চওঁতে চাওঁতে চকুৰ পলকতে বছৰটো পাৰ হৈ গ’ল৷ জীৱনৰ অলেখ ধুমুহাক প্ৰত্যাহ্বান জনাই থানথিত লাগিবলৈ নৌপাওঁতেই সময়বোৰ যেন হাতৰ মুঠিতে পলকতে সৰকি যায়৷ প্ৰতিদিন ব্যক্তিগত, সামাজিক আৰু ৰাজনৈতিক ঘটনা প্ৰবাহে আমাক ব্যস্ত কৰি ৰাখে আৰু এনে লাগে ক্ৰমাৎ এই ব্যস্ততা আৰু বাঢ়ি গৈ আছে প্ৰতিদিন৷
প্ৰতিদিন প্ৰতিপল যিদৰে সময়বোৰ পাৰ হৈ গৈছে তেনেদৰে প্ৰতিদিনে আমি হেৰুৱাই আহিছোঁ বহুতো অমূল্য জীৱনো৷ বৰ্তমান সময়ত যিকোনো যুদ্ধ-বিগ্ৰহ বা মহামাৰীতকৈও জীৱনৰ প্ৰতি শংকা কঢ়িয়াই অনা ব্যাধিটো হৈছে পথ দুৰ্ঘটনা৷ আপুনি জানি আচৰিত হ’ব যে ভাৰতবৰ্ষত প্ৰতিদিনে ১ মিনিটত এজনকৈ লোক পথ-দুৰ্ঘটনাত জীৱন হেৰুৱায়৷ যোৱাতো বৰ্ষত অৰ্থাৎ ২০২০ চনত ১ লাখ ৭০ হেজাৰজন মানুহৰ মৃত্যু হৈছে পথ দুৰ্ঘটনাত৷ অৰ্থাৎ গড়ে প্ৰতিদিেন প্ৰায় ৪৭৪ জন মানুহৰ মৃত্যু ঘটিছে৷ এই মৃত্যুৰ পৰিসংখ্যা যিকোনো মহামাৰী বা যুদ্ধতকৈও অধিক৷ ইয়াতকৈ দুখজনক খবৰটো হ’ল যোৱাটো বৰ্ষতেই প্ৰায় ৪ লাখ ৬৩ হাজাৰজন মানুহ পথ দুৰ্ঘটনাত ঘুণীয়া হৈছে৷
সৰ্বাধিক দুৰ্ঘটনা হোৱা ৰাজ্যৰ তালিকাত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থান, তামিলনাডু, পশ্চিমবঙ্গ, পঞ্জাবৰ পাছত আছে অসমৰ স্থান৷ এই পথ দুৰ্ঘটনাৰ তিনিটা প্ৰধান কাৰক হ’ল অত্যাধিক বেগত চলোৱা, ভুল দিশে চলোৱা আৰু সুৰাপান কৰি চলোৱা৷ ইয়াৰ ভিতৰত সৰ্বাধিক পথ দুৰ্ঘটনা হৈছে অত্যাধিক বেগত গাড়ী চলোৱাৰ বাবে৷
এতিয়া কথা হ’ল পথ দুৰ্ঘটনাৰ বিষয়ে এতিয়াও লোক সজাগ নহয়৷ যিমান সজাগতা চৰকাৰী পক্ষই ল’ব লাগিছিল সিমানখিনি যেন এতিয়াও হোৱাগৈ বা কৰিব পৰাগৈ নাই৷ পথ দুৰ্ঘটনাত ভুক্তভোগী সকলৰ বয়সৰ সীমা ২৫ ১ ভিতৰতেই সৰ্বাধিক৷ অৰ্থাৎ পথ সুৰক্ষা আৰু সজাগতাৰ বিষয়ে যুৱ সমাজক প্ৰকৃতভাবে শিকাব আৰু প্ৰচাৰ চলোৱাৰ ভীষণ প্ৰয়োজন হৈ পৰিছে৷
আহক আমি নিজেও সজাগ হওঁ আৰু আনকো সজাগ কৰো৷ অন্ততঃ আপোনাৰ মোৰ সজাগতাই অন্ততঃ কাৰোবাৰ জীৱন ৰক্ষা কৰিবও পাৰে৷
ধন্যবাদ