অনুভৱৰ জিঞ্জিৰি(হিমা কলিতা) – Purbodix.com

অনুভৱৰ জিঞ্জিৰি(হিমা কলিতা)

থৌকিবাথৌ মোৰ তেজৰ ঢৌ

নিশা যেতিয়া গাভৰু হয়

নীৰৱ হৈ পৰে চৌদিশ

মই তেতিয়া এন্ধাৰৰ তে খেলোঁ

সুখেদুখে প্ৰতিপলে

শব্দৰ মায়ামৃগৰ সন্ধান কৰোঁ৷

 

জীৱন অদ্ৰি বগাই

কঠিন শিলাস্তৰ ভেদি

হাতুৰীৰে শব্দ ভাঙিপিটি

শব্দৰ তে নিজানেনিটালে গুণগুণাই

শব্দৰ মালা গাঠোঁ

জিঞ্জিৰিত ধৰি ধৰি

বগাইছে কবিতা সৰ্পিল গতিত৷

 

উৱাহেপিয়াহে অবিভক্ত

আলোড়িত মুখৰিত দিকদিগন্ত

অন্তৰিন্দ্ৰিয়ত অভিলষিত আজি

ধৰিছে অগ্নিকলাইৰ সৃষ্টি৷

Leave a Reply

Your email address will not be published. Required fields are marked *