সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

পূৰ্বদিশৰ সমূহ পাঠকলৈ নতুন বছৰৰ শুভে২৬া জ্ঞাপন কৰিলোঁ৷ সেইসকল অক্লান্ত যোদ্ধালৈ কৃতজ্ঞতা প্ৰদান কৰিলো যিসকল সীমান্তত প্ৰচণ্ড শীত আৰু প্ৰখৰ গ্ৰীষ্মকো নেওঁচি আমাক সুৰক্ষা প্ৰদান কৰি আহিছে৷ সেইসকল সৈনিকৰ নিজৰ জীৱন-যৌৱন বলিদান দিও দেশমাতৃৰ সেৱাৰ বাবে সদা প্ৰস্তুত মনোভাব আৰু একনিষ্ঠ কৰ্তব্যপৰায়ণতাৰ বাবেই আমি দেশৰ শতকৌটি মানুহে শান্তিৰে একোলা শুব পাৰিছো৷ সমগ্ৰ দেশতে শিক্ষা, ব্যৱসায়, নিৰ্মাণ, উদ্যোগক্ষেত্ৰবোৰ সুস্থিৰে প্ৰগতিৰ দিশে আগবাঢ়িছে৷ কাৰণ একান্ত ৰাজনৈতিক পৰিৱেশত কোনো উন্নতি সম্ভৱ নহয়৷ সেয়ে পুনৰবাৰ কৃতজ্ঞতা প্ৰকাশ কৰিলো এই মহান বীৰ সৈনিকসকলৰ মহান কৰ্মৰ বাবে৷

কৃতজ্ঞতা প্ৰকাশ কৰিলো দেশৰ স্বাস্থ্যখণ্ডৰ লগত জড়িত প্ৰতিজন নিস্বাৰ্থ সেৱালৈ৷ এওঁলোকৰ নিস্বাৰ্থ সেৱাৰ বাবেই আমি ভাৰতবৰ্ষ বিশাল জনসংখ্যাৰ দেশ হৈও ক’ভিডৰ দৰে মহামাৰীকো প্ৰত্যাহ্বান জনাব পাৰিছিলো৷ প্ৰত্যেকজন ভাৰতবাসীয়েই চিৰকৃতজ্ঞ হৈ ৰ’ব তেওঁলোকৰ সেৱাৰ বাবে৷


শিক্ষাদানৰ দৰে মহান বৃত্তিৰে সেৱা প্ৰদান কৰা শিক্ষাখণ্ডৰ লগত জড়িত সমূহ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিলো৷ প্ৰজন্মৰ পাছত প্ৰজন্মক শিক্ষাৰ দ্বাৰা পৰম জ্ঞানেৰে দেশক সমৃদ্ধ কৰা শিক্ষাখণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ কৃতজ্ঞতা প্ৰকাশ কৰিলো৷ এওঁলোকৰ নিস্বাৰ্থ সেৱাৰ বাবেই দেশত চিকিৎসকৰ পৰা বৈজ্ঞানিকলৈ খেলুৱৰৈ পৰা সৈনিকলৈ প্ৰতিটো প্ৰজন্মতেই দেশৰ সেৱকৰ জন্ম হৈ আহিছে৷

আমাৰ সভ্যতা, আমাৰ সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰা প্ৰতিজন সাংস্কৃতিক কৰ্মীলৈ আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ৷ তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম আৰু জীৱনজোৰা সাধনাৰ বাবেই আমি আমাৰ ভাষা-সংস্কৃতি সুৰক্ষিত আৰু সমৃদ্ধ৷

এনেদৰে দেশৰ বিভিন্ন সেৱাৰ লগত জড়িত ব্যক্তি যেনে খেলুৱৰৈ পৰা ব্যৱসায়লৈ, ৰাজনীতিৰ পৰা কুটিৰ শিল্পৰ লগত জড়িত ব্যক্তি সকলো জনলৈ আমাৰ পূৰ্বদিশ পৰিয়ালৰ পৰা কৃতজ্ঞতা, শ্ৰদ্ধা আৰু সেৱা জনালোঁ৷ হাজাৰ বিপৰ্যয়, বৈষম্যৰ মাজতো শতকৌটি ভাৰতীয়ৰ দেশখনৰ প্ৰতি থকা প্ৰেম আৰু শ্ৰদ্ধা, ইজনে সিজনৰ প্ৰতি থকা আত্মীয়তাৰ বাবে ইমান বৃহৎ গণতান্ত্ৰিক দেশখন সুকলমে চলি আছে৷ মূৰ তুলি সদম্ভে বিশ্বৰ সমূহ দেশৰ মাজতো আজি জিলিকি উঠিছে আমাৰ দেশ৷

আহক নৱবৰ্ষৰ আৰম্ভণিৰ এই ক্ষণত, উৎসৱৰ বতৰত সকলো আনন্দত মতলীয়া হৈ পৰাৰ আগতে আমি প্ৰতিজনে উপৰোক্ত প্ৰতিগৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জনাও- কৃতজ্ঞতা জনাবলৈ শিকাও আমাৰ নতুন প্ৰজন্মক৷ ধন্যবাদ৷

Leave a Reply

Your email address will not be published. Required fields are marked *