
নাটক সমাজৰ দাপোন আৰু গণ সংযোগৰ অতিকে শক্তিশালী মাধ্যম৷ এই নাটকৰ মাধ্যমেৰে সমাজত এক সুন্দৰ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা সাংস্কৃতিক ৰাজধানী যোৰহাটৰ বিভিন্ন নাট্যনুষ্ঠানসমূহে বিভিন্ন সময়ত নাটক মঞ্চায়ন কৰি অহাৰ লগতে এই শাৰদীয় বতৰটো শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি বাখি একোখনকৈ মনোগ্ৰাহী আৰু উপভোগ্য নাটক মঞ্চায়ন কৰি দৰ্শকক বিমল আনন্দ দিয়াৰ লগতে কিছু চিন্তাৰ খোৰাক দিবলৈও সক্ষম হৈছে৷ যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজান সম্মিলনে এইবাৰ শাৰদীয় নাট্য নিবেদন হিচাবে দৰ্শকলৈ আগবঢ়ায় প্ৰয়াত যশস্বী নাট্যকাৰ দ্বীপ শৰ্মাৰ দ্বাৰা ৰচিত তথা বিশিষ্ট অভিনেতা–পৰিচালক দিগন্ত বৰুৱা (ৰন্তু দা)ৰ দ্বাৰা পৰিচালিত সকলোৰে উপভোগ্য হাস্য–মধুৰ নাটক ‘‘হাৰমাল..’’৷ আজিৰ সময়ত এখন নাটক সকলো দৰ্শকে উপভোগ কৰিব বিচাৰে তেতিয়াহে, যেতিয়া নাটকখন সৰ্বাংগসুন্দৰ হয়৷ নাটক এখন সৰ্বাংগসুন্দৰ হোৱাৰ মূলতেই কেইটামান বিষয় অতিকে অপৰিহাৰ্য৷ ইয়াৰ ভিতৰত অন্যতম হৈছে নাটক নিৰ্বাচনৰ লগতে উপস্থাপন শৈলীৰ চিন্তাধাৰা আৰু নাটকখনৰ প্ৰতি থকা শিল্পীসকলৰ দায়বদ্ধতা৷ তেনে এক ব্যতিক্ৰমী চিন্তন আৰু আভিজাত্য প্ৰযোজনাৰ এখন সৰ্বাংগসুন্দৰ নাটকেই উপভোগ কৰিলোঁ একাদশীৰ সন্ধ্যা ঐতিহ্যমণ্ডিত তৰাজান সন্মিলনৰ প্ৰেক্ষাগৃহত৷ নাটকৰ আৰম্ভণিৰ পৰা অন্তিম দৃশ্যলৈকে নাটকৰ কাহিনীৰ গতি, হাস্যমধুৰ অথচ অৰ্থবহ সংলাপ আৰু প্ৰতিগৰাকী শিল্পীৰ চৰিত্ৰানুযায়ী কৰা সাৱলীল অভিনয়ে প্ৰতিগৰাকী দৰ্শককে মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ অৱশ্যে এইক্ষেত্ৰত পৰিচালক দিগন্ত বৰুৱা আৰু সহযোগী পৰিচালকদ্বয় আলোক বৰুৱা (ভাইমন দা) আৰু প্ৰশান্ত হাজৰিকাৰ শলাগ ল’বই লাগিব৷ প্ৰতিগৰাকী শিল্পীৰ পৰা সু–অভিনয় আদায় কৰি ল’ব পৰাটো তেওঁলোকৰ কৃতিত্ব৷
এখন বাইচাইকেলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা হাস্য–ব্যংগ কাহিনীটোত হঠাতে চাইকেলখন অন্তৰ্ধান হোৱা ঘটনাই সলনি কৰি পেলাই নাটকৰ দৃশ্যপট৷ আৰম্ভ হয় এক নতুন অধ্যায়৷ য’ত দৰ্শকে প্ৰত্যক্ষ কৰে বিশ্বাস–অবিশ্বাস, প্ৰেম, কৰ্ম, অন্তদ্বৰ্ন্দ আৰু শেষত অনুশোচনাত দগ্ধ হৈ দৃষ্টান্তমূলক শাস্তি আৰু কৰ্মৰাজিৰে এক যোগাত্মক পৰিসমাপ্তি…৷৷

প্ৰতিগৰাকী অভিনেতা–অভিনেত্ৰীৰ চৰিত্ৰ অনুযায়ী কৰা বলিষ্ঠ অভিনয় নাটকখনৰ সফলতাৰ অন্যতম প্লাছপইণ্ট৷ নাটকৰ আৰম্ভণিতে অসমীয়া চলচ্চিত্ৰ আৰু এসময়ৰ ভ্ৰাম্যমাণ মঞ্চৰ অপ্ৰতিদ্বন্দী বিশিষ্টা অভিনেত্ৰী ৰীনা বৰা বাইদেউৰ উপস্থিতিয়ে নাটকৰ সোণত সুৱগা চলালে…৷ এটি মুখ্য চৰিত্ৰত জনপ্ৰিয় অভিনেতা আলোক বৰুৱাৰ গুৰুগম্ভীৰ মাৰ্জিত অভিনয় নাটকখনৰ সফলতাত অন্য এক মাত্ৰা প্ৰদান কৰিলে…৷ তেখেতৰ পত্নীৰ চৰিত্ৰত মোহময়ী অভিনেত্ৰী জুৰী শৰ্মাৰ অভিনয় আৰু প্ৰকাশভংগী অতি সুন্দৰ৷ ঠিক সেইদৰে নাটকৰ নায়কৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা প্ৰশান্ত হাজৰিকাই অতি সাৱলীল অভিনয় প্ৰদৰ্শন কৰিলে৷ সচৰাচৰ তেওঁক কৌতুক চৰিত্ৰত দেখা পোৱা যায় যদিও ইয়াত এক ব্যতিক্ৰমী চৰিত্ৰত বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰে৷ নাটকৰ নায়িকাৰ চৰিত্ৰত প্ৰিয়া বৰাৰ অভিনয় অতি সুন্দৰ আৰু স্বাভাৱিক৷ গাঁওৰ চোৰ তথা বন্ধুৰ চৰিত্ৰত জনপ্ৰিয় কৌতুক অভিনেতা, সুপণ্ডিত খ্যাত ৰঞ্জন দত্তই মনোগ্ৰাহী অভিনয় প্ৰদৰ্শন কৰে৷ কেইটিমান বিশেষ চৰিত্ৰত জ্যেষ্ঠ অভিনেতা দিলীপ বৰুৱা (বাপ্পী দা), অৰূপ বৰুৱা (ভাইটি দা), দ্বিজেন বৰুৱা আৰু অমিতাভ বৰাৰ বলিষ্ঠ অভিনয়ে দৰ্শকক এক নতুন ৰসৰ সোৱাদ দিবলৈ সক্ষম হয়৷ অন্যান্য চৰিত্ৰত সিদ্ধান্ত কাকতি, সুদক্ষিণা কাকতি, অভিমান বৰুৱা, জীতা বৰুৱা (শীতলা), পঞ্চী বৰপূজাৰী, ভূপেন শৰ্মা, বিশ্বজ্যোতি গগৈ আদিকে ধৰি আন আন শিল্পীসকলে কৰা সুন্দৰ আৰু অনবদ্য অভিনয়ে দৰ্শকক মোহা২৬ন্ন কৰি ৰাখে৷ নাটকৰ দুটি বিশেষ চৰিত্ৰত খন্তেক সময়ৰ বাবে মঞ্চত ভুমুকি মাৰি দ্বীপ শৰ্মা আৰু দেৱজ্যোতি শ্ৰুতিকৰে দৰ্শকৰ মন কাঢ়ি নিয়ে৷ বিশেষকৈ বহুত দিনৰ বিৰতিৰ পাছত মঞ্চত দেখাপোৱা জনপ্ৰিয় অভিনেতা ৰিজু বৰদলৈয়ে এগৰাকী বৃদ্ধ উদফাই বেমাৰীৰ ৰূপত কৰা দুৰ্দান্ত অভিনয় বহুত দিনলৈকে দৰ্শকৰ মনত থাকি যাব৷ তেখেত মঞ্চত ওলালেই আৰু সংলাপ প্ৰক্ষেপন কৰিলেই মঞ্চত হাঁহিৰ ৰোল উঠিছিল৷ তেখেতৰ অভিব্যক্তি আছিল অপূৰ্ব৷ সেইদৰে নাটকত প্ৰথম দৃশ্যতে ওলোৱা শিশু শিল্পীগৰাকীৰ অভিনয়ে তেওঁৰ উজ্বল ভৱিষ্যতৰ ইংগিত দিয়ে৷ নাটকৰ পৰিস্থিতি অনুযায়ী কিছু মুহূৰ্তত কৰা চিনেমেটিক ট্ৰিটমেণ্ট ভাল লগা হৈছে৷ নাটকৰ দৃশ্যসজ্জা নাটকে দাবীকৰা দৰেই সুন্দৰ৷ পৰিশীলিত সংগীতে নাটকখনৰ সফলতাত এক বিশেষ অৰিহণা যোগালে৷ এইক্ষেত্ৰত সংগীত পৰিচালকত্ৰয় মিহিৰ বেজবৰুৱা, অমিতাভ বৰা আৰু কল্যাণ চাংকাকতি ধন্যবাদৰ পাত্ৰ৷ নাটকৰ পোহৰ আৰু শব্দ নাটকে বিচৰা দৰেই হৈছে৷ বিশিষ্ট ৰূপসজ্জা কৰা প্ৰাচূৰ্য কটকীৰ চৰিত্ৰনুযায়ী ৰূপসজ্জা অতি সুন্দৰ হৈছে৷
তৰাজান সন্মিলনৰ সাংস্কৃতিক শাখাই শাৰদীয় দুৰ্গোৎসৱৰ একাদশীৰ নিশা এখনি উপভোগ্য নাটক উপহাৰ দিয়াৰ বাবে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনালোঁ৷ অনাগত দিনটো আৰু সুন্দৰ সুন্দৰ নাট্য প্ৰযোজনা পাম বুলি আশা ৰাখিলোঁ৷ ঐতিহ্যমণ্ডিত তৰাজান সন্মিলনৰ এই অবিৰত নাট্য যাত্ৰা অনিৰুদ্ধ হওঁক… তাকেই কামনা কৰিলোঁ…