গল্প প্ৰেমাস্পদ(জিনামণি বৰা) – Purbodix.com

গল্প প্ৰেমাস্পদ(জিনামণি বৰা)

 গুড্‌ মৰ্ণিং বৰুৱা৷ 

ঃ ভেৰি গুড্‌ মণিং৷ মই আপোনালৈকে বাট চাই আছিলোঁ– আঙ্ক’ল’জি বিভাগৰ ডাঃ নিবেদিতাৰ মাতত উদাস উদাস ভাবেৰে উত্তৰ দিলে আই পি এছ অফিচাৰ অদিত্য বল্লভ বৰুৱাই৷ ডাঃ নিবেদিতা অহি আদিত্য বল্লভৰ কাষৰ চকিখনতে বহি ক’লে—

ঃ আজি পুৱতি নিশাৰ ঘটনাটোত আপুনি বৰ চিন্তিত হোৱা যেন লাগিছে৷ চিন্তা নকৰিব, সকলো ঠিক হৈ যাব৷ আমিবোৰ আছো নহয়৷  

আদিত্য বল্লভে এক মিচিকিয়া হাঁহিৰে ডাঃ নিবেদিতালৈ চাই সুধিলে–

ঃ মোৰ কামখিনি হ’লনে? 

ঃ মই সকলো ডকুমেণ্টছ ৰেডী কৰি আনিছোঁ, ভালকৈ পঢ়ি চাই আপোনালোক দুয়োৱে চহীটো কৰিলেই হ’ব৷ 

ডাঃ নিবেদিতাৰ কথাত ওপৰমুৱাকৈ শুই থকা পত্নী শান্তিছায়ালৈ চাই আদিত্য বল্লভে ভাবিলে– “আমি দুয়ো সজ্ঞানে এই ইচ্ছা-পত্ৰত চহী কৰিব বিচাৰো! কিন্তু আজি তেওঁ চহীটো কৰিব পাৰিবনে! আমাৰ কথামতেইটো ডাঃ নিবেদিতাই যিমান সোনকালে পাৰি সিমান সোনকালে এই ইচ্ছাপত্ৰখনৰ সকলো ফৰ্মেলেটি পূৰা কৰি লৈ আনিছে!’’ …আদিত্যই বৈ অহা দুচকুৰ পানী মচি নিজকে সংযত কৰিলে৷ 

  আজি পুৱতি নিশা নৰ্থ ইষ্ট মেডিকেল কলেজৰ আই.চি.ইউ’ ১ কাষৰ এই বিশেষ কোঠাটোত হঠাৎ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল৷ জ্ঞান শূন্য হৈ তেওঁৰ পত্নী শান্তিছায়াৰ মূৰটো গাৰুটোৰ পৰা হাওলি পৰিছিল৷ কৰ্তব্যৰত নাৰ্ছে আঙ্কল’জিষ্ট ডাঃ ভৰদ্বাজলৈ ফোন কৰিছিল৷ ফোন পাই ডাঃ ভৰদ্বাজ লৰালৰিকৈ শান্তিছায়াৰ কোঠা পাইছিলহি৷ ডাঃ ভৰদ্বাজ আৰু তেওঁৰ সহযোগীসকলৰ চিকিৎসাত শান্তিছায়া লাহে লাহে সুস্থিৰ হৈ আহিছিল৷ ডাঃ ভৰদ্বাজে সুধিছিল–“এতিয়া কেনে পাইছে মিচেজ বৰুৱা? মূৰত বিষ আছে নেকি?’’

   এঘণ্টামান আগতে মূৰৰ ফাটি যাওঁ ফাটি যাওঁ লগা বিষটো অনুভৱ কৰিব নোৱাৰি শান্তিছায়াই সেহাই সেহাই কৈছিল–-“ওহো এতিয় দেখোন একো অনুভৱ কৰা নাই৷’’

   আদিত্যবল্লভে ওলাই অহা চকুপানীখিনি লুকুৱাবলৈ চেষ্টা কৰিছিল৷ ডাঃ ভৰদ্বাজে আদিত্য বল্লভৰ কান্ধত হাতখন থৈ কৈছিল— “চিন্তাৰ কোনো কাৰণ নাই বৰুৱা৷ আপোনাৰ পত্নীৰ কাষত সকলো সময়তে নাৰ্ছ, ৱাৰ্ড বয় আছেই৷ গতিকে মিছাতে ইয়াত বহি থাকি নিজকে কষ্ট নিদিব৷ নিজৰ কোঠাত গৈ অলপ জিৰণি লওঁকগৈ যাওক৷’’  তাৰপিছত চিষ্টাৰক সকলোখিনি বুজাই দি শান্তিছায়াক চিন্তা নকৰি ভালকৈ শুবলৈ চেষ্টা কৰিব বুলি কৈ লৰালৰিকৈ ওলাই গৈছিল৷ 

   পত্নীৰ কথা ভাবি থাকিলে আদিত্য বল্লভৰ দুখবোৰ গভীৰ হুমুনিয়াহ হৈ ওলাই আহে৷ দুখবোৰ হিয়াতে সামৰি থৈ ডাঃ নিবেদিতাই দি থৈ যোৱা ইচ্ছাপত্ৰৰ আটাইকেইটি ক্লজ ভালকৈ পঢ়ি চালে৷ সকলোবোৰ ডাঃ নিবেদিতাই ঠিক কৰিয়েই আনিছে৷ এই ইচ্ছাপত্ৰ মৰ্মে তেওঁৰ আৰু পত্নীৰ মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰ দুটাৰ ওপৰত নৰ্থ ইষ্ট মেডিকেল কলেজ হাস্পতালৰহে স্বত্ব থাকিব৷ তাৰপিছত আদিত্য বল্লভে তেওঁৰ উকীল বিনায়ক চৌধুৰীক ফোন কৰি মাতি পঠালে৷ 

সন্ধিয়া সাত বজাত লয়াৰ বিনায়ক চৌধুৰী আহি ওলালহি৷ তেওঁক দেখাৰ লগেলগে আদিত্য বল্লভে পোনেপোনে সুধিলে–

ঃ আইনী কামখিনি সম্পূৰ্ণ কৰি আনিছে নহয়? 

ঃ হয়, আপুনি কোৱামতেই সকলোখিনি সম্পূৰ্ণ কৰি আনিছোঁ— এইবুলি তেওঁ অন্তিমপত্ৰখন আদিত্য বল্লভৰ হাতত তুলি দি ক’লে, 

ঃ আপুনি অন্তিমপত্ৰখন খৰচি মাৰি পঢ়ক৷ কিবা থাকিলে মোক জনাব৷ দিনটো কৰ্টলৈ দৌৰা-দৌৰ কৰি কৰি মোৰো ভাগৰ লাগিছে৷ গতিকে মই যাওঁ৷ –উকীল বিনায়ক চৌধুৰী কোঠাটোৰ পৰা ওলাই গ’ল৷ 

আদিত্য বল্লভে অন্তিম পত্ৰখন মেলি ল’লে৷ তেওঁৰ সঞ্চিত ধনৰ এক তৃতীয়াংশ দান দিলে এই মেডিকেল হাস্পতালখনৰ ট্ৰাষ্টক৷ হাস্পতালখনৰ আঙ্ক’ল’জি বিভাগৰ মুৰব্বী ডাঃ ভৰদ্বাজসহ দুজন অধ্যাপকৰ দ্বাৰা গঠিত এই ট্ৰাষ্টে সৰ্বোচ্চ নম্বৰ পাই মেডিকেল পঢ়িবলৈ অহা ছাত্ৰজন বা ছাত্ৰীজনীলৈ জলপানি আগবঢ়াই আহিছে৷ কেতিয়াবা কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ পাই ইচ্ছা থাকিলেও মেডিকেল পঢ়িবলৈ সুবিধা নাপায় কেৱল দুখীয়া হোৱাৰ বাবে৷ কিন্তু উল্লেখযোগ্য যে প্ৰতি বছৰে এই অভাবী ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা ভাল নম্বৰ পোৱা দুজন ছাত্ৰ-ছাত্ৰীক বাছি উলিয়াই ট্ৰাষ্টৰ ফালৰ পৰা মেডিকেল পঢ়িবলৈ সুবিধা কৰি দিয়ে৷ তদুপৰি বছেৰেকত এজন বা দুজন দুখীয়া কেঞ্চাৰ ৰোগীলৈ সহায়ৰ হাত আগবঢ়াই আহিছে৷ –এনেবোৰ ভাল কামৰ বাবেই এই ট্ৰাষ্টে তেওঁৰ অন্তিমপত্ৰত প্ৰথম স্থান পালে৷ বাকী সঞ্চিত ধনৰ এক অংশ আৰু তেওঁৰ বৰ্তমানৰ বৃহৎ আৰ চি চি ঘৰটো চাইল্ড কেয়াৰ অনুষ্ঠন এটালৈ দান কৰিছে৷ 

  সকলোবোৰ কাম-কাজ নিয়াৰিকৈ হৈ যোৱাত আই পি এছ অফিচাৰ আদিত্য বল্লভৰ মনটো পাতল আৰু ফৰকাল যেন লাগিল৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে আগুৰা পাহাৰীয়া ঠাইত অৱস্থিত নৰ্থ ইষ্ট মেডিকেল কলেজৰ প্ৰায় চাৰিওদিশ গছ-গছনিৰে ভৰপুৰ৷ দূৰণিৰ বননিৰ পৰা ভাঁহি অহা কুলি-কেতেকীৰ সুৱদী মাত শুনি আদিত্য বল্লভৰ মনটোৱে বসন্ত ঋতু অহাৰ উমান পালে৷ বসন্ত হ’ল প্ৰেম আৰু মিলনৰ ঋতু৷ আদিত্য বল্লভৰ মনটো উৎফুল্ল হৈ উঠিল৷ আনন্দতে মন উৰি গ’ল অতীতলৈ৷ অতীতৰ সেই সোণালী দিনবোৰ অনুক্ৰমে ভাঁহি আহিল আদিত্য বল্লভৰ দুচকুত৷ 

  বসন্ত ঋতুতেই শান্তিছায়া আৰু আদিত্যক প্ৰেমৰ বলিয়া ফাগুনে স্পৰ্শ কৰিছিল আৰু দুয়োৰে দুচকুত প্ৰেম উদ্ভাসিত হৈছিল৷ য’ত লুকাই আছিল বহু স্বপ্ন৷ তাৰপিছত ধীৰে ধীৰে প্ৰেম তেওঁলোকৰ জীৱনলৈ নামি আহিল নিঃশব্দে, নীৰৱে, আজানিতে৷ অদিত্যয়ো প্ৰেম আৰু মিলনৰ প্ৰতীক কপৌফুল এপাহ শান্তিছায়াৰ দীঘল চুলিটাৰিত গুজি দি মৰম-প্ৰেম-ভালপোৱাৰ অনুভূতি প্ৰকাশ কৰিছিল৷ শান্তিছায়ায়ো লাজ লাজকৈ আদিত্যই মৰমৰ চিন স্বৰূপে দিয়া কপৌফুলপাহ হাতেৰে আলফুলকৈ চুই চাইছিল৷ এদিন বসন্ত ঋতুৰ এটি শুভক্ষণতেই আদিত্যই শান্তিছায়াক একেবাৰে নিজৰ আপোন কৰি লৈছিল৷ সেই তেতিয়াৰ পৰাই বিয়াৰ পিছত প্ৰতিটো ব’হাগত আদিত্যই শান্তিছায়াক কপৌফুল এপাহি আনি খোপাত পিন্ধাই দিছিল৷ শান্তিছায়ায়ো পৰম আগ্ৰহেৰে সেই মধুৰ ক্ষণটোৰ বাবে অপেক্ষা কৰি ৰৈছিল; কিয়নো শান্তিৰ বাবে সেইপাহ অকল কপৌফুল নাছিল, আছিল আদিত্যৰ অন্তৰৰ নিভৃত কোণৰ মৰমবোৰ৷ কিন্তু প্ৰতিবাৰৰ দৰে এইবাৰ ব’হাগত আদিত্যই শান্তিছায়াৰ ঘিলা খোপাত প্ৰেমৰ প্ৰতিক কপৌফুলপাহ গুজি দিব নোৱাৰিব! কাৰণ তাইৰ যে সেই মৰমলগা দীঘল চুলিকোচা…! … যাৰ প্ৰেমত আদিত্য প্ৰথম পৰিছিল…! 

নিশাৰ নিৰ্জনতাত দূৰৰ পৰা ভাহি অহা নাইট ডিউটিৰ ছিষ্টাৰগৰাকীৰ পেঞ্চিল হিলৰ খট্‌ খট শব্দত আদিত্য বল্লভ অতীতৰ পৰা বৰ্তমানলৈ উভতি আহিল৷ নাইট ডিউটিৰ ছিষ্টাৰগৰাকীয়ে ৰাতিৰ আহাৰখিনি লৈ মিচিকিয়া হাঁহিৰে কোঠাটোলৈ সোমাই আহি সুধিলে—

ঃ হেল্ল’ চাৰ, হাউ আৰ ইউ? 

ঈষৎ হাঁহি মাৰি আই পি এছ অফিচাৰ আদিত্য বল্লভেও তেওঁলৈ চাই উত্তৰ দিলে–

ঃ আই এম ফাইন ছিষ্টাৰ, থেঙ্কইউ৷ —এনেতে পত্নীয়ে লাহে লাহে চকুকেইটা মেলা দেখি আদিত্য বল্লভ পত্নীৰ কাষ চাপি গ’ল৷ পত্নীৰ কপালত হাতখন থৈ বৰ মৰমেৰে ক’লে– “আজি বহুদেৰি শুলা৷’’ উত্তৰত ঢুলঢুলীয়া চকুৰে পত্নী শান্তিছায়াৰ ওঁঠত এক হাঁহিৰ ৰেশ ফুটি উঠিল৷ সেই হাঁহিয়ে যেন তেওঁক বহু কথাই কৈ গ’ল৷ তেওঁৰ বুকুখন ফাটি যোৱা যেন লাগিল৷ ঢুলঢুলীয়া চকুৰে তেওঁলৈ চাই থকা চাৱনিটোৱে…! … আদিত্য বল্লভৰ বুকুত একেলগে সহস্ৰ ঢোল বাজি উঠিল৷ 

  ছিষ্টাৰে ভৰি পথানৰ ফালে থকা শলখাৰে মূৰৰ ফালটো উঠাই শান্তিছায়াক বহুৱাই দি মুখখন ভালদৰে ধুৱাই দিলে৷ তাৰপিছত বিছনাৰে সংলগ্ন সৰু টেবুলখন শান্তিৰ আগলৈ ঘূৰাই দি তাতে ৰাতিৰ আহাৰখিনি থৈ ছিষ্টাৰ সেইখিনিৰ পৰা অকণমান আঁতৰি গৈ ৰৈ থাকিল৷ আদিত্যই পত্নীৰ কাষতে বহি লাহে লাহে আহাৰখিন খুৱাই দিলে৷ আহাৰ খুৱাই মুখখন ধুৱাই দিয়াৰ পাছত ছিষ্টাৰে প্ৰয়োজনীয় টেবলেট দুটা খুৱালে৷ আদিত্য বল্লভে কাষৰ টেবুলখনৰ পৰ ইচ্ছাপত্ৰখন আনি পত্নীৰ আগত দিলে৷ কঁপা কঁপা হাতেৰে পত্নীয়ে চহীটো কৰি লৈ তেওঁলৈ চাই থাকিল৷ দুয়োৰে দুচকুত যেন হেৰুৱাৰ বেদনা৷ ডিউটিৰ চিষ্টাৰগৰাকীয়ে তেওঁলোকৰ মনৰ অৱস্থাটো উপলব্ধি কৰিব পাৰিলে৷ সেয়ে শান্তিছায়াক শুৱাই দি আদিত্য বল্লভক ক’লে–মই যাওঁ ছাৰ৷ ছিষ্টাৰ দেৱীকা আহি পাইছেই৷ তাৰপিছত চঞ্চল গতিৰে ছিষ্টাৰগৰাকী কোঠাটোৰ পৰা ওলাই গ’ল৷ অলপ পিছতেই নাইট ডিউটিৰ আন গৰাকী ছিষ্টাৰ দেৱীকা আৰু ৱাৰ্ড বয় ৰমেশ কোঠাটোলৈ সোমাই আহিল৷ তেওঁলোকৰ লগে লগে আদিত্য বল্লভৰ ব্যক্তিগত সহায়কাৰী অনিলো কোঠাটোলৈ সোমাই আহিল৷ আহিয়েই অনিলে সুধিলে–

ঃ চাৰ আপোনালৈ ডিনাৰ ৰেডি কৰোঁ নে কি? 

ঃ অলপ ৰ’বা৷ শান্তি টোপনি গ’লেহে মই দিনাৰ কৰিম৷ 

লগে লগেই ছিষ্টাৰ দেৱীকাই মাত লগালে— 

ঃ  নালাগে চাৰ৷ আজি আপুনি গোটেই দিনটো মিছেছ বৰুৱাৰ কাষত বহি বহিয়েই পাৰ কৰি দিলে৷ এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব ছাৰ৷ আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’লে আপোনাৰ পত্নীক কোনে চাব? গতিকে আপুনি আৰু ইয়াত বহি থাকিব নালাগে৷ মিছেজ বৰুৱাই যদি আপোনাক বিচাৰে আমি মাতি দিম বাৰু৷ এতিয়া ডিনাৰ কৰি অলপ জিৰণি লওঁকগৈ যাওক৷ মই আৰু ৰমেশে আজি গোটেই ৰাতি ইয়াতেই ডিউটি কৰিম৷ অনিলো আছে যেতিয়া একো অসুবিধা নহয়৷ 

   আজি পুৱতী নিশা পত্নী শান্তিছায়াৰ সংকটজনক অৱস্থাত আই.চি.ইউ.১ কৰ্তব্যৰত নাৰ্ছ-ডাক্তৰসকলে প্ৰতি মুহূৰ্ততে চোৱা-চিতা কৰি আছিল যদিও আদিত্য বল্লভৰ কিন্তু এক মুহূৰ্তৰ কাৰণেও পত্নীৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ইচ্ছা হোৱা নাছিল৷ দুপৰীয়ালৈ শান্তিছায়াৰ অৱস্থা যেতিয়া ৰাতিপুৱাতকৈ যথেষ্ট উন্নতি হোৱা যেন লাগিছিল তেতিয়াহে আদিত্যই অনিলক চাহ একাপ দিবলৈ কৈছিল৷ সেই চাহকাপ খোৱাৰ পিছত এতিয়া ৰাতি ১০ বজালৈকে আদিত্য বল্লভৰ পেটত একো এটাই পৰা নাই৷ আচলতে একো খাবলৈকে মন নাযায়৷ ইমান দেৰিলৈকে একো খোৱা নাই যদিও অথচ তেওঁৰ এতিয়ালৈকে ভোকো লগা নাই যে! কিন্তু অলপ অলপ মূৰটো ঘূৰোৱা যেন লাগিছিল৷ ৰাতি ৰাতি ভালকৈ টোপনি নোহোৱাৰ বাবেই চাগে তেনেকুৱা লাগিছে৷ সেয়ে শান্তিছায়াৰ কোঠাৰ কাষতে নিজৰ বাবে ৰাখি থোৱা আছুতীয়া কোঠাটোলৈ গৈ কিছু সময় জিৰণি লোৱাৰ কথা ভাবিলে৷  ইতিমধ্যে শান্তিছায়া নিদ্ৰাদেৱীৰ কোলাত নিচিন্তমনে টোপনি গৈছে৷ আদিত্য বল্লভ বহাৰ পৰা উঠি শুই থকা শান্তিছায়াৰ কাষলৈ গ’ল৷ শান্তিছায়াৰ এই অসুখ তেওঁৰ বাবে সহ্যৰ বাহিৰত৷ শান্তিছায়াৰ মুখখনত মৰমেৰে হাতখন বুলাই দি আদিত্য বল্লভ নিজৰ কোঠাটোলৈ বুলি ওলাই আহিল৷  

আদিত্য বল্লভৰ চিলমিলকৈ টোপনি আহিছিল৷ টোপনিৰ মায়াজালত দুচকুৰ আগত উৰি ফুৰিছিল স্মৃতি নামৰ কিতাপখনৰ এখিলা এখিলা পাঠ! 

গুৱাহাটী ইউনিভাৰছিটিত মাষ্টাৰ ডিগ্ৰী কৰা সময়ৰ কথাবোৰে আই.পি.এছ অফিচাৰ আদিত্য বল্লভৰ মনটো ৰোমাঞ্চিত কৰি তুলিলে৷ 

এম.এ. ১ প্ৰথম বৰ্ষৰ প্ৰথম ক্লাছ৷ সচৰাচৰ কৰাৰ দৰেই প্ৰফেছৰ ৰাজখোৱা ছাৰেও সেইদিনা পৰিচয় পৰ্বৰে ক্লাছ আৰম্ভ কৰিছিল৷ প্ৰথম শাৰীত বহি থকা আদিত্য বল্লভৰ পৰা আৰম্ভ কৰি এজনৰ পাছত এজনকৈ প্ৰত্যেকেই নিজৰ নিজৰ পৰিচয় দি গৈ থাকিল৷ এনেতে মাজৰ পৰা জড়তা মিহলি ভাবেৰে নিজৰ পৰিচয় দি কৈছিল-– ‘আই.এম শান্তিছায়া বৰুৱা ফ্ৰম তিনিচুকীয়া৷’ – মাতটোত যেন মৌহে বৰষিছিল৷ মৌ বৰষা মাতটো শুনি আদিত্যই পিছলৈ ঘূৰি চাইছিল৷ ক্লাছটোৰ বাকী ছাত্ৰ-ছাত্ৰীসকলেও বিমুগ্ধ নয়নে সেই কোকিলকণ্ঠীৰ অধিকাৰী ছাত্ৰীগৰাকীলৈ চাই ৰৈছিল৷ কথাটো গম পাই প্ৰফেছাৰ ৰাজখোৱাই  ‘নেক্সট প্লিজ’ বুলি কোৱাত পুনৰ সকলো স্বাভাবিক হৈ পৰিছিল৷ কিন্তু সেইদিনা শৰবিদ্ধ হৰিণাৰ দৰে আৱস্থা হৈছিল আদিত্য বল্লভৰ৷ সোণোৱালী ৰঙৰ পাৰি দিয়া পাতল গুলপীয়া ৰঙৰ শাৰী পিন্ধা শান্তিছায়াৰ তন্বী দেহৰ নীলা দুচকুত আদিত্যৰ মন-প্ৰাণ যেন আকণ্ঠ ডুব গৈছিল৷ আদিত্যৰ সমষ্ট দেহ-মন আ২৬ন্ন কৰি গুঞ্জড়িত হৈছিল মাত্ৰ এটা নাম শান্তিছায়া বৰা

  জীৱনৰ পঁচিশটা বসন্ত উকা হৈ থকা আদিত্যৰ হৃদয় প্ৰেছক্ৰিপচনত এটি নাম অংকিত হ’ল শান্তিছায়া৷ প্ৰেমময় এহালি চকুৰ গভীৰতাত নিজকে সমৰ্পণ কৰিলে শান্তিছায়াই৷ প্ৰেমৰ পছোৱা ৰিব্‌ ৰিব্‌ কৈ বলিছিল দুয়োৰে গাত৷ ইউনিভাৰছিটিৰ প্ৰতিজোপা কৃষ্ণচুড়াই প্ৰতিদিনেই সিহঁতৰ প্ৰেম, ভালপোৱা, আনন্দ আৰু হাঁহিৰ সুবাসেৰে সুবাসিত হৈ উঠিছিল৷ 

   এম.এ. ফাইনেল পৰীক্ষাৰ পিছদিনা আদিত্য বল্লভে ৰ’দালি চোতালৰ মেঘালী আকাশৰ তলত শান্তিছায়াৰ হাত এখন নিজৰ হাত দুখনৰ মাজত লৈ কৈছিল– “আমাৰ জীৱনৰ প্ৰথম প্ৰেমক স্বীকৃতি দি আমি দুয়ো বিবাহপাশত আবদ্ধ হ’ব খোজো৷ ল’বানে তোমাৰ শিৰত মোৰ নামত সেন্দূৰ?’’ ভাল-বেয়া অঙ্কৰ জটিলতাৰ সূত্ৰবোৰ একাষৰীয়া কৰি তাই সৰলীকৰণ কৰি ল’লে সমীকৰণটো৷ গ্ৰহণ কৰি ল’লে প্ৰেমৰ স্বীকৃতি হিচাপে লোৱা বিয়াৰ প্ৰস্তাৱটো৷ –এই সকলোবোৰৰ সাক্ষী হৈ ৰৈছিল কৃষ্ণচূড়াৰ শাৰীবোৰ৷ 

  এম.এ. পাছ কৰাৰ পিছত শান্তিছায়াই স্থানীয় কলেজখনত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্তি পালে৷ আদিত্য বল্লভেও নিজৰ মেধা শক্তিৰ বাবেই ৰাজ্যৰ এজন উচ্চ পদস্থ আৰক্ষী বিষয়া হিচাপে নিযুক্তি পালে৷ আদিত্যই মনে মনে শান্তিছায়াক একেবাৰে নিজৰ কৰি লোৱাৰ কথা ভাবিলে৷ গতিকে মাক-দেউতাকক সিহঁতৰ সম্বন্ধটোৰ কথা জনাই দিয়াৰ সিদ্ধান্ত লৈছিল৷ কিন্তু সমানেই ভয় খাইছিল আদিত্যই ব্ৰাহ্মণ পৰিয়ালৰ নীতি-নিয়ম তথা সদাচাৰৰ সীমা লংঘন কৰিবলৈ৷ শান্তিছায়াও পাৰিবনে মাক-দেউতাকৰ মৰম অনুশাসনক আওকান কৰি তাৰ জীৱন লগৰী হ’বলৈ! 

   কিন্তু সিহঁতক আচৰিত কৰি দুয়োখন ঘৰে সিহঁতৰ সিদ্ধান্তক স্বাগতম জনাইছিল৷ ফলস্বৰূপে বসন্ত ঋতুৰ এটি শুভক্ষণত অতি ধুমধামেৰে আদিত্য আৰু শান্তিছায়াৰ বিয়া হৈ গৈছিল৷ মাক-দেউতাক আৰু পৰিয়ালৰ আশিস লৈ আৰম্ভ হৈছিল সিহঁত দুয়োৰে নতুন জীৱন৷ শান্তিছায়াই কলেজৰ চাকৰি ইস্ত’ফা দি আদিত্যৰ চাকৰিৰ জেগালৈ গুচি আহিছিল৷ 

  পুৱতি নিশা কেতেকী চৰাইজনীৰ কৰুণ বিননিত আই.পি.এছ. অফিচাৰ আদিত্য বল্লভৰ টোপনি ভাগিল৷ বুকুত চৰম দুখ লৈ যুগ যুগ ধৰি কেতেকী চৰাইজনীয়ে এইদৰেই বিনাই আছে৷ আদিত্যৰ জীৱনটোও আজি কেতেকী চৰাইজনীৰ দৰেই৷ দুহাত পূৰ্ণ কৰি অৰ্থবান হলেও দেখোন তেওঁৰ প্ৰাপ্তিৰ ঘৰত এক বিৰাট শূন্য৷ 

   বিয়াৰ পিছত বেছ কিছু বছৰ আদিত্য বল্লভ আৰু শান্তিছায়াই কোনো সন্তানৰ কথা চিন্তা কৰা নাছিল৷ কিন্তু শান্তিছায়া নাৰী৷ নাৰী সদায় মাতৃত্বৰ বাবে ব্যাকুল হয়৷ শান্তিছায়ায়ো সন্তান এটিৰ বাবে ব্যাকুল হৈ পৰিছিল৷ বিবাহিত জীৱনৰ পৰম আকাংক্ষিত সম্পদ লাভৰ বাবে পৰামৰ্শ বিচাৰি তেওঁলোক দুয়ো ডাক্তৰৰ ওচৰ চাপিছিল৷ তেতিয়াই ডাক্তৰৰ পৰীক্ষাত ধৰা পৰিছিল পত্নী শান্তিছায়া কৰ্কট ৰোগত আক্ৰান্ত৷ কথাষাৰ শুনাৰ লগে লগে আদিত্য বল্লভৰ ভৰিৰ তলৰ পৰা পৃথিৱীখন খহি পৰা যেন লাগিছিল৷ কিন্তু তেওঁ ভাগি পৰা নাছিল৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত পত্নীক সুস্থ কৰি তোলাৰ বাবে তেওঁ নিজকে মানসিকভাবে প্ৰস্তুত কৰি তুলিছিল৷ 

   সপোন দেখাৰ সময়তে শান্তিছায়াৰ জীৱনটো অশান্তিৰে ভৰি পৰিছিল৷ বিছনাখনতে ওপৰমুৱাকৈ অলসভাৱে শুই থকাটো শান্তিছায়াৰ অভ্যাসত পৰিণত হৈছিল৷ বৰ পুৰণি অভ্যাস নাছিল যদিও লাহে লাহে ই অভ্যাসত পৰিণত হ’বলৈ কত পৰ লাগিছিল? তাইৰ এই অসুখ তেওঁৰ সহ্যৰ বাহিৰত৷ তথাপি দুৰাৰোগ্য ৰোগত আক্ৰান্ত পত্নীক এদিন সুস্থ কৰি তোলাৰ আশাত বন্দী৷ 

  দিন, মাহ গৈ গৈ বছৰে বাগৰ সলাইছিল৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত পত্নীক পৰিচৰ্যাৰ বাবেই জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব স্বেচ্ছাই ত্যাগ কৰিছিল৷ আৰক্ষী উপ-মহাপৰিদৰ্শক হিচাপে পদোন্নতি পোৱাৰ পিছতো তেওঁ আৰক্ষীৰ ব্যস্ততাপূৰ্ণ পদলৈ আহিব বিচৰা নাছিল৷ ইয়াৰ একমাত্ৰ কাৰণ আছিল পত্নীৰ চিকিৎসা আৰু পৰিচৰ্যা৷ বিগত দুমাহ ধৰি আই পি এছ বিষয়া আদিত্য বল্লভৰ ঠিকনা হৈ পৰিছে এই নৰ্থ ইষ্ট মেডিকেল কলেজ৷ কাৰণ তেওঁৰ পত্নীৰ স্বাস্থ্যৰ আৱনতি ঘটাত এই মেডিকেল কলেজখনত ভৰ্তি কৰোৱা হৈছে৷ চাকৰিৰ পৰা দীঘলীয়া ছুটী লৈ পত্নীক সুস্থ কৰি তোলাৰ এক অনিশ্চিত সংগ্ৰাম চলাই গৈছে আদিত্য বল্লভ বৰুৱাই৷ পত্নীৰ প্ৰতি থকা মৰম-ভালপোৱাৰ বাবেই আদিত্য বল্লভে এক দীঘল ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ অন্ত পেলাই নৰ্থ ইষ্ট মেডিকেল কলেজৰ এই আচুতীয়া কোঠাটোত আশ্ৰয় লৈছেহি৷ দুখবোৰ হুমুনিয়াহ হৈ ওলাই অহিল৷ ৱাল ঘড়ীটোৱে সময়ৰ সংকেত দিলে৷ ৰাতি পুৱাবলৈ বেছি সময় নাই৷ টোপনিৰ আৱেশত দুচকু জপাই তেওঁ বিছনাখনতে পৰি থাকিল৷ 

  টোপনিৰ আৱেশত তেওঁ দেখা পাইছে– জপাই থোৱা দুৱাৰ খুলি পত্নী শান্তিছায়া সোমাই আহিছে৷ শান্তিছায়াৰ হাতৰ পৰশ তেওঁৰ কপালত লাগিছে৷ তেওঁ চকু মেলি চাইছে৷ শান্তিছায়া তেওঁৰ নিচেই কাষত৷ এক পৰম সুখানুভূতি বুকুত লৈ তাই তেওঁক কৈছে– তোমাৰ নামৰ সেন্দূৰ শিৰত লৈয়ে মই আজি এই পৃথিৱীৰ পৰা, তোমাৰ জীৱনৰ পৰা একেবাৰে যামগৈ৷ মই আঁতৰি গ’লে তুমি মোক পাহৰি নোযোৱাটো? নাই নাই তুমি মোক এৰি কেতিয়াও যাব নোৱাৰা বুলি পত্নী শান্তিছায়াৰ হাত এখন খামুচি ধৰি চিঞৰি উঠিব খোজোঁতেই তেওঁ সাৰ পাই গ’ল৷ এনেতে আঙ্কল’জি বিভাগৰ আই.চি. ইউ.১ সেই বিশেষ কোঠাটোৰ পৰা কৰ্তব্যৰত নাৰ্ছ, ৱাৰ্ড বয় আৰু ডাক্তৰসকলৰ হুলস্থূলত ধহ্‌ মহাই বিছনাখনত উঠি বহিল আদিত্য বল্লভ৷ 

উধাতু খাই দৌৰি আহিল আদিত্য বল্লভ আই.চি.ইউ.১ সেই বিশেষ কোঠাটোলৈ৷ 

শাঁকে-সেন্দূৰে এবুকু ভৰা মৰম, ভালপোৱা লৈ কোনোদিন সাৰ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে শান্তিছায়া নিচিন্তমনে টোপনি গৈছে৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত পত্নী শান্তিছায়াৰ আজি কায়িকভাবে মৃত্যু ঘটিছে৷ পত্নী শান্তিছায়াৰ নিথৰ দেহলৈ একেথৰে চাই থাকি “মোক অলপ অকলশৰে এওঁৰ লগত থাকিবলৈ দিয়ক’’ বুলি আই.চি.ইউ.১ এই বিশেষ কোঠাটোৰ পৰা চিকিৎক-নাৰ্ছক বাহিৰলৈ উলিয়াই পঠিয়ালে আদিত্য বল্লভ বৰুৱাই৷ 

    কেইটামান মুহূৰ্তৰ পিছতে আই.চি.ইউ.১ সেই বিশেষ কোঠাটোৰ ভিতৰৰ পৰা ভাহি আহিল এক প্ৰচণ্ড শব্দ৷ বাহিৰত ৰৈ থকা কৰ্তব্যৰত চিকিৎসক-নাৰ্ছ সেই শব্দত চক্‌ খাই উঠিল৷ লগে লগে কোঠাটোৰ অভিমুখে সকলো দৌৰি গ’ল– দেখিছিল কোঠাৰ ভিতৰত পত্নীৰ মৃতদেহৰ কাষত মজিয়াত তেজে তুমৰলি হৈ পৰি আছে আই.পি.এছ. বিষয়া আদিত্য বল্লভ বৰুৱা৷ লগে লগেই মেডিকেল কলেজ হাস্পতালখনত চাৰিওফালে হুৱাদুৱা লাগিল৷ 

   আদিত্য বল্লভৰ আত্মহত্যাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ততাতৈয়াকৈ আহি ঘটনাৰ বুজ লৈছেহি৷ 

    ইতিমধ্যে তেওঁৰ দুই ভগ্নী আৰু পৰিয়ালৰ লোকসকল আহি চেঁপা কান্দোনেৰে গোটেই আই.চি.ইউ’টো ধ্যেংময় কৰি তুলিলে৷ আদিত্য বল্লভৰ আত্মহত্যাই নৰ্থ ইষ্ট মেডিকেল কলেজৰ সকলো ডাক্তৰ, নাৰ্ছ, কৰ্মচাৰীৰ লগতে বিখ্যাত আঙ্কল’জিষ্ট ডাঃ ভৰদ্বাজকো কঁপাই তুলিলে৷ 

   আই পি এছ বিষয়া আদিত্য বল্লভৰ অস্বাভাৱিক মৃত্যুত স্তম্ভিত হৈ কেঞ্চাৰ বিশেষজ্ঞ ডাঃ ভৰদ্বাজে মুখৰ ভিতৰতে বিৰ্‌ বিৰ্‌ কৈ কৈ উঠিলে–“বৰ দুখ পাইছোঁ তেখেতৰ মৃত্যুত৷ তেখেতৰ পত্নী প্ৰেমক মই শ্ৰদ্ধা জনাইছোঁ যদিও এজন উচ্চ পদস্থ আৰক্ষী বিক্ষয়া হিচাপে তেখেতৰ এই মৃত্যুক মই কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ আত্মহত্যা অপৰাধ আৰু অবিবেচকৰ কাম৷  ই সমাজত সদায় নেতিবাচক প্ৰভাৱ পেলায়৷ উঠি অহা প্ৰজন্মৰ মানসিকতাক বিকৃত কৰিব পাৰে৷ ই এক সামাজিক ব্যাধিত পৰিণত হৈছে৷’’ পুনৰ তেওঁ ভাবিছিল– আত্মহত্যা এক অপৰাধ হোৱাৰ সমানে সমানে ই হৈছে এক মানসিক ৰোগ৷ আদিত্য বল্লভো বোধকৰো লাহে লাহে মানসিক ৰোগত আক্ৰান্ত হৈছিল! 

আদিত্য বল্লভ বৰুৱাৰ সন্তান নাছিল৷ পত্নীৰ কেঞ্চাৰ৷ শেষ পৰৰ্যায়ত আছিল তেওঁৰ কেঞ্চাৰ৷ দীৰ্ঘদিন ধৰি এগৰাকী কেঞ্চাৰ ৰোগী পত্নীৰ লগত লাগি থাকি তেওঁ অনুভৱ কৰিছিল যে, তেওঁৰ পত্নী ভাল হৈ নুঠিব! পত্নীৰ মৃত্যু হ’ব! –কথাবোৰ ভাবি ভাবি হয়তো তেওঁ মানসিকভাবে ভাগি পৰিছিল৷ সন্তান নথকা মানুহজনে ৰুগীয়া পত্নীৰ মৃত্যুুৰ পাছত কাক লৈ জীয়াই থাকিব৷ পত্নীৰ প্ৰতি থকা সীমাহীন আৰু সঁচা ভালপোৱাৰ বাবেই মৃত পত্নীৰ লগতেই গুছি যোৱাটো ঠিক কৰিলে৷ কেঞ্চাৰ ৰোগীৰ বাবে মৃত্যু যেন এক নিচিন্ত সংবাদ৷ সেয়ে দীৰ্ঘ সময় ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত পত্নীৰ মৃত্যুক মানি ল’ব নোৱাৰি পূৰ্বপৰিকল্পিত ভাবেই এই ভয়ঙ্কৰ সিদ্ধান্তটো ল’ব পাৰিলে৷ 

  এইমুহূৰ্তত তেওঁৰ মনলৈ বাৰে বাৰে এটা কথাই আহি আছে— আজিও সঁচা প্ৰেমিক শেষ হৈ যোৱা নাই৷ আজিও সৎ স্বামী নোহোৱা হৈ যোৱা নাই৷ আজিও এনে বহুত নৈতিকতাসম্পন্ন পুৰুষেৰে আমাৰ সমাজ ভৰি আছে৷ সেয়ে কবি বলদেৱ মহন্ত দেৱৰ “কাৰ সমান কি নাই’’ কবিতাটিৰ দুটি শাৰি আজি বাৰুকৈয়ে মনত পৰিছে৷ 

  “সকলো শোকতকৈ পুত্ৰ শোক বৰ, 

  মনোমত পত্নী শোক অতি গুৰুতৰ৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *