নীলাক্ষীৰ মনটো কিবা এটা ভাল লগা নাই৷ তথাপিও সন্ধিয়াৰ চাহৰ পৰা ৰাতিৰ ভাতলৈকে কৰি খুৱাই-বোৱাই আজৰি হৈ বিচনাত পৰি ফেচবুকটো খুলিলে৷ কেইবাদিনো চোৱাই নাই৷ প্ৰথমতে মেছেঞ্জাৰলৈকে গ’ল৷ দেখিলে মেচেজটো “hi কি খবৰ৷’’ দেখি ৰিপ্লাই লিখিলে লগে লগে সিমূৰৰ পৰাও ৰিপ্লাই আহিল৷ অলপ সময় বাৰ্তালাপৰ পিছত তাইৰ স্বামী মানৱে মাতিলে “হেৰা কি কৰি আছা? মোৰ টোপনি অহা নাই পানী এগিলাচ দিয়া চোন’’ নীলাক্ষীয়ে পানী গিলাচ লৈ লবলৈ ক’লত মানৱে ক’লে ইমান ৰাতিলৈকে কি কৰি থাকা পানী গিলাচ দিব নোৱাৰা যে৷ তাইও সমানে খঙতে- পুলিচৰ চাকৰি কৰিলা বুলি ঘৰত মোকো ক’লৈ গৈছো কি কৰিছো জেৰা কৰি নাথাকিবা দেই৷ এই বুলি কৈ কৈ পানী দিবলৈ গৈ দেখিলে তেওঁ মহাপুৰুষ ৰাতিখনো ফেচবুকিয়ান হৈ মেচেজা-মেচেজি৷ ভালকৈ চাই দেখিলে তাইলৈকে লিখি আছে৷ এইয়া কি ইমান দিনে নকল নামেৰে একাউণ্ট খুলি মানে মোৰ ফেচবুকৰ চোৰাংচোৱা গিৰি৷ আইঐ দেহি, চৰকাৰী কাম বোৰ যদি এনেকুৱা মগজু খটুৱাই কৰিলি হেঁতেন দেশত ইমান অপৰাধ নহলহেঁতেনেই৷ তায়ো নাকটো মোহাৰি বুদ্ধি পাঙি ক’লে “ তুমি কি কৰি থাকা মই জানো দিয়া, এই একাউণ্টটো তোমাৰ বুলিও জানো সেই কাৰণে মই ও কথা পাতি থাকো বোলো কিনো অপৰাধটো হব যি হৈছে ঘৰতেহে হৈছে৷