আবেগ আৰু বিবেকৰ
ঠিক যেন, আই আৰু পিতাইৰ দৰে
আইয়ে ৰ’দৰ ঠিকনা বিচাৰে
আৰু পিতায়ে বৰষুণ১…!
আইৰ সাধুত টোপনি যাওঁ
পিতাইৰ সাহসত থিয় হওঁ৷ ৷
যুগল বন্দীত্বত প্ৰেম আৰু বিষাদ
বিচাৰি হাবাথুৰি খাওঁ,
এমুঠি নিভাঁজ ভালপোৱা
ঠিক আই আৰু পিতাইৰ দৰে৷
কোনো কৃত্ৰিমতাই স্পৰ্শ কৰিব নোৱাৰা
এক যুগলবন্দী… ঘাম আৰু বোকাৰ
নৈপৰীয়া মাটিদৰা যদি মোৰ আই
আইক জীপাল কৰা পলসখিনি মোৰ পিতাই৷৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]