
‘‘নাটক সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় সাহিত্য, সভ্যতা, সংস্কৃতি আৰু সমাজৰ এখন বাস্তৱ প্ৰতিছবি…৷’’ এই নাটকেই হৈছে গণ সংযোগৰ আটাইতকৈ শক্তিশালী গণমাধ্যম৷ এই নাটক মঞ্চায়ন আৰু সামাজিক–সাংস্কৃতিক কৰ্মৰাজিৰে সমাজত এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰি এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হোৱা অসমৰ অভিজাত তথা ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰে শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি পূৰ্বৰ দৰে এইবাৰো দুদিনীয়াকৈ যোৱা ১৩ আৰু ১৪ অক্টোবৰ তাৰিখে প্ৰয়াত নাট্যানুৰাগী পৰাণ বৰঠাকুৰৰ সোঁৱৰণত মুঠ চাৰিটা দৰ্শনীৰে (প্ৰতিদিনে ২টাকৈ) মঞ্চায়ন কৰে অসমৰ প্ৰথিতযশা তথা সংবেদনশীল নাট্যকাৰ প্ৰশান্ত কটকী দেৱ ৰচিত আৰু মঞ্চ আৰু চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱাৰ পৰিকল্পনা আৰু পৰিচালনাৰে সকলোৰে উপভোগ্য মননশীল নাটক ‘‘কলৰে পাততে কাউৰী পৰে…৷’’ দুয়োটি সন্ধিয়াতে দৰ্শকৰ উপস্থিতি আৰু সহাঁৰি আছিল অভূতপূৰ্ব…৷ দুয়োটি সন্ধিয়াই দৰ্শকৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহত সংবেদনশীল নাটকখনে প্ৰতিগৰাকী দৰ্শককে মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়…৷
ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ নাটক মানেই হ’ল অভিজাত নান্দনিক প্ৰযোজনা, দৃষ্টিনন্দন নাট্য পৰিচালনা, বলিষ্ঠ তথা মননশীল নাট্যসম্ভাৰ আৰু দুৰ্দান্ত অভিনয়ৰ সমাহা১…৷ এই যোৰহাট থিয়েটাৰৰ পবিত্ৰ মঞ্চতেই আন আন বহু কেইগৰাকী যশস্বী নাট্যকাৰৰ লগতে বিগত বৰ্ষ সমূহত বহুকেইখন সংবেদনশীল তথা জনসমাদৃত নাটক উপহাৰ দি আহিছে অনুভৱী নাট্যকাৰ প্ৰশান্ত কটকীদেৱে৷ এইবাৰো নাট্যকাৰ কটকীদেৱে শাৰদীয় নাট্য নিবেদন হিচাবে যোৰহাট থিয়েটাৰৰ হৈ নাট্যপ্ৰেমী দৰ্শকক উপহাৰ দিলে এখন ভিন্ন স্বাদৰ মন চুই যোৱা নাটক৷ এসময়ত অনাতাঁৰ কেন্দ্ৰযোগ সম্প্ৰচাৰিত কবি, গীতিকাৰ কেশৱ মহন্তদেৱৰ কণ্ঠেৰে নিগৰা কালজয়ী চিৰসেউজ গীত ‘কলৰে পাততে কাউৰী পৰে…’ শীৰ্ষক গীতটিৰ আলমতেই নাটকখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে৷ ইয়াৰ আগতেও এইগৰাকী নাট্যকাৰৰ ‘‘চেনাই মই যাওঁ দেই…’’, ‘‘তোৰে মোৰে আলোকৰে যাত্ৰা’’, ‘‘পায়েঙৰ পানশৈ..’’ আদিকে ধৰি বহুকেইখন সুন্দৰ মননশীল নাটক যোৰহাট থিয়েটাৰৰ ৰঙ্গমঞ্চত সফল মঞ্চায়ন হৈ গৈছে৷ উল্লেখ্য যে এই আটাইকেইখন মঞ্চ সফল নাটকৰ পৰিচালক আছিল বিশিষ্ট অভিনেতা–পৰিচালক পবিত্ৰ বৰুৱা৷ এই সফল যুটীয়েই শাৰদীয় বতৰত যোৰহাটবাসী ৰাইজক উপহাৰ দিলে মৰম, আবেগ, নিষ্পাপ প্ৰেম–ভালপোৱা, বিশ্বাস–অবিশ্বাস আৰু জীৱন জীনাৰ তাড়নাৰ লগতে গোড়া সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এক সবল যুক্তিৰ এক অনুপম নাট্য উপদানেৰে সমৃদ্ধ এখন মনোগ্ৰাহী নাটক ‘‘কলৰে পাততে কাউৰী পৰে..’’৷ এই সুন্দৰ নাটকখন মঞ্চায়নৰ পূৰ্বৰ পৰাই চৰ্চিত আছিল ইয়াৰ নামটোৰ বাবে লগতে চিৰসেউজ গীতটিৰ আধাৰত নাট্য কাহিনীৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা ভিডিঅ’টোৰ বাবে৷ পৰিচালক পবিত্ৰ বৰুৱাৰ পৰিকল্পনা আৰু অসমৰ জনপ্ৰিয় কৰিয়’গ্ৰাফাৰ শৰৎ বাপ্পীৰ সুন্দৰ পৰিচালনাৰ ভিডিঅ’টো ইতিমধ্যেই ৰাইজে আঁকোৱালি লৈছিল৷

আটাইতকৈ ভাল লগা কথাটো হ’ল যে অসমৰ স্বনামধন্য কবি, গীতিকাৰ, সাহিত্যিকসকলৰ ইমান সুন্দৰ সুন্দৰ সৃষ্টি আছে তাক নাট্যৰূপ দি দৰ্শকৰ ওচৰলৈ লৈ অনাটো আৰু এই কামটোকে যশস্বী নাট্যকাৰ প্ৰশান্ত কটকীদেৱে কৰি দেখুৱাইছে আৰু পৰিচালকে অতি বিচক্ষণতাৰে ইয়াক মঞ্চত সফল ৰূপায়ন কৰিছে৷ গতিকে, নাট্যকাৰ আৰু পৰিচালক এইক্ষেত্ৰত সঁচাই প্ৰশংসাৰ যোগ্য৷ পৰিছন্ন প্ৰযোজনাৰ এই নাটকখন সফলতাৰ মূল কাৰণ হৈছে নাট্যকাৰৰ সুন্দৰ বক্তব্যক পৰিচালকৰ নিৰ্দেশ অনুসৰি প্ৰতিগৰাকী শিল্পীৰ সুন্দৰ দলগত অভিনয়৷ সকলো শিল্পীৰ বাস্তৱসন্মত অপূৰ্ব অভিনয়ত নাটকখন প্ৰাণ পাই উঠিছে৷ অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব পোষ্টমাষ্টাৰ ৰূপী দিগন্ত হাজৰিকাৰ৷ শিল্পীগৰাকীৰ অনবদ্য অভিনয় নাটকখনৰ সম্পদ৷ তেওঁৰ সংলাপ প্ৰক্ষেপণ, অভিব্যক্তি আৰু প্ৰকাশভংগী অতি সুন্দৰ৷ নাটকৰ এটি জটিল অথচ গুৰুত্বপূৰ্ণ চৰিত্ৰত পৰিচালক পবিত্ৰ বৰুৱাই চমৎকাৰ অভিনয় প্ৰদৰ্শন কৰে৷ আন এটি মুখ্য চৰিত্ৰত দৰ্পণা বৰঠাকুৰে অতি সংবেদনশীল আৰু সাৱলীল অভিনয় কৰিছে৷ নাটকৰ নায়ক–নায়িকাৰ ৰূপত জনপ্ৰিয় অভিনেতা দীপাংকৰ দত্ত (ডি, যে মাইনা) আৰু ঋষিদ্বিনা বৰাই নাটকৰ গতিক অতি সাৱলীল আৰু সুন্দৰভাৱে আগুৱাই লৈ গৈছে৷ বিশেষকৈ কিছু কিছু মুহূৰ্তত কৰা তেওঁলোকৰ আবেগিক অভিনয়ে দৰ্শকৰ অন্তৰত সাঁচ বহুৱাই যায়৷ প্ৰয়াত খগেন মহন্তদেৱৰ এই চিৰসেউজ গীতটিক নাটকৰ প্ৰায়ভাগ দৃশ্যান্তৰত কিছু অংশ ব্যৱহাৰ কৰি নাট্যমুহূৰ্ত অধিক অৰ্থবহ কৰি তোলাৰ লগতে গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পীগৰাকীলৈও এক গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়৷ নাটকৰ আৱহ সংগীত অধিক অৰ্থবহ৷ এইক্ষেত্ৰত অসমৰ বিশিষ্ট সংগীত পৰিচালক জয়ন্ত নাথ দেৱ আৰু সহযোগী শ্যামল ভূঞাক ধন্যবাদ দিবই লাগিব৷ মঞ্চৰ পোহৰ নিয়ন্ত্ৰণে নাটকীয় ঘটনা আগুৱাই নিয়াত সফলতা লাভ কৰিছে৷ এইক্ষেত্ৰত আলোক শিল্পী ৰাতুল বৰা (বোকাখাত) পুৰামাত্ৰাই সফসল৷ বিচিত্ৰ মানসৰ দৃশ্যসজ্জা অতি নান্দনিক আৰু দৃষ্টিনন্দন৷ চৰিত্ৰ অনুযায়ী বিচিত্ৰ–প্ৰাচুৰ্য আৰু মিকণৰ ৰূপসজ্জা সুন্দৰ হৈছে৷ শব্দ উন্নত মানৰ৷ সামগ্ৰিকভাৱে সুন্দৰ নাট্যগাঁথনি, সুপৰিচালনা আৰু অভিনয় শিল্পীসকলৰ সাৱলীল অভিনয় সমৃদ্ধ ‘‘কলৰে পাততে কাউৰী পৰে’’ এক সাৰ্থক আৰু বলিষ্ঠ নাট প্ৰযোজনা৷ শাৰদীয় বতৰত ৰাইজক এখন সৰ্বাংগসুন্দৰ নাটক উপহাৰ দিয়াৰ বাবে যোৰহাট থিয়েটাৰৰ এই গৌৰৱ সদায়ে অক্ষুণ্ণ থাকক৷ এই গৌৰৱময় অবিৰত নাট্যযাত্ৰা এক অনিৰুদ্ধ যাত্ৰা হওঁক৷ পৰৱৰ্তী সময়ত নাট্যকাৰ প্ৰশান্ত কটকীদেৱৰ পৰা আৰু ভাল ভাল নাটক পাম বুলি আশা ৰাখিলো৷ লগতে ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ পৰা এনেদৰে আৰু সুন্দৰ নাট্যপ্ৰযোজনা পাম বুলি আশাৰে বাট চাই ৰ’লো৷