দীপাৱলীৰ চাকি(কৰবী বৰ্মন কলিতা)
ঘৰখনলৈ অহা দুÊঃসংবাদে যোৱাবাৰ দীপাৱলীৰ দিনা, ভগবান ৰামে অযোধ্যা নগৰী ঘূৰি অহাৰ আনন্দত জ্বলোৱা চাকিগচিৰ পৰিৱৰ্তে ঘৰৰ মূল মানুহ দেৱেন শৰ্মাদেৱৰ ফটোৰ আগত জ্বলাই ৰখা চাকি এগচিহে দৃষ্টিগোচৰ হৈছিল ৷ শোকৰ এগচি চাকি৷
এই বছৰ সন্ধিয়া শৰ্মাৰ ঘৰখন দেৱালীৰ লাইট আৰু বহুতো চাকিৰে জাতিষ্কাৰ হৈ পৰিছে৷ ঘৰখনত সীতাৰ আগমনত দেৱালীৰ চাকি৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]