
বিহু হৈছে অসমীয়াৰ প্ৰাণ৷ পৰম্পৰা ৰক্ষা কৰি অসমৰ লগতে সমগ্ৰ বিশ্বৰে অসমীয়াসকলে ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহু উৎসৱ পালন কৰি আহিছে৷ মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনি প্ৰকাৰৰ বিহুৰে অসমীয়া সমাজত এক বিশেষ বৈশিষ্ট্য আছে যদিও মাঘ মাহত অনুষ্ঠিত হোৱা মাঘবিহুৰ কথাই সুকীয়া৷ সন্মুখত মাঘ অথবা ভোগালী বিহুৰ বতৰ ৷ বহু কষ্টৰে কৰা পথাৰৰ খেতি চপাই আনি এই বিহুতে আপোনজনৰ লগত হাঁহে-মাহে এসাজ খায় আনন্দ কৰে প্ৰতিঘৰ অসমীয়াই৷ বিহু বুলিয়েই ঢেকীৰ শব্দ আৰু পিঠাৰ গোন্ধে চৌদিশে সৃষ্টি কৰে উখল-মাখল পৰিবেশ৷ আমাৰ হিন্দু শাস্ত্ৰমতে বাৰটা ৰাশিচক্ৰ আছে আৰু সূৰ্যই বাৰ মাহত বাৰটা ৰাশি অতিক্ৰম কৰে৷ সূৰ্যই পৰ্যায়ক্ৰমে যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে (পূহ মাহৰ শেষৰ দিনটো, তথা ইংৰাজী জানুৱাৰী মাহৰ মাজভাগ) তেতিয়াই অসমীয়া লোকসকলে মাঘ বিহু উদযাপন আৰম্ভ কৰে৷

প্ৰকৃততে ভোগালী বিহু মানেই যেন অসমীয়াৰ ‘খাদ্যৰ উৎসৱ’৷ মাঘ বিহু শস্যৰ সৈতে সম্পৰ্কিত৷ বছৰটোৰ বাবে ভড়াললৈ লখিমী চপাই আনি এই বিহুত সকলোয়ে লগে-ভাগে এসাঁজ খায় উদ্যাপন কৰে৷ ভোগালী বিহু উদ্যাপন এদিন আগতে আৰম্ভ হয়৷ অৰ্থাৎ পুহ মাহৰ শেষৰ দিনটোত অসমবাসীয়ে উৰুকা পাতে৷ পথাৰৰ পৰা ধানৰ নৰা আনি মেজি সাজি সেইদিনা সকলোৱে মিলি-জুলি সেই মেজিতে নিশা ভোজ-ভাত খায়৷ নিশা মেজি ঘৰতেই কটায় পুৱা গা-পা ধুই মেজি জ্বলাই সেই জুইতে সকলো অপায়-অমংগল দূৰ কৰাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনায়৷ মাঘ বিহুৰ পুৱা মিঠা আলু, কাঠ আলু, জলপান-পিঠা, লাডু আদি খায় সকলোৱে দিনটো আৰম্ভ কৰে৷ দুপৰীয়াৰ আহাৰৰ বাবে বিশাল ভোজৰ আয়োজন কৰা হয়৷
মাঘ বিহুৰ দিনা সকলোৱে পুৱা পৰম্পৰা অনুসৰি গা ধুই মেজি জ্বলায় ঈ×শ্বৰক প্ৰৰ্থনা কৰে৷ বিহুৰ মেজি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিয়ে দাহ কৰে৷ সকলোৱে মেজিৰ জুইত গা সেকি সমাজৰ পৰা অমংগল আঁতৰাই সকলোৰে উচিত চিন্তি অগ্নিদেৱতাক উপাসনা কৰে৷
ভোগালী বিহুৰ আন এক অন্যতম পৰিচয় যেন মহ যুঁজ৷ সমগ্ৰ অসমৰ গাওঁ তথা সৰু চহৰবোৰত মাঘ বিহু উপলক্ষে মুকলি ঠাইত ম’হ যুঁজ পতা হয়, য’ত বৃহৎ জনসমাগম হয়৷ মাঘ বিহুৰ আন এক আকৰ্ষণ চৰাই আৰু কণী যুঁজ৷ কণীৰ যুঁজত দুই বা একাধিক খেলুৱৈয়ে ইজনে সিজনৰ বিৰুদ্ধে খেলত নামি পৰে৷ চৰাই যুঁজো দুটা চৰাইৰ মাজত হয়৷ মাঘ বিহু বিশেষ এই খেল উপভোগ কৰিবলৈ বহু মানুহৰ ভিৰ হয়৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]