মেঘালয়ৰ উম্ৰৈ পাহাৰ১… বিস্তীৰ্ণ এলেকা জুৰি অৱস্থিত ভাৰতীয় সেনাৰ পাহাৰীয়া ঘাটি৷ চকুৰে মনিব পৰালৈকে সেউজীয়া কেৱল সেউজীয়া – লানি নিচিগা পাহাৰ কেৱল পাহাৰ – সন্মুখত এটা পাহাৰ, তাৰ পিছফালে আন এটা সেউজীয়া পাহাৰ, বাওঁফালে সোঁফালে বহু দূৰৈত কেৱল সেউজীয়া পাহাৰ৷ দূৰ দূৰণিলৈ ক’তো কেনিও কোনো গাঁও, মানুহ- দুনুহ একো নাই৷ প্ৰকৃতিৰ এই বিনন্দীয়া সৌন্দৰ্যৰ মাজত পাহাবৰ ওখ-চাপৰবোৰ বগাই বগাই ২০০৫ চনত তিনিবাৰকৈ এন.চি.চি. কেম্প কৰাৰ সৌভাগ্য ঘটিছিল৷ সেইয়া আছিল ২০০৬ চনৰ জানুৱাৰীত দিল্লীত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ পেৰেড আৰু বিভিন্ন বিভাগৰ প্ৰতিযোগিতাসমূহত যোগদান কৰিবৰ বাবে উত্তৰ পূৰ্বাঞ্চল এন.চি.চি.১ নিৰ্বাচিত কেডেটৰ দল গঠনৰ কেম্প৷ এই কঠিন কেম্পবোৰত ওতঃপ্ৰোতভাবে জড়িত হোৱাৰ আৰু এন.চি.চি.১ বিষয়ে জ্ঞান আৰু অভিজ্ঞতা লাভ কৰাব সুযোগ পাইছিলোঁ৷
ইতিমধ্যে মই মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ পৰা “N.C.C. অফিচাৰ ট্ৰেইনিং একাডেমী’’ত শিক্ষাগ্ৰহণ কবি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত N.C.C. অফিচাৰ হিচাপে কৰ্তব্যত যোগদান কৰিছিলোঁ৷ কাম কৰাৰ লগতে কষ্ট কৰাৰ তথা ছাত্ৰ সমাজৰ প্ৰতি কিবা এটা কৰাৰ মানসিকতা আগৰে পৰাই আছিল৷ সেয়েহে যোৰহাটৰ জে.বি. কলেজত শিক্ষকতা কৰাৰ উপৰিও এই সুযোগ লাভ কৰি যথেষ্ট উৎসাহেৰে কেডেটসকলৰ লগত বিভিন্ন ধৰণৰ ট্ৰেইনিংত ভাগ লওঁ৷ নৱেম্বৰ-ডিচেম্বৰ মাহৰ শীত কালৰ মেঘালয়ৰ ওখ ওখ শাৰী শাৰী পাহাৰ বহুত ঠাণ্ডা, দূৰৈৰ ক’ৰবাত মিলিটাৰী কেম্পৰ পৰা ভাঁহি অহা “যশোৱতী মাইয়া…’’ গানটোৰ সুৰ পাহাৰৰ শিখৰত ঠেকা খাই খাই প্ৰতিধ্বনি হৈ কাণত পৰেহি৷ সেই সময়ত আমাৰ কেম্পৰ চাৰিওফালে মাজে মাজে কেৱল আৰ্মীব চাউনী বিলাকৰ পৰা পাহাৰত ঠেকা খাই খাই অহা বন্দুকৰ গুৰুম্ গুৰুম্ গুলীৰ শব্দ৷ দূৰে দূৰে থকা আৰ্মীৰ চাউনী বিলাকত জোৱানসকলে বন্দুক চলোৱাৰ আখৰা কৰে৷ শান্তিৰ সময়ত তেওঁলোকে বন্দুক চালনাৰ অভ্যাস কৰি থাকে যাতে আমাৰ দৰে নাগৰিকক যুদ্ধৰ সময়ত ৰক্ষণা-বেক্ষণ দিব পাৰে৷ সেয়েহে এনেদৰে নিজান ঠাইত গুলী মৰাৰ অভ্যাস কৰিবলগীয়া হয় নহ’লে যে বন্দুকত মামৰে ধৰিব৷ মই নিজেও বন্দুক চালনাৰ ট্ৰেইনিং লাভ কৰিছো N.C.C. অফিচাৰ ট্ৰেইনিং একাডেমীত আৰু আমাৰ কেডেটকো এই ট্ৰেইনিং দিয়া হয়৷ সেয়েহে এই শব্দ আমাৰ বাবে চিনাকি শব্দ৷
৪ বজাৰ লগে লগে বিছনাৰ পৰা উঠি লগতে থকা ছাত্ৰী কেডেটসকলক জগাই দি ৫ বজাৰপৰা আৰম্ভ হ’বলগীয়া পাহাৰৰ উঠা নমাত শাৰীৰিক ব্যায়াম, দৌৰ তাৰপিছত ৰাইফল, ড্ৰিল, সম্পূৰ্ণ নিয়মানুৱৰ্তিতা বজাই ৰাখি খোৱা-বোৱা কৰা, বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাসমূহ, ফ্ৰেগ এৰিয়া ব্ৰিফিং, সাধাৰণ জ্ঞানকে আদি কৰি বিভিন্ন বিষয়ৰ ক্লাচসমূহৰ লগতে খেলা-ধূলা আৰু ৰাতি এক নিৰ্দিষ্ট সময়ৰ লগে লগে সকলো ধৰণৰ কাম-কাজ বন্ধ কৰি “লাইট্চ আউট” হোৱালৈকে সকলোখিনি তদাৰক কৰো আৰু সময়ে সময়ে ওপৰৰ অফিচাৰৰ অৰ্ডাৰ অনুসৰি বিভিন্ন বিধৰ ট্ৰেইনিংত অংশ ল’বলৈ সাজু হওঁ৷
চাৰিওফালৰ পাহাৰীয়া শান্ত পৰিৱেশ আৰু আৰ্মী এৰিয়াৰ সম্পূৰ্ণ নিৰাপত্তাৰ মাজত কেডেটসকলক ড্ৰিল, লাইন এৰিয়া, ফিল্ড এৰিয়া, বেষ্ট কমাণ্ডাৰ, বেষ্ট কেডেট, য়ুথ এক্সেঞ্জ প্ৰগ্ৰেম ইত্যাদি শাৰীৰিক, সাংস্কৃতিক, মানসিক উৎকৰ্ষ সাধনৰ শিক্ষা দিয়া হয়৷ ইয়াৰ লগে লগে দিল্লীত হ’বলগীয়া স্বাধীনতা দিৱসৰ RDC কেম্পত হ’বলগীয়া সৰ্বভাৰতীয় প্ৰতিযোগিতাসমূহত যোগদান কৰিবৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ সাতখন বাজ্যৰ সৰহ সংখ্যক কেডেটক এক গোট কৰি প্ৰথমে ট্ৰেইনিং দিয়া হয় আৰু তাৰ পিছত চিলেকচন কৰা হয়৷ তাৰ পিছত নিৰ্বাচিত কেডেটসকলক বিভিন্ন বিষয়ৰ ওপৰত ভাগে ভাগে ট্ৰেইনিং দি তাৰ পৰা আকৌ নিৰ্বাচিত কথা হয়৷ এনেদৰে ৩-৪ বাৰ ট্ৰেইনিং আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত নিৰ্দিষ্ট সংখ্যাৰ এটা সৰ্বোৎকৃষ্ট দল গঠন কৰা হয়৷ এই দলটোত অন্তৰ্ভুক্ত একোজন কেডেট কঠিন মিলিটাৰী শিক্ষাৰে এনেদৰে শিক্ষিত হয় যে সৰ্বভাৰতীয় ভিত্তিত তেওঁলোকে পুৰস্কাৰ পাওঁক বা নাপাওঁক কিন্তু তেওঁলোকে নিজৰ গোটেই জীৱনৰ বাবেই শাৰীৰিক ও মানসিক দুয়ো দিশতে অতি মূল্যবান শিক্ষাৰে শিক্ষিত হয়৷ যিখিনি কেডেট দলটিত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ নাপালে তেওঁলোকেও এই সকলোখিনি ট্ৰেইনিং লাভ কৰিবলৈ সক্ষম হয় যিটো কেবল N.C.C. কেডেটে লাভ কৰে আৰু ভবিষ্যত জীৱনৰ বাবে সুন্দৰ ব্যক্তিত্ব গঠনৰ লগতে কৰ্মসংস্থাপনৰ বাবে প্ৰয়োজনীয় যোগ্যতাখিনিও অৰ্জন কৰিবলৈ সুবিধা পায়৷ মুঠতে সমগ্ৰ বিশ্বব ভিতৰতে নামজ্বলা ভাৰতীয় সেনাৰ দ্বাৰা প্ৰত্যক্ষ ভাবে লাভ কৰা বিভিন্ন ধৰণৰ ট্ৰেইনিং যেনে কঠিন নিয়মানুবৰ্তিতা, কমাণ্ড দিবলৈ শিকা আৰু লগতে কমাণ্ড মানি চলিবলৈ শিকা, যিকোনো কামৰ দায়িত্ব পালন, কৰ্তব্যপৰায়ণ হোৱা, সদায় উৎফুল্ল মনেৰে নিজ কৰ্তব্য পালন কৰা, যোগ্য আৰু জ্যেষ্ঠজনক সম্মান জনোৱা, নিজ ৰাষ্ট্ৰৰ প্ৰতি সম্মান দেখুওৱা আদি মূল্যবোধৰ শিক্ষাৰ উপৰিও শাৰীৰিকভাবে সক্ষম হৈ থাকি খোজ-কাটল, কথা-বতৰা, আচাৰ-আচৰণ সকলোতে মাৰ্জিত ৰুচিৰ শিক্ষা লাভ কৰি ভবিষ্যত জীবন যুদ্ধত জয়ী হোৱাৰ মন্ত্ৰ লাভ কৰে৷ তদুপৰি শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ শিক্ষা দিয়াৰ উপৰিও কেডেটসকলক বিভিন্ন ধৰণৰ কেম্পত ভাৰতীয় সেনাৰ প্ৰয়োজনীয় কিছুমান বিষয় যেনে বন্দুক চালনা, জৰুৰী সময়ত মেপ অনুসৰণ কৰি অচিন ঠাইৰ অবস্থান (যিটো যুদ্ধৰ সময়ত অতি প্ৰয়োজনীয়), অবষ্টেকল ক্ৰচিং, হাইজিন চেনিটেচন আৰু বিভিন্ন বেমাৰত ল’ব লগা সাৱধানতা, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বাজ্যৰ চৰকাৰৰ বিভিন্ন বিভাগক সহায় আগবঢ়োৱাৰ শিক্ষা, সন্মুখত থাকি ভুক্তভোগীক যাতায়ত, ৰেচন, পানীৰ যোগান, যুদ্ধ অথবা সেই ধৰণৰ বিভীষিকাময় পৰিস্থিতিত সকলো সময়তে আমীৰ্ আৰু চিভিল অথ’ৰিটিক সম্মুখৰ পৰা সহায়ৰ হাত আগবঢ়াবলৈ শিক্ষা দিয়া হয়৷ N.C.C. ক ছেকেণ্ড লাইন অফ্ ডিফেন্স (Second line of defence) বুলিও কোৱা হয়৷ এই শিক্ষাৰে শিক্ষিত একোজন ব্যক্তি আমাৰ বাষ্ট্ৰ গঠনত কিমান গভীৰলৈকে প্ৰয়োজনীয় সেই কথা সহজেই অনুমেয়৷
সেয়েহে ভাৰত চৰকাৰে ২০২০১ ৰাষ্ট্ৰীয় শিক্ষানীতি N.C.C. শিক্ষাক শিক্ষা ব্যৱস্থাৰ মূল বিষয় হিচাপে অন্তৰ্ভুক্ত কৰে যাতে দেশৰ উঠি অহা সকলো ছাত্ৰ-ছাত্ৰীয়েই এই শিক্ষা লাভ কৰিবলৈ সক্ষম হয়৷
২০০৫ ১ এই কেম্পৰ সময়ত মোবাইল ফোনৰ প্ৰচলন কম আছিল৷ প্ৰথম অবস্থাত পৰিয়ালৰ লগত যোগাযোগ বাখিব নোৱাৰাত আৰু কেম্পৰ কঠিন অনুশাসনৰ লগতে দৈনন্দিন কঠিন ৰুটিনৰ লগত অভ্যস্ত নোহোৱা হেতু আমি সকলোৱে অলপ চিন্তাত পৰিছিলোঁ; তাতে আকৌ চাৰিওফালে পাহাৰে আগুৰা, জনবসতিৰ পৰা আঁতৰত শ্বিলং চহৰৰ পৰাও বহু আঁতৰত আমাৰ কেম্পৰ অৱস্থান৷ কেম্পৰ পিনৰ পৰা আমাক পুৰণা দিনৰ আৰ্মীয়ে ব্যৱহাৰ কৰা টেলিফোন set এটা যোগাৰ কৰি দিছিল যদিও পৰ্যাপ্ত নাছিল৷ যিহেতু কেডেটৰ সংখ্যা আছিল বহু বেছি প্ৰায় এহাজাৰ মান হ’ব, সাতখন ৰাজ্যৰ পৰা অহা৷ অবশেষত আমাক এখন জিপ্সী গাড়ী দিয়া হ’ল ওচৰৰ এটা পাহাৰত থকা আৰ্মীৰ আন এটা বেটেলিয়নৰ মাৰ্কেট এৰিয়াত থকা PCO লৈ যাবলৈ৷ উস্ ৰক্ষা তেতিয়াহে সকলোৰে মুখত হাঁহি বিৰিঙিছিল৷
কেম্পৰ শেষত সকলো ধৰণৰ ট্ৰেইনিঙেৰে পুষ্ট শাৰীৰিক, মানসিকভাৱে স্মাৰ্ট কেডেটসকলৰ উজ্জ্বল চকু মুখ দেখিলেই মন আনন্দত ভৰি উঠে৷ এওঁলোকেই আমাৰ দেশৰ ভবিষ্যত, উম্ৰৈ পাহাৰত ২০০৫ চনত ডিচেম্বৰ মাহত অত্যন্ত ঠাণ্ডা, ৰাতিপুৱা চাৰি বজাতে বিছনা এৰি ৰাতি ৯ বজালৈ মূৰত বান্দৰ টুপী পিন্ধি (দিনত ইউনিফৰ্ম পিন্ধি) ফিল্ডত কেডেটৰ লগত বিভিন্ন ট্ৰেইনিঙত ব্যস্ত থাকোঁ৷ সময় কেনেদৰে বাগৰি যায় গমেই নাপাওঁ৷ ঘৰত সৰু সৰু ল’ৰা-ছোৱালীক আনৰ হাতত গতাই থৈ আহো কৰ্তব্যৰ খাতিৰত, কাৰণ ময়ো ছাত্ৰ অবস্থাৰ পৰাই N.C.C. কেডেট কৰ্তব্য কৰি ভাল পাইছিলোঁ৷ এনে সময়বোৰত মোৰ লগৰ আন N.C.C. অফিচাৰে কয় ’মেডাম আপুনি আনৰ ল’ৰা-ছোৱালীক মানুহ হোৱাৰ শিক্ষা দিছে, ভগবানে আপোনাৰ ল’ৰা-ছোৱালীক চাব৷ ’ এই সুযোগতে ভগবানক মই অশেষ ধন্যবাদ জনাইছো৷
নিৰ্দিষ্ট সময়ত কৰ্তব্য শেষ কবি বেডিং পত্ৰ বান্ধি ঘৰমুৱা হওঁ৷ পিছদিনাৰ পৰা আকৌ কলেজত অৰ্থনীতিৰ শিক্ষক হিচাপে মানুহ গঢ়াৰ আন এক কৰ্তব্যত যোগ দিওঁ গৈ৷
আজিও মেঘালয়ৰ উম্ৰৈ পাহাৰৰ হাড় কঁপোৱা ঠাণ্ডাৰ ৰাতিপুৱা ৪ বজাৰ আন্ধাৰতে শুনিবলৈ পোৱা পাহাৰত ঠেকা খাই খাই কাণত পৰা যশোৱতী মেইয়া… গানটোৰ সুৰ আৰু শব্দই শিহৰিত কৰি তোলে৷ মনটো কোনোবা দূৰ অতীতলৈ গুচি যায়৷ বাতিপুৱা ৫ বজাৰ লগে লগে কেডেটৰ সমূহীয়া ড্ৰিলৰ বুট জোতাৰ গিিৰপ্ গিৰিপ্ শব্দ, নিজান নিস্তব্ধ পাহাৰত ভাঁহি অহা সৈনিক আৰু N.C.C. কেডেটৰ বাতিপুৱাৰ সমূহীয়া দৌৰৰ চৰপ্ চৰপ্ শব্দবোৰ এতিয়াও কাণত বাজি আছে৷ সুখৰ এক অনুভূতিয়ে মনপ্ৰাণ ভৰাই তোলে৷ সেই সুৰ, সেই পৰিৱেশ বিচাৰি ২০২১য২২ ত আকৌ গৈছিলো উম্বৈ পাহাৰৰ সেনাৰ ছাউনীবোৰলৈ, ফুৰিবলৈ৷ পিছে নাপালো- আগৰ নিস্তব্ধ পৰিৱেশ গুছি এতিয়া গাড়ী-মটৰ মানুহেৰে ঠাহ খাই পৰিল৷ পাহাৰত প্ৰতিধ্বনিত হৈ ভাঁহি অহা গুৰুম্ গুৰুম্ শব্দবোৰ এতিয়া কোন ফালে লৈ গ’ল সেইয়াও নাজানিলোঁ৷
অবশ্যে আমাৰ সুৰক্ষাৰ খাতিৰতে সেনাৰ জোৱানে বন্দুক চালনাৰ প্ৰেকটিচ্ কৰিবই, শেতেলী এৰি ডিচেম্বৰ-জানুৱাৰী মাহতো সেনাৰ ছাউনীত “যশোমতী মাইয়া…’’ বাজিবই৷
ভাৰতীয় সেনালৈ মোৰ ছ্যেলুট৷
জয় হিন্দ৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]