প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ ঃ সাৰাংশ ঃ মূল ঃ ড॰ গৌৰহৰি দাস (অনুবাদ ঃ নিৰ্মালি মহন্ত) – Purbodix.com

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ ঃ সাৰাংশ ঃ মূল ঃ ড॰ গৌৰহৰি দাস (অনুবাদ ঃ নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা

ক্ষতিক্কমালতী হঠাৎ চক খাই উঠিল৷

লগে লগে তাই দেউতাকলৈ চিঠি এখন লিখিবলৈ বহি পৰিল৷ তাৰ পিছত ভাবিলে, নাই দেউতাকলৈ নহয় মাকলৈকে লিখিব৷ তাকে ভাবি তাই কাগজকলম লৈ বহি পৰিল৷ কিন্তু কি লিখিবঞ্জ কি বুলি কথাটো আৰম্ভ কৰিবঞ্জ নাইক্ক নিজ হাতেৰে সেইবোৰ লিখা তাইৰ কাৰণে সম্ভৱ নহয়৷ আগতে শুভেন্দুৰ উত্তৰ আহক৷ তাৰ পিছত তাই নিজেই পাটপুৰ যাব৷ গৈ মাকক সকলো বুজাব৷  মাকৰ কথা ভাবোঁতেই লগে লগে মাকৰ মুখখন চকুৰ আগত ভাঁহি উঠিল৷ দুগালে দুধাৰি চকুলো তাইৰ বৈ আহিল৷ নিজৰ মুখখন গাৰুটোতে গুজি দি বহু সময় মালতী কান্দি থাকিল৷

আজি ৰবিবাৰ৷ নীলাম্বৰৰ স্কুল বন্ধ৷  ৰাতিপুৱাৰ পৰাই বৰষুণ৷ মাজে মাজে অলপ বন্ধ হয়, তাৰ পিছত আকৌ দিয়ে৷ শাওণ সোমোৱাগৈয়ে নাই৷ আৰু দুদিন আছেই৷ নীলাম্বৰে অৰ্জুন বাবাজীৰ মঠতে বহি নৈৰ পিনে চাই আছিল৷ সমুখৰ দৃশ্যটো এখন কণমানি ৰণস্থলীৰ দৰেই লাগিছিল৷

যোৱা দুমাহ ধৰি সোণপাহাৰৰ পৰা নৈখনলৈকে ৰাস্তা বনোৱাৰ কাম জোৰদাৰ গতিত চলিছে৷ আজি বৰষুণৰ কাৰণে কাম বন্ধ হৈ আছে৷ সমুখত ঠিয় হৈ থকা ঠিকাদাৰৰ জে চি বি, বুলদজাৰ আৰু ওখ ওখ ট্ৰাকবোৰক দেখাত যুদ্ধক্ষেত্ৰৰ তোপবোৰৰ দৰে লাগিছিল৷ এফালেদিতো প্ৰায় পাঁচছয় কিলোমিটাৰমান ৰাস্তা হৈয়েই গৈছে৷ মাজে মাজে ৰবাত মাটিৰ কাম অলপ বাকী আছে৷ এইখিনি হৈ লে কংক্ৰীটৰ ঢালাই দি ৰাস্তা পকা কৰি পেলাব৷ এতিয়া আৰু ভদ্ৰকৰ পিনৰ পৰা অহা মানুহখিনিক ঘূৰি বা নৈ পাৰ হৈ অহাৰ প্ৰয়োজন নাই৷

নীলাম্বৰে মনতে ভাবিলেএনে ৰাস্তা এটা দেখিবলৈ পাব বুলি আশা কৰিয়েই গাঁৱৰ কিমান মানুহ সিপুৰি পালে গৈ আৰু যেতিয়াই সময় আহিল, মাত্ৰ ছমাহৰ ভিতৰতে পাহাৰ ফালি একেবাৰে নৈৰ পাৰলৈকে পকী ৰাস্তা হৈ ল৷ ইয়াকেই কয় যোগ্য ভোগ্য বসুন্ধৰা৷ গাঁৱৰ মানুহখিনিৰ কাৰণেই কোনো সাধাৰণ কথা নহয়ক্ক কিন্তু ইয়াকে লৈ গাঁৱৰ মানুহখিনি সুখী হোৱালৈ চাই, নিজৰ মাজতে লাগি দুভাগ হে হৈ গৈছে৷

সভাপতি উদ্ধৱ মহান্তিৰ ফালৰ পৰা ইন্দ্ৰমণি আৰু নৰোত্তম মণ্ডলৰ ফালৰ পৰা কৰুণাকাৰ হৈ পৰিছে এতিয়া গাঁৱৰ নতুন ঠিকাদাৰ৷ এটাই এফালৰ কাম চাইছে আৰু আনটোৱে সিফালৰ৷

নীলাম্বৰে এইবাৰ সোণপাহৰৰ ফালে চালে৷ তাৰ পৰা পাহাৰৰ ওপৰত থিয় হৈ থকা ওখ ওখ লোহাৰ ডবোৰ দেখা পোৱা নাযায়৷ তাতেই হনুমানৰ প্ৰকাণ্ড মূৰ্তিটো সাজিব৷ সেইখিনি শেষ বলৈ হয়তো আৰু কিছু সময় লাগিব৷

মহাবীৰ কোম্পানিয়ে অনা বাহিৰৰ মিস্ত্ৰীয়ে হেনো কামবোৰ কৰিছে৷

এইবাৰ তাৰ চকু পৰিল গাঁৱৰ মহাদেৱ মন্দিৰৰ ওপৰত৷ ইয়াৰো কাম আৰম্ভ হৈয়ে হয়৷ কিন্তু এই মাধৱ পূজাৰীয়ে কেণাখন লগোৱা বুলিহে কামটো ৰৈ আছে৷ তেওঁৰ মতে শিৱক নিজৰ স্থানৰ পৰা লৰচৰ কৰিলে হেনো পৃথিৱীত প্ৰলয় আহিব৷ কাৰণ মহাদেৱ হৈছে ৰুদ্ৰ৷ গতিকে শিৱ লিংগক লৰচৰ নকৰাকৈ, তাৰ চাৰিওফালৰ দেৱাল ভাঙি নতুন ৱাল গাঁথিলে ভাল৷ কিন্তু এনেকৈ কাম কৰিবলৈ ঠিকাদাৰ ৰাজী নহয়৷ ইন্দ্ৰমণিয়েতো কৈছিলে যে এডোখৰ ঠাইত দুটা ৰুদ্ৰাভিষেক কৰি শিৱ লিংগক অস্থায়ী মন্দিৰত ৰখা যাওক৷ তাৰ পিছতো বিবাদৰ অন্ত নপৰিল আৰু কেতিয়াবা যে পৰিব নীলাম্বৰৰ দেখিও তেনে যেন লগা নাই৷

মহাবীৰ কোম্পানিয়েও ইয়াৰ সিদ্ধান্ত গাঁৱৰ মানুহৰ ওপৰতে এৰি দিছে৷ বৰষুণ অলপ কমা যেন লাগিল নীলাম্বৰৰ৷ সি নতুনকৈ সজা ৰাস্তাটোৰ পিনে এইবাৰ৷ ৰাস্তাৰ কামবোৰ চলি থকাৰ কাৰণে বাবাজীৰ ধুনীয়া বাগিচাখনো ধূলিত পোত খাই আছিল৷ বৰষুণ দিয়াৰ পৰাহে অলপ নিকা হৈ পৰিছে৷

আচলতে নীলাম্বৰে ৰমাকান্তই কৈ পঠিওৱা খবৰটো বাবাজীক দি বলৈ আহিছিল৷ সোণপাহাৰৰ ফালৰ পৰা অহা ৰাস্তাটো অৰ্জুন বাবাজীৰ পুখুৰীৰ ওচৰেদি বেকাকৈ নৈ পাৰত লাগিছে৷ ইফালে বাবাজীৰ তিনি একৰ খেতিৰ মাটি, ৰাস্তাৰ কাষতে লাগি আছে৷ সেই মাটিখিনি তেওঁ কোম্পানিক দি দিয়া লে এই ৰাস্তাটো বেকাকৈ নগৈ পোনে পোনে নৈ পাৰত আহি লাগিল হয়৷  অকল সেয়াই নহয়, ৰাস্তাৰ সিপাৰেও অৰ্জুন বাবাজীৰ ডেৰ একৰ মান মাটি চৰকাৰী মাটি আৰু জনশূন্য এলেকাৰ মাজতে আছে৷ আনকি গাঁৱৰ বহুতৰে মাটি তাত আছে৷ কিন্তু গাঁৱৰ বাকী মানুহৰ ওপৰত ৰমাকান্তৰ ভৰসা একেবাৰেই নাই৷ সেয়ে অৰ্জুন বাবাজীয়ে কোনো পৰিস্থিতিতে যেন সেই মাটিখিনি কোম্পানিৰ নামত হস্তান্তৰ নকৰে, তাকে বলৈ নীলাম্বৰক পঠিয়াইছে৷ চৰকাৰৰ কথা বেলেগ৷ চৰকাৰে বিচাৰিলেতো বলপূৰ্বক যিকোনো কাম কৰি পাৰে৷ কিন্তু কোম্পানিৰ তেনে কৰাৰ সাধ্য নাই৷

আচলতে অৰ্জুন বাবাজীয়ে মঠৰ কাষেদি ৰাস্তা যোৱাৰ কাৰণে মুঠেই ভাল পোৱা নাছিল৷ মানুহজনে নিৰ্জনতা বিচাৰিয়েই গাঁৱৰ পৰা ওলাই আহি এই ঠাইকন মঠৰ কাৰণে বাচি লৈছিল৷ নিজ হাতেৰে ফলফুলৰ গছ পুলি লগাই বৰ সুন্দৰকৈ গঢ়ি তুলিছিল এক নিৰ্মল পৰিৱেশ৷ কিন্তু এতিয়া এই ৰাস্তাটো হৈ যোৱাৰ পিছত আৰু থাকিব সেই নিৰ্জনতা৷ চাৰিওফালে হাইউৰুমি, গাড়ীমটৰৰ কোলাহলে হেঁচি ধৰিব ঠাইকন৷

মটৰ চাইকেলৰ গুম গুম qs শুনি নীলাম্বৰে পিছফালে ঘূৰি চালে৷ ইন্দ্ৰমণিয়েই এইটো৷ গাঁৱৰ নতুন লীডাৰ এতিয়া সি৷ ইমান কম সময়ৰ ভিতৰত কেনেকৈ যে কলাকাৰ ইন্দ্ৰমণি গৈ ঠিকাদাৰ ইন্দ্ৰমণি লক্ক

ইয়াত বহি বহি কি ভাবি আছনোঞ্জপিছফালৰ পৰা কৰুণাকাৰে সুধিলে৷ নৈ ফালৰ ৰাস্তাৰ কাম চাই আহি আছিল সি৷

নীলাম্বৰে তাৰ উত্তৰ দিয়াৰ আগতে এবাৰ তাৰ মটৰ চাইকেলখনলৈ চালে৷ আগতেও তাৰ ওচৰত এনেকুৱা এখন আছিল, যিখন ইন্দ্ৰমণিয়ে এদিন চলাই আহিছিল৷ এইখন বেলেগ এখনহে৷ ইমান সোনকালে আকৌ এখন কেতিয়া কিনিলেইঞ্জ

বুলেট হয় এইখন৷ এনেকুৱা আমাৰ এই এলেকাটোতে নাইক্ক সদায় সদায় গাঁৱৰ পৰা গোপীনাথপুৰ, তাৰ পৰা ভদ্ৰকলৈ দৌৰা দৌৰি কৰি থাকিব লগা হয়৷ দৌৰোতে দৌৰোতে মোৰ জোতা চিঙি গৈছে৷ সেইকাৰণে এইখন কিনিয়েই পেলালোঁ৷কৰুণাকাৰে লে৷

এইবাৰ কৰুণাকাৰে অলপ আন্তৰিকতাৰ সুৰত লে, “তোকনো আৰু কি , হেজাৰটা কামত মই ব্যস্ত হৈ থাকিব লাগে৷ এতিয়া নৰোত্তম খুড়াইনো আৰু কিমান চাই থাকিবঞ্জ বয়সো হৈছে৷ তই মোৰ হৈ মাজে মাজে ৰাস্তাৰ কামত চকু দিবিচোন৷ আমাৰ গাঁৱৰে কথা নহয় জানোঞ্জ এতিয়া ঠিকাদাৰ ময়েও হওঁ বা নৰোত্তম খুড়া, কাম মুঠতে ভাল লাগে৷

নৰোত্তম খুড়াক্ক ৰাস্তাৰ ঠিকাদাৰিক্ক

এতিয়াহে নীলাম্বৰে কৰুণাকাৰ চাহাবৰ ৰহস্যৰ সম্ভেদ পালে৷ মনতে নিজকে লে, “এইবোৰ যে নৰোত্তম মণ্ডলে তোক আগতীয়া যৌতুক দিছে বুজি পাইছ বেটা৷সিও লগে লগে কৰুণাকাৰক লে, “একদম৷ কেলে নাৰাখিম বাৰুঞ্জ ৰাস্তা বনোৱাৰ নামত চৰকাৰৰ ফালৰ পৰা কিমান পইচা আহিল, কামত খৰচ কিমান সেইবোৰৰ হিচাবতো তই দিবই লাগিব৷ কাম ভাল নহলে প্ৰথম বানতেই ৰাস্তা উটি নাযাব জানোঞ্জ

কিঞ্জ কোনে লেঞ্জ আমাৰ কাম একেবাৰে মজবুত আৰু এই হিচাপনিকাচ দিয়াৰ ব্যৱস্থা আমাৰ ইয়াত নচলে৷ কেনেকৈ দিনৰাতি একাকাৰ কৰি ৰাস্তাৰ কামত লাগি ফুৰিছোঁ সেইবোৰ তহঁতি কি বুজিবিঞ্জ ডবল খৰচ কৰি কাম কৰিছোঁ৷ নিজৰ গাঁৱৰ কাৰণে এনেকৈ খাতি মৰিছোঁ৷ গাওঁখনত এটা ভাল ৰাস্তা বুলিহে নিজৰ লোকচান কৰিও সৱ কৰি গৈছোঁ৷

নীলাম্বৰৰ মনতে হাঁহি উঠিল৷ কৰুণাকাৰে আৰু লোকচান সহিবক্ক নিজৰ প্ৰেমক ব্যৱহাৰ কৰি ব্যৱসায় কৰা মানুহটোৱে আকৌ লোকচান কৰি কাম কৰিবঞ্জ তথাপিও নীলাম্বৰে তাক আৰু একো নকলে৷ এতিয়া ইন্দ্ৰমণিৰ দৰে ইয়ো নিজৰ চকু দুটা বান্ধি লৈছৈ৷ ইহঁতৰ মূৰবোৰে এতিয়া আৰু ভালবেয়াৰ ভেদাভেদ বুজি নাপায়৷

একো নকলি যেঞ্জকৰুণাকাৰে জেৰা কৰাৰ সুৰত নীলাম্বৰক সুধিলে৷

কি আৰুঞ্জ ৰাস্তাৰ কামৰ অভিজ্ঞতা নথকা মোৰ নিচিনা মানুহ এটাই কাম ভাল হৈছে নে বেয়া হৈছে কি বুজি পাবঞ্জ গতিকে কাম জনা মানুহকে ইয়াৰ দায়িত্বটো দেগৈ৷

বাৰু৷ খালি পিছত নকবি মই তোক সুবিধা দিয়া নাছিলোঁ বুলি৷ যাওঁ তেতিয়া লে৷ কথাখিনি শেষ কৰি কৰুণাকাৰে ভট ভট শব্দ কৰি তাৰ বুলেটখন চলাই গুচি ল৷ পিছফালৰ পৰা তাক দেখাত লাগিছিল বেগাই যোৱা ঘোঁৰা এটাৰ পিঠিত উঠি যোৱা সেনাপতিটোৰ দৰে৷ এই মটৰ চাইকেলখনৰ বেগ পিচে ঘোঁৰাতকৈ কোনো গুণে কম নহবক্ক দামো এইখনৰ৷ যিয়েই নহওক, বুলেটখন কিন্তু একদম জবৰদস্ত মটৰ চাইকেল৷

কৰুণাকাৰৰ শেষৰ কথাষাৰ আকৌ এবাৰ তাৰ কাণত বাজি উঠিলসুবিধাক্ক সি তাক ঠিকাদাৰী কামত সহযোগী হিচাপে বিচাৰিছিল নেকিঞ্জ কিন্তু স্কুলৰ শিক্ষক হৈ সি কেনেকৈ ৰাস্তাৰ কাম চোৱামেলা কৰিব পাৰিবঞ্জ নাই ইয়াৰ পিছত নি( কিবা এটা আছে৷ 

ডাৱৰ ফালি লাহেকৈ বেলিটো ওলাই আহিছিল৷

নীলাম্বৰো ঘৰমুৱা হৈছিল৷ আজি গধূলি ৰমাকান্তৰ ঘৰত পাক এটা মাৰি আহিব লাগিবমনতে এবাৰ ভাবিলে সি৷

ৰমাকান্তৰ ঘৰৰ কথা ভাবোতেই নীলাম্বৰৰ মালতীৰ কথা মনত পৰিল৷ আজি দুমাহৰ ওপৰ , তাই গাঁৱৰ পৰা যোৱা৷ কিন্তু নীলাম্বৰৰ এই দুমাহ, দুবছৰ যেন লগা হৈছে৷ তাই নথকাত গাওঁখন একেবাৰে উকা উকা লগা হৈছে৷  নীলাম্বৰৰ বুকুৰ পৰা গৰম উশাহ অলপ ওলাই আহিল৷ কেতিয়া যে আহিব তাইঞ্জ মালতী আহিলে এইবাৰ সি তাইৰ মনৰ মাজত পুহি ৰখা সকলো ভ্ৰান্তি দূৰ কৰি পেলাব৷ আজিলৈকৈ কাৰোঁ আগতে মালতীৰ বিষয়ে বেয়াকৈ এপদ কথাও কৈ পোৱা নাই সি৷ নি( কোনো বাই লগাইছে তাইক৷

 

সেইদিনাৰ কথাবোৰ মনত পেলাবলৈ তাৰ অকনো ইচ্ছা নাই৷ কেনেকৈ নাকৰ পাহি ফুলাই ফুলাই সেইদিনা তাই নীলাম্বৰৰ কাৰণে মৰি যোৱা বুলি কৈ গৈছিলক্ক নাইক্ক হঠাৎ মাজবাটত সি চিঞৰি উঠিল৷  পিছ মুহূৰ্ততে আকৌ কোনোবাই শুনিলে নেকি বুলি ইফালে সিফালে এবাৰ চালেও৷ নহলে মিছাতে লাজ পাব নহয় আনৰ আগত৷ থাকক, মালতী তাতেই থাকক৷ মুঠতে সুখে শান্তিৰে থাকক৷ মিছাতে বামন হৈ সি চন্দ্ৰলৈ হাত মেলাৰ সপোন দেখিছিল৷ ডাঙৰ কোম্পানিৰ প্ৰজেক্ট মেনেজাৰ শুভেন্দু, আৰু গাঁৱৰ এখন অস্থায়ী স্কুলৰ শিক্ষক সি৷ এইবোৰৰ সপোন দেখাও আচলতে ভুল৷  তথাপিও মালতীক এবাৰ চাবলৈ নীলাম্বৰ কিন্তু ব্যাকুল হৈ পৰিছিল৷ নৰোত্তম মণ্ডলে কোৱা কথাসোণপাহাৰৰ পৰা অহা ৰাস্তাৰ আনটো ফালে হেনো মোবাইল টাৱাৰ বহাব আৰু ছমাহৰ ভিতৰতে গাঁৱলৈ মোবাইল আহি যাব, লগতে বিজুলীও৷ বাহিৰৰ পৃথিৱীখনৰ লগত আমাৰ পাটপুৰ সংযোগ হৈ যাব৷ তেতিয়া কিন্তু নীলাম্বৰে বাহিৰৰ দুনিয়াখনতকৈ আগতে মালতীৰ লগত প্ৰথমে কথা পাতিব৷ অন্ততঃ এবাৰ আৰn সেই সুযোগতে সি তাইৰ মনৰ ভ্ৰম দূৰ কৰি পেলাব৷

Leave a Reply

Your email address will not be published. Required fields are marked *