পৰিৱেশ প্ৰধান নাৰীবাদ(Eco Feminism)(থগেন্দ্ৰ চুতীয়া) – Purbodix.com

পৰিৱেশ প্ৰধান নাৰীবাদ(Eco Feminism)(থগেন্দ্ৰ চুতীয়া)

পৰিৱেশ সচেতন নাৰীবাদ বা পৰিৱেশ প্ৰধান নাৰীবাদ (Eco Feminism) নাৰীবাদৰ এক নৱ উম্মেষ বুলি ক’ব পাৰি৷ ১৯৭০ দশকৰপৰা ১৯৮০ দশকত তৃতীয় বিশ্বৰ দেশসমূহত পৰিৱেশ সচেতনতাই গা কৰি উঠিছিল৷ পশ্চিমীয়া দেশসমূহত গা কৰি উঠা পৰিৱেশ সচেতন নাৰীবাদে ভাৰতকো চুই যায়৷ ভাৰতত পৰিৱেশ সচেতন নাৰীবাদক অধিক প্ৰসাৰ, প্ৰচাৰ কৰিছিল বিশিষ্ট পৰিৱেশবিদ বন্দনা শিৱা (Vandana Shiva) ই৷ এইগৰাকী মহান ভাৰতীয় পৰিৱেশবিদে তেখেতৰ নিৰলস সাধনাৰ বাবে কেইবাটাও সম্মান বা বঁটা পাবলৈ সক্ষম হৈছিল৷ সেইবোৰৰ ভিতৰত হ’ল– Right Livelihood Award (১৯৯৩), Sydney Peace Prize (২০১০), Mirodi Prize (২০১৬), Fukuoka Asian Culture Prize (২০১২) আদি৷ 

নাৰী আৰু পৰিৱেশ সম্বন্ধীয় কেইবাখনো গ্ৰন্থ তেখেতে প্ৰণয়ন কৰিছিল৷ তাৰ ভিতৰত অন্যতম গ্ৰন্থবোৰ হ’ল ঃ

১. Staying alive : Women, Ecology and Survival in India (১৯৮৮গ্গ

২.ঞ্ছ The Violence of Green revolutions : Ecological degradation and Political conflict in Punjub (১৯৮৯গ্গ

৩. Ecology and the Politics of Survival: Conflicts over Natural Resources in India (১৯৯১গ্গ

৪. Ecofeminism (১৯৯৩)

৫. Close to Home: Women Reconnect Ecology, Health and development World wide (১৯৯৪গ্গ

৬. Soil not Oil (২০০৮গ্গ

৭. Biopiracy : The Plunder of Nature of Knowledge.

প্ৰকৃততে পৰিৱেশ সচেতন নাৰীবাদ বা Eco Feminism ১ প্ৰধান প্ৰবক্তা হ’ল ফৰাচীৰ লেখিকা আৰু পৰিৱেশবিদ ফ্ৰাংক দ্য ইউবোন (Francoise স্তু’ Eaubonne)৷ তেখেতৰ বিখ্যাত গ্ৰন্থ Le Feminisme ou la Mort ত পৰিৱেশ প্ৰধান নাৰীবাদৰ স্পষ্ট ধাৰণা পোৱা যায়৷ তেখেতে Ecofeminism শব্দটো ১৯৭০ দশকত সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল৷ তদুপৰি ১৯৭৪ চনত তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ ‘Feminism or Death’ প্ৰকাশ পায়৷ Ecofeminism শব্দটো এই গ্ৰন্থখনত তেখেতে ব্যৱহাৰ কৰিছিল৷ তেওঁ তাত লিখিছিল “The Planet placed in the Feminine will flourish for all.” সেইদৰে ১৯৭২ চনত তেখেতে Ecofeminism সম্পৰ্কীয় প্ৰকল্প গঠনৰ বাবে ‘Ecology, Feminism Centre’ গঢ়ি তুলিছিল৷ 

পৰিৱেশপ্ৰধান নাৰীবাদ প্ৰাগৈতিহাসিক যুগতে ঠন ধৰিছিল বুলি বহুতে ক’ব বিচাৰে৷ প্ৰাগৈতিহাসিক যুগত সমাজত প্ৰকৃতিৰ দেৱীৰূপে ‘গাইয়া’ বা GAIAক পূজা কৰা হৈছিল৷ সেই সময়ত নাৰীক প্ৰকৃতিৰ লগত তুলনা কৰা হৈছিল৷

পৰিৱেশ প্ৰধান নাৰীবাদৰ অন্যতম প্ৰবক্তাদ্বয় মাৰিয়া মীজ (Maria Mies) আৰু বন্দনা শিবা (Vandana Shiva) ই তেওঁলোকৰ Ecofeminism নামৰ গ্ৰন্থত পৰিৱেশ সম্বন্ধীয় আন্দোলনৰ লগত নাৰীৰ ভূমিকা কেনেধৰণৰ তাৰ বিষয়ে আলোচনা কৰিছে৷ তেওঁলোকৰ মতে বিশ্ব পুঁজিবাদী ব্যৱস্থাৰ বিনাশাত্মক প্ৰৱণতাৰ ভিত্তি হৈছে নাৰী আৰু প্ৰকৃতিৰ ওপৰত ঔপনিৱেশিক আধিপত্য স্থাপনৰ প্ৰয়াস৷ সাম্প্ৰতিক কালত এইধৰণৰ প্ৰৱণতা গা কৰি উঠাৰ মূলতে হ’ল আধুনিকীকৰণ, যাৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ অবনমন হৈছে বুলি ক’ব পাৰি৷ মাৰিয়া মীজ আৰু বন্দনা শিবাই তেওঁলোকৰ গ্ৰন্থত আলোচনা কৰিছে যে কি দৰে সমগ্ৰ বিশ্বতে পৰিৱেশৰ বিষয়ত নাৰীৰ মনোযোগ আৰ্কষিত হৈছে৷ পৰিৱেশ বক্ষা আন্দোলনত ধৰ্ম, ভাষা-সংস্কৃতিৰ নিৰ্বিশেষে কেনেকৈ সমগ্ৰ বিশ্বৰ নাৰীসকল একগোট হৈছে তাৰ বিষয়েও তেওঁলোকে আলোচনা কৰিছে৷ উদাহৰণস্বৰূপে ভাৰতত মেধা পাটেকাৰৰ ‘নৰ্মদা বচাও আন্দোলন’ (Narmada Bachao Andolan or NBট্ট or Narmoda Project Controversy)ৰ কথা দাঙি ধৰিব পাৰি৷ বিজুলী শক্তি উৎপাদনৰ বাবে নৰ্মদা নদীত ২টা প্ৰকল্প আঁচনি গ্ৰহণ কৰা হৈছিল৷ ৰয গুজৰাটত স্থাপন কৰিবলৈ বিচৰা চৰ্দাৰ সৰোবৰ প্ৰকল্প আৰু ২য মধ্যপ্ৰদেশত স্থাপন কৰিবলৈ লোৱা ইন্দিৰা সাগৰ প্ৰকল্প৷ এই প্ৰকল্প দুটাত চাৰিখন ৰাজ্য সাঙুৰি লোৱা হৈছিল- মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু গুজৰাট৷ এই প্ৰকল্প বিৰোধিতাৰে আন্দোলন হৈছিল৷ নেতৃত্বত আছিল- মেধা পাটেকাৰ, বাবা আমটে আৰু অৰুন্ধতী ৰয়৷ সেইদৰে দক্ষিণ পশ্চিম জাৰ্মানীত কৃষক ৰমণীসকলে পৰমাণু বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ কথা জনা যায়৷ শ্বেতাঙ্গ মহিলাসকলে পশ্চিমীয়া দেশসমূহত বিগত ১৯৭০ দশকত পৰিৱেশ প্ৰধান নাৰীবাদ (Ecofeminism) ১ ওপৰত গভীৰভাৱে আলোকপাত কৰিছিল৷ পশ্চিমীয়া শ্বেতাঙ্গ মহিলাসকলৰ মাজত পৰিৱেশ সম্বন্ধীয় নাৰীবাদে এক অনন্য ৰূপ লোৱাৰ পৰবৰ্তী সময়ত অৰ্থাৎ ১৯৮০ দশকত তৃতীয় বিশ্বৰ দেশসমূহতো এই আন্দোলনে ৰেখাপাত কৰিছিল৷ Staying Alive (১৯৮৯) নামৰ গ্ৰন্থত বন্দনা শিবাই তৃতীয় বিশ্বৰ নাৰীবাদৰ সপক্ষে এনেদৰে মত দাঙি ধৰিছে- তৃতীয় বিশ্বৰ নাৰীসকলে মানুহৰ ঐতিহাসিক কেন্দ্ৰীয় পৰ্যায়ত জীয়াই থকাৰ মূল প্ৰশ্নটোক উপস্থাপন কৰিছে৷ সকলোৰে জীৱন ধাৰণৰ সুৰক্ষাৰ সুযোগ বৃদ্ধি কৰি প্ৰকৃতি আৰু সমাজৰ মাজত তেওঁলোকে নাৰীবাদী আদৰ্শৰ ভিত্তি স্থাপন কৰিবলৈ চায়, যাৰ মাধ্যমত প্ৰকৃতিৰ সংৰক্ষণকাৰী আৰু দানকাৰীৰ প্ৰৱণতা জীয়াই থাকে৷ 

ভাৰতত Organic Womanism বা  ‘জৈৱিক নাৰীবাদ’ নামেৰে এটা মতবাদ জন্ম হয় যি প্ৰকৃততে আফ্ৰিকাৰ নাৰীবাদৰ দ্বাৰা প্ৰভাৱিত৷ আফ্ৰিকাৰ নাৰীবাদে Ecofeminismৰ ঠাইত Womanism নামেৰে নাৰীবাদৰ এক নতুন ধাৰণা তুলি ধৰিছিল৷ ভাৰতত পৰিৱেশ-ভাবনাৰ মাজত জাত ব্যৱস্থা, দলিত আৰু আদিবাসী ৰমণীসকলৰ অন্তৰ্ভূক্ত কৰাৰ কাৰণেই Organic Womanism বা জৈৱিক নাৰীবাদৰ ধাৰণা গ্ৰহণ কৰা হৈছে৷ জৈৱিক নাৰীবাদৰ সমৰ্থকসকলৰ মতে ‘Eco’ শব্দটো আহিছে গ্ৰীক শব্দ ‘Oikos’ ৰপৰা যাৰ অৰ্থ হ’ল ’গৃহস্থ’৷ এইফালৰপৰা Eco শব্দ পৌৰুষব্যঞ্জক বৰ্গ৷ Oikosৰ ধাৰণাৰ মাজত গ্ৰীক দেশৰ পিতৃতন্ত্ৰৰ এটা প্ৰধান ধাৰণা জড়িত হৈ আছে৷ যাৰ পৰিপ্ৰেক্ষিতত Organic Womanismৰ সমৰ্থকসকলে Ecofeminism গ্ৰহণ কৰা নাই৷ 

পৰিৱেশ প্ৰধান নাৰীবাদৰ বৈশিষ্ট্য 

ওপৰৰ আলোচনাৰপৰা আমি পৰিৱেশ প্ৰধান নাৰীবাদৰ কেতবোৰ বৈশিষ্ট্য আলোচনা কৰিব পাৰোঁ–

ৰ৷ নাৰীৰ ওপৰত যিদৰে আধিপত্য প্ৰতিষ্ঠা কৰা হয়, নিপীড়ন চলোৱা হয় অনুৰূপধৰণে প্ৰকৃতিৰ ওপৰতো আধিপত্য প্ৰতিষ্ঠা কৰা হয় আৰু প্ৰকৃতি নিপীড়নৰ চিকাৰ হয়৷ 

২৷ নাৰীবাদী আন্দোলন আৰু পৰিৱেশ আন্দোলন উভয়েই সাম্যভিত্তিক আৰু বৈষম্যহীন ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰে৷ 

৩৷ নাৰী আৰু প্ৰকৃতিৰ ওপৰত শোষণ আৰু নিপীড়ন যিহেতু চলা দেখা যায় সেয়ে ক’ব পাৰি যে নাৰীয়ে প্ৰকৃতিক ৰক্ষাৰ কাৰণে সক্ৰিয় ভূমিকা পালন কৰিব পাৰে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *