১৯৯৩ চনত শিৱসাগৰৰ ৰংপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫৯ সংখ্যক অধিবেশনৰ সভাপতি ড॰ ভূপেন হাজৰিকাই তেওঁৰ সভাপতিৰ অভিভাষণত কৈছিল– ‘আপোনাসৱৰ সন্মুখত দৃঢ় কণ্ঠে ঘোষণা কৰিবলৈ আহিছোঁ যে অসম সাহিত্য সভা কেৱল অসমীয়া সাহিত্য সভা নহৈ ই অসমৰ সাহিত্য সভা হ’ব লাগে৷ ভৌগোলিকভাৱে যি মাটিভাগ অসমৰ অঞ্চলৰূপে আছেগৈ, সেই সীমাৰ ভিতৰতে থকা আৰু লুইতৰূপী অসমীয়া সাহিত্যিক, জীৱন্ত উপনৈ হৈ, তজবজীয়া নিজৰা হৈ অহোৰাত্ৰী পৰিপুষ্ট কৰা বিভিন্ন ঐতিহ্যপূৰ্ণ জনজাতীয় ভাষা-গোষ্ঠীসমূহ আৰু অন্যান্য ভাষা-গোষ্ঠীৰ সাহিত্য-কৰ্মীসকলৰ বাবেও এই অসমৰ সাহিত্য সভাৰ মঞ্চত সমান গুৰুত্ব লৈ একেলগে বহা, আলচ কৰা, পৰম্পৰক স-সন্মানে বুজিবলৈ চেষ্টা কৰা সুবিশাল মঞ্চ হওক এই মহান অসম সাহিত্য সভা৷ উদাৰ দৃষ্টি হওক এই মননশীল সাহিত্য সভাৰ৷ যৌথ হওক ইয়াৰ পৰিকল্পনা৷ অস্ত্ৰ হওক মানৱতাবাদ৷ লক্ষ্য হওক– শান্তি আৰু সামূহিক কল্যাণ৷’
অসমৰ সাহিত্য-সংস্কৃতিক তেওঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ সৈতে ৰিজনি দিবলৈ গৈ অন্যান্য জনগোষ্ঠীয় লোকসকলৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক লুইতৰ উপনৈ আখ্যা দিবলৈ গৈছিল৷ আৰু এইক্ষেত্ৰত তেওঁৰ আশংকা আছিল– ‘লুইতে সদায়ে অহংকাৰ কৰিয়ে থাকিবনে? লুইত বাম হৈ যাব, যদি আমি দেখোঁ– নৈ, নিজৰা, উপনৈবিলাকৰ গতিৰ পথত জাবৰ জমিছে৷ সেইবোৰ নৈ নিজৰাত স্বকীয় বিকাশৰ সোঁত আনিব খোজা প্ৰচেষ্টা হাতে-কামে সহায় কৰাটো লুইতৰ কৰ্তব্য৷ নৈ, উপনৈ, নিজৰাৰ বিকাশৰ সোঁত মন্থৰ হৈ গ’লে, গতিহীন হৈ গ’লে লুইতো হৈ পৰিব অগভীৰ, নিজৰাৰ মন যাব ভাগি, এনাজৰী হ’ব আউল-বাউল৷’
শংকৰ-মাধৱৰ দিনৰ বৰ অসম এটা সময়ত ভাগি-ছিগি খণ্ড-বিখণ্ড হৈ পৰিল৷ এখন ৰাজ্য গৈ সাতোখন ৰাজ্যত বিভক্ত হ’ল৷ সেই সাতভনী যে আই অসমীৰে সন্তান সেই কথা কোনো কালে পাহৰি নাযাবৰ বাবে ড॰ ভূপেন হাজৰিকাই গীতেৰে কৈছে– ‘আই অ’ আই আমি সাতজনী জীযলুইতৰ বালিতে ওমলি আছিলোঁ ৰ’দ কাঁচলিত বহি…৷’ বিভক্ত হোৱাৰ পিছতো শিল্পীগৰাকীৰ দৃষ্টিত কিন্তু ৰাজ্যকেইখন পৃথক হৈ যোৱা নাই৷ সেইবাবেই তেওঁ লিখিছে– ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্য আজি আনুভূতিক সমন্বয়েৰে সংযুক্ত পুনৰ৷’’
জ্যোতিপ্ৰসাদ আগৰৱালাই ‘অসমীয়া ডেকাৰ উক্তি’ কবিতাত কৈছিল– ‘লালুং-চুটিয়াযলুচাই-মিকিৰ-গাৰোযমিছিমি-খাম্তিযনগা-আংগামী বীৰযপৰ্বতে পাহাৰেযজ্বলিছে উচ্চ শিৰযসাম্য-মৈত্ৰীৰ ময়েই ৰণুৱাযচাহ-বাগিচাৰ ময়েই বণুৱাযন-অসমীয়া মৈমনচিঙীয়াযথলুৱা নেপালীযনৃত্য কুশলী মণিপুৰী মইযময়েই হিন্দুযময়েই মুছলমানযময়েই ন-জোৱান৷’ ঠিক সেই আদৰ্শকে শিৰোগত কৰি ড॰ ভূপেন হাজৰিকায়ো সৃষ্টি কৰিব বিচাছিল এক শক্তিশালী বৰ অসমৰ কণ্ঠস্বৰ৷ ৰূপকোঁৱৰৰ আদৰ্শৰে পৰিপুষ্ট এইগৰাকী শিল্পীয়েও ভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমৰ সকলো লোকৰ মাজত একতাৰ ভাব অনবৰতে জগাই ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল আৰু যিকোনো দুষ্কৃতিয়েই সেই মহামিলনত হেঙাৰস্বৰূপে যাতে থিয় দিব নোৱাৰে সেই কথাও তেওঁ একেটা গীতৰ মাজেদিয়েই প্ৰকাশ কৰিছিল– ‘কাৰ্বি আংলং বড়ো-ৰাভা-মিচিং-মিৰিৰে অসমত দীনতা নাইযসেই মহামিলনৰ প্ৰতিজ্ঞা ভঙাৰ শতৰুৰ কলিজা নাই৷’
ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল শদিয়াৰ এখন জনজাতি অধ্যুষিত গাঁৱত৷ আনকি সৰুতে তেওঁ ‘আদি’ মহিলাৰ বুকুৰ পিয়াহো পান কৰিছিল বুলি শুনা যায়৷ বিভিন্ন সময়ত বিভিন্ন ঠাইত তেওঁৰ বন্ধু-বান্ধৱসকলো লগ পাইছিল বিভিন্ন জনগোষ্ঠীৰ৷ গতিকে জন্মৰে পৰাই হয়তো তেওঁৰ বুকুৰ নিভৃত কোণত গঢ় লৈ উঠিছিল জনগোষ্ঠীয় প্ৰীতিৰ এক সমৃদ্ধিশালী ভাণ্ডাৰ৷ সেইবাবেই হয়তো লাহে লাহে তেওঁৰ গীতৰ মাজেদি প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল জনগোষ্ঠীয় প্ৰীতিৰ অফুৰন্ত সুবাস৷ ‘কুসুম্বৰৰ পুত্ৰ শংকৰ গুৰুৱে…’ শীৰ্ষক প্ৰথম গীতিটি মহাপুৰুষজনাৰ চিৰ জ্যোতিষ্মান স্মৃতিত ৰচনা কৰি সুৰাৰোপিত কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ গীতৰ মাজলৈ আহিছিল অসমৰ বিভিন্ন জনগোষ্ঠীৰ কথা, সুৰ আৰু সংগীতৰ লহৰ৷ কেৱল অসমৰ কথা যদি কোৱা যায় তেন্তে ড॰ ভূপেন হাজৰিকাই শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি সকলো ঠাইৰে কৃষ্টি-সংস্কৃতিৰ আবিৰ বুটলি আনি তেওঁৰ নিজা সৃষ্টিৰ মাজত সেইবোৰ ঘঁহি-পিহি সোণত সুৱগা চৰোৱা একোখনি পেইণ্টিঙৰ ৰূপত শ্ৰোতা-দৰ্শকসকললৈ আগবঢ়াই দিছিল৷

কেৱল গীতৰ কথা আৰু সুৰ আৰু পৰিৱেশনৰ মাজতে সীমাবদ্ধ নাথাকি ড॰ হাজৰিকা গৈছিল জনগোষ্ঠীয় গাঁৱলৈ৷ জনগোষ্ঠীয় খাদ্যসম্ভাৰ খাই তেওঁ ভাল পাইছিল৷ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰাৰ কেইঘণ্টামান আগতেও শিৱসাগৰ আৱৰ্ত ভৱনৰ পৰা তেওঁ হেৰাই গৈ ওলাইছিলগৈ বৰনৈৰ দাঁতিৰ দিচাংমুখৰ বন্ধুৰ ঘৰত৷ সেই মুহূৰ্ততো মিচিং চাং ঘৰত বহি পৰঃ আপঙৰ সোৱাদ ল’বলৈ যোৱা কাৰ্যই কিন্তু ড॰ ভূপেন হাজৰিকাৰ কেৱল সুৰাপ্ৰীতিৰ কথাই নুসূচায়৷ এটা মহৎ কৰ্মৰ আগ মুহূৰ্ততো যে তেওঁৰ হৃদয়খন আছিলগৈ এখন জনজাতীয় গাঁৱৰ পাকঘৰৰ কাষত, সেই কথাটোৱে আচলতে তেওঁৰ জনগোষ্ঠীয় প্ৰীতিৰ কথাহে বাৰে বাৰে সোঁৱৰায় যায়৷ একেদৰে বড়ো-অবড়ো সংঘাতৰ সময়ত তেওঁ গৈ যেতিয়া সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই গীতৰ ভাণ্ডাৰ লৈ ওদালগুৰি পাইছিলগৈ, তেতিয়াও সেই কাৰ্যই উৎসাহ যোগাইছিল ‘হাজাৰ জনতাক’ সজাগ হ’বলৈ৷
ড॰ ভূপেন হাজৰিকাৰ জনগোষ্ঠীয় ভাষাপ্ৰীতি বিষয়টো এটা গুৰুত্বপূৰ্ণ দিশ৷ সকলো ভাষা নাজানিলেও তেওঁ জানিবলৈ ই২৬া প্ৰকাশ কৰিছিল ইয়াৰ মৰ্মাৰ্থ৷ নাগামিজ, নেফামিজ আদি ভাষাৰ পৰা আৰম্ভ কৰি অসমৰ জনগোষ্ঠীয় ভাষাবোৰৰ পৰা চিৰসেউজ শব্দ কিছুমান বুটলি আনি গীত ৰচনা কৰাটো তেওঁৰ সৃষ্টিৰ এটা অন্যতম বৈশিষ্ট্য৷ বড়োৰ চিফুং-বাৰদৈচিখ্লা, মিচিঙৰ মিবু গালোক-এগে মেখেলা, পৰঃ আপং, নেপালীৰ টুপী আদি ভিন্ন জনগোষ্ঠীয় শব্দ, সাজপাৰ আৰু খাদ্য সামগ্ৰী ব্যৱহাৰ কৰি ভাল পাইছিল ড॰ ভূপেন হাজৰিকাই৷ আৰু সেইবোৰক ষোড়শোপচাৰ হিচাপে ব্যৱহাৰ কৰিয়েই তেওঁ অৰ্চনা কৰিছিল শিল্প পূজাৰ৷
ড॰ ভূপেন হাজৰিকাই সমন্বয়ৰ সংস্কৃতিত অত্যন্ত গুৰুত্ব প্ৰদান কৰিছিল৷ যিকোনো ঠাইতে তেওঁ গীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁ গাইছিল পল ৰবচনৰ আদৰ্শত ৰচনা কৰা সেই মহান গীতটি– ‘আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে৷’ ২০০৯ চনৰ ১৫ ফেব্ৰুৱাৰীত লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত চিৰবৰেণ্য শিল্পীগৰাকীক নিবেদন কৰা ৰাজহুৱা শ্ৰদ্ধা অনুষ্ঠানত শিল্পীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কোৱা বক্তব্যতো কৈছিল– ‘সমন্বয় বৰ ডাঙৰ কথা৷ সমন্বয় নহ’লে ডেম’ক্ৰেচী থাকিব নোৱাৰে৷’
নিজকে যাযাবৰ আখ্যা দিয়া ড॰ ভূপেন হাজৰিকাই সংগীত আৰু সংস্কৃতিৰ নামতে এটা সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢপলিয়াই ফুৰিছিল৷ হাতত এখন হাৰ্মনিয়াম লৈ ঘূৰি ফুৰা সেই সময়খিনিতে ৰচনা কৰিছিল বিভিন্ন ঠাইৰ বিভিন্ন জনগোষ্ঠীক লৈ বিভিন্ন গীত৷ গৌৰীপুৰত হস্তী-কন্যাৰ স’তে একেলগে গোৱালপৰীয়া লোকগীত গোৱাৰ লগতে তেওঁ লিখিছিল আৰু গাইছিল– ‘গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ, হাতীও ধৰিলোঁ তাইকো মুহিলোঁ সাঁতুৰি গদাধৰ নৈ…৷’ একেদৰে দিচাংমুখক লৈও তেওঁ ৰচনা কৰিছিল গীত৷ দিচাংমুখ হ’ল শিৱসাগৰ জিলাৰ এখন সৰু ঠাই৷ আহোম, চুতীয়া, মিচিং, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ লোকৰ সমাৱেশৰ ঠাই এইখন৷ এটা সময়ত এই ঠাইডোখৰৰ যাতায়াত ব্যৱস্থাও আছিল অত্যন্ত দুখজনক৷ থাকিবলৈ নাছিল– কোনো লাহ-বিলাহৰ ঘৰ, আধুনিক জীৱনৰ মাদকতাৰে ভৰপূৰ পৰিৱেশ৷ আছিল মাথোঁ বৰলুইত আৰু দিচাঙৰ সংগম স্থলীত প্ৰকৃতিয়ে সৃষ্টি কৰা এক অনাবিল সমাৱেশ৷ সেই সমাৱেশ স্থলীতে এইগৰাকী সুধাকণ্ঠই বিচাৰি পাইছিল অমৃত সম জিৰণী ঘৰ৷ সহজ-সৰল মিচিং মিমবিৰ-য়ামে (ডেকা-গাভৰু)সকলক লৈ তাতেই তেওঁ সৃষ্টি কৰিছিল সেই সমন্বয়ৰ গীত– ‘বোলো মিচিং ডেকাটি বজালিযে পেঁপাটিযসুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাটিযমিবুগালুক চোলাটিযপেৰেৰুমবং চাদৰখনি কিয়নো তই পিন্ধিলিযমূৰত দেখোন দুমেৰ দি গামোচা আঁটিলিযআৰু তোৰে পুৰুষ দেহাতে ফুটি উঠিছেযসেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি৷’
বৰ অসমৰ পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ ডোলডাল কটকটীয়া কৰি ৰখাৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্ব দিছিল ড॰ ভূপেন হাজৰিকাই৷ ‘ছিয়াঙৰে গালং’, ‘লিয়েন মাকাও’, ‘কহিমাৰে আধুনিকা ডালিমী’, ‘ডিফু হ’ল তোমাৰ নাম’ আদি গীতবোৰে সমন্বয়ৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই কথা সকলোৱে স্বীকাৰ কৰিবই লাগিব৷ একেদৰে তেওঁৰ গীতৰ কথাৰ মাজত পোৱা অতীত প্ৰীতি তথা বুৰঞ্জীৰ সমলেও এই সমন্বয়ৰ বাটটোকে বাৰে বাৰে সোঁৱৰাই থাকিব বিচাৰে– ‘আহোম স্বৰ্গদেউৰ দিনতেযলোণ বান্ধি নামিছিল নক্তেযতাহানিৰ শ্ৰীশ্ৰীৰাম আতাইযনক্তে নৃপতিক দিছিলে শৰণযকৰি নক্তে শিষ্যৰ নামকৰণযনৰৰো উত্তম নৰোত্তমযকৈছিল মানুহ হ’লেযইজনে সিজনক সাবটিলেযনহয় জাতিকুল ভ্ৰষ্ট৷’
অতীত প্ৰীতিয়ে যিদৰে ড॰ ভূপেন হাজৰিকাৰ মানস পট অনবৰতে আ২৬াদন কৰি ৰাখিছিল, ঠিক একেদৰে ভৱিষ্যতৰ প্ৰতিও অত্যন্ত সচেতন আছিল তেওঁ৷ সেইবাবেই তেওঁ সতৰ্কতাৰে কিছু লৈ-কিছু দি এখন সমন্বয়ৰ সমাজ, সম্প্ৰীতিৰ ভাব অটুট থকা দেশ গঢ়াত গুৰুত্ব প্ৰদান কৰিছিল৷ যিটো পৰৱৰ্তী যিকোনো প্ৰজন্মৰ বাবে সদায় আদৰ্শ আৰু অনুকৰণীয় হৈ ৰ’ব৷ তেওঁৰ গীতৰ মহান বাণী সদায় সভ্যতাৰ পথত জিলিকি ৰ’ব– ‘তুমিয়ে ময়ে দেশখন গঢেঁাতেযযদিহে কেঁচা ঘাম সৰেযদুয়োৰে ঘামৰে মিলনে দেখিবাযবুৰঞ্জী ৰচনা কৰে৷’
ড॰ ভূপেন হাজৰিকাই এটা কথা ভালদৰে উপলব্ধি কৰিছিল যে বড়ো, মিচিং, কাৰ্বি, ডিমাচা, থলুৱা নেপালী আদি জনগোষ্ঠীয় লোকসকলক বাদ দি অসমীয়া জাতি আৰু সংস্কৃতি কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে৷ গতিকে তেওঁ লিখিছিল– ‘ৰঙা পাহাৰৰে মাটি কাটিযখাচি কৃষকে খাটে দিনে-ৰাতিযভৈয়ামৰো খেতিৰ হাজাৰ ৰংমনেযআঁকোৱালি ধৰিব সেই খেতি৷’
শিল্পীৰ কোনো জাতি নাথাকে, মাটি নাথাকে, নাথাকে কোনো সীমাবদ্ধতা৷ শিল্পীৰ কোনো ধৰ্ম নাথাকে, গোত্ৰ নাথাকে, নাথাকে পৰিধি৷ সেই বিষয়টোকে প্ৰমাণ কৰি গৈছে বিশ্বশিল্পী ড॰ ভূপেন হাজৰিকায়ো৷ ড॰ ভূপেন হাজৰিকাই নিজা শিল্পকৰ্মত মানি চলা নাছিল কোনোধৰণৰ ধৰ্মীয় সীমাবদ্ধতা৷ ‘চিক্মিক্ বিজুলী’ বোলছবিত ‘আজি ঈদ মজলিছতে…’ শীৰ্ষক কাৱালিটোৰ জৰিয়তে ড॰ ভূপেন হাজৰিকাই হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল বান্ধিব খুজিছিল জাউতিযুগীয়া কৰি৷ তদুপৰি তেওঁ গাইছিল– ‘ৰাম আৰু ৰহিমে ঘাম মচি এটা জাতি গঢ়িছেযফৰমুদ আলি বাউল হৈ মুক্তিৰ গীত ৰচিছেযবাহাদুৰ গাঁওবুঢ়াই জান গি মণিৰাম সেৱিছেযএই বেহতেৰিন দোস্তি ভাঙে সেই দুচমনে৷’ একেদৰে ‘চামেলি মেমচাব’ বোলছবিত চাহজনগোষ্ঠীয় লোকসকলক আপোন কৰাৰ মানস কৰিছিল ড॰ ভূপেন হাজৰিকাই৷
ড॰ ভূপেন হাজৰিকা কেৱল অসমৰ শিল্পী নহয়৷ তেওঁ হৈছে বিশ্বশিল্পী৷ সৰুৰে পৰাই জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ সান্নিধ্য পোৱা ড॰ হাজৰিকাই তেওঁলোকৰ আদৰ্শ আৰু দৰ্শনক অনুকৰণ কৰি গঢ়ি তুলিছিল নিজক৷ ‘মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰযমোকে শলিতা কৰি জ্বলাওঁ বিশ্বচাকিযবিশ্ব জনতা পূজাৰযসেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰিযমই মোকে দিওঁ উপহাৰযমোকে কৰি ষোড়শোপচাৰযবিশ্ব জুৰি জনতাৰ জয়জয়কাৰযহওক জয়-জয়কাৰ৷’ ‘বিশ্বশিল্পী’ শীৰ্ষক জ্যোতিপ্ৰসাদৰ এই কবিতাৰ আৰ্হিতে বিশ্বশিল্পৰ পূজাৰ বেদীত অৰ্চনা কৰিবলৈ যোৱা যাযাবৰ শিল্পী ড॰ ভূপেন হাজৰিকাই লিখিছিল– ‘মই লুইতৰ পৰা মিছিচিপি হৈ ভগাৰ ৰূপ চালোঁযঅটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিচ সাবটি ল’লোঁযমইইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়ালোঁযগালিবৰ শ্বায়েৰি দুশ্বম্বেৰ মিনাৰত শুনা পালোঁযমাৰ্ক টোৱেনৰসমাধিত বহি গৰ্কিৰ কথা ক’লোঁযবাৰে বাৰে দেখোঁ বাটৰ মানুহ আপোন হৈছে বৰ৷’ পিছে নিজকে যাযাবৰ বুলি ক’লেও তেওঁ আত্মসচেতনতাৰেহে বিচৰণ কৰিছিল বিশ্বভূমিত৷ বিশ্বপূজাৰ সপোন দেখাৰ উপৰি এটা সঠিক লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ ভাৱনাৰ কথা তেওঁৰ অন্তৰাত্মাই যাযাবৰী মনটোক কিন্তু বাৰে বাৰে সতৰ্ক কৰি ৰাখিছিল৷ সেই সচেতনতাৰেই তেওঁ গাইছে– ‘বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণযৰঙৰ খনি য’তেই দেখিছোঁ ভগাই দিয়াৰ মন৷’
ন বছৰ বয়সতে ভূপেন হাজৰিকাই কণ্ঠদান কৰাৰ লগতে অভিনয়ো কৰিছিল বিষ্ণু ৰাভাৰ ‘বিশ্ববিজয়ী ন-জোৱান’ শীৰ্ষক গীতটিত৷ শক্তিশালী ভাৰতৰ বিপ্লৱী সন্তানক ওলাই অহা আহ্বান জনোৱা সেই কণমানি শিল্পীগৰাকীৰ অৱচেতন মনৰ মাজত তেতিয়াই হয়তো বাহ বান্ধিছিল বিশ্বশিল্পী হোৱাৰ এক শক্তিশালী স্বপ্নই৷ সেইবাবেই হয়তো পৰৱৰ্তী সময়ত তেওঁ ‘ধৰাৰ দিহিঙে-দিপাঙে লৱৰি ফুৰি’ বিচাৰি ফুৰিছিল সঁচা মানৱতাৰ ঠিকনা৷ বিশ্ব ভ্ৰমণ কৰি সমাজ-সংস্কৃতিৰ মৌ পান কৰি ঘূৰি ফুৰা এইগৰাকী শিল্পীয়ে বহু সময়ত দেশে দেেশ প্ৰত্যক্ষ কৰিছিল নিৰ্যাতিত মানুহৰ ধবংসমুখী ৰূপ৷ লুইতৰ পৰা আৰম্ভ কৰি মিছৰৰ নীল নৈৰ পাৰৰ দুখীয়া কৃষকৰ বুকুৰ বিননিও শুনা পাইছে তেওঁ৷ সেইবাবেই তেওঁ গাইছে– ‘মিছিছিপিৰ পাৰতেযকপাহৰে খেতিতেযনিগ্ৰো ‘জনে’ বিনালেযকৈ মানুহৰ বৰণৰ কথা৷’
পৃথিৱীত হাজাৰটা ভাষাভাষী মানুহ আছে৷ সকলো ভাষা আয়ত্ত কৰাতো কাৰোপক্ষে সম্ভৱ নহয়৷ কিন্তু মানুহক বুজিবলৈ, সমাজক বুজিবলৈ বা সংস্কৃতিক বুজিবলৈ সকলো ভাষা জনাটো দৰকাৰী কথা নহয়৷ এটা আগ্ৰহী মন আৰু এখন সংস্কৃতিৱান হৃদয়ৰ অধিকাৰী হ’লেই বুজি পাব পাৰি এটা জাতিৰ মৰ্মকথা৷ সেই কথাকে অনুধাৱন কৰি ড॰ হাজৰিকাই লিখিছিল– ‘ভাষা নুবুজিও যুগে যুগে আহেযমানুহে মানুহৰ পিনেযমৰমৰ ভাষাৰে আখৰ নাইকিয়াযবুজিব খুজিলেই চিনে৷’
মানুহে সমাজ গঢ়ে৷ সমাজে সভ্যতা গঢ়ে৷ সভ্যতাবোৰ এদিন বুৰঞ্জী হয়, ইতিহাস হয়৷ ইতিহাসে মানুহক বিচাৰ কৰে৷ ভাল-বেয়া, দোষ-গুণ খুঁচৰি উলিয়াই পূজ্যজনক পূজা কৰে৷ সমাজ গঢ়িবলৈ মানুহ লাগে৷ মনে মিলা মানুহ৷ মন মিলিবলৈ হ’লে ড॰ হাজৰিকাই বিশ্বাস কৰিছিল– ‘কিছু ল’ব লাগে কিছু দিব লাগে জীণ যাবলৈ হ’লেযমিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথেও ক’লে৷’
নদী হ’ল গতিশীলতাৰ প্ৰতীক৷ জীৱনৰ প্ৰতীক৷ নদীত দুয়োপাৰৰ অলেখ জান-জুৰি, পথাৰ-পাহাৰৰ পানী একগোট হয়, সেয়েহে ই সমন্বয়ৰো প্ৰতীক৷ লুইতৰ পাৰত জন্ম হৈ লুইততে লীন যোৱা ড॰ হাজৰিকাৰ চকুৰ আগত সদায় ভাহি আহিছিল বৰলুইতৰ অপাৰ মহিমাৰ কথা৷ তেওঁৰ ধাৰণাত লুইতেই অসমীয়া জাতিৰ প্ৰাণ৷ লুইত থাকে মানে বৃহত্তৰ অসমীয়া জাতি থাকিব৷ থাকিব জাতীয় অস্তিত্ব৷ সেইবাবেই তেওঁ গীতৰ মাজেদি কৈছে– ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থযকত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ….’
এটা কথা ঠিক যে বিশ্বনাগৰিক ড॰ ভূপেন হাজৰিকাই অন্তৰৰ গভীৰ কোণৰ পৰাই অনুভৱ কৰিব পাৰিছিল সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰ গূঢ়াৰ্থ৷ সেইবাবেই তেওঁৰ কৰ্মৰাজিত মূৰ্তমান হৈছিল সেই আদৰ্শ৷ আৰু ‘বিস্তিৰ্ণ পাৰৰ অসংখ্যজনৰ’ অন্তৰাত্মাৰ কথা উপলব্ধি কৰিব পাৰিছিল বাবেই তেৱোঁ সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ জীৱন্ত অৱস্থাতে তেওঁ হৈ পৰিছিল বিশ্বসভ্যতাৰ সমন্বয়ৰ এক প্ৰতীকস্বৰূপ৷
আজি সেই মহান শিল্পীগৰাকী আমাৰ মাজত নাই৷ কিন্তু তেওঁৰ আদৰ্শৰাজি আমাৰ মাজত আছে আৰু ভৱিষ্যতেও থাকিব৷ সেই আদৰ্শৰাজিক আমি সঠিক ৰূপত অনুধাৱন কৰি, কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিলেহে শিল্পীজনাক প্ৰকৃততে শ্ৰদ্ধা কৰাটো বুজাব আৰু সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই, মানুহে মানুহৰ বাবে অকণমান ভাবি এক সবল মানৱ জাতি আৰু উৎকৃষ্ট মানৱ সভ্যতা গঢ়াত অৰিহণা যোগোৱা হ’ব৷