কবিতা ইষ্টি(ৱাহিদ আহমেদ) – Purbodix.com

কবিতা ইষ্টি(ৱাহিদ আহমেদ)

Lশাৰদীৰ উৎসাহে আনিছে

আনন্দৰ ক’ত যে লহৰ

সেইখন হৃদয়ত শৰতৰ 

উৎসাহ একেবাৰেই নাই 

শৰতৰ দুৱাৰদলিত 

চকুপানীবোৰ মচি থকা দেখিলে

বৰকৈ দুখ লাগে 

শৰত তোমাৰ বুকুত ৰুৱা

শেৱালি পাহি 

কিয় আধৰুৱাকৈ ফুলে

 

শৰতৰ ৰাতি জোনাক উৰে

কাৰোবাৰ হিয়াৰ 

ৰক্তকণিকাবোৰ ধীৰ হৈ 

মায়াৰ পৃথিৱীখন এৰি যাব 

কুঁৱলীৰ qw বসন পিন্ধি 

অনুভৱবোৰ কেনেকুৱা

সুধিবলৈ আৰু যে নাথাকিব 

 

জীৱনটোৱে কেতিয়াবা ছাৰ্কাচৰ 

নিচিনাকৈ জপিওৱা আৰম্ভ কৰে 

অভিজ্ঞতাৰ মুকুট লৈ 

নানান খেল দেখুৱাই 

শৰীৰ কঁপাই দিয়ে 

এডাল ৰচীৰে বগাই 

হাজাৰ দৰ্শকৰ উশাহ নাইকিয়া কৰে 

মাত্ৰ সামান্য আশা লৈ 

কাইলৈৰ বাবে আকৌ প্ৰস্তুতি 

শৰতৰ কহুঁৱাই বিনাই 

আহাচোন এবাৰ শাৰদী পোছাকত

দি পঠিয়াম মৰমৰ পাৰিজাত 

Leave a Reply

Your email address will not be published. Required fields are marked *