অতীত হৈ পৰা আৱেগভৰা গ্ৰীটিংছ কাৰ্ডখন(কৰবী বৰ্মন কলিতা) – Purbodix.com

অতীত হৈ পৰা আৱেগভৰা গ্ৰীটিংছ কাৰ্ডখন(কৰবী বৰ্মন কলিতা)

মিঠা আৱেগভৰা গ্ৰীটিংছ কাৰ্ডখন নতুন বছৰটোৰ প্ৰথম দিনটোত প্ৰিয়জনৰ হাতত তুলি দিবলৈ আগ্ৰহেৰে ৰৈ থকা দিনবোৰ, আৰ্চিচ গেলেৰীত সোমায়েই নতুন নতুন ৰঙীন কাৰ্ডবোৰৰে উপচি পৰা ভাল লগা পৰিৱেশ এটি, পুৰণি শীতৰ মাদকতাভৰা দিনবোৰক সুঁৱৰি আজিৰ লেখা এটি৷ ৷ 

 পচন্দৰ গ্ৰিটিংছ কাৰ্ডখন বিচাৰি চলাথ কৰাৰ কথা এতিয়াও মনত পৰে৷ কাৰ্ডখন কাৰো চকুত নপৰাকৈ যে ঘৰত কিতাপৰ মাজত সযতনেৰে লুকুৱাই থোৱা ঘটনাবোৰ! এনেদৰেই আছিল আমাৰ সময়ত নতুন বছৰক আদৰাৰ পৰম্পৰা৷  সময়ৰ সোঁতত এতিয়া গ্ৰিটিংছ কাৰ্ডখন হ’ল বৰ্তমান সোণসেৰীয়া স্মৃতি মাথোঁ৷ 


গ্ৰীটিংছ কাৰ্ডৰ ইতিহাস কিছু – গ্ৰীটিংছ কাৰ্ডৰ জন্মদাতা হ’ল- ইংলেণ্ডৰ যোছেফ চি হৰ্চলি৷ ১৮৪৩ চনত যোচেফে তেওঁৰ প্ৰিয়বন্ধু ছাৰ হেনৰী ক’ললৈ বৰদিনৰ শুভেচ্ছা জনাবলৈ আঁকি দিয়া কাৰ্ডখনকে আধুনিক গ্ৰীটিংছ কাৰ্ডৰ প্ৰথম বুলি আখ্যা দিয়া হয়৷ এই গ্ৰীটিংছ কাৰ্ডখনত লিখা আছিল “ট্ট Merry Christmass and A Hahpy New Year’’৷ প্ৰথম মহাসমৰৰ (১৯১৪-১৯১৮) সময়ৰ পৰা গ্ৰীটিংছ কাৰ্ডৰ ব্যৱহাৰ দ্ৰুতগতিত আৰম্ভ হয়৷ তাৰ মুখ্য কাৰণ হ’ল সৈনিক সকলে ঘৰৰ পৰা দূৰৈত অজান দেশ, অজান ঠাইত যুদ্ধত লিপ্ত থাকিবলগীয়া হৈছিল৷ সেয়েহে বৰদিন, নতুন বছৰ আদিত সৈনিকসকলে ঘৰৰ মানুহ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক সুৱঁৰি আৰু তেওঁলোকলৈ মৰম-শুভেচ্ছা গ্ৰীটিংছ কাৰ্ড যোগে পঠিয়াবলৈ লৈছিল৷ দ্বিতীয় মহাসমৰে (১৯৩৯-১৯৪৫) এই পৰম্পৰা বহুগুণে বঢ়াই তোলে৷ ফলত সমগ্ৰ বিশ্বতে গ্ৰীটিংছ কাৰ্ড অধিক জনপ্ৰিয় হ’বলৈ ধৰিছিল৷ 

এই কাৰ্ডখনেই আছিল এটা সময়ত মৰমৰ আদান-প্ৰদানৰ এক অন্যতম মাধ্যম ৷ এজনে আনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম হিচাপে পৰিচিত এই গ্ৰীটিংছ কাৰ্ড এতিয়া মাথোঁ নষ্টালজিয়া৷ সহজাত ছ’চিয়েল মাধ্যমৰ সুলভ ব্যৱহাৰ আৰু যান্ত্ৰিকতাৰ যুগত গ্ৰীটিংছ কাৰ্ডখনৰ প্ৰয়োজন নাইকিয়াৰ দৰেই হ’লদেখোন ৷  এতিয়া কেৱল ৱাটছএপত মেছেজ (কপি – পেষ্টসহ) ফেচবুকত মেছেজ (কপি – পেষ্টসহ)– “ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷’’

সেই হেঁপাহখিনি তাতে আৰম্ভ হৈ তাতেই শেষ৷ কিমান সহজ হৈ পৰিল সকলো, তৎক্ষণাতে শুভেচ্ছাৰ ভাগ- বতৰা সেয়েহে সম্পৰ্কবোৰো ক্ষন্তেকীয়াই হৈছে যেন বোধ হয়৷ কিন্তু আগৰ সেই দিনসমূহ এতিয়া আমি আকৌ ঘূৰাই পামনে?  আজি যান্ত্ৰিকতাৰ মাজত আমি ক’ৰবাত হেৰাই গ’লো৷ গ্ৰীটিংছ কাৰ্ডৰ দৰে কুৰি দশকৰ যুৱক-যুৱতীক আকৰ্ষণ কৰা অঞ্জনা, জানমণি, ৰাংঢালী, মৰমজান, মন ফাগুণী আদি বাণিজ্যিকভাৱে বিশেষ সফলতা লাভ কৰা এই ভিচিডিসমূহো সময়ৰ গতিত বৰ্তমান লুপ্তপ্ৰায়৷ তথাপিও বহুজনৰ মুখে মুখে এতিয়াও চৰ্চিত জানমণি অথবা অঞ্জনাৰ গানবোৰ৷ বছৰৰ শেষৰ ফাললৈ মুক্তি পোৱা জানমণি, অঞ্জনা অথবা ৰাংঢালীৰ গীতসমূহে বহুজনৰ বুকুত সাঁচ বহুৱাই থৈছে৷ আলসুৱা সোঁৱৰণি গ্ৰীটিংছ কাৰ্ডখনকো কেনেকৈ পাহৰিম বাৰু.

Leave a Reply

Your email address will not be published. Required fields are marked *