
যোৱা সংখ্যাৰ পিছৰ পৰা…
শেষ শাওণৰ অহৰহ বৰষুণ যোৱা তিনিদিন ধৰি ঢালিয়ে আছে৷
সেই বৰষুণজাকৰ সৈতে ফেৰ মৰাৰ দৰে মালতী আৰু তাইৰ মাকৰ চকুৰেও সমানে পানী ওলাইছে৷ বানে সকলো উটাই নিয়া মানুহ এজনৰ দৰে দুেয়া এতিয়া অসহায় হৈ পৰিছে৷ নিঃশব্দে ভিতৰি ভিতৰি কান্দিলেও পৰিত্ৰাণৰ কোনো বাট বিচাৰি পোৱা নাই৷
চ’ৰাঘৰটোতে সনাতন দাস বহি আছিল এটা মূৰ্তি হৈ৷ কোনোবাই হাত ভৰি বান্ধি গৰু গোহালিত নি পেলাই দিয়াৰ দৰে তেওঁ অসহায় অনুভৱ কৰিছিল৷ কি কৰিব কি নকৰিব, কি ক’ব সেইখিনিও তেওঁৰ বিবেকে কাম কৰা নাই৷
কথামতে গণেশ পূজাৰ সময়ত মালতী ঘৰলৈ অহাৰ কথা৷ তেতিয়ালৈকে ৰাস্তাৰ কামো শেষ হৈ গ’ল হয়, আৰু নৈ পাৰ হৈ নহাকৈ আৰামতে নতুন ৰাস্তাই দি আহিব পাৰিলেহেঁতেন৷ কিন্তু কোনো খবৰ খাতি নিদিয়াকৈ তিনিদিনৰ আগতেই যে তাই হঠাৎ সন্ধিয়াপৰত ঘৰ আহি ওলাব, সেইয়া কোনেও কল্পনাই কৰা নাছিল৷ মাক-দেউতাকে তাইক দেখি যিমান সুখী হৈছিল তাতকৈ বেছি সুখী হৈছিল তাইৰ চাকৰিটো হৈ যোৱা বুলি শুনি৷ সনাতন দাসে ফূৰ্তিতে জীয়েকক কৈছিল, “দেখিলি নে মা! ককায়েৰাই তোক পঠিয়ালে বুলিহে, নহ’লেতো এই পাটপুৰতে পৰি থাকিল হয় নহয়?”
কিন্তু সেই সময়ত মাক-দেউতাকে সপোনতো ভবা নাছিল এই ভাল খবৰটোৰ লগতে আৰু এটা বেয়া খবৰো শুনিব লাগিব বুলি৷
এফালে যদি গাওঁখনৰ ভৱিষ্যতৰ কথা আহি পৰিছিল, আনফালে নিজৰ ছোৱালীজনীৰ জীৱনৰ লগতে ঘৰৰ মান-সন্মানৰ কথাই মূৰ তুলি থিয় হৈছিল৷ সনাতন দাসৰ সমুখত এতিয়া এক মহা বিপদ৷
এতিয়ালৈকে এই কথাটো ৰমাকান্তৰ কাণত গৈ পৰা নাই৷ খুব সাৱধানে তিনিওজনে তাৰ পৰা কথাটো লুকুৱাই ৰাখিছে৷ ককায়েকলৈ মালতীৰ সাংঘাতিক ভয়৷ কথাটো শুনাৰ লগে লগে সি কি কৰে তাৰ কোনো ভৰসা নাই৷ আনকি মালতীক ডিঙি চেপি নৈত পেলাই থৈ আহিবও পাৰে৷
মালতী স্কুলত পঢ়ি থকাৰ সময়ত পাটপুৰত এবাৰ এনেকুৱা এটা ঘটনাই ঘটিছিল৷ ছোৱালী এজনী শিক্ষকৰ প্ৰেমত পৰি পৰিস্থিতি গৰ্ভধাৰণলৈকে গুচি গৈছিল৷ ইফালে মাষ্টৰজন আছিল বিবাহিত৷ যেই এই কথাটো গম পালে, তেওঁ লগে লগে দূৰৈৰ আন এখন স্কুললৈ নিজৰ বদলি কৰোৱাই ল’লে আৰু এইফালে গাৱত ছোৱালীজনীৰ দুয়োটা ককায়েকে তাইক চাবলেৰে নেলু ফুটাই মাৰি পেলালে৷ তেতিয়া পাটপুৰৰ খবৰ গাঁৱৰ পৰা গৈ গোপীনাথপুৰ পাওঁতেই সাতদিন লাগিছিল৷ পিছতহে দূৰৈৰ সম্পৰ্কীয় মানুহেবাৰে ছোৱালীজনী মৰিল বুলি গম পালে, যেতিয়া মাক-বাপেকে নিজে নৰিয়াত পৰি জীয়েক মৰাৰ খবৰ পঠিয়ালে৷
কথাটো মনত পৰাৰ লগে লগে মালতীৰ হাত-ভৰি কঁপি উঠিল৷ তাইৰ দেউতাকে যদি শুভেন্দুৰ বিয়াৰ প্ৰস্তাবক প্ৰত্যাখান কৰে, তেতিয়া ককায়েকে তাইৰ কি দশা কৰিব, ভাবিয়েই ভয়তে মালতী কোচ্মোচ্ খাই গৈছিল৷ কাৰণ তাই জীৱনটোক এতিয়াই শেষ কৰি পেলাব বিচৰা নাই৷ তথাপিও তাইৰ মনত এটা বিশ্বাস আছিল হয়তো দেউতাকে তাইক হতাশ নকৰিব৷ দেউতাকৰ একমাত্ৰ মৰমৰ জীয়ৰী তাই৷ দেউতাকৰ অপাৰ মৰমক তাই ভালকৈয়ে চিনি পায়৷
চ’ৰাঘৰটোৰ খিৰিকিখনৰ কাষতে বহি সনাতন দাসে গাঁৱৰ ৰাস্তাটোলৈ চাই আছিল৷ নিজৰ পৰিয়ালৰ ভৱিষ্যতৰ দৰে বৰষুণৰ কোবত সমুখৰ ৰাস্তাটোও ধুঁৱলি-কুঁৱলি দেখিছিল তেওঁ৷ প্ৰয়োজনত দুনিয়াৰ বিৰুদ্ধে যুঁজি যোৱা মানুহ সনাতন দাস৷ নিজৰ জীৱনকালত কোনোদিনে কালৈকো ভয় কৰা নাছিল৷ কিন্তু আজি, নিজৰ জীয়েকেই তেওঁক পংগু কৰি পেলালে৷
যোৱা দুমাহত ৰমাকান্তই লুলু বিশ্বৱালৰ সৈতে মিলি মহাবীৰ কোম্পানি আৰু এন.টি.পি .চিৰ প্ৰকল্পৰ বিষয়ে ভালেখিনি তথ্য সংগ্ৰহ কৰিছিল৷ এন.টি.পি.চি ১ প্ৰকল্পটো যদি সঁচাকৈয়ে নৈৰ ফালে বহোৱা হয়, তেনেহ’লে আৰু এই পাটপুৰ গাঁৱত এটা মানুহো থাকিব নোৱাৰিব৷ উত্তাপ পৰিবহন সমস্যাৰ ফলত তাপমাত্ৰা ইমান বৃদ্ধি পাব যে গাঁৱৰ খেতি মাটিত ঘাঁহ বন এডালো গজিব নোৱাৰা হ’ব৷ মানুহৰ শ্বাস-নিশ্বাসত অসুবিধা আহি পৰিব আৰু অৱশেষত উপায়ন্তৰ হৈ পাটপুৰ এৰি মানুহখিনিয়ে যাবলৈ বাধ্য হৈ পৰিব৷ ঠিক এই সময়তে মানুহখিনিৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ পাটপুৰৰ পৰা দহ কিলোমিটাৰ দূৰৈত সাজি থকা হৈছে এক অস্থায়ী ক’লনি৷ তাতেই চৰকাৰে পাটপুৰৰ মানুহখিনিক ইয়াৰ পৰা উঠাই নি ৰখাৰ কথা চলি আছে৷ এই দুয়োটা কোম্পানিয়েই পাটপুৰ গাওঁখনক দুফালৰ পৰা চেপেনা এডালৰ দৰে এনেকৈ চেপি ধৰিছেহি, যাৰ কবলৰ পৰা ৰক্ষা পোৱাটো বৰ এটা সহজ নহ’ব৷ আনহাতে নিজৰ ভেটি-মাটি এৰি আন এডোখৰ ঠাইত গৈ থকাটোও জানো গাঁৱৰ মানুহখিনিৰ কাৰণে সহজ? তেওঁলোকৰ খেতি মাটি, পাচলি -বাৰী, ক্ৰীয়াকৰ্ম কৰা মৰিশালী, মঠ-মন্দিৰ, নৈ-ঘাট সকলোতে এই পাটপুৰতেই ৰৈ যাব৷ ৰৈ যাব তেওঁলোকৰ জীৱনৰ ক’ত যে স্মৃতি৷ তাতোকৈ ডাঙৰ কথা ইয়াৰ পৰা উঠি গৈ এই মানুহখিনিয়ে সেই কুটা ঘাঁহ এডালো নগজা মাটিখিনিত কৰিব কি? এনেকুৱা ভগনীয়া জীৱনতকৈ মৰি যোৱাই সকলোৰে কাৰণে ভাল – সনাতন দাসে ৰাস্তাটোলৈ চাই চাই মনতে ভাবিলে৷
“নিজৰ ভেটি-মাটি ডোখৰৰ কাৰণে মোহ থকাৰ কথাই জানো অকল কথা? দুমুঠি যোগাৰতো কৰিব পাৰিব লাগিব! ইয়াত অন্ততঃ কোনোবাই অলপ মাটিতে অকণমান খেতি কৰি খাই আছে, কোনোবাই পাচলি লগাইছে, কোনোবাই গৰু-ছাগলী পুহি, কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দি আছে৷ হঠাৎ ইয়াৰ পৰা উঠাই নি সেই বন্ধ্যা মাটিত এৰি দিলে মানুহখিনিয়ে কি কৰি খাব? মহাবীৰ কোম্পানিয়ে জানো এই গোটেইবোৰ মানুহকে কাৰখানাৰ চাকৰি দিব পাৰিব? এতিয়া কাৰোবাৰ পুতেক মৰিলে, বা নিজৰ মানুহজন পংগু হ’লে অন্ততঃ মাইকী মানুহজনীয়ে সেই মাটিখিনিতে কিবা অলপ কৰি ঘৰখন চলাই নিব পাৰিছিল৷ ফচল দিয়া মাটিখিনিয়ে যদি গুছি যায়, তেতিয়া এই মানুহখিনিৰ ভৱিষ্যত নিৰাপত্তা ক’ত থাকিল? বজাৰত লোহাৰ দৰ কমি গ’লে কোম্পানিয়েও নিজৰ কাৰখানা বন্ধ কৰি ইয়াৰ পৰা গুছি যাব৷ তাৰ পিছত? তাৰ পিছত আকৌ আন বেলেগ কোনোবা আহিব৷ কিন্তু তেতিয়া জানো পাটপুৰৰ মানুহখিনিয়ে নিজৰ মাটি চাকৰি ঘূৰাই পাব? ” লুলু বিশ্বৱালে কোৱা কথাবোৰ মনতে পাগুলি থাকিল সনাতন দাসে৷
কাৰখানা বহোৱাকলৈ সনাতন দাসে কোনোদিনে বিৰোধিতা কৰা নাই৷ তেওঁতো নিজেই বিচাৰে মানুহৰ প্ৰয়োজন অনুসৰি কল-কাৰখানা এই গাঁৱত হওঁক৷ সেই কথা স্বয়ং মহাত্মা গান্ধী আৰু এই গাঁৱৰেই জননেতা বিপ্লৱী চক্ৰধৰে কৈ গৈছিল৷ পাটপুৰত যদি খেতি কৰিবলৈ পানী যোগানৰ ব্যৱস্থা থাকিল হয়, ইয়াৰ খেতিয়কখিনি অন্ততঃ স্বাৱলম্বী হ’লহেঁতেন৷ কিন্তু আজিলৈকে চৰকাৰৰ তৰফৰ পৰা এনে কোনো ব্যৱস্থাই নহ’ল৷ ডায়েৰী ফাৰ্ম কৰক৷ গাঁৱৰ মানুহখিনিয়ে গৰু পুহি গাখীৰ যোগান ধৰিব আৰু তাৰ পৰা দুই পইচা অৰ্জন কৰিব৷ আটাৰ মিল বহোৱা যাওক, কুকুৰা ফাৰ্ম খোলক, আচাৰ বনোৱাৰ কাৰখানা পাতক৷ শীতলীকৰণ ভাণ্ডাৰৰ ব্যৱস্থা কৰক৷ মানুহখিনিয়ে তাত শাক, পাচলি, মাছ, কেকোঁৰা আদি নষ্ট নোহোৱাকৈ থৈ ব্যৱসায় কৰিব পাৰিলেহেঁতেন৷ কিন্তু ইমানবোৰ বহুৱাব পৰা কাৰখানা থকাৰ পিছত উন্নতিৰ নামত পাটপুৰত ইস্পাট কাৰাখানাহে বহুৱাবলৈ চৰকাৰৰ বেছি আগ্ৰহ কিয়! অতদিনে গাওঁখনত খোৱা আৰু খেতি পথাৰলৈ পানী যোগান ব্যৱস্থা এটা চৰকাৰে কৰিব নোৱাৰিলে৷ এটা স্থায়ী ৰাস্তাৰ কাৰণে আজি বাসত্তৰ বছৰ লগি গ’ল৷ কিন্তু এতিয়া কোম্পানি আৰু চৰকাৰে মিলি মানুহখিনিক ইয়াৰ পৰা খেদি পঠিওৱাৰ ষড়যন্ত্ৰত উঠি-পৰি লাগি গৈছে৷ ধানৰ কল এটা নথকা পাটপুৰ গাঁৱৰ প্ৰতি মহাবীৰ কোম্পানীৰ ইমান সহানুভূতি কিহৰ? এই গাওঁখনৰ মানুহৰ জীৱন কি ইমান সস্তীয়া বুলি ভাবি লৈছে সি হঁতে! লগে লগে সনাতন দাসে থিৰাং কৰিলে, হাজাৰ হওক এই গাওঁ এৰি তেওঁলোক ক’তো নাযায়৷ ইয়াতেই জন্ম হৈছে যেতিয়া, মৰিবও ইয়াতেই৷ এই নুআ নৈৰ পাৰত থকা মৰিশালীতেই তেওঁলোকৰ চিতা জ্বলিব৷
কিন্তু কাৰখানা নবহিলে যে শুভেন্দুৰ চাকৰিটো গুচি যাব আৰn ¸চাকৰি নাথাকিলে সি তেওঁৰ ছোৱালীকো বিয়া নকৰাব! গৰ্ভাৱতী মালতীৰ বিয়াখন যদি এতিয়াই হৈ নাযায়, তেতিয়াহ’লেতো সনাতন দাসে গাঁৱত কাৰো আগতেই মুখ উলিয়াব নোৱাৰা হ’ব!
আজিৰ দৰে অসহায় আগতে কেতিয়াও সনাতন দাসে অনুভৱ কৰা নাছিল৷ কি কৰে এতিয়া তেওঁ? নে জীয়েকৰ ডিঙিত বালিৰে ভৰা কলহ এটা ওলোমাই নুআনৈখনতে উঠাই দিব৷ এজনী জীয়েকৰ কাৰণে তেওঁ গাঁৱৰ ডেৰ হাজাৰ মানুহৰ লগত কোনোপধ্যেই বিশ্বাসঘাতকতা কৰিব নোৱাৰে৷ তেওঁ সভাপতি নহ’লেও কিবা এটা হ’লেইচোন গাঁৱৰ মানুহখিনিয়ে সদায় সনাতন দাসৰ মুখলৈকে চায়৷ উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলে ইমান নীতি কৌশল প্ৰয়োগ কৰাৰ পিছতো মানগোবিন্দ মহাপাত্ৰই এইখন গাঁৱৰ পৰা ভোট নাপায়৷ গতিকে এই গাঁৱৰ মানুহখিনিৰ ডিঙিত সনাতন দাসে কেনেকৈ খুকুৰিৰে ৰেপি দিব? তাকো নিজৰ ছোৱালীৰ স্বাৰ্থত, যিয়ে এনে কাম কৰাৰ আগতে এবাৰো নিজৰ মাক-দেউতাক বা ঘৰখনৰ কথা ভাবি নাচালে৷ তেনেকুৱা সন্তানৰ কাৰণে গাঁৱৰ মানুহখিনিক কিয় অনাদৰ কৰিব? যিয়ে ভুল কৰিছে শাস্তিও সিয়েই পাব৷
কিন্তু পিছ মুহূৰ্ততে মানুহজনৰ মনতো আকৌ দুৰ্বল হৈ পৰিল৷ পঢ়াশুনাৰ পৰা আৰম্ভ কৰি কোনো ক্ষেত্ৰতে ছোৱালীজনী পিছ পৰা নাছিল৷ কিনো গ্ৰহ দোষে লম্ভিলে তাইৰ গাত, নভবা-নুশুনাকৈ এনেকুৱা এটা কাম কৰি পেলালে! সনাতন দাসৰ এতিয়াহে মালতীৰ মাক আৰু পুতেকে অত দিনৰ পৰা কৈ থকা কথাটো সঁচা যেন লাগিছে৷ মালতীৰ মাকে বহুদিনৰে পৰা তাইৰ বিয়াখন পাতি দিয়াৰ কথা কৈ আছিল৷ কিন্তু ছোৱালীৰ মোহতহে সেইবোৰক আওকাণ কৰি আছিল৷ কিন্তু ছোৱালীজনী যে হঠাৎ ইমান ডাঙৰ হৈ যাব, সেই কথা তেওঁ কল্পনাই কৰা নাছিল৷ আজিও মালতী তেওঁৰ কাৰণে সেই কণমানি ছোৱালীজনীৰ দৰেই৷ কিন্তু আজি তেওঁ অনুভৱ কৰিছে, যে এনেকৈ সময়বোৰ যাবলৈ দি কিমান ডাঙৰ ভুল কৰি পেলালে৷ ৰমাকান্তই বাৰে বাৰে তাইক এই নাচ-গান, নাটকলৈ নপঠিয়াবলৈ তেওঁলোকক কৈছিল৷ কিন্তু জীয়েকৰ মনটো ৰাখিবলৈকে তেওঁ তাইক যাবলৈ দিছিল৷ এই পাটপুৰত কিবা কৰিবলৈ আৰু আছেনো কি? নাচ-গানত ভাগ ল’লে, জীয়েকৰ মনটো ভাল লাগি থাকিব, তাইৰ লুকাই থকা প্ৰতিভা ওলাই অহাৰ সুযোগ পাব৷ ৰমাকান্তইতো আৰম্ভণিৰে পৰা এই শুভেন্দু পট্টনায়কক শনি গ্ৰহ বুলিয়েই কয়৷ তেতিয়া গুৰুত্ব নিদিলেও এতিয়া সনাতন দাসে বুজি পাইছে ৰমাকান্তই যে ঠিক কথাই কৈছিল৷
ঃ ৰাতিপুৱাৰ পৰা খোৱা-বোৱা নকৰাকৈ সেই একে ঠাইতে বহি আছে! গা বেয়া নহ’ব আপোনাৰ? – ৰমাকান্তৰ মাকে সনাতন দাসক কথাষাৰ কৈ খাবলৈ মাতিলে৷
দেৱালত ওলমি থকা ঘড়িটোলৈ চালে সনাতন দাসে৷ আবেলি তিনিটা বাজিবৰ হ’ল৷ সচৰাচৰ তেওঁলোকৰ ঘৰত ডেৰটাৰ আশে -পাশে দুপৰীয়া খোৱা-বোৱা শেষ হৈ যায়৷ কিন্তু আজি বহু পৰ হৈ গ’ল৷ বৰষুণৰ বতৰ কাৰণে হয়তো সময়ৰ হিচাব পোৱা নগ’ল৷ বাহিৰলৈ চাই চাইয়েই সনাতন দাসে সুধিলে, “ৰমাকান্ত আহিল নে কি?”
ঃ নাইপোৱাহি৷ –চমুকৈ উত্তৰ দিলে ৰমাকান্তৰ মাকে৷
ঃ তহঁতি খাই ল৷ মোৰ ভোক লগা নাই৷ ই আহি লওক৷ তাৰ লগতে খাম৷
মানুহজনৰ কথাত তেওঁ কি উত্তৰ দিব একো বুজি নাপালে৷ মাত্ৰ দুৱাৰ মুখতে থিয় হৈ তেওঁৰ ফালে চাই থাকিলে৷ কিছু সময় ৰৈ চাদৰৰ আঁচলটোৰে চকুপানীখিনি লাহেকৈ মোহাৰি ক’লে, “এনেকৈ বহি থাকিলে জানো সমস্যাৰ সমাধান হ’ব৷ ছোৱালীজনীৰো অৱস্থা আৰু চাব নোৱাৰা হৈছোঁ৷ আৰু অহা কিছুদিনৰ ভিতৰতস্খস্খ৷ ”
এইবাৰ সনাতন দাসৰ ভীষণ খং উঠি গ’ল৷ পেটৰ ভোক আৰু মনৰ ৰাগত মানুহজনে প্ৰচণ্ড ৰূপ ধাৰণ কৰি চিঞৰি মালতীৰ মাককে ক’লে, “মই গম নাপালেও, তই মাকজনী হৈ কেনেকৈ গম নাপালি? ইমান দ্বায়িত্বহীন মাক নে তই? লাজ লগা নাই৷ ”
মানুহজনৰ পৰা অপবাদ পাই মালতীৰ মাক আৰু তাত ৰৈ নাথাকিল৷ কান্দি কান্দি আনটো কোঠালৈ গুচি গ’ল৷ তেওঁৰ মন গৈছিল কৰ’বাত গৈ চিপ ল’বলৈ৷ ইমান ককৰ্থনা আৰু শুনিবলৈ তেওঁৰ মন নাই৷
ঃ কি কথা বৌতিয়ে গম নাপালেনো?
Êঃ কোন, ৰমা নে কি? -–পিছলৈ চাই দোধোৰ-মোধোৰত পৰি সনাতন দাসে সুধিলে৷
সনাতন দাসে লগে লগে নিজৰ ভুল উপলব্ধি কৰিলে৷ ইমান ডাঙৰকৈ কোৱাটো ঠিক নহ’ল৷ বৰষুণ বুলিহে ৰাস্তাত মানুহ নাই৷ নহ’লেতো সনাতন দাসৰ চিঞৰ বাটৰুৱাৰো কাণত পৰিল হয়৷
ঃ কি কথা বৌতিয়ে গম নাপালে? –ৰমাকান্তই আকৌ এবাৰ সুধিলে৷
কিন্তু উত্তৰত কি ক’ব সনাতন দাসে বুজিহে নাপালে৷ পুতেকক তেওঁ ভালকৈয়ে চিনি পায়৷ নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ নথকা ল’ৰা সি৷
সনাতন দাসে মৰমৰ সুৰত এইবাৰ ক’লে, “কম বাৰু৷ আগে খাই লওঁগে ব’ল৷ ইমান দেৰিলৈকে ক’ত আছিলিনো?”
তথাপিও ৰমাকান্তৰ মনৰ খুদুৱনি আতৰ নহ’ল৷ সি ক’লে, “মই মন কৰিছোঁ, গোটেইবোৰে মিলি মোৰ পৰা কিবা লুকুৱাৰ চেষ্টা কৰি আছ৷ মালতী অহা দিনৰ পৰাই ঘৰখন কিবা নিমাওমাও হৈ পৰিছে৷ তাই কি নিজে কৰ’বাত ল’ৰা পছন্দ কৰি থৈছে নেকি? আৰু যদি থৈছেও তাত আমাৰ বেয়া পাবলগীয়া কিনো আছে?”
কথাটো সিমানতে শেষ হোৱা হ’লেতো কথা নাছিল৷ সনাতন দাসে তাক ভাত খাবলৈ মাতি ক’লে, “ব’লচোন আগে খাই লওঁ৷ খাই উঠি কথাখিনি আলোচনা কৰিম৷ আচ্ছা জনস্বাৰ্থৰ বিষয়ে আৰু কিবা আলোচনা হ’লনে?”
ঃ অৰ্জুন বাবাজীয়ে নিজৰ ফালৰ পৰা বেলেগেকৈ এটা কেচ দিব আৰু তাৰ লগতে গাঁৱৰ মানুহখিনিৰ তৰফৰ পৰাও আন এটা কেচ ৰজু কৰা হ’ব৷ উকিলৰ লগত আলোচনা কৰি পেটিচন টাইপ কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ উকিলজনৰ সহকাৰীজনে এতিয়া অলপ পইছা জমা দিবলৈ কৈছে৷ পিটিচনৰ মূল কথাটো হৈছে যে গাওঁসভা নপতাকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত কেনেকৈ লোৱা হ’ল৷ অৰ্জুন বাবাজী কটকলৈ গৈছে৷ বোধহয় কালি গধূলি মানে ঘূৰি আহিব৷
সনাতন দাসে কথাটো সুধিলে যদিও, উত্তৰ শুনালৈ অকনো আগ্ৰহ নাছিল৷ এতিয়া ঘৰৰ সমস্যাটো গাঁৱৰ সমস্যাতকৈয়ো বেছি গুৰুতৰ হৈ পৰিছে, য’ৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো বাট-ঘাট তেওঁ বিচাৰি নোপোৱা হৈছৈ৷
আজি প্ৰথমবাৰলৈ সনাতন দাসে হাতযোৰ কৰি ছোৱালীজনীৰ জীৱন আৰn ¸ঘৰখনৰ মান-সন্মান ৰক্ষাৰ হকে ঈশ্বৰৰ ওচৰত তুতি -মিনতি কৰিছে৷ নিজৰ প্ৰজেক্টটোলৈ উভতি আহি শুভেন্দু যিমান উৎসাহী হৈছিল, গাওঁখনৰ তৰফৰ পৰা দুটাকৈ কেচ ৰুজু হোৱা বুলি শুনি তাৰ দুগুণ হতাশ হৈ পৰিছিল৷ কাৰণ সি ভালকৈ জানে ভূমি উচ্ছেদক লৈ কোৰ্ট কিমান সংবেদনশীল৷ এবাৰ ষ্টে -অৰ্দাৰ লাগি যোৱা মানে পাটপুৰৰ কাম কিমান দিনলৈ বন্ধ হৈ যাব তাৰ কোনো ঠিকনা নাই৷ শুভেন্দুৰ উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলৰ ওপৰত বৰ খঙ উঠিল৷ এতিয়ালৈকে কমেও পচিশ- ত্ৰিছ হাজাৰ মান কোম্পানিৰ পৰা সৰকালে৷ তাৰ পিছতো গাঁৱৰ মানুহখিনিক মেনেজ কৰিব নোৱাৰিলে৷ সেইখিনি নোৱাৰিলেও অন্ততঃ কোৰ্টৰ লেঠাখিনিক চম্ভালিব লাগে৷ পাটপুৰৰ মানুহখিনিক ইয়াৰ পৰা গৈ উকিলৰ পৰা পৰামৰ্শ লোৱা, পিটিচন লিখা, তাৰ পিছত সেইখন কোৰ্টত উপস্থাপন কৰা, এইবোৰ কৰোতে নি(য় ভালেখিনি সময় লাগিছে৷ এইখিনি সময়তেই তেওঁলোকে একো এটা যোগাৰ কৰিব নোৱাৰিলে? আনকি শুভেন্দুৰ সিদ্ধাৰ্থৰ ওপৰত খং উঠিছিল৷ সিনো কেনেকৈ এই কথাটোৰ ভু-নাপালে?
কোম্পানিৰ অতিথি ভৱনতে বহি শুভেন্দুৱে নিজৰ ষ্ট্ৰেটেজী কি হ’ব চিন্তা কৰিব ধৰিলে৷ আগে কথাটো কোম্পানিৰ লিগেল ডিপাৰ্টমেণ্টক জনাব লাগিব৷ তাৰ পিছত হাইক’ৰ্টত এটা ফাইল কৰিব লাগিব৷ নহ’লে কেচটো নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব৷ দ্বিতীয় কাম হ’ল -মিডিয়াক হাত কৰা৷ অৰ্জুন বাবাজীৰ বেশ-ভূষা, পাটপুৰ গাঁৱৰ মানুহেবাৰৰ খাবলৈ নোপোৱা চেহেৰা আৰু লগতে সনাতন দাসৰ পুতেকৰ উত্তেজনামূলক ভাষণ মিডিয়াৰ কাৰণে এটা ভাল মচলাদাৰ খবৰ হৈ পৰিব৷ আজি কালিতো ৰাস্তাই ঘাটে জেঠী এটা মাৰিলেও টিভিত ব্ৰেকিং নিউজ হৈ পৰে৷
এনেকুৱা সময়ত পাটপুৰ গাঁৱত উচ্ছেদৰ ষড়যন্ত্ৰ, জাতীয় স্তৰৰ খবৰ হৈ পৰাটো কোনো অসম্ভৱ কথা নহয়৷ আৰু ইয়াৰ লগতে তাৰ নিজৰ ভৱিষ্যতে জানো সাঙোৰ খাই থকা নাই? কোম্পানিৰ কাম আকৌ পিছুৱাই যোৱা মানে তাৰ চাকৰিৰ ওপৰতো প্ৰশ্নবোধক চিন আহি পৰা৷ কথাবোৰ ভাবোতে ভাবোতে শুভেন্দুৰ মূৰটোৱে কাম নকৰা হৈ পৰিছে৷ কি কৰিলে ভাল হ’ব – ভদ্ৰকৰ পৰা পাটপুৰলৈ যাব, নে ভুৱনেশ্বৰ উভতি যাব, নে কটকলৈ গৈ কোম্পানিৰ উকিলৰ পৰামৰ্শ ল’ব? শুভেন্দুৰ হাতৰ পৰা সময় লাহে লাহে উকলিব ধৰিছে৷ এতিয়াতো মালতীৰ জৰিয়তে তাইৰ পৰিয়ালক ব্লেক মেইল কৰা কথাটো গৌণ হৈ পৰিল৷ প্ৰথমতে সিটো ভাবিছিল এই কৌশলেৰে প্ৰজেক্টটো সফল কৰাৰ চাবি-কাঠি হাত কৰি ল’ব বুলি৷
ঠিক সেই সময়তে হঠাৎ শুভে ন্দুৰ মনত আন এটা বুদ্ধি খেলালে৷ লগে লগে তাৰ মুখত এটা চয়তানৰ হাঁহি বিৰিঙি উঠিল৷ নৰোত্তম মণ্ডলৰ পুতেক আৰু কৰুণাকাৰ তাক লগ ধৰিবলৈ আহি আছে৷ এতিয়ালৈকে আহি পোৱা নাই যদিও, অলপ পিছতে পাবহি৷ ইন্দ্ৰমণিটোক কৈ লাভ নাই৷ সি এটা ইম’চনেল ফুল৷ সেই কাৰণে আজি তাক শুভেন্দুৱে মাতাও নাই৷ ইহঁত দুয়োটাকে কৈ তাৰ নতুন পৰিকল্পনাটো ছল-কৌশল কৰি হ’লেও কাৰ্যকৰী কৰিবই লাগিব৷ এই বাৰিষাৰ সময়খিনিয়েই তাক এই কামত সহায়ো কৰিব৷
শুভেন্দুৱে ৰুমৰ কলিং বেলটো বজালে৷ অতিথি ভৱনৰ পিয়নজন অহাৰ লগে লগে শুভেন্দুৱে ক’লে, “পাটপুৰৰ পৰা দুজন মানুহ আহিব এতিয়া৷ তেওঁলোকৰ কাৰণে চাহ-জলপানৰ ব্যৱস্থা কৰিবা আৰু তেওঁলোকৰ খোৱা হ’লে মোৰ ওচৰলৈ পঠিয়াই দিবা৷” কথাখিনি শুনি পিয়নজন গুছি গ’ল৷
শুভেন্দুৱে আকৌ ভাবত বিভোৰ হৈ পৰিল৷ কোম্পানিৰ জেনেৰেল মেনেজাৰ তাৰ কথাত ইমান খুচ হ’ব বুলি সি সমূলি ভবা নাছিল৷ আনকি নিজৰ কাম কৰাৰ কৌশলৰ ওপৰতে তাৰ লাহে লাহে সন্দেহ হ’ব ধৰিছিল৷ সিটো ভাবিছিল হনি ট্ৰেপিঙৰ কথাটো জি. এমে উৰুৱাই দিব বুলি৷ কিন্তু তেখেতচোন উলটি খুচহে হ’ল৷ আনকি তাৰ কাৰণে শুভেন্দুৰ পকেটত দামী কলম এটাহে গুজি দিলে৷ সঁচাই ইমান বিশ্বাসযোগ্য লাগিলনে তেওঁৰ এই পৰিকল্পনাটো৷ গতিকে এতিয়া কিবা কৰি হ’লেও এই প্ৰজেক্টটো সফল কৰিবই লাগিব৷ কাৰখানাৰ মাটিৰ পৰিসীমাৰ চাৰিওফালে পকী দেৱাল থিয় কৰোৱাই দিয়াটোৱেই হৈছে তাৰ এতিয়া মূল লক্ষ্য৷ কিন্তু ইমান সহজে জানো হোৱাৰ সম্ভাৱনা আছে?
শুভেন্দু আকৌ হতাশ হৈ পৰিল৷ ড্ৰয়াৰৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে৷ মনতে সি ভাবিলে– মালতী কটকত থকাৰ সময়তেই কামখিনি আগুৱাই নিয়া ভাল৷ তাই পাটপুৰ ঘূৰি গ’লে তাৰ কামত জটিলতা অনাৰহে সম্ভাৱনা আছে৷ তাৰ আগতেই যদি তাৰ নতুন পৰিকল্পনাটো কাৰ্যকাৰী কৰিব পৰা যায়…
শুভেন্দুৱে অভিজ্ঞতাৰ পৰা শিকিছে যে ভাল দামী উকিল ধৰিব পাৰিলে, বহুত কিবা কিবি কৰিব পৰা যায়৷ গাঁৱৰ মানুহেবাৰ এনেও হেবাং৷ আইন-কানুনৰ মেৰ-পাক সিহঁতে বুজি নাপায়৷ এইখিনি সময়তেই যদি কোম্পানিৰ উকিলে পাটপুৰৰ উকিলক হাত কৰি ল’ব পাৰে, তেতিয়াহ’লেতো বহু কিবাই কৰিব পৰা যাব৷ হাইকোৰ্টৰ ৰেজিষ্টাৰত কেচটো অন্তৰ্ভূক্ত হৈ ৰায় দিয়ালৈকে কমেও এমাহেটা লাগিব৷ সিমানখিনি সময় তোৰ কাৰণে বহুত৷ অৱশেষত শুভেন্দুৱে স্থিৰ কৰিলে যে, আগে সি কোম্পানিৰ ল’ অফিচাৰক কথাটো জনাব৷ তেওঁৰ ফালৰ পৰা কৰিবলগীয়া যি আছে তেওঁ কৰি যাওক৷ তাৰ ভিতৰতে শুভেন্দুৱে নিজৰ পৰিকল্পনাৰে সকলো ঠিক কৰি পেলাব৷ ইফালে গোপীনাথপুৰৰ কেম্পত তাৰ মানুহ সাজু হৈ আছেই৷ এমাহৰ ভিতৰতে সোণপাহাৰৰ পৰা একে বাৰে নুআনৈৰ পাৰলৈকে কোম্পানিৰ ৱাল গঠাৰ কাম আগুৱাই লৈ যাব পাৰিব৷ ৱাল মানে একেবাৰে দহ ফুটিয়া ৱাল৷ মুঠতে কিবা কৰি হ’লেও মাটিখিনি কোম্পানিৰ দখললৈ আনিবই লাগিব৷
সি লগে লগে কোম্পানিৰ ল’-অফিচাৰ সৌভাগ্যক ফোন লগালে৷ শুভেন্দুৱে গোটেই কথাখিনি খোলা-খুলিকৈ তেওঁক ক’লে৷ কথা পাতি থাকোঁতেই শুভেন্দুৱে দেখিলে পিয়ন আহি দুৱাৰ মুখত কিবা ক’বলৈ ৰৈ আছে৷ শুভেন্দুৱে এবাৰ মোবাইলৰ ক’লৰে ৰেকৰ্ডিঙৰ সময় কিমান হৈছে চালে৷ পইত্ৰিছ মিনিট ইতিমধ্যে হৈ গৈছে৷ অহা কালি প্ৰয়োজন হ’লে কথাখি নি সি জি .এমক শুনাবও৷
পিয়নজনে ক’লে, “তেওঁলোক আহি পালেহি৷ মই জলপান দিও বুলি কওঁতে, আগে আপোনাৰ লগত দেখা কৰিব বুলি ক’লে৷ মই চাহ দি থৈ আহিছোঁ পিচে৷”
কেইটা বাজিল বাৰু? – শুভেন্দুৱে সুধিলে৷
ঃ চাৰে চাৰিটা ছাৰ৷ –পিয়নে উত্তৰ দিলে৷
“বাৰু তেওঁলোকে অলপ বহক৷ মই জি.এমৰ অফিচৰ মানুহৰ লগত কথা অলপ পাতি লওঁ৷ তাৰ পৰা অহাৰ পিছত পঠিয়াই দিবা৷” শুভেন্দুৱে ক’লে৷
পিয়নজন গুছি গ’ল৷
ভিতৰি ভিতৰি শুভেন্দু আস্তব্যস্ত হৈ পৰিছিল৷
এতিয়াতে উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলো পাটপুৰত নাই চাগে৷ গণ্ডগোলটো হোৱাৰ পিছৰ পৰা দুয়োজন আহি গোপীনাথপুৰত থকা বুলি শুনিছে৷ তেওঁলোকক কিবা কৰি হ’লেও যোগাযোগ কৰিব লাগিব৷
শুভেন্দুৱে আকৌ কলিং বেল বজালে৷
এইবাৰ পিয়নজনে হাতত কফি একাপ লৈ সোমাই আহিল৷
“পঠিয়াই দিয়া দুেয়াজনকে৷” শুভেন্দুৱে নিৰ্দেশ দিলে৷
নৰোত্তম মণ্ডলৰ পুতেক সুভাস আৰু কৰুণাকাৰ ভিতৰলৈ সোমাই আহিল৷ তেওঁলোকক দেখাৰ লগে লগে শুভেন্দুৱে উঠি আহি দুয়োজনৰ লগত হাত মিলাই সম্ভাষণ জনাই ক’লে, “আপোনালোক দুজনক ধৰিবই পৰা নাছিলোঁ৷ কম দিনৰ ভিতৰত ইমান পৰিৱৰ্তন! ”
কৰুণাকাৰৰ মুখত হাঁহি বিৰিঙি উঠিল৷ সি পিন্ধি আহিছিল দামী জিনছ্ পেণ্টৰ লগত এটা নীলা ৰঙৰ চাৰ্ট৷ হাতত দামী ঘড়ী৷ ডিঙিত সোণৰ মোটা চেইন আৰু দুইখন হাতৰে চাৰিওটা আঙুলিত চাৰিটা সোণৰ আঙুঠি৷ লগতে চকুত সোণালী ফ্ৰেমৰ চিকমিকাই থকা ক’লা চছমা৷ এই বেশত কৰুণাকাৰক দেখাত একেবাৰে এ-ক্লাছ কণ্ট্ৰেক্টৰৰ দৰে লাগিছিল৷ তাৰ তুলনাত সুভাসক অলপ সেমেকা যেন দেখা গ’লেও তাৰ আচৰণতো কিন্তু অহংকাৰ ফুটি উঠিছিল৷ দুেয়াটাই হাঁহিলে৷
“আমি আপোনালোকৰ কোম্পানিৰ কাৰণে দিন-ৰাতি এক কৰি লাগি গৈছোঁ৷ খাবলৈকো সময় নোপোৱা হ’লো, শুৱাৰ কথাটো বাদেই দিছোঁ৷” তাৰ পিছত সি সুভাসৰ ফালে চাই সুধিলে, “হয়নে নহয় সুভাস? মই মিছা কৈছোঁনে কি?”
সুভাসে ক’লে, “এই ঠিকাদাৰীৰ কামত ইমান খাটনি বুলি জনা হ’লে, মই বালাশ্বেৰত গৈ মিছা মাছৰ ব্যৱসায় কৰিলোঁ হয়৷”
তাৰ কথা শুনি কৰুণাকাৰ আৰু শুভেন্দু দুয়োৱে হাঁহিলে৷
“চাহ খাবা নে কফি?” শুভেন্দুৱে সুধিলে৷
ঃ নাই আমি খালোঁ৷
হাতত কফি কাপটো লৈ চোফাখনত ভৰিৰ ওপৰত ভৰি তুলি বহি শুভেন্দুৱে আৰম্ভ কৰিলে, “আপোনালোক দুেয়াজনৰ মাজত ঘৰুৱা সম্পৰ্ক হ’বলৈ গৈ আছে, তাৰ কাৰণে মোৰ ফালৰ পৰা দুয়োলৈ আগতীয়াকৈ আন্তৰিক অভি নন্দন থাকিল৷ ইন্দ্ৰমণি অহা হ’লে আৰু ভালকৈ কথাখিনি আলোচনা কৰিব পৰা গ’ল হয়৷ বাৰু বাদ দিছোঁ তেওঁৰ কথা৷
সঁচা কথা কওঁ কৰূণাকাৰবাবু, এই গাওঁখনত আপোনাৰ বাদে আৰু কাৰো ওপৰতেই মোৰ ভৰসা নোহোৱা হ’ল৷”
কথাষাৰ শুনি কৰুণাকাৰ উৎসাহিত হৈ পৰিল৷ হাঁহি হাঁহি সি ক’লে, “আপোনাৰ বদলি হৈ যোৱা বুলি শুনিটো আমিতো একেবাৰে ভাগিয়ে পৰিছিলোঁ৷ কিবা খালেও সোৱাদ নোপোৱাৰ দৰে হৈছিল৷ আপোনাৰ ঠাইত যিজন আহিছিল, এনে মানুহজন ভালেই কিন্তু আপোনাৰ দৰে গাঁৱৰ মানুহখিনিৰ লগত মিলি যোৱা বিধৰ নাছিল৷ কিবা এটা গপচত থাকিছিল মানুহজন৷”
ঃ সব অফিচাৰ জানো একে হয়৷ –সুভাসে ক’লে৷
ঃ সেইটোও হয়৷ –কৰুণাকাৰে উত্তৰ দিলে৷
ঃ আৰn ¸উদ্ধৱ বাবু আৰু নৰোত্তম বাবুৰ খবৰ কেনেকুৱা? –নজনাৰ ভাও জুৰি শুভেন্দুৱে সুধিলে৷
ঃ আপোনালোকৰ কামতেই দুেয়াজন লাগি আছে৷ ৰাতিপুৱা উঠিয়েই গোপীনাথপুৰলৈ আহি আপোনালোকৰ কোম্পানিৰ ঠিকাদাৰ, মেনেজাৰ, ছুপাৰভাইজাৰৰ সৈতে কথা-বতৰা হৈ হনুমান মূৰ্তি বনোৱা ঠাইখিনিলৈ আহে৷ তাৰ পিছত যায় মহাদেৱ মন্দিৰলৈ৷ তাৰ পৰা আকৌ ছাইটলৈ৷ মুঠতে দিনটো ঘূৰি ঘূৰি দুয়োজন একেবাৰে কংকালৰ দৰে হৈ পৰিছে৷ নিজৰ ঠাইৰ উন্নতিৰ নামত এনেদৰে খটা মানুহ হ’লে আমি পাটপুৰত আগে কেতিয়াও দেখা নাই৷ ইফালে বিধায়কেও সঘনাই খবৰ পঠিয়াই আছে৷ তেখেত ভদ্ৰকত আছে বুলি গম পাই সভাপতি আহি মাজতে তেওঁক লগ ধৰি গ’ল৷ মুঠতে আপুনি অকনো চিন্তা নকৰিব৷ এমাহৰ ভিতৰত সকলো কাম শেষ হৈ যাব৷
কৰুণাকাৰৰ ধূৰ্তালি দেখি শুভেন্দু হতবাক হৈ পৰিল৷ কিমান চতুৰতাৰে মিছা কথাখিনিক সঁচাৰ দৰে সজাই তাৰ আগত কৈ গ’ল৷
(অহা সংখ্যাত…)