গ্ৰীষ্মৰ উত্তাপত দগ্ধ অসহনীয় দিন – ৰাতি
শাওন – ভাদৰৰ মহানগৰীয় কৃত্ৰিম বানপানীৰ ক্লেদাক্ত কদৰ্যতাক বিদায় জনাই
প্ৰিয় মোৰ ঋতু ৰাণী শৰৎ আহে উৎসৱৰ আনন্দৰ বতৰা লৈ!
অ মোৰ প্ৰিয় শৰৎ!
তোমাৰ আগমনক স্বাগতম//
তোমাৰ আগমনত সৰগৰ পৰা সাজি–কাছি পূজাৰ ভাগ ল’বলৈ
উথপথপ লগায় দুৰ্গা–জগদ্ধাত্ৰী–লক্ষ্মীগোঁসানী
আমাৰো লাগে আনন্দ/
উলাহে নধৰে হিয়া/
সাতখন আঠখন কৰে গা
লৰালিলৈ যাওঁ উভতি
ভমকাফুলীয়া ফ্ৰক পিন্ধা আৰু চুলিত ৰঙাফিটা মৰা সৰু মইজনী হৈ পৰো
জুনুকা পেঁপা বজাই দৌৰি ফুৰো পূজাৰ ভীৰত
জেলেপি খাই ফ্ৰকত মচো হাতৰ এঠা৷
পিঠিত পৰে মাৰ কিল কান্দি অভিমান কৰো দেউতাৰ কোলাত
ফৰিংফুটা জোনাকে চকু টিপি মিচিকিয়ায় হাঁহে ৰস পায় আমাক চাই
খেৰত বহি চাওঁ ৰজা– ৰাণী আৰু ডকাইতৰ পালা
টোপনিতে লালকাল দি শুই যাওঁ মাকৰ কোলাত….
অ’ শৰৎ তুমি আহিবা সদায়
আৰু আমি উভতি যাম লৰালিলৈ
শৰতৰ মুকুতাহেন
নিয়ৰত তিতা শেৱালি বুটলিবলৈ….
