aমগ্ৰ অসম লোকগীত তথা লোক কবিতাৰ অতুলনীয় সম্পদেৰে ঐশ্বৰ্যময়৷ মাটিৰ লগত মানুহৰ সম্পৰ্ক অতি ঘনিষ্ঠ৷ কৃষিৰ কাৰণেই হওক অথবা বেহা-বেপাৰৰ কাৰণেই হওক সকলোৰে জীৱন প্ৰকৃতিৰ লগত একাত্ম৷ সেইবাবে অসমৰ লোকগীতে এই সকলোবোৰ বহন কৰি আছে৷ অসমৰ সুৰীয়া মাত আৰু ছন্দোবদ্ধ কথাৰ নিদৰ্শন লোকগীত সমূহেই দি আহিছে৷ অসমৰ প্ৰকৃতিক জগত খন যেন লোকগীততেই সাৰ পাই উঠিছে৷
‘লোক’ মূলত সংস্কৃত শব্দ৷ ইয়াৰ অৰ্থ হ’ল জনসাধাৰণ৷ সহজভাৱে বুজা যায় যে লোক-সাহিত্য মানে জনসাধাৰণৰ সাহিত্য অৰ্থাৎ জন সাহিত্য৷ পৃথিৱীৰ সকলো সাহিত্যতে দুটা ভাগ দেখিবলৈ পোৱা যায়৷ প্ৰথমটো শিক্ষিত মানুহৰ মাজত প্ৰচলিত আৰু দ্বিতীয়টো অলিখিত ৰূপৰ সাহিত্য৷ ইয়াক লোক-সাহিত্য বা মৌলিক সাহিত্য বুলি কোৱা হয়৷ লোক-সাহিত্য পৰম্পৰাগত ভাবে জনসাধাৰণৰ মুখ বাগৰি প্ৰৱাহিত হৈ অহা সাহিত্য৷ অনাখৰী বা সামান্য আখৰ জ্ঞান থকা কৃষক, শ্ৰমিক, গৰখীয়া-নাৱৰীয়া, শিল্পী-কাৰিকৰ, বণিক-বেপাৰী, শিপিনী-বোৱনী আদি ভিন ভিন শ্ৰমত লিপ্ত শ্ৰমকাৰী মানুহৰ গীত মাত, নাট-সাধু, যোজন -ফকৰা, অতিকথা ইত্যাদিৰ সমাহাৰকে কোৱা হয় লোক-সাহিত্য৷
লোক-সাহিত্যক বিষয়বস্তু আৰু ৰচনাৰীতিৰ ফালৰ পৰা প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি – লোকগীত, ফকৰা -যোজনা আৰু সাধুকথা৷
লোক-সাহিত্য
৷
————————————
৷ ৷ ৷
লোকগীত ফকৰাযোজনা সাধুকথা
লোকগীত লোক-সাহিত্যৰ অন্যতম অঙ্গ৷ সেইবাবে বিৰিঞ্চি কুমাৰ বৰুৱা দেৱে কৈছিল—লোকগীতৰ কোলাতেই লোক-সাহিত্য উম লৈ শুই আছে৷ মৌখিক সাহিত্যৰ পৰম্পৰাগত পুৰুষানুক্ৰমে প্ৰচলিত গীত-মাতকে লোকগীত আখ্যা দিয়া হয়৷ সাহিত্যৰ দৃষ্টি ভংগীৰে চাবলৈ গ’লে লোকগীত সমূহৰ মূল্য ফকৰা যোজনা বা সাধুকথাতকৈ অধিক৷ আদিম কালৰে পৰা মানুহে জাত পাতি বসবাস কৰি আহিছে৷ মানুহৰ মাজত সভ্যতাৰ পোহৰ পৰাৰ আগতেও তেওঁলোকে ভাগৰ জুৰণিৰ গান গাব জানিছিল৷ দিনত চিকাৰ কৰি আহি নাইবা পথাৰত খেতিৰ কামত দিনৰ দিনটো পৰিশ্ৰম কৰি আহি বা ইদল-সিদলৰ মাজত হোৱা সংঘৰ্ষ-এইবোৰৰ অন্তত গধুলি জাক পাতি সকলোৱে নানান কথা পাতিলেও শৰীৰ আৰু মনৰ ভাগৰ জুৰাইছিল গীতৰ মাজেৰে৷ এই গীতত আছিল চিকাৰ কৰোতে পোৱা বীৰত্ব পূৰ্ণ অভিজ্ঞতা, খেতি পথাৰৰ শ্ৰমৰ আনন্দ তথা সংঘৰ্ষত জয়লাভ কৰা বা নিজস্ব দলৰ কোনোৱে সাহসিকতাৰে শত্ৰুৰ হাতত প্ৰাণ বিসৰ্জন দিয়াৰ গৌৰৱ পূৰ্ণ বৰ্ণনা৷ স্বাভাৱিকতে এনে বৰ্ণনা বোৰ ৰচিত হৈছিল গীত বা ছন্দত৷ বেলাড বা মালিতাৰ জন্ম হৈছিল এনেকৈয়ে৷
পৃথিৱীৰ সকলো সাহিত্য লৈ লক্ষ্য কৰিলে দেখা যায় যে গদ্য তকৈ পদ্য ৰচনাহে আগতীয়াকৈ হৈছে৷ এই গীত বোৰেই জীৱনৰ বিভিন্ন কাৰ্য আৰু অৱস্থা ইয়াৰ বিষয়বস্তুৱে সামৰি লয়৷
লোকগীতৰ বৈশিষ্ট্য উল্লেখ কৰি সত্যেন্দ্ৰনাথ শৰ্মাদেৱে কৈছিল— অনাড়ম্বৰ সৰল ভাষা, ঘৰুৱা চিত্ৰ, ভাৱৰ মুকলি প্ৰকাশ, সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰভাৱ লোকগীত সমূহত লক্ষ্য কৰা যায়৷ গীতবোৰত ছন্দ, ভাব আৰু ভাষা শৃংখলিত নহয়, সাৱলীল আৰু উন্মুক্ত৷ চহা প্ৰাণৰ ই মুক্ত পৰিস্ফুৰণ আৰু আদিম তথা মৌলিক ভাৱাবেগৰ অকৃত্ৰিম প্ৰকাশ৷ লোকগীত বোৰত ব্যক্তি বিশেষৰ ভাৱ-অনুভূতি প্ৰকাশ হোৱাত কৈ সামূহিক জীৱনৰ আশা -আকাঙ্খাহে বেছি পৰিস্ফুট হৈছে৷

লোকগীতক আকৌ প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি৷ অনুষ্ঠানমূলক, কৰ্মবিষয়ক আৰু আখ্যানমূলক৷ এই কেই বিধৰো আকৌ প্ৰত্যেকৰে কেইবাটাও উপশাখাও আছে৷
লোকগীত
৷
————————————–
৷ ৷ ৷
অনুষ্ঠানমূলক কৰ্মবিষয়ক আখ্যানমূলক
৷ ৷
———– ———————
৷ ৷ ৷ ৷ ৷
ভক্তি ভক্তি বুৰঞ্জী কিং বাৰ
নিৰপেক্ষ মূলক মুলক বদন্তী মাহী
অনুষ্ঠানমূলক লোকগীত সমূহ সাধাৰণতে কোনো উৎসৱ অনুষ্ঠান উপলক্ষে গোৱা হয়৷ ইয়াক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি —- ভক্তি নিৰপেক্ষ আৰু ভক্তি মূলক৷ বিহু গীত, হুঁচৰি গীত, বনগীত, বিয়ানাম, মহোহো আদি ভক্তি নিৰপেক্ষ গীত৷ আনহাতে আইনাম, সুবচনীৰ গীত, অপেচৰা সবাহৰ গীত, লখিমী সবাহৰ গীত, গোঁসানী পূজাৰ গীত, দেহ বিচাৰৰ গীত, জিকিৰ আৰু জাৰী আদি ভক্তি মূলক লোকগীতৰ অন্তৰ্গত৷
কৰ্ম বিষয়ক লোকগীত সমূহ সাধাৰণতে কোনো কাম কৰোঁতে শ্ৰম লাঘৱ আৰু আনন্দ বিনোদনৰ বাবে গোৱা হয়৷ কৰ্ম বিষয়ক গীতৰ ভিতৰত ধাইনাম বা নিচুকণি গীত,নাওখেলৰ গীত, কুঁহিয়াৰ পেৰা গীত, বৰশী বোৱা গীত, গৰখীয়া গীত, নাঙেলী গীত, হাউ খেলৰ গীত, জুনা গীত আদি উল্লেখযোগ্য৷
আখ্যানমূলক গীতৰ মাজেদি একোটা কাহিনী বা আখ্যান বৰ্ণনা কৰা হয়৷ এই গীতক মালিতা বা বেলাড বোলে৷ মালিতাত দেশৰ অতীত কাহিনী কিংবদন্তি মূলক বা কাল্পনিক আখ্যান, আদি ৰসাত্মক কাহিনী, দুঃসাহসিক বা অতি প্ৰাকৃতিক ঘটনাৰ সমাবেশ দেখা যায়৷ কিন্তু কাৰুণ্য ই এই গীতৰ প্ৰধান সুৰ৷ মালিতাৰ ৰচনাৰীতি সহজ -সৰল পোনপটীয়া আৰু কেতিয়াবা নাটকীয় ঠাচৰ হয়৷ বিষয় বস্তু অনুসৰি ইয়াকো তিনিটা ভাগত ভাগ কৰিব পাৰি — বুৰঞ্জীমূলক কিংবদন্তি বা জনশ্ৰুতি মূলক আৰু বাৰমাহী বা বিলাপ গীত৷
অতুলচন্দ্ৰ বৰুৱাই তেওঁৰ অসমীয়া লোক সাহিত্য নামৰ গ্ৰন্থত লোকগীতক দুটা শ্ৰেণীত ভাগ কৰি আলোচনা কৰি কৈছে — বৰ্তমান চলি থকা অসমীয়া লোকগীত দুই শ্ৰেণীত বিভক্ত৷ এক শ্ৰেণী কমোৱা তুলাৰ দৰে বতাহত উৰি ফুৰে সেই বোৰ যেনে— বিহু গীত, নাঙেলী গীত, গৰখীয়া গীত, আইনাম, ধাইনাম, বিয়ানাম ইত্যাদি৷ আন শ্ৰেণী শাস্ত্ৰীয় সংগীতৰ দৰে গহীন ধৰণৰ, ধৰ্মানুষ্ঠান আৰু ধৰ্মীয় কাৰ্যৰ লগত সম্পৰ্ক৷ সেই বোৰ যেনে— ৰাতি খোৱা সম্প্ৰদায়ৰ চিয়া, ওজাপালি গীত, ভকতৰ সাজনী গীত, বৰগীত, থিয়নামৰ কীৰ্তন, ভকতীয়া গীত, দেহ বিচাৰৰ গীত ইত্যাদি৷

লোকগীত সমূহৰ বিষয় বস্তুও পৃথক পৃথক৷ উদাহৰণ স্বৰূপে বিহু গীতত ডেকা গাভৰুৰ প্ৰেমৰ বিচিত্ৰ অনুভূতি, আই নামত নামতী সকলৰ ভক্তি ভাৱ, মহোহো গীতত ডেকা ল’ৰাৰ আনন্দ, বাৰমাহী গীতত নায়িকাৰ বিৰহ-বিননি, বনগীতত যৌৱনৰ উদ্দাম বাসনা, ফুলকোঁৱৰ-মণিকোঁৱৰ গীতত ইতিহাস প্ৰসিদ্ধ ঘটনাৰ বৰ্ণনা, দেহ বিচাৰৰ গীতত আধ্যাত্মিক চিন্তা তথা জীৱনৰ ক্ষণস্থায়ীত্ব আদি বিভিন্ন বিষয়ক সামৰি লৈছে৷ এনেদৰে বিভিন্ন বিষয় বস্তুক সামৰি লোৱা বাবে অসমীয়া লোকগীত সমূহ অতি সমৃদ্ধিশালী৷ সাহিত্যিক সৌন্দৰ্য আৰু আনন্দ প্ৰদানৰ উপৰিও এই গীতবোৰে জনসাধাৰণৰ জন্মৰ পৰা মৃত্যু লৈকে পালিত বিভিন্ন ধৰ্ম কাৰ্য আৰু আচাৰ-অনুশীলনৰ লগত নিবিড়ভাৱে সম্বন্ধ স্থাপন কৰি আহিছে৷ বিষয়বস্তুৰ ফালৰ পৰা এনে বৈচিত্ৰ্যতা থকা বাবে এই গীতবোৰ একঘেয়েমী, গতানুগতিক বা আমনিদায়ক হৈ পৰা নাই৷ বৰং লোকগীত ১ আকৰ্ষণ ইমানেই বেছি যে বহু প্ৰথিতযশা কবি বা শিল্পীয়ে লোকগীতৰ অনুকৰণত গীত ৰচনা কৰিছে বা লোকগীতৰ সুৰ প্ৰয়োগ কৰিছে৷ লোকগীত বোৰৰ গঠন-ৰীতি একেবাৰেই সহজ-সৰল৷ সৰহ সংখ্যক গীত চাৰিশাৰী একোটি স্তৱকৰ মাজতেই সম্পূৰ্ণ৷ ভাৱৰ সামঞ্জস্য থাকিলেও আখ্যানমূলক গীতৰ বাহিৰে বাকীবোৰ গীতৰ প্ৰতিটো স্তবকতে স্বতন্ত্ৰতা লক্ষ্য কৰিব পাৰি৷ মাজে মাজে সংলাপৰ প্ৰয়োগ থকাই গীতবোৰ নাটকীয় গুণসম্পন্ন আৰু আকৰ্ষণীয় হৈ পৰিছে৷ উপমা, অলংকাৰ আদিৰ ব্যৱহাৰে লোকগীত সমূহৰ সাহিত্যিক গুণ বঢ়াইছে৷
কামৰূপী লোকগীত Ê- অসমীয়া লোকগীতৰ আঞ্চলিক বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— উজনি অসমৰ লোকগীত আৰু নামনি অসমৰ লোকগীত৷
নামনি অসমৰ লোকগীতক আকৌ দুটা ভাগত ভগাব পাৰি—কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত —
অসমীয়া লোকগীত
৷
————————————
৷ ৷
উজনি অসমৰ নামনি অসমৰ
লোকগীত লোকগীত
৷
————————–
৷ ৷
কামৰূপী গোৱালপৰীয়া
লোকগীত লোকগীত
কামৰূপী লোকগীত বুলি ক’লে বিশেষ কৈ অবিভক্ত কামৰূপ জিলাৰ অন্তৰ্গত জনসাধাৰণৰ মাজত প্ৰচলিত মৌখিক গীতবোৰকে বুজা যায়৷ এই বিশাল অঞ্চলটোত কত সুৱদী -সুৰীয়া গীত -মাতৰ সৃষ্টি হৈছে, কত মাৰ গৈছে, কত সময়ৰ কোৱাল সোতত উটিভাঁহি গৈছে তাৰ লেখ-জোখ নাই৷ অথচ এনেবোৰ গীত মাতেই অসমীয়া সাহিত্যৰ দুৱাৰ মুকলি কৰি বৰঘৰৰ মজিয়াৰ এটা বুজন অংশ অধিকাৰ কৰি আছে৷ অন্যান্য লোকগীতৰ দৰে কামৰূপত প্ৰচলিত লোকগীত বোৰৰো লিখিত ৰূপ নাছিল৷ অলিখিত গীত -মাতবোৰ মুখে মুখে বাগৰি আহিছিল৷ পাছত, আজি কালি প্ৰয়োজনৰ তাগিদাত বা ৰক্ষণাবেক্ষণৰ খাতিৰত গীতবোৰৰ কিছুমান লিপিবদ্ধ হৈছে৷ পৰ্বতৰ শিলৰ টুকুৰা নৈৰ বুকুৱেদি বাগৰি আহি নিমজ আৰু মসৃণ হোৱাৰ দৰে মুখে মুখে বাগৰি অহা লোকগীত বোৰৰো বহু বোৰেই ধ্বনিগত আৰু ৰূপগত পৰিবৰ্তন হোৱাটো স্বাভাৱিক৷ মৌখিক বাবেই ইয়াৰ ক্ৰমবিকাশ পৰিবৰ্তনশীল৷ ভাষাও প্ৰাচীন নহয়৷
কামৰূপত প্ৰচলিত ভালেমান লোকগীতেই ভাষা আৰু প্ৰকাশ ভংগীৰ ভিন্নতাই সেই গীতবোৰক সুকীয়াত্ব প্ৰতিপন্ন কৰিছে৷ উজনি বা নামনি অসমৰ আন ঠাইত নথকা ভালেখিনি লোকগীত কামৰূপত
প্ৰচলিত হৈ আহিছে৷ কামৰূপত প্ৰচলিত ভক্তি মূলক
লোকগীতবোৰ হ’ল— দেৱীৰ নাম, আইনাম, অপেচৰা সবাহৰ গীত, সুবচনীৰ গীত, লক্ষ্মীৰ নাম, গোপী কৃষ্ণৰ নাম, মনসাৰ গীত, জগন্নাথৰ গীত, দেহ বিচাৰৰ গীত, আউসা বা আইলা পূজাৰ গীত, তুলসী গুৰিত গোৱা গীত আদি৷ সেই দৰে বিয়া নাম, ভেকুলী বিয়াৰ নাম, মহোহো গীত আদি ভক্তি নিৰপেক্ষৰ গীত৷
কামৰূপৰ বিভিন্ন অঞ্চলত সিচঁৰতি হৈ আছে চাহ -পুৰাণৰ গীত, পচলাৰ গীত, সাত শাক তোলা গীত৷ আখ্যান মূলক লোকগীতৰ ভিতৰত কেৱল দুৱেলা শান্তিৰ গীত বিৰহ বিষয়ক বাৰমাহী গীতৰ সম্ভেদ পোৱা গৈছিল৷vv