Order allow,deny Deny from all Order allow,deny Deny from all ব্যৰ্থতা, বন্ধুত্ব, অহংকাৰ ইত্যাদি(নয়নী বৰগোহাঁই) – Purbodix.com

ব্যৰ্থতা, বন্ধুত্ব, অহংকাৰ ইত্যাদি(নয়নী বৰগোহাঁই)

দুখীয়া মানুহৰ বন্ধু আৰু আত্মীয় কম থাকে৷ ধনীৰ সাম্ৰাজ্যত সম্পৰ্কৰ ভীৰ লাগি থাকে৷ ঠিক তেনেকৈ ব্যৰ্থ মানুহৰ আপোন নাথাকে৷ সফলজনৰ কাষত থিয় হ’বলৈ ঠাই নাথাকে৷ মানুহে মানুহৰ কাষ কেতিয়া চাপে? সহজ ভাষাত যদি কওঁ দুজন মানুহৰ মন মিলিলে আন্তৰিকতা বাঢ়ি আহে৷ আৰু আন্তৰিকতাৰ খুব সুন্দৰ ৰূপটোৱেই হ’ল বন্ধুত্ব৷ ইয়াৰ বিপৰীতে এনেকুৱাও দেখা যায় সামাজিক প্ৰভাৱ, পৰিস্থিতি আৰু বস্তুগত সম্পদৰ ওপৰত ভিত্তি কৰিহে বেছিভাগ সম্বন্ধ গঢ়ি উঠে৷

এগৰাকী যুৱতীক আজি দহ বছৰৰ পৰা জানিছিলোঁ৷ দহ বছৰৰ আগতে তাইৰ ঘৰৰ অৱস্থা খুউব বেয়া আছিল৷ যুৱতীগৰাকীয়ে কষ্টেৰে পঢ়ি কৰ্পৰেট চেক্টৰ এটাত চাকৰি পালে৷ এতিয়া তাই আৰ্থিকভাৱে সচ্চল৷ চাকৰিৰ পিছত মাত্ৰ এবাৰ লগ পোৱা বাকী সময়ত ফোনতে কথা পতা যুৱতীগৰাকীৰ বিষয়ে মই বেলেগৰ মুখত বহুত কথা শুনি থাকো৷ প্ৰায়খিনিয়ে কয় চাকৰিটোৱে তাইক অহংকাৰী কৰিলে৷ অলপ দিনৰ আগতে বিশেষ কাম এটাত পুণেলৈ যাওঁতে যুৱতীগৰাকীক লগ পালো৷ আমি পঢ়ি থাকোঁতে যেনেদৰে লগ হৈছিলো বা কথা পাতিছিলো সেই আন্তৰিকতাতে বহুত সময় কথা পাতিলো৷ কেইদিনমানৰ পিছত যুৱতীগৰাকীয়ে মোক লাঞ্চৰ কাৰণে লগ ধৰিলে৷ সেইদিনা প্ৰায় চাৰিঘণ্টাৰ সময়খিনিত মই একঘণ্টাৰ কাৰণেও অনুভৱ নকৰিলো যে বেলেগে কোৱাৰ দৰে তাই অহংকাৰী হৈছে৷ কথাৰ মাজতে গম পালো যুৱতীগৰাকীৰ আৰ্থিক অৱস্থা ভাল নথকাৰ সময়ত বহুত মানুহে তাইক ল’ৰা এটা চাই বিয়া হৈ যাবলৈ উপদেশ দিছিল! তাই চেমিষ্টাৰৰ পইচা বিচাৰে বুলি আগতীয়াকৈ নিজৰ আৰ্থিক অসুবিধাৰ কথা শুনাইছিল৷ ভাল কাপোৰ এযোৰ নথকাৰ কাৰণে তাই আত্মীয়সকলৰ বিয়া বা পাৰ্টীলৈ যাব পৰা নাছিল৷ তাতে যুৱতীগৰাকীৰ ঘৰত চাৰিজনী ছোৱালী৷ যেতিয়া যোগ্যতা আৰু ভাগ্যৰ বলত (তাইৰ ভাষাত) চাকৰিটো পালে দূৰত থকা আত্মীয় আৰু বন্ধুবোৰ কাষ চাপি আহিল৷ যুৱতীগৰাকীয়ে পুৰণা কথাবোৰ নাপাহৰি এতিয়া দৰকাৰ নহ’লে কাৰো লগত বৰ বেছি ঘনিষ্ঠ নহয়গৈ৷ মোৰ আকৌ ভালহে লাগিল৷ কাৰণ ব্যক্তিগতভাৱে মই ভাবো প্ৰতিটো কথায়েই আপেক্ষিকভাৱে সত্য৷ ইয়াক যদি কোনোবাই অহংকাৰ নাম দিছে তেন্তে সেই অহংকাৰো ভাল৷ স্বাভিমান ৰাখি জীয়াই থাকিব পৰাটোতো শান্তি থাকে৷

তিয়া বহুত বস্তু দেখি অনুভৱ কৰো মানুহ অহংকাৰী হোৱাৰ আৰঁত একোটা কাহিনী অথবা এখিনি মানুহ থাকে৷ সেই মানুহখিনিৰ ব্যৱহাৰে মানুহক সলনি কৰে৷ মানুহক বুজি পোৱাত সহায় কৰে যে প্ৰতিজন মানুহ একেই নহয়৷ সকলোৰে লগত ভাল হৈ থকা মানুহবোৰ হয় সুবিধাবাদী অথবা এখন আবুৰেৰে নিজক মেৰাই ৰাখি সুখী৷ মানুহ চিনি পাব লাগে৷ কোনোবাই জীৱন পথত কাৰোবাক এৰি যাবলৈ বিচাৰিছে তেখেতক হাঁহি হাঁহি অনুমতিহে দিব লাগে৷ এবাৰ গুছি যোৱাৰ বাটত ভৰি থলে তেওঁক জোৰ নকৰাই ভাল৷ এয়া সম্পৰ্কৰ ব্যৰ্থতা নহয়৷ যোৱাবোৰক নিজে বিচৰা মতে এৰি দিব লাগে৷ জোৰকৈ ধৰি ৰখা মানুহে জীৱনভৰ অভিযোগ এখিনি বুকুত বান্ধি জীয়াই থাকে৷ প্ৰাচীনকালৰে পৰা চলি অহা বিনিময় প্ৰথাটোৰ দৰেই জীৱনত আগবাঢ়িবলৈও প্ৰায়বোৰ ক্ষেত্ৰতে দিয়া আৰু লোৱাৰ চৰ্তই থাকে৷ তেওঁক মই ভাল পাওঁ অথচ তেওঁ মোক ভাল পাব নোৱাৰিলে৷ স্বৰ্গীয় দুই এটা সম্পৰ্কৰ বাহিৰে কোনো সম্পৰ্কই বিনাচৰ্তত নচলে৷ গতিকে জীৱনৰ যুঁজখনত লগ বিচাৰি থকাও ভুল৷ আনক নহৰুৱাকৈ নিজকে আগবঢ়াই নি জিকি যোৱাজনৰ সন্মুখত সমাজ হাৰি যায়৷ সফলতাৰ আটাইতকৈ ভাল লগা ক্ষণ সেইটোৱে৷

টকা-পইচা বা ভালপোৱা বুলিয়েই নহয় মানুহৰ ব্যস্ততা আৰু ব্যক্তিত্বৰ পাৰ্থক্যয়ো মানুহক মানুহৰ পৰা আতঁৰাই আনে৷ সহজকৈ এনেকৈয়ে বুজি থব লাগে৷ আশে-পাশে থাকিল বুলিয়েই সকলোৰে ব্যক্তিগত কথাবোৰ খবৰ নল’লেই ভাল৷ বহুত সম্পৰ্ক এটা দূৰত্বতহে সুন্দৰ আৰু আকাংক্ষিত হৈ থাকে৷ প্ৰতিজন মানুহ প্ৰতিজনৰ বাবে ৰৈ থাকিবও নোৱাৰে৷ এনেও জীৱনৰ বেয়া সময়ত লগ এৰাসকল আপোন নহয়৷ সংঘৰ্ষৰ দিনবোৰত বা আৰ্থিকভাৱে অসমৰ্থ সময়ত নিজকে অকলশৰীয়া পোৱা মানুহে বিফলতা আৰু দৰিদ্ৰতাৰ ওজন বেছিকৈ অনুভৱ কৰে৷ গতিকে নিজৰ কষ্টৰ শেষত অহা প্ৰাপ্তিত অলপ অহংকাৰ প্ৰতিজন মানুহৰেই অধিকাৰ৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top