Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.
চাওল্যুং চ্যুকাফা যিজনে আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰি বৰ অসমৰ গঢ় দিলে – সেই চ্যুকাফাৰ জন্ম আৰু ৰাজ আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভিন্ন জন পণ্ডিতে ভিন্ন মত আগবঢ়াইছে৷ মত সমূহত দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় প্ৰত্যেক জন পণ্ডিতে বহু দূৰে দূৰে অৱস্থান কৰিছে৷ গ্ৰহণ যোগ্যতাৰ ক্ষেত্ৰত পণ্ডিতৰ মত বেছি শক্তিশালী, বিজ্ঞ সকলে জনগণৰ মাজত প্ৰকাশ কৰক, তাকেই আশাকৰি এই লিখনিটো আগবঢ়ালো৷ উল্লেখ্য যে চ্যাওলুং চ্যুকাফাৰ পিতৃৰ নামো বিভিন্ন ধৰণৰ পোৱা যায়৷
পদ্মেশ্বৰ নাওবৈছা ফুকনৰ অসম বুৰঞ্জীত কুত্যাংখান, হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিনত পোৱা মতে খুত্যাংখাদ, সৰ্বানন্দ ৰাজকুমাৰৰ ইতিহাস সোঁৱৰা ছশটা বছৰত পোৱা যায় ফুচাংখাং আৰু আন এটাত পোৱা গৈছে চাও খুনণ্যেউ, তাৰোপৰি হৰকান্ত বৰুৱা সদৰামিনৰ আসাম বুৰঞ্জীত ফুত্যাংখাউ, চাৰ এডোৱাৰ্ড গেইট চাহাবৰ আসাম বুৰঞ্জীত ফুঞ্চুৰ বংশধৰ ত্যাতখুনজান, দেওধাই অসম বুৰঞ্জীত বকম খাম ডেও বুলি উল্লেখ আছে৷ এই সমুহৰ প্ৰকৃত শুদ্ধটো পণ্ডিত সকলৰ বিচাৰ্য্যৰ বিষয়৷ চ্যুকাফাৰ জন্ম সম্পৰ্কে হিতেশ্বৰ বৰুৱাৰ আহোমৰ দিন পুথিৰ ১৯ পৃষ্ঠাত আছে- খুত্যাংখাঙ্গে সুংমিত কূপ ক্লিং দেশৰ ৰজা হবলৈ আহোতে চোমদেওকো লগত লৈ আহিছিল৷ তেওঁৰ তিনি গৰাকী কুঁৱৰী৷ বৰ কুঁৱৰীৰ দুটি কোঁৱৰ, চুজাতফা আৰু চুখামফা৷ চুজাতফাক তাইপ আৰু তাইপং নামে দুখনি সৰু ৰাজ্য দি, চুখামফাক নিজৰ ৰাজ্যাতে অৰ্থাৎ মুংমিতকুপ ক্লিংতে) ৰজা পাতি, মুংৰিমুংৰামত চুখানফাৰ মৃত্যু হোৱাত, তেওঁ নিজে পুনৰ মুংৰিমুংৰামৰ ৰজা হলগৈ৷ তাতে বহু কাল ৰাজ্য ভোগকৰি তেওঁ মৃত্যু হ’ল৷ তেওঁৰ মৃত্যুৰ সময়ত, তেওঁৰ মাজুকুঁৱৰী আৰু সৰু কুঁৱৰী দুয়োগৰাকী গৰ্ভৱতী আছিল৷ এই দুয়োজনা লৰা ৰজাৰ ভনীয়েক হয়, নাম আছিল ন্যাঙ্গ আৰু চ্যাঙ্গ৷ খুত্যাংখাঙ্গ মৰিলত, কুঁৱৰী দুগৰাকী ককায়েকৰ ঘৰলৈ গুছি গল৷ যাওঁতে তেওঁলোকে চোমদেওকো চুৰি কৰি লৈ গল৷ কালক্ৰমে লৰা ৰজাৰ দেশত ন্যাঙ্গ কুঁৱৰীৰ গৰ্ভত চুক্যাফা আৰু চ্যাঙ্গ কুৱৰীৰ গৰ্ভত চুখ্ৰানফাৰ জন্ম হল৷
আনহতে পদ্মেশ্বৰ নাওবৈছা ফুকনৰ অসম বুৰঞ্জী ১৪ নং পৃষ্ঠাত পোৱা যায় – কুত্যাংখাং ৰজাই সুংসিত কুপ ক্লি দেশত ৰজা হৈ ৭ বৰ্ষ ৰাজ্য ভোগ কৰাৰ ভিতৰত তিনিটা ল’ৰা হ’ল বৰ পুতেকৰ নাম চুভাতফা এওঁক ডাঙৰীযা সকলক জনাই তাইপ দেশৰ ৰজা পতোৱালে, মাজুপুতেক চুখানফা কোঁৱৰক তাইপং দেশৰ ৰজা পাতিলে, সৰু পুতেক চুক্যাফাক নিজ ৰাজ্য মুংমিত কুপ ক্লিঙ্গতে মৃত্যু সময়ত ৰজা পাতিবলৈ ডাঙৰীয়া সকলক জনাই স্বৰ্গগামী হ’ল৷ সূৰ্য্য কুমাৰ ভূঞাৰ সাতসৰী অসম বুৰঞ্জী ২২ পৃষ্ঠাত আছে পাছে ল’ৰা ৰজাৰ ভনীয়েক নাঙ্গনাম আপম, তেওঁৰ দেৱহবীৰ্ঘে গৰ্ভস্থ হল৷ তাকে জানি বাপেকৰ ঘৰলৈ খেদিলে৷ বাপেকৰ ঘৰতে চুখ্ৰানফা জন্মিল৷ নামনি ৰাজ্যলৈ চুক্যাফাৰ যাত্ৰা৷ একে ভনীয়েকৰ পুতেক চুক্যাফা অগাইঘেকেৰে আলচি বোলে একে চুঙ্গত দুটা বাঘ নাথাকে৷ একে শালত দুটা হাতী নাথাকে৷ একে পাটত দুটা ৰজা নাথাকে৷ তাকে জানি মই নামনি ৰাজ্যলৈ যাওঁ৷ তুমি তাতে ৰজা হৈ থাকা৷ পাছে চুখ্ৰানফা বোলে যা বছৰি বছৰি তই ধন দি থাকিবি৷ তিনিশ তিনিকুৰি মানুহ দিলে, অলঙ্কাৰ কাণ্ড-ধনু ফৰ-ঘাঠি, দন্তাল হাতী এটা, মাখুন্দী এজনী, মাউত, ফমপিন ঘোঁৰা ডেৰ কুৰি৷ চুখ্ৰানফাত আৰে অনাদোকে ৰাজ অলঙ্কাৰ দিলে৷ পুৰণি অসম সৰ্বানন্দ ৰাজকুমাৰৰ ইতিহাসে সোঁৱৰা ছশটা বছৰ গ্ৰন্থৰ ৩৫ পৃষ্ঠাত পুৰণি অসম বুৰঞ্জীত পোৱা তথ্য এনে ধৰণৰ-খুনলুঙ আৰু খুনলাইৰ বংশধৰ ত্যাতচাংল্যেও নিজ ৰাজ্য এৰি মুংখামুংজালৈ গল৷ কিন্তু তাৰপৰা মৰাণে মোদোৱাত তেও নৰাৰাজ্যলৈ গ’ল৷ নৰা ৰজাই তেওঁলৈ জীয়েকক বিয়া দিলে৷ তেওঁলোকৰ চ্যুকাফা নামে এটি ল’ৰা হল৷ চ্যুকাফাৰ পিতৃ-মাতৃ স্বৰ্গগামী হোৱাত বুঢ়ীমাকে ডাঙৰ কৰিলে৷ বুঢ়ীমাকে চোম্চেও দেওক চুৰ কৰি চ্যুকাফাক দি নৰাৰাজ্য ত্যাগ কৰিবলৈ কলে৷

বীৰেন্দ্ৰ কুমাৰ গোঁহাইৰ মহামতি চ্যুকাফাৰ গ্ৰন্থৰ ৪৩ পৃষ্ঠাত আছে এনেদৰে আহোম বুৰঞ্জীৰ লিখা আছে যে খুনলঙৰ পুত্ৰ চাও চাংবুনৰ পুত্ৰ চাও চাংল্যেওৱে লাকনি ৰাইমিত বছৰত মুংৰি মুংৰামৰ পৰা আহি ৰাজ্য বিস্তাৰ অভিযান আৰম্ভ কৰিছিল৷ যেতিয়া চাও চাংন্যেওৱে আহি ইৰাৱতীৰ এটা সঁুতিৰ পাৰত অৱস্থিত মাউলুং পালেহি, তেতিয়া মাউলুঙৰ ৰজা পামেউপুঙে এনেধৰণৰ তেওঁলৈ বাৰ্তা পথালে নামকিউ নদী পাৰ হৈ তুমি কেতিয়াও নাহিবা৷ আমি একে সময়তে পৃথিৱীলৈ নামি আহিছিলো৷ আমি একেলগে চুলি কাটিছিলো, আমি গৰু-মহ একেলগে মাৰি ভোজ খাইছিলো৷ আজিলৈকে আমি শান্তিত আছো৷ গতিকে আমি বন্ধুত্বপুৰ্ণ ভাৱত থকা উচিত৷ পামেউপুঙে এই বাৰ্তা প্ৰেৰণ কৰাৰ লগতে সুন্দৰী ভনীয়েক নাং ব্লক খাম চেঙক চাও চ্যেংল্যুওলৈ বিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি নাং ব্লক খাম চেঙ সুন্দৰীক বিয়া কৰালে এই বিবাহৰ ফলশ্ৰুতি স্বৰুপে মহান চ্যুকাফাৰ জন্ম হয়৷
গতিকে, দেখা যায় বহুখিনি তাৰতম্য প্ৰকাশ পাইছে৷ পণ্ডিত সমাজে সকলো অধ্যয়ন কৰি সকলোৰে গ্ৰহণ যোগ্য এক মত প্ৰচাৰ কৰিব লাগিব৷ টাই পণ্ডিত সকলৰ লগতে টাই যদুঘৰৰো বহু কৰনীয় আছে৷ উত্তৰ পুৰুষলৈ এক শুদ্ধ তথ্য দিব নোৱাৰিলে সময়ে দুষিব৷
আহোম স্বৰ্গদেউ সকলৰ তালিকা সবিস্তাৰে দাঙি ধৰা হ’ল….
ৰ) চাও-লুং চ্যু-কা-ফা১২২৮-১২৬৮
২) চাও-লুং চ্যু-তেও-ফা ১২৬৮-১২৮১
৩) চাও-লুং চ্যু-বিণ-ফা ১২৮১-১২৯৩
৪) চাও-লুং চ্যু-খাং-ফা ১২৯৩-১৩৩২
প্ত) চাও-লুং চ্যু-খ্ৰাম-ফা ১৩৩২-১৩৬৪
শাসক নাই ১৩৬৪-১৩৬৯
৬) চাও-লুং চ্যু-তু-ফা ১৩৬৯-১৩৭৬
শাসক নাই ১৩৭৬ -১৩৮০
৭) চাও ত্যাও খামটি ১৩৮০-১৩৮৯
শাসক নাই ১৩৮৯-১৩৯৭
৮) চাও চ্যু-ডাং-ফা ১৩৯৭-১৪০৭
৯) চাও চ্যু-জান-ফা ১৪০৭-১৪২২
১০) চাও চ্যু-ফক-ফা ১৪২২-১৪৩৯
ৰৰ) চাও চ্যু-চেন-ফা ১৪৩৯-১৪৮৮
১২) চাও চ্যু-হেন-ফা১৪৮৮-১৪৯৩
১৩) চাও চ্যু-পিম-ফা ১৪৯৩-১৪৯৭
১৪) চাও চ্যু-হ্যুণ-মুক্সঙ ১৪৯৭-১৫৩৯
১৫) চাও চ্যু-ক্লেণ-মুক্সঙ ১৫৩৯-১৫৫২
১৬) চাও চ্যু-খাম-ফা ১৫৫২-১৬০৩
১৭) চাও চ্যু-চেং-ফা ১৬০৩-১৬৪১
১৮) চাও চ্যু-ৰাম-ফা ১৬৪১-১৬৪৪
১৯) চাও চ্যু-ত্যিণ-ফা ১৬৪৪-১৬৪৮
২০) চাও চ্যু-তাম-লা ১৬৪৮-১৬৬৩
২১) চাও চ্যু-পুং-মুক্সঙ ১৬৬৩-১৬৭০
২২) চাও চ্যু-ন্যৎ-ফা ১৬৭০-১৬৭২
২৩) চাও চ্যু-ক্লম-ফা ১৬৭২-১৬৭৪
২৪) চাও চ্যু-হুং-ফা ১৬৭৪-১৬৭৫
২৫) চাও গোবৰ ৰজা ১৬৭৫-১৬৭৫
২৬) চাও চ্যু-জিন-ফা ১৬৭৫-১৬৭৭
২৭) চাও চ্যু-দৈ-ফা ১৬৭৭-১৬৭৯
২৮) চাও চ্যু-লিক-ফা ১৬৭৯-১৬৮১
২৯) চাও চ্যু-পাত-ফা ১৬৮১-১৬৯৬
৩০) চাও চ্যু-খ্ৰং-ফা ১৬৯৬-১৭১৪
৩১) চাও চ্যু-তণ-ফা ১৭১৪-১৭৪
৩২) চাও চ্যু-ণেণ-ফা ১৭৪৪-১৭৫১
৩৩) চাও চ্যু-ৰেম-ফা ১৭৫১-১৭৬৯
৩৪) চাও চ্যু-ণ্যেউ-ফা ১৭৬৯-১৭৮০
৩৫) চাও চ্যু-হ্যিত-পং-ফা ১৭৮০-১৭৯৫
৩৬) চাও চ্যু-ক্লিং-ফা ১৭৯৫-১৮১১
৩৭) চাও চ্যু-দিং-ফা ১৮১১-১৮১৮
৩৮) চাও পুৰন্দৰ সিংহ ১৮১৮-১৮১৯
৩৯) চাও চ্যু-দিং-ফা ১৮১৯-১৮২১
৪০)চাও যোগেশ্বৰ সিংহ১৮২১-১৮২৪
৪১) চাও পুৰন্দৰ সিংহ ১৮৩২-১৮৩৯