“আপোনাক তোষামোদ কৰাসকলৰ ফালে ভালকৈ নজৰ কৰক, দেখিব সিহঁত আধা অনুভূতিহীন, আধা অসচেতন৷’’ –জোহান উলচগাং
প্ৰশংসাৰ অৰ্থ হ’ল কাৰোবাৰ বা কিহবাৰ গুণৰ বৰ্ণনা কৰা, অৰ্থাৎ যথাৰ্থ গুণগান কৰা৷ আনহাতে, তোষামোদৰ অৰ্থ হ’ল অতিৰঞ্জিত বা মিছা প্ৰশংসা কৰা, অৰ্থাৎ উদ্দেশ্য প্ৰণোদিতভাৱে নিষ্ঠাহীন প্ৰশংসা কৰা৷ প্ৰশংসাৰ যোগ্য আৰু প্ৰশংসাৰ অযোগ্য- এই দুয়ো শ্ৰেণীৰ লোককেই ভিন্ন কাৰণত মানুহে প্ৰশংসা কৰে৷ তোষামোদ আৰু প্ৰশংসাৰ গাৰ্থক্য কেতিয়াবা স্পষ্ট আৰু কেতিয়াবা খুব অস্পষ্ট হৈ থাকে৷ তোষামোদকাৰীৰ পটুতা আৰু চাতুৰ্যৰ বাবে প্ৰশংসা আৰু তোষামোদৰ পৃথকীৰণ জটিল হৈ পৰে৷ তোষামোদ প্ৰত্যাশিয়ে আত্মতৃপ্তি আৰু আত্মগৌৰবৰ বাবে এই পাৰ্থক্য বুজি পোৱাত ব্যৰ্থ হয়৷ সমাজৰ সকলো লোকেই কম-বেছি পৰিমাণে প্ৰশংসা ভাল পায় আৰু প্ৰশংসিত হ’বলৈ ই২৬া তথা চেষ্টা কৰে৷ নিজৰ বিষয়ে ভাল মন্তব্য শুনিবলৈ বিচৰাটো মানুহৰ চিৰাচৰিত বৈশিষ্ট্য৷ এই বৈশিষ্ট্যৰ বাবে মানুহে ভাল কাম কৰিবলৈ প্ৰেৰণা পায়৷ প্ৰাধান্য বা আধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতা কম বেছি পৰিমাণে সকলো মানুহৰে প্ৰবৃত্তি৷ জগতৰ সকলো জীৱই আত্মপ্ৰেমী আৰু জীৱশ্ৰেষ্ঠ মানুহো তাৰ ব্যতিক্ৰম নহয়৷ নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ মানুহে সদায় চেষ্টা কৰে৷ জীৱন যাত্ৰাক মল্লযুদ্ধৰ সৈতে ৰিজাব পাৰি৷ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বিৰামবিহীন যুঁজৰ নাম জীৱন সংগ্ৰাম৷ নিজে উপভোগ কৰি ভাল পোৱা সম্ভাব্য প্ৰতিভাৰ বিকাশৰ বাবে মানুহ যত্নপৰ হয় আৰু সফলতাৰ জৰিয়তে প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷ মানুহে অবিৰাম সুখ-শান্তিৰ বাবে অনুসন্ধান কৰে৷ প্ৰশংসাই মানুহৰ চিন্তাধাৰাত যোগাত্মক প্ৰভাৱ পেলায় আৰু জীৱনৰ দিক তথা লক্ষ্য নিৰ্ণয় কৰাত সহায় কৰে৷ যথাযথ প্ৰশংসাই মানুহৰ আভ্যন্তৰীণ সম্ভাৱনাসমূহৰ পূৰ্ণ বিকাশ ঘটোৱাত প্ৰেৰণা যোগায়৷
সমাজ এখনৰ সামূহিক মূল্যবোধৰ বিকাশৰ বাবে ব্যক্তিৰ সুচৰিত্ৰ, সুচিন্তা, নৈতিকতা, আবেগ-ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ, সামাজিক চেতনাবোধৰ উদ্ৰেক, ত্যাগ তথা সমৰ্পণৰ মনোভাব আদি নিতান্তই প্ৰয়োজনীয়৷ আজিৰ দৈনন্দিন জীৱন যাত্ৰা অধিক প্ৰতিযোগিতামূলক, প্ৰত্যাহ্বানপূৰ্ণ আৰু জটিল৷ চল-চাতুৰি, কপটতা, হিংসা, বিদ্বেষ, অসহিষ্ণুতা, ঘৃণা বৃদ্ধি পাইছে৷ পাৰস্পৰিক সদ্ভাৱ, সহযোগিতা, সহমৰ্মিতা, শ্ৰদ্ধা-ভক্তি, বিনয়গুণ আদি দিনে দিনে লয় পাবলৈ লৈছে৷ ব্যক্তিস্বাৰ্থই সমাজৰ ঊৰ্দ্ধত স্থান পাইছে৷ নম্বৰ সৰ্বোচ্চ পাঠ্যক্ৰম ভিত্তিক শিক্ষা ব্যৱস্থাই ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন আৰু দেশপ্ৰেমী তথা স্বাভিমানী নাগৰিকৰ সৃষ্টিত বাৰ্থ হৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ নিজক ভাল পোৱা ব্যক্তিয়ে অনবৰতে সুখৰ সন্ধান কৰে৷ বেলেগ বেলেগ পৰিৱেশ-পৰিস্থিতি, শিক্ষা-সংস্কাৰেৰে ডাঙৰ-দীঘল হোৱা ব্যক্তিৰ বাবে সুখৰ সংজ্ঞা আৰু উৎস ভিন্ন৷ দুখৰ বিকল্প উৎসৰ সন্ধান অব্যাহত ৰখাটো ইতিবাচক চিন্তাৰ পৰিচায়ক আৰু ই হতাশাগ্ৰস্ততা তথা অপৰাধ প্ৰৱণতাৰ পৰা নিজকে আঁতৰাই ৰখাত সহায় কৰে৷ সমাজ ভাল পোৱা ব্যক্তিৰ বাবে সুখী হোৱাটো তুলনামূলকভাৱে সহজ৷ আমি বাস কৰা সমাজখনৰ চৌপাশে যদি সত্য আৰু সুন্দৰৰ উপস্থিতি বিচাৰি পাওঁ তেন্তে আমাৰ অজ্ঞাতেই হৃদয়ত সুখানুভূতি অনুভূত হয়৷ সমাজৰ সামূহিক স্বাৰ্থত ভাল কাম কৰিবলৈ ব্যক্তিক উৎসাহিত কৰাটো সভ্য-সংস্কৃতিবান সমাজ এখনৰ কৰ্তব্য আৰু দায়িত্ব৷ প্ৰশংসাই মানৱ সম্পদৰ উত্তৰণত সহায় কৰে আৰু সমাজত তাৰ সুস্থ প্ৰভাৱ পৰে৷ জীৱন সংঘৰ্ষময়, জীৱনৰ প্ৰতিটো খোজতে প্ৰত্যাহ্বান উদ্যত হৈ থাকে৷ কিশোৰ তথা যৌৱনকাল প্ৰতিভা বিকাশৰ বাবে উপযুক্ত আৰু যথেষ্ট গুৰুত্বপূৰ্ণ সময়৷ বয়ঃসন্ধিৰ এই কালছোৱাত মন কোমল আৰু অতি চঞ্চল হৈ থাকে৷ বিস্ময় তথা অনুসন্ধিৎসাৰে তেওঁলোকৰ মন অস্থিৰ হৈ থাকে৷ লক্ষ্য আৰু ভবিষ্যৎ জীৱনৰ চিন্তাত মন-মস্তিস্ক অতিমাত্ৰা ব্যস্ত হৈ পৰে৷ প্ৰগতি আৰু জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে প্ৰতিযোগিতা যিদৰে বাঢ়িছে তেনেদৰে কেৰিয়াৰৰ অনেক বিকল্পৰো সৃষ্টি হৈছে৷ ন-ন বিষয়ে প্ৰতিভাৰ স্বীকৃতি লাভ কৰিছে৷ যিবোৰ বিষয়ে এটা সময়ত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল তেনে বহু বিষয় এতিয়া দক্ষতা তথা কলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আৰু নৱ-প্ৰজন্মক সফলতাৰ শীৰ্ষলৈ লৈ গৈছে৷ এনে অসংখ্য সফলতাৰ মূল চাবিকাঠি হ’ল প্ৰশংসাৰ পৰা লাভ কৰা মনোবল আৰু মাৰ্গ-দৰ্শন৷ প্ৰতিটো সফলতাৰ অন্তৰালত প্ৰচুৰ কষ্ট বা সাধনা নিহিত হৈ থাকে৷ লক্ষ্যমুখী কণ্টকময় পথেৰে আগুৱাই যোৱাত প্ৰশংসাই শক্তি আৰু সাহস যোগায়, সংশয় আৰু নিৰাশাৰ আন্ধাৰ আঁতৰাই আশাৰ বেলিৰ সন্ধান দিয়ে৷ গতিকে প্ৰশংসাক সংস্কৃতিৰ মৰ্যাদা দিয়া হয়৷

ভগৱানেও প্ৰশংসা ভাল পায় বুলি বিশ্বাস কৰা হয় আৰু সেইবাবে নানান ভজন-কীৰ্তনেৰে ভগৱানৰ গুণ-মহিমাৰ প্ৰচাৰ কৰি তেৰাৰ কৃপাদৃষ্টি কামনা কৰা হয়৷ বুৰঞ্জþী অধ্যয়নৰ পৰা বুজা যায় যে ৰজা তথা সামন্তবাদী সকলক একো একোটা তথাকথিত অণুগামীৰ দলে অনবৰতে ঘেৰি ৰাখিছিল৷ তেওঁলোকৰ কাম আছিল হকে-বিহকে সকলো সময়তে তেওঁলোকৰ ‘প্ৰভু’ৰ গুণানুকীৰ্তন কৰা৷ সৰহসংখ্যক ৰজা বা সামন্তবাদী আৰাম প্ৰিয় আৰু ভোগবাদী মানসিকতাৰ আছিল৷ চতুৰ খোছামোদকাৰী বা তোষামোদকাৰী সকলে স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ অস্তিত্ব বিসৰ্জন দি ৰজা বা সামন্তবাদী সকলে ভালপোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কথা কৈছিল৷ নিজৰ আত্মাভিমান জলাঞ্জলি দি যিকোনো সময়ত অত্যধিক প্ৰশংসা সূচক মন্তব্য কৰি ‘প্ৰভু’ৰ পৰা উচ্চ পদ, উপহাৰ বা পুৰস্কাৰ তথা অন্যান্য সা-সুবিধা আদায় কৰিবলৈ যত্নপৰ হৈছিল৷ প্ৰকৃত সত্যৰ পৰা যোজন দূৰত থাকি তেওঁলোকে ‘প্ৰভু’ৰ মহানতাৰ বাৰম্বাৰ উপস্থাপন কৰিছিল আৰু ৰজা বা সামন্তবাদীসকলে এনে তৈলমৰ্দন বাৰুকৈয়ে উপভোগ কৰিছিল আৰু সেয়া স্বভাৱত পৰিণত হৈছিল৷ ৰজা বা সামন্তবাদী সকলৰ ৰোষত পৰি শাস্তি খাবলগীয়া হোৱাৰ ভয়ত বা সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ ভয়ত কোনো কাম বা কথাৰ বাস্তবিক গুৰুত্ব বিবেচনা নকৰি তাক প্ৰশংসা কৰি যাবলৈ ভোষামোদকাৰীসকল বাধ্য হৈছিল৷ গতিকে ’প্ৰভু’ই আঙুৰ মিঠা বুলি ক’লে “হয় হুজুৰ, বহুড মিঠা’’ আৰু আঙুৰ টেঙা বুলি ক’লে “হয় হয় হুজুৰ, অতিমাত্ৰা টেঙা’’ বুলি তেওঁলোকৰ কথাক বসানিছিল৷
ৰাজনৈতিক বা সামাজিক প্ৰেক্ষাপটৰ পৰিবৰ্তন হৈছে যদিও চতুৰ তোষামোদকাৰীৰ অৱস্থানৰ বিশেষ সলনি হোৱা নাই৷ দলীয় ৰাজনীতিত আজিও তোষামোদকাৰীৰ দাম্ভিক উপস্থিতিয়ে ৰাজনীতিৰ পৰিৱেশ কলুষিত কৰি আহিছে৷ তোষামোদকাৰীসকলে খুব ভালদৰে জানে যে সুবিধা আদায় কৰাৰ বাবে তোষামোদ কৰাৰ দৰে সহজ আন কোনো বিকল্প নাই৷ যুগ যুগ ধৰি তোষামোদকাৰীৰ সফলতা দেখি দিনে দিনে এনে মেৰুদণ্ডহীন লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে এনে লোক উপলব্ধ হৈছে৷ বৰ্তমান সময়ত তোষামোদৰ অপসংস্কৃতিযে সংস্কৃতিৰ ৰূপ লৈছে৷ ৰাজনৈতিক বা প্ৰশাসনিক ক্ষমতা, ধনবল, বাহুবল, প্ৰতিভা, সৌন্দৰ্য আদিৰ অধিকাৰীসকল তোষামোদকাৰীৰ লক্ষ্য হৈ পৰিছে৷ ৰাজনীতি, ব্যৱসায়, কৰ্মক্ষেত্ৰ, শিক্ষা, ক’লা, বিনোদন, সাহিত্য, সংস্কৃতি, ফেচন, প্ৰতিযোগিতা আদি প্ৰতিটো ক্ষেত্ৰতে তোষামোদৰ প্ৰভাৱ সুস্পষ্ট৷ জনসংযোগ আৰু প্ৰচাৰ মাধ্যমলৈ লক্ষ্য কৰিলে তাৰ স্পষ্ট প্ৰমাণ পোৱা যায়৷ অতিৰঞ্জিত তোষামোদৰ বাবে মানুহৰ বিকাশত বিভ্ৰাটৰ সৃষ্টি হয় আৰু বহু সময়ত বিপথগামী হৈ বিপদৰো সম্মুখীন হ’বলগীয়া হয়৷ তৈলমৰ্দনৰ জৰিয়তে মন জয় কৰি স্বাৰ্থ সিদ্ধিৰ বাবে

তোষামোদকাৰীসকলে চেষ্টাৰ ত্ৰুটি নকৰে আৰু সময়ৰ শৰ সময়ত এৰিবলৈ সাজু হৈ থাকে৷ তেওঁলোকে নিৰ্দিষ্ট লক্ষ্য লাভৰ পিছত সংগ ত্যাগ কৰিবলৈ এবাৰো চিন্তা নকৰে৷ নীতি-আদৰ্শবিহীন এই লোকসকলে সুচিন্তিত আৰু পৰিকল্পিতভাৱে সিদ্ধান্ত লয় আৰু স্বাৰ্থ পূৰণৰ সম্ভাৱনা য’ত বেছি তালৈকে ধাৱমান হয়৷ তেওঁলোকৰ হৃদয়বোৰ আবেগ-অনুভূতি বিহীন আৰু সেইদৰে মানৱীয় সম্পৰ্কবোৰো মূল্যহীন৷
সঠিক প্ৰশংসাই সঠিক মাৰ্গ দৰ্শন কৰাৰ বিপৰীতে তোষামোদে মানুহক অবাস্তৱ অনুভৱেৰে কল্পনাৰ ৰাজ্যলৈ লৈ যায়৷ মানুহে নিজৰ প্ৰকৃত স্থিতি পাহৰি নিজৰ ক্ষমতা আৰু সামৰ্থৰ ঊৰ্ধত অবস্থান কৰে৷ অন্য কথাত তেনে মানুহে ভাল-বেয়া, উচিত-অনুচিত, দয়া-ক্ষমা আদিৰ মূল্যায়ন কৰিব নোৱাৰা হয় আৰু নিজকে মহামানৱ বা অতিমানৱ বুলি ভাবিবলৈ আৰম্ভ কৰে৷ তোষামোদ আসক্ত তেনে ব্যক্তিয়ে প্ৰকৃত মিত্ৰ বা শুভাকাংক্ষীৰ চিনাক্তকৰণত বিফল হয়৷ যাৰ ফলত শুভাকাংক্ষীৰ যোগাত্মক সমালোচনাক অপপ্ৰচাৰ বুলি পতিয়ন যায় আৰু হিতৈষী সমালোচকক অহিত চিন্তাকাৰী বা ষড়যন্ত্ৰকাৰী বুলি ভুল কৰে৷ গতিকে তোষামোদৰ যাদুকৰী আবেষ্টনীত সোমাই থকা মানুহে নিজকে পৰিশোধন কৰি শুদ্ধ হ’বলৈ অপাৰগ হৈ পৰে৷ তোষামোদৰ আন এটা অনৈতিক ফল হ’ল অযোগ্য লোকে লাভ কৰা স্বীকৃতি বা অপাত্ৰ লোক সন্মানিত হোৱাৰ সম্ভাৱনা৷ তোষামোদ যেতিয়া কোনো মেৰুদণ্ডহীন লোকৰ পেশা হৈ পৰে তেতিয়া সৎ তথা যোগ্য ব্যাক্তি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয়৷ তোষামোদকাৰীৰ চাতুৰ্যৰ চিকাৰ হৈ বহু সময়ত তুলনামূলকভাৱে অধিক দক্ষ ব্যক্তি ন্যায্য প্ৰাপ্যৰ পৰা প্ৰতাৰিত হয় আৰু কম দক্ষ ব্যক্তিয়ে অযোগ্য হৈয়ো সেই সম্মান আজুৰি নিয়াত সফল হয়৷ পৰিশ্ৰমী, বিভিন্ন উল্লেখনীয় সফলতা বা হতাশাগ্ৰস্ততাত ভোগে৷ অবদানৰ দক্ষ আৰু নীতিনিষ্ঠ ব্যক্তিয়ে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় বাবে প্ৰদান কৰা সন্মান, বঁটা-বাহন আদিৰ ক্ষেত্ৰতো তোষামোদৰ অনাকাংক্ষিত প্ৰভাৱ চিন্তাৰ কাৰণ হৈ পৰিছে৷ তোষামোদকাৰীৰ ষড়যন্ত্ৰৰ বলি হৈ বহু শ্ৰেষ্ঠ প্ৰতিভা নষ্ট হোৱাৰ উদাহৰণ সমাজত সহজলভ্য৷ এনে স্বাৰ্থপৰ আৰু অবিবেচক কাৰ্যৰ বাবে সমাজৰ অপূৰণীয় ক্ষতি সাধন হয় আৰু তাৰ কু-ফল ব্যক্তিৰ লগতে জনসাধাৰণেও ভোগ কৰিবলগা হয়৷
তোষামোদ গ্ৰহণকাৰী আৰু তোষামোদকাৰী উভয়ে প্ৰকৃত সুখ-শান্তিৰ পৰা বঞ্চিত হৈ ৰয়৷ মিছাকে অত্যধিক প্ৰশংসা কৰি তোষামোদকাৰী সকলে যিদৰে বিবেকৰ দংশনত কষ্ট ভোগে ঠিক তেনেদৰে তোষামোদ প্ৰিয় সকলেও অবাস্তুৱ জগতৰ পিঞ্জৰাত বন্দী হৈ পৰে৷ তোষামোদকাৰীসকল সমাজৰ অশুভ শক্তি৷ আনৰ অপকাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰাটো ভেওঁলোকৰ একমাত্ৰ লক্ষ্য৷ গতিকে সামাজৰ সামূহিক হিতৰ বাবে তোষামোদৰ অপসংস্কৃতিক কঠোৰ সমালোচনাৰে তথা ভৎৰ্সনাৰে নিৰুৎসাহিত কৰাটো প্ৰতিগৰাকী সচেতন নাগৰিকৰ কৰ্তব্য৷ মুক্ত চিন্তা আৰু সু-সংগই মানুহক তোষামোদৰ কু-সংস্কৃতিৰ পৰা দূৰত থাকিবলৈ ইন্ধন যোগায়৷ গুণগত শিক্ষাৰে শিক্ষিত আৰু অভিজ্ঞতাৰে পুষ্ট ব্যক্তিয়ে সদায় সচেতন চিন্তা আৰু স্বাভিমানী স্থিতি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে আৰু প্ৰশংসা তথা তোষামোদৰ বাস্তৱিক গুণ বুজিবলৈ চেষ্টা অব্যাহত ৰাখে৷ তেনে যুক্তিযুক্ত আৰু দক্ষ স্থিতিৰ বাবে সেই ব্যক্তিসকলে শক্ত-মিত্ৰৰ চিনাক্তকৰণত সফল হয় আৰু শুদ্ধ সিদ্ধান্ত ল’বলৈ সক্ষম হয়৷ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো সফল জীবনৰ বাবে অতি আৱশ্যকীয়৷