তু কি হ’ব? এদিনাখন সকলোবোৰ শব্দ শৰাইখনৰপৰা বাগৰি আহি মোক হেঁচা মাৰি ধৰিলেহি৷ মেৰিয়াই পেলালে মোক৷ নোৱাৰিলোঁ, বুজিছ, আঁতৰিব নোৱাৰিলোঁ৷ তেওঁৰ চকুত দেখা পাইছিলোঁ আবেগ৷ তেওঁৰ মাতত পাইছিলোঁ মৰম৷ স্পৰ্শত পাইছিলোঁ অনুভূতি৷ ভয় কৰিছিলোঁ তেওঁলৈ মূৰ তুলি চাবলৈ৷ লাজ পাইছিলোঁ আন দহজনে লক্ষ্য কৰিছে নেকি আমাক৷ যিমান পাৰো আঁতৰি আছিলোঁ তেওঁৰপৰা৷

তইতো জানই উচ্চপদস্থ বিষয়া মই৷ সমাজৰ কাম কৰোঁ৷ এটা যৌথ পৰিয়ালৰ মুৰব্বী আছিলোঁ৷ বহুত দায়িত্ব মোৰ৷ সকলো আছিল মোৰ পাৱাৰ, ষ্টেটাছ, মানী৷ নাছিল মোৰ প্ৰেম৷ তেওঁ আহিছিল মোৰ ওচৰলৈ প্ৰেম বিচাৰি, যি একোৱে নুবুজে প্ৰেমৰ ভাষা৷ মৰীচিকাৰ দৰে খেদি ফুৰিছিল মোক৷ এদিন অফিচলৈও আহিছিল৷ এটা সামাজিক সমস্যাৰ সমাধান বিচাৰি৷ লগত আনকেইগৰাকীমান মহিলাৰ লগত৷ ভয় কৰিছিলোঁ মই তেওঁক৷ কিন্তু বহু সম্মান কৰিছিলোঁ আন মহিলাৰ দৰে৷ সমস্যাটোৰ সমাধানৰ দায়িত্ব মই লৈছিলোঁ৷ বিদায় পৰত তেওঁ মোলৈ হাতখন আগবঢ়াই কৰমৰ্দন কৰিছিল৷ প্ৰথমে কোঁচ খাই গৈছিলোঁ মই৷ অভদ্ৰামি হ’ব বুলিয়েই হাতখন আগবঢ়াই দিছিলোঁ৷ কিন্তু যেতিয়া তেওঁ কৰমৰ্দন কৰিছিল তেতিয়া মোৰ সৰ্বাংগ অনাস্বাদিত ৰোমাঞ্চেৰে ভৰি পৰিছিল৷ তেওঁৰ স্পৰ্শৰ সুখানুভূতিখিনিৰে গোটেই দিনটো বিমুগ্ধ হৈ আছিলোঁ৷ সেয়াই নেকি প্ৰেম, সেয়াই নেকি শিহৰণ৷ নতুনকৈ কিবা এটা অনুভব, মই বুজি উঠিছিলোঁ৷

ভাল লগা শব্দবোৰৰ জোৰতে এদিন মই তেওঁৰ কাষত দুৰ্বল হৈ পৰিছিলোঁ৷ ফোন কৰিছিল মোক, বাৰে বাৰে বুজাইছিল ভাল পায় মোক তেওঁ৷ একোৱেই বিচৰা নাই বুলি স্বীকাৰ কৰিছিল৷ কৈছিল তেওঁ, তেওঁৰ দৃষ্টিত মই এজন Perfect Man৷ হাঁহি উঠিছিল মোৰ৷ মনত নপৰে মোৰ পত্নীয়ে কেতিয়াবা তেনে কথা কোৱা৷ মই ফোন নকৰাৰ বাবে আক্ষেপ কৰি কৈছিল- “একোৱেই বিচৰা নাই মই৷ দিব বিচাৰোঁ অলপ মৰম, হ’ব খোজোঁ আপোনাৰ প্ৰেমিকা- যি মোক বুজে, ভাবে, অলপ হ’লেও মোৰ কথা৷ গুৰুত্ব দিয়ে মোক৷’’

সঁচায়েই তেওঁৰ ব্যৱহাৰে, তেওঁৰ কথাত মই ভাবিবলৈ বাধ্য হৈ পৰিছিলোঁ৷ এদিন বুজা-নুবুজাৰ দোমোজাতে তেওঁৰ নিমন্ত্ৰণ ক্ৰমে বুকুত বহু সাহস গোটাই মই গৈছিলোঁ তেওঁৰ ঘৰলৈ৷ বহু সময় কটাইছিলো তেওঁৰ লগত৷ সুন্দৰ ব্যৱহাৰ, অমায়িক কথা-বতৰা৷ নাছিল কোনো উত্তেজনাৰ সংকেত, নাছিল কোনো উন্মাদনা৷ মাথোঁ আবেগ আছিল তেওঁৰ চকুত৷ শ্ৰদ্ধা হয় তেওঁৰ প্ৰতি মোৰ৷

সেই সময়ত তেওঁব স্বামী ঘৰত নাছিল৷ বেছিভাগ সময় হেনো তেওঁৰ স্বামী বাহিৰতে ব্যস্ত হৈ থাকে৷ আৰু ঘৰত কোন আছিল সেই সময়ত, মই জানিবলৈও বিচৰা নাছিলোঁ৷ এটা সময়ত তেওঁ মোৰ খুব কাষতে বহি মোৰ হাতখন চুই চাই কৈছিল–

ঃ আপোনাৰ হাতখন বৰ ধুনীয়া৷ মই আঁতৰাই আনিছিলোঁ হাতখন৷ তেওঁ হাঁহি মাৰি কৈছিল– “সেয়ে প্ৰথম অফিচলৈ যাওঁতে হাতখন দেখি কৰমৰ্দন কৰিছিলোঁ, ভাল লাগিছিল৷ চুই চোৱাৰ হেঁপাহ হৈছিল৷’’

তাৰ পিছত তেওঁ মোৰ সম্মুখত বহি মোৰ ভৰি দুটা আলফুলে চুই চাইছিল৷ মই থত্‌মত্‌ খাইছিলোঁ বুলি কৈ খুড়া গহীন হৈ পৰিছিল৷ তেওঁ কিন্তু অকণো ভয়-সংকোচ কৰা নাছিল৷ পুনৰ আৰম্ভ কৰিছিল–

ঃ আপুনি এজন ধুনীয়া ব্যক্তি৷ হাত, ভৰি, চকু, নাক, আপোনাৰ অন্তৰ৷ মই ধৈৰ্য হেৰুৱাই পেলাইছিলোঁ৷ মতা মানুহ মই৷ বেছিকৈ দুৰ্বল হৈ পৰিম বুলি ভাবিয়ে মই আঁতৰি আহিছিলোঁ তেওঁৰ কাষৰপৰা৷ পলায়ন কৰিছিলোঁ মই৷ কিয় কৰিছিল তেওঁ তেনেকুৱা ব্যৱহাৰ৷ প্ৰথমে মানসিক ৰোগী বুলিয়ে ভাবিছিলোঁ৷ দুখ লাগিছিল তেওঁলৈ খুব৷ কি আছে মোৰ, ইমান ভাল পোৱাকৈ? আৰু মই বেয়া পাইছিলোঁ জানো, ভালেইতো পাইছিলোঁ মই৷ তেতিয়াহ’লে কিয় আঁতৰি আহিলো? ভয়ত৷ বিবেকৰ ভয়ত৷ মনক প্ৰশ্ৰয় দিয়া নাছিলোঁ মই৷ তেওঁৰ দৃষ্টিৰে নিজকে চাইছিলোঁ, হাতখন চাইছিলোঁ সঁচায়ে ধুনীয়া মোৰ হাতখন৷ কিয় কালিলৈকেতো মোৰ হাতখন মই ধুনীয়া দেখা নাছিলোঁ৷ ভৰিকেইটাও মই ধুনীয়া দেখিছিলোঁ৷ মনত পৰিছিল মাৰ কথাষাৰলৈ-–“তোৰ ভৰি-হাতবোৰ ধুনীয়া৷ চাবি পিছলৈ ঘৈণীয়েৰে মৰমতে কাম-বন কৰিবলৈকে নিদিব৷’’

হাঁহি উঠিছিল মোৰ৷ মোৰ পত্নীয়ে মোৰ ভৰি-হাতৰ প্ৰশংসা কৰাটো দূৰৰ কথা নিজৰ সন্তানৰ হাত-ভৰিৰ প্ৰশংসা কৰাই শুনা নাছিলোঁ কাহানিও৷ বৰ Practical আছিল তোৰ খুড়ী৷ মৰম-চেনেহ, প্ৰেম-ভালপোৱা এইবোৰ শব্দক লৈ হেতালি খেলাৰ অভ্যাস আমাৰ ঘৰখনত নাছিল৷ হয়, এটা বস্তু আছিল, তেওঁৰ অন্তৰত ঈৰ্ষা৷ ইটো কম-বেছি পৰিমাণে সকলো নাৰীৰ মাজতে দেখা যায়৷ উচ্চ-নীচ, শিক্ষিত-অশিক্ষিত, সৰু-ডাঙৰ মানে সকলো নাৰীৰ মাজতে তই আন একো নাগালেও ঈৰ্ষা পাবিয়েই৷ এই কথাটো মই এটা বঙালী গল্পত পাইছিলোঁ৷ তোৰ ল’ৰা-ছোৱালী দুটাকে মন কৰিবিচোন৷ দুয়োটাকে যদি তই অ, আ, ই, ঈ লিখিবলৈ দিয়, ল’ৰাটোৱে আগে লিখিব, কিন্তু ছোৱালীজনীয়ে এই যে ‘ঈ’ টোতে ৰৈ থাকিব৷ সেইটো লিখিবলৈ ছোৱালীবোৰৰ সময় লাগে৷ আৰু এবাৰ শিকাৰ পিছত অহৰহ লৈ ফুৰে বুকুত ‘ঈৰ্ষা’৷ এইটো নাৰীৰ বৰ মূল্যৱান সম্পত্তি৷ যেনেকৈ খুড়ীয়েৰাৰ বুকুতো ঈৰ্ষাৰ বাহ এটা বাৰুকৈয়ে আছিল৷ বাৰু বাদ দে–

পিছদিনা খোৱাৰ টেবুলত কি হ’ল শুন৷ আনদিনাৰ দৰে আমি পুৱাৰ আহাৰ খাই থাকোঁতেই খুড়ীয়েৰৰ মুখখন বাজিল নহয়৷ মোকে কাট্‌ মাৰি কৈছিল–

ঃ ছোৱালীজনী আজি পাৰ্লাৰলৈ যাব৷ টকাকেইটামান দিব৷

মই ধেমালি কৰি কৈছিলোঁ–

ঃ কিয় যাব লাগে তাই পাৰ্লাৰলৈ৷ এনেও দেখোন ধুনীয়া৷

হেৰ’ ক’বলৈহে পালোঁ, গৰজি উঠিল তোৰ খুড়ী৷

ঃ ও হ’ব হ’ব এনে ধুনীয়া৷ নাকটো কি চাবা একেবাৰে বাপেকেই৷ ভৰি-হাত যি থুপুকা-থুপুক৷ ‘ধুনীয়া’৷ মই ভিতৰি ভিতৰি ঘামি গৈছিলোঁ৷ চিঞৰি ক’ব মন গৈছিল, “চুপ থাকা, তুমি বেয়া দেখিলে কি হ’ব, আনে মোক বহুত ধুনীয়া দেখে’’, কিন্তু নক’লোঁ৷ জ্বলা জুইত ঘিঁউ নাঢালিলোঁ, গুচি আহিছিলোঁ৷ কিবা এটা আকৰ্ষণে মোক তেওঁৰ কাষলৈ লৈ গৈছিল, কৈছিলোঁ পত্নীৰ কথাবোৰ৷ তেওঁ হাঁহি মাৰি কৈছিল–

ঃ আগেয়ে কয় নে তেনে কথা? মই কৈছিলোঁ– “প্ৰায়ে কয়, তেতিয়া মোৰ একো প্ৰতিক্ৰিয়া হোৱা নাছিল দেখোন৷ এতিয়া কিয় মোৰ শুনিবলৈ মন নাযায় তেনেকুৱা কথা৷’’ তেতিয়া তেওঁ মোক মৰমেৰে বুজাইছিল–

ঃ মই আপোনাৰ শৰীৰ ভেদি অন্তৰত প্ৰৱেশ কৰিব বিচাৰোঁ৷ তাতোকৈ মই একো বুজাব নোৱাৰিম৷ বহুত ধুনীয়া পুৰুষ আপুনি৷ আত্মবিশ্বাস ৰাখক৷ আন নহ’লেও মোৰ বাবে সুন্দৰ হৈ থাকক৷ সজাওক নিজক৷ কি নাই আপোনাৰ৷ ভাল আহাৰ খাওক, ভাল পোছাক পিন্ধক, হাঁহক, শিশুৰ সৈতে ওমলক, গান শুনক, নিজৰ কৰ্ম কৰক৷ অদৰকাৰী চিন্তা নকৰিব, মোৰ কথা ভাবক বুলি কৈ এটা মিঠা হাঁহি মাৰিছিল তেওঁ৷ হয় মই নতুনকৈ হাঁহিবলৈ শিকিলোঁ তেওঁৰ কথাত৷ সজাব শিকিলো নিজক, উমলিব বিচাৰিলোঁ তহঁতবোৰৰ লগত৷ খুড়ীয়েৰৰ কিন্তু সহ্য নোহোৱা হ’ল মোৰ পৰিৱৰ্তনত৷ ভাবিলোঁ পত্নী আৰু প্ৰেয়সীৰ মাজত এটা পাৰ্থক্য থকা বুলি, কিন্তু মোক দুয়োকে লাগে৷ খুড়া ভাগৰি পৰিছিল৷ অলপ সময় ৰৈ কৈছিল–

ঃ বহু পাইছিলোঁ তেওঁৰ পৰা আৰু বহু হেৰুৱাইছিলোঁ মই জীৱনৰ পৰা৷ আজি ১৫ বছৰে এটা অবৈধ প্ৰেমক মই সংগোপনে বুকুত কঢ়িয়াই লৈ ফুৰিছিলোঁ৷ কোনেও নাজানে আমাৰ প্ৰেমৰ কথা৷ আনকি সূৰ্যটোৱেও নাজানে আমাৰ প্ৰেমৰ কথা; কিন্তু লাহে লাহে জীৱনৰ গতিবোৰ সলনি হ’বলৈ ধৰিলে৷ খুড়ীয়েৰাৰ গা বেয়া হ’বলৈ ধৰিলে৷ বৰ জটিল মানুহজনী৷ মুখ ফুটাই একো কথাই খুলি নোকোৱা স্বভাৱটোৰ বাবে ময়ো একো বুজি পোৱা নাছিলোঁ, কি বিচাৰে তেওঁ? শৰীৰ বৰ দুৰ্বল হৈ পৰিছিল তেওঁৰ৷ ইফালে মোকো চুগাৰে পালে৷ হাৰ্টৰ প্ৰব্লেমটো যেনিবা আগৰ পৰা আছিলেই৷ কাকো সময় দিব নোৱৰা হৈ পৰিছিলোঁ মই৷ আনফালে আবেগে মোক হাত বাউলি মাতে, এফালে কৰ্তব্যই মোক বান্ধি ৰাখিব খোজে৷ অনুভৱ কৰোঁ মই হে মানসিক ৰোগী নেকি? প্ৰেম? কেতিয়াবা অভিশাপ যেন লাগে, কেতিয়াবা আশীৰ্বাদ যেন লাগে৷ উপায় নোহোৱা হ’ল৷ কি কৰো! ইফালে নিজৰ কামসোপা আধৰুৱা হৈ ৰ’ল৷ হঠাৎ এদিন তেওঁ, মানে মোৰ প্ৰেয়সীও অসুস্থ হৈ পৰিল৷ বুকুত অচিন বিষ এটাই বাহ ল’লে৷ উশাহ-নিশাহ লোৱাত কষ্ট হৈ পৰিছিল৷ শান্তিবোৰ হেৰাই গৈছিল সকলোৰে৷ প্ৰেমে সংগ বিচাৰে, নোৱাৰিলোঁ তেওঁক মই সংগ দিবলৈ৷ ক তই, এতিয়া কি কৰোঁ মই? –বুলি খুড়াই চকু মোহাৰিলে৷ নীলোৎপলে ভাতৰ যোগাৰ কৰি দুয়ো অলপ অলপ খোৱাৰ কথা ক’লৈ৷ খুড়াই খাবলৈ মন, শক্তি একো নাই বুলি কোৱাত সি জোৰ কৰি অকণমান খুৱাই খুড়াকক শুবলৈ ক’লে৷ খুড়াই কিন্তু শুব নোৱাৰিলে৷ বুকুত হাতখনেৰে জোতেৰে হেঁচা মাৰি খুড়া বহি থাকিল৷ নীলোৎপলে দেখিলে খুড়াৰ অৱস্থাটো ভাল নহয়৷ সি লাহেকৈ উঠাই তেওঁক শুৱাই দিছিল৷ বাৰে বাৰে সি ডাক্তৰৰ কাষলৈ নিবলৈ খাটনি ধৰিছিল৷ খুড়াকে তাক কাষতে বহিবলৈ কোৱাত সি খুড়াকৰ কাষতে বহি বুকুখন মোহাৰি থাকিল৷ খুড়াই× তাক কৈ গৈছিল–

ঃ বহু মিছা কথা ক’বলৈ শিকিলোঁ জীৱনৰ শেষ বয়সত৷ তই চাগৈ মোৰ প্ৰেমৰ কাহিনীবোৰ শুনি ভাবিছ মই এটা লম্পট, চৰিত্ৰহীন মানুহ৷ নাভাবিবি, নাভাবিবি তেনেকৈ৷ আজি বহুত সাহস গোটাই তোক কথাবোৰ ক’ম আৰু ইতিমধ্যে কৈছোঁৱেই সকলো সঁচা কথা৷ যিদিনাই তই অসমলৈ ঘূৰি আহি উভতি নাযাও বুলি কৈছিলি সেইদিনাই মোৰ মনটো আনন্দেৰে ভৰি পৰিছিল৷ আৰু সেয়েহে ৰাজীৱ আৰু তোক মই ৰাইজৰ, সমাজৰ কামবোৰ কৰিবলৈ শিকাইছিলোঁ৷ এতিয়া শুন, মোৰ দেহাটো একেবাৰেই বেয়া৷ ডাক্তৰে মোক সমূলি ৱাইন খাবলৈ বাধা দিছিল৷ মই আজি পাঁচমাহ খোৱা নাছিলোঁ৷ মন কৰিছিলিনে তই৷ আজি মই হিচাপতকৈ বেছিকৈ খালোঁ৷ মাত্ৰ তোক কথাবোৰ কওঁ বুলিয়েই৷ ভুল নুবুজিবি মোক৷ মানুহ মই৷ দেৱতা নহয়৷

তেনেকুৱাতে খুড়াৰ ফোনটো বাজি উঠিছিল৷ খুড়াই খেপিয়াই থকা দেখি নীলোৎপলে ফোনটো খুড়াকৰ কাণৰ কাষত লগাই দিছিল৷ খুড়াই ওঁ ওঁ কৈ দুটা শব্দৰে সঁহাৰি জনাই সেহাই সেহাই কৈছিল–

ঃ সময় একেবাৰে কম৷ ফোনটো থৈ পুনৰ নীলোৎপলক কৈছিল–

ঃ উপায় নাই৷ যা মোৰ সোণ, তই মাৰ কাষলৈ যা৷ বৰ অকলশৰীয়া তেওঁ৷ কাষত কোনোৱেই নাই৷ বৰ ভাল তেওঁ৷ ভুল নুবুজিবি মাৰক৷ পবিত্ৰ এগৰাকী মা৷ দেৱী তেওঁ৷ তেওঁক বুজা মানুহ কোনোৱেই নাই৷ প্ৰেম আছিল আমাৰ৷ শৰীৰতকৈ ঊধবৰ্ত আছিল আমাৰ প্ৰেম৷ নাজানো তই কি বুজিছ৷ ভুল কিন্তু নুবুজিবি, বুজিলেও মাফ কৰিবি বুলি লাহে লাহে খুড়াৰ মাতবোৰ নুশুনা হৈ পৰাত নীলোৎপলে ভালকৈ চাই দেখে তেওঁ আৰু নাই৷ ডিঙিটো বেঁকা কৰি আনফালে হালি পৰিছিল৷ নীলোৎপলে কি কৰোঁ কি নকৰোঁ কৈ কাষৰ ফোনটো চাইছিল৷ হয় সেইটো তাৰ মাকৰে নম্বৰ৷ সি মনোহৰক খুড়াৰ ৰখীয়া কৰি গাড়ী লৈ মাকৰ কাষলৈ বুলি ঢাপলি মেলি ওৰে বাট নীলোৎপলে খুড়াকৰ কথাবোৰ ভাবি গৈছিল৷ ইমান আৱেগিক মানুহগৰাকীক কিয় দেউতাই চিনি নাপালে৷ ময়ে বা কি দিছিলোঁ মাক৷ ইমান কষ্টৰে তুলি-তালি ডাঙৰ-দীঘল কৰাৰ পিছত দেউতাৰ ইচ্ছামতে বিদেশ পালোগৈ৷ ঘূৰি আহিও মাৰ অনুমতি নোলোৱাকৈ ঘাই ঘৰ এৰি চহৰত ঘৰ পাতিলোঁ নিজৰ স্বাৰ্থৰ বাবে৷ পৰিবাৰ আৰু সন্তানৰ সুবিধাৰ বাবেই মই মাক লগ দিব নোৱাৰো৷ ভাইটোৱে আৰু ভনীজনীয়েনো মাক কিমান লগ দিছে! দুয়ো নিজক লৈ ব্যস্ত৷ ভাইটো স্থানীয় কলেজৰ প্ৰফেছৰ কৰাৰ উপৰি অনবৰতে টিউচন৷ ভনীজনীৰ ওচৰতে বিয়া হৈছিল যদিও নিজৰ পৰিয়াল লৈ ব্যস্ত৷ কিন্তু দেউতাই কি বিচাৰে জীৱনত? খুড়াৰ কথাবোৰৰ পৰা ভাবিবলৈ বাধ্য হৈ পৰিছোঁ৷ তেখেতেও আনৰ মৰম বিচাৰি ফুৰা নাইতো৷ কি বিচিত্ৰ জগত! বিচিত্ৰ জীবন, বিচিত্ৰ প্ৰেম এয়া৷ ভিন্ন ভিন্ন মত৷  হঠাৎ সি বাস্তৱলৈ ঘূৰি আহে৷

নীলোৎপল দৌৰি মাকৰ কাষ পাই দেখিছিল আহল-বহল বিছনাখনত মাক ওপৰমুৱাকৈ শুই আছিল৷ সি মা বুলি মাতি মাকক আঁকোৱালি ধৰিছিল৷ বনকৰা ছোৱালী ৰুমীয়ে কৈছিল– ‘বৰমাৰ গা একেবাৰে বেয়া৷’ দেউতাই গম পাই নে বুলি সোধাত মায়ে’ নাপায় বুলি কৈছিল৷ ‘ৰুমীয়ে তপৰাই কৈছিল,’ পায়, বৰদেউতা পুৱা ওলাই যাওঁতে গম পাই গৈছিল৷ মোক দৰৱ দেখুৱাই গৈছে, বেছি হ’লে আপোনালোকক ক’বলৈও কৈছিল৷ বৰমায়েহে কাকো ক’বলৈ দিয়া নাছিল৷ সৰু দাদাও এইকেইদিন ঘৰত নাই৷ ‘নীলোৎপলে ৰুমীক আঁতৰিবলৈ কৈ মাকক কৈছিল–

ঃ ‘মা তেখেত আৰু নাই৷’ মাকে প্ৰশ্নবোধক চাৱনিৰে সুধিছিল-–

ঃ কোন? নীলোৎপলে খুড়াৰ নামটো উচ্চাৰণ কৰিবলৈ ভয় কৰিছিল৷ লাহেকৈ সি উঠি আঁতৰি গৈছিল৷ মাকৰ ফালে পিঠি দি কৈছিল–

ঃ যাক তুমি ফোন কৰিছিলা অলপ আগেয়ে, ভুল নুবুজিবা তেখেতক৷ কৈ গৈছে তেখেতে সকলো কথা মোক৷ মায়ে অদ্ভুত চাৱনিয়ে মোলৈ চাই আছিল বুকুত হাজাৰটা প্ৰশ্ন লৈ৷ মই মাক খুড়াই কোৱা সকলোখিনি কথা খুলি ক’লো৷ মায়ে ডাঙৰ শব্দ কৰি উশাহ লোৱাত ঘূৰি চাইছিলোঁ৷ মায়ে ফোঁপাইছে৷ জোৰ জোৰকৈ ফোঁপাই ফোঁপাই মা শুই পৰিছিল৷ শেষবাৰলৈ শুই পৰিছিল মা৷ নীলোৎপলে ভাবিছিল, একো কৰিব নোৱাৰিলোঁ মই৷ থৰ হৈ পৰিছিল অলপ সময়৷

ভুল কৰিলোঁ নেকি মই৷ মই খুড়াৰ কথা নোকোৱাহেঁতেন সম্ভৱ মাৰ এই গতি নহ’লহেঁতেন৷ সেইটো যন্ত্ৰণাই তাক খুলি খুলি খাইছিল৷ খুড়াৰ মুখখনৰ কথা বাৰে বাৰে মনত পৰাত সি ধৈৰ্য ধৰি থাকিব নোৱৰা হৈছিল; কিন্তু খুড়াৰ অনুৰোধৰ কথা ভাবিয়েই সি মাকক জনাইছিল সেই কথা৷ দুঘণ্টাৰ ব্যৱধানত নীলোৎপলৰ সন্মুখত দুটা জীবন শেষ হৈ গৈছিল৷ নিশা স্থানীয় শ্মশানঘাটত একেলগে দুখন চিতা দকৈ জ্বলি উঠিছিল৷

নীলোৎপলে শান্তি পোৱা নাছিল৷ ভগৱানক হাতযোৰ কৰি মাথোঁ কৈছিল, “অহা জনমত দুয়োকে পতি-পত্নীৰূপে পাবলৈ পঠাবা পৃথিবীলৈ৷’’

নীলোৎপলে ভাবিলে– কিয় ভগৱানে নিমিলা অন্তৰবোৰক জোৰ কৰি মিলায়, যাৰ বাবে বহু সংসাৰ ছেদেলি-ভেদেলি হৈ পৰে৷ লগে লগে তাৰ পত্নী শিখালৈ মনত পৰিল৷ তাৰ অজানিতে তাই বাৰু কোনোবা ‘পাৰফেক্ট’ ব্যক্তিৰ সন্ধানত নাইতো৷ লৰালৰিকৈ সি ঘৰলৈ দৌৰি আহিল৷ শিখাৰ কাষলৈ৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top