by Arup Kakoti

এদিন যেতিয়া কবিতাবোৰে আপোনাক
পিতৃ জ্ঞান কৰিব
পুত্ৰৰ মোহত অন্ধ হৈ সৰ্বস্ব হেৰুৱাব লাগিব আপুনি
দহ বন কাতি কৰি
কবিতাৰ সভালৈ যাব লাগিব আপুনি
নিজৰ নুশুনিলেও আনৰ কবিতা শুনিবলৈ ক’ব
আপোনাক আপোনাৰ মনে
পুত্ৰ হাতীচোৰ বেজিচোৰ যিয়েই নহওক লাগে
পিতৃ মাতৃৰ বাবে যে স্বৰ্গ তুল্য
গাঁথিৰ ধন ভাঙি
ছপা কৰিব এদিন আপুনি আপোনাৰ সপোনবোৰ
কিতাপবোৰলৈ চাই প্ৰশান্তিৰ হাঁহি মাৰিব
দুই এদিন
উৎপাদন আছে
বজাৰ নাই আপোনাৰ৷ নিকিনি খোৱা মানুহ পাব সৰহ
আপোনাৰ কিতাপ এখন ওলাইছে
শুভেচ্ছা থাকিল দেই
পঢ়িবলৈ ইচ্ছা আছিল কিন্তু পইচা নাই
যাৰ আকৌ পইচা আছে তেওঁৰ সময়েই নাই
পঞ্চাশ কপিমান ছপা কৰা হ’লেই ভাল আছিল
সিফালে প্ৰেছে কয় যিমান সৰহ হয় আপোনাৰ লাভ
এতিয়া বুজিলোঁ
মোৰ কবিতা কেৱল মোৰ বাবেই সুস্বাদু
আনৰ বাবে নহয়
আজিকালি
বাটে- ঘাটে লগ পালে কওঁ৷ প্ৰশংসা কৰাবোৰক
ধন্যবাদ দিয়াবোৰক
আপোনালোক কবি নোহোৱাটোৱে ভাল v