আহিনৰ মাদকতাই ৰঙীন কৰিছে
মোৰ মন,
চৌদিশে ফুলিছে
শেৱালি, কঁহুৱা বন৷
টোপ টোপ কৈ
নিয়ৰ সৰিছে,
দূবৰিয়ে নিয়ৰ পাই
মিচিকিয়াই হাঁহিছে৷
কুঁৱলীয়ে ছানি ধৰিছে
ৰাতিপুৱাৰ আকাশ,
শৰৎ আহিছে ধৰাৰ বুকুলৈ
সংগোপনে৷
শৰতৰ গধূলি চোতালত বহি
চাকিৰ পোহৰত ছবি অঁকা
আজিও মনত আছে ৷
বননিৰ পৰা চৰাই জাকে
উৰি গুচি যায়,
আকৌ কেতিয়াও উভতি নহাৰ
প্ৰতিশ্ৰুতি দি৷৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]