নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা(দেবৰ্ষি গৌতম) – Purbodix.com

নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা(দেবৰ্ষি গৌতম)

 প্ৰতিগৰাকী ছাত্ৰছাত্ৰীয়ে জীৱনত পাঠ্যপুথিৰ শিক্ষাৰ জৰিয়তে জীৱনৰ আনুষ্ঠানিক শিক্ষা লাভ কৰে৷ কিন্তু প্ৰতিগৰাকী ছাত্ৰছাত্ৰীৰ জীৱনত পাঠ্যপুথিৰ আনুষ্ঠানিক শিক্ষাৰ যিদৰে প্ৰয়োজন আছে ঠিক তেনেদৰে কিন্তু নৈতিক শিক্ষাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে৷ যিমান শিক্ষিত হলেও এগৰাকী ব্যক্তিয়ে কিন্তু নৈতিক শিক্ষা অবিহনে সমাজৰ বাবে এগৰাকী আদৰ্শ ব্যক্তি হব নোৱাৰে৷ প্ৰতিগৰাকী ছাত্ৰছাত্ৰীৰ শিক্ষাৰ বাবে প্ৰথম শিক্ষানুষ্ঠান হৈছে নিজৰ ঘৰখন৷ নিজৰ ঘৰৰ সদস্যসকলৰ পৰা, ঘৰুৱা পৰিৱেশৰ পৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে বহু কথা আয়ত্ব কৰে৷ তাৰ পিছতহে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আনুষ্ঠানিক ভাৱে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষানুষ্ঠানত প্ৰৱেশ কৰে৷ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়াই বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই সেই ছাত্ৰছাত্ৰীসকলৰ জীৱনত পাঠ্যপুথিৰ শিক্ষা লাভৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ পাঠ্যপুথিৰ পৰা লাভ কৰা শিক্ষা ছাত্ৰছাত্ৰীৰ বাবে কিমান প্ৰয়োজনীয় সেয়া হয়তো বিতংকৈ কোৱাৰ প্ৰয়োজন নাই৷ কাৰণ বৰ্তমান সময়ৰ প্ৰতিযোগিতাৰ যুগত প্ৰতিগৰাকী ছাত্ৰছাত্ৰীয়ে আনুষ্ঠানিক শিক্ষাৰ জৰিয়তেহে নিজৰ জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়৷ অন্যথা শিক্ষা অবিহনে আজিৰ দিনত ছাত্ৰছাত্ৰীৰ জীৱনত কোনো সফলতা নাহে৷ গতিকে বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ পৰা আহৰণ কৰা শিক্ষা প্ৰতিগৰাকী ছাত্ৰছাত্ৰীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ ছাত্ৰছাত্ৰীসকলৰ ছাত্ৰ জীৱন সমাপ্ত হোৱাৰ পিছত কিন্তু তেওঁলোকে আহৰণ কৰা আনুষ্ঠানিক শিক্ষা এক সম্পদ হিচাপে বিবেচিত বলৈ আৰম্ভ কৰে৷ সম্পদ হিচাপে বিবেচিত হোৱা সেই শিক্ষাই প্ৰতিগৰাকী ছাত্ৰছাত্ৰীক নিজৰ জীৱনত কিমান সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম তাৰ মাপকাঠী নিৰূপণ কৰে৷ পাঠ্যপুথিৰ জৰিয়তেও ছাত্ৰছাত্ৰীসকলে নৈতিক শিক্ষাৰ যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়৷ পাঠ্যপুথি অধ্যয়ন কৰি ছাত্ৰছাত্ৰী সকলে লাভ কৰা নৈতিক শিক্ষাৰ সেই জ্ঞানসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিমান ফলপ্ৰসূ হয় সেয়া কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ বিষয়৷ ছাত্ৰছাত্ৰী সকলৰ নিজৰ ঘৰখনত অথবা তেওঁলোকে বসবাস কৰা সমাজখনত যদি তেওঁলোকে পাঠ্যপুথিত অধ্যয়ন কৰা নৈতিক শিক্ষাৰ সেই বিষয় সমূহৰ এখন ওলোটা ছবি দেখিবলৈ পায় তেনেহলে ছাত্ৰছাত্ৰীসকলৰ বাবে তেওঁলোকে লাভ কৰে নৈতিক শিক্ষাই তেওঁলোকৰ মনত কোনো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহব৷ যদিও বৰ্তমান সময়ত নৈতিক ঙ্খলনৰ বাবে আমি মূলত ছাত্ৰছাত্ৰী সকলোকে জগৰীয়া কৰো৷

কিন্তু ছাত্ৰছাত্ৰীসকলক জগৰীয়া কৰাৰ আগতে আমি এটা কথা অনুধাৱন কৰাটো অতিকৈ জৰুৰী যে আমি যি কৰ্ম কৰিম আমাৰ পিছৰ প্ৰজন্ময়ো কিন্তু আমাক অনুসৰণ কৰিব আৰু তেওঁলোকেও সেই পথেৰে আগবাঢ়ি যাব৷ ঘৰুৱা পৰিৱেশ আৰু পৰিস্থিতিয়ে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ মানসিক স্থিতিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে৷ ছাত্ৰছাত্ৰীসকলৰ মানসিক স্থিতিয়ে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ছাত্ৰছাত্ৰীসকলে কেনেধৰণৰ মানসিকতাৰ মাজেৰে আগবাঢ়ি গৈ আছে তাৰ খবৰ ৰখাটো অভিভাৱকসকলৰ বাবে অত্যন্ত জৰুৰী৷ যদি ছাত্ৰছাত্ৰীসকল অভাৱৰ মাজতো মানসিকভাৱে শক্তিশালী হয় তেনেহলে সেই ছাত্ৰছাত্ৰীসকলৰ নৈতিকতাৰ কেতিয়াও ঙ্খলন হোৱাৰ সম্ভাৱনা নাথাকে৷ অসমীয়াত এষাৰ ডাকৰ বচন আছে যে অভাৱে স্বভাৱ নষ্ট কৰে৷ বহু সময়ত দেখিবলৈ পোৱা যায় যে বহু ছাত্ৰছাত্ৰীয়ে অভাৱৰ ফলত নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য হৈ পৰে৷ কিন্তু তেনে ছাত্ৰছাত্ৰীসকলক যদি আৰম্ভণিতে তেওঁলোকৰ মানসিকতা সলনি কৰিবলৈ চেষ্টা কৰা যায় তেনেহলে অভ্যাসত পৰিণত হোৱাৰ পূৰ্বে সেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু নিজকে সলনি কৰিবলৈ অলপ লেও চেষ্টা কৰিব৷ আজিৰ তাৰিখত যদি আমাৰ সমাজত বসবাস কৰা পৰিয়াল বিলাকৰ মাজত পৰ্যালোচনা কৰিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে অধিকাংশ পৰিয়ালৰ মাজতে নৈতিক শিক্ষাৰ যথেষ্ট অভাৱ আছে৷ পৰিয়ালৰ জ্যেষ্ঠসকলক কনিষ্ঠসকলে অমান্য কৰাৰ উপৰিও সন্মান নকৰে৷ সন্তান আৰু অভিভাৱকৰ মাজত দূৰত্ব বৃদ্ধি পাইছে৷ সামাজিকভাৱে জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজত সদ্ভাৱ নোহোৱা হৈছে৷

এনেবোৰ বিষয়ে কিন্তু আমাৰ সমাজখত এক বিশৃংখলতাৰ সৃষ্টি কৰাত বিশেষ অৰিহণা যোগায়৷ ছাত্ৰছাত্ৰীসকলক আমি শিক্ষিত কৰাৰ উপৰিও নৈতিক শিক্ষাৰে এগৰাকী প্ৰকৃত ব্যক্তি হিচাপে গঢ়ি তোলাটো আমাৰ নৈতিক দায়িত্ব৷ যদি ছাত্ৰছাত্ৰীসকলে নিজৰ মাকদেউতাকে বৃদ্ধ ককাকআইতাকক বৃদ্ধাশ্ৰমত থৈ অহা প্ৰত্যক্ষ কৰে তেনেহলে সেই ছাত্ৰছাত্ৰীসকলে মাকদেউতাকৰ পৰা কি শিক্ষা লাভ কৰিব৷ পৰৱৰ্তী সময়ত যেতিয়া সেই ছাত্ৰছাত্ৰীসকলে ডাঙৰ হৈ নিজ পিতৃমাতৃক বৃদ্ধাশ্ৰমত যাবলৈ বাধ্য কৰিব তেতিয়া কিন্তু সন্তানক দোষাৰোপ কৰি লাভ নাই৷ কাৰণ ইতিমধ্যে সেই শিক্ষা ব্যৱহাৰিক ভাবে সন্তানক প্ৰদান কৰিছে নিজ পিতৃমাতৃয়ে৷ যেতিয়া এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ পিতৃ বা মাতৃয়ে সুস্থ অৱস্থাতে হওঁক নাইবা নিচাসক্ত অৱস্থাতে হওঁক নিজ পিতৃমাতৃৰ লগত অভব্য আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনে ক্ষেত্ৰত সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ডাঙৰ হৈ নিজ পিতৃমাতৃক কৰা অভব্য আচৰণৰ বাবে আচৰিত বলগীয়া কোনো কাৰণ নাথাকে৷ এনেবোৰ উদাহৰণৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰো যে পাঠ্যপুথিৰ শিক্ষাই এগৰাকী ছাত্ৰ বা ছাত্ৰীক শিক্ষিত অথবা জ্ঞানী হোৱাত সহায় কৰে কিন্তু এক সুস্থ ঘৰুৱা পৰিৱেশে ছাত্ৰছাত্ৰীসকলক শক্তিশালী নৈতিকতাৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা মুখ্য ভূমিকা পালন কৰে৷ যিগৰাকী ব্যক্তিৰ মানসিকতাত নৈতিকতাৰ কোনো স্থান নাই তেনে এগৰাকী ব্যক্তি আমাৰ সমাজৰ বাবে কেতিয়াও উপকাৰী নোৱাৰে৷ নৈতিক শিক্ষাৰে পৰিপুষ্ট ব্যক্তি এগৰাকী যদি সমাজে লাভ কৰিব লাগে তেনেহলে তেনে ব্যক্তিসকলক ছাত্ৰ অৱস্থাৰ পৰাই গঢ় দিব লাগিব৷ ছাত্ৰছাত্ৰীসকলৰ বাবে আনুষ্ঠানিক পাঠ্যপুথিৰ শিক্ষা যিমান প্ৰয়োজনীয় ঠিক একেদৰে নৈতিক শিক্ষাও সিমানে দৰকাৰী৷

Leave a Reply

Your email address will not be published. Required fields are marked *