প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ (মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহ) – Purbodix.com

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ (মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহ)

যোৱা সংখ্যাৰ পিছৰ পৰা…

সি ক’লে, “ভাল কথা৷ কিন্তু আচল যুদ্ধৰ সময় এতিয়াৰ পৰাহে আৰম্ভ হ’ব৷ হয়তো আপোনালোকে নাজানে চাগে যে গাঁৱৰ মানুহেবাৰ কোৰ্ট গৈ পাইছে বুলি৷ সেইবোৰ বাৰু কোম্পানিয়ে চম্ভালি ল’ব৷ কোম্পানিৰ ওপৰ মহলৰ মানুহে ইয়াতকৈও ডাঙৰ ডাঙৰ কেচ চম্ভালি আহিছে৷ এতিয়া আমাৰ কৰিবলগীয়াখিনি একেবাৰে সহজ৷ আমি চাৰিওফালৰ পৰা, নহয় ৰ’ব তিনি ফালৰ পৰা, নৈ ফালে বাৰু এতিয়াই নালাগে ৱাল উঠাব৷ লগতে ৰাস্তাৰ কামো সমানে চলি থাকিব৷ ইফালে হনুমান মূৰ্তি আৰু মহাদেৱ মন্দিৰৰ কামো চলিব৷ মহাদেৱ মন্দিৰৰ সেই পূজাৰীজনে যেতিয়াই শিৱলিংগ আঁতৰোৱাৰ ইংগিত দিব, মন্দিৰৰ কামো তিনি মাহৰ ভিতৰত শেষ হৈ যাব৷ কিন্তু আটাইতকৈ ডাঙৰ কামটো হ’ল কোম্পানিৰ মাটিৰ চাৰিওফালে বাউণ্ডেৰী ৱাল উঠোৱা৷ উদ্ধৱ বাবুৱেতো সনাতন দাসক বুজাব নোৱাৰিলে৷ লুলু বিশ্বৱালে তেওঁলোকৰ গোটত সোমাই পৰিছে৷ আনকি এই বেকাৰ বুঢ়া অৰ্জুন বাবাজীও হেনো একে ফলীয়া৷ এই এনে মানুহ কিছুমানৰ কাৰণেই আমাৰ দেশখনে উন্নতি কৰিব পৰা নাই বুজিছে! কোম্পানিয়েতো কোনো গাওঁ খালি কৰাৰ কথা কোৱা নাই! এওঁলোকে মিছাতে সেইটোকে ঢোল পিতি প্ৰচাৰ কৰি ফুৰিছে…

ঃ ছাৰ – কৰুণাকাৰে মুখ খুলিলে৷ 

ঃ কওক – শুভেন্দুৱে অনুমতি দিলে৷ 

ঃ ৰমাকান্তই কৈছিলে এই ইলেিক্ট্ৰক কোম্পানিটো বহিলে হেনো গছ-বন জলি নোহোৱা হ’ব৷ আৰু কৈছিল এবাৰ সেই কোম্পানিটো ইয়াত বহাৰ পিছত গাঁৱত হেনো মানুহ থাকিব নোৱাৰা হ’ব৷ আপুনি বিশ্বাস নকৰিব আৰু কি কি যে নকৈ গাঁৱৰ মানুহৰ মগজু ঘোলা কৰা নাই৷ আমি যিমান মেল-মিটিঙ, উৎসৱ পাতি মানুহক বুজালেও তাৰ এনেবোৰ কথাই মানুহখিনিৰ মন সলনি কৰি পেলাইছে৷ তাৰ কথাবোৰ সঁচা নে কি ছাৰ? 

ঃ একেবাৰে মিছা কথা৷ ইলেিক্ট্ৰক কোম্পানি বহিব আপোনালোকৰ গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ দূৰত৷ তাৰ পৰা উত্তাপ আহি আপোনালোকৰ গাওঁ পুৰি পেলাব? বাদ দিয়ক সেইবোৰ কথা৷ সেইটো এটা বেলেগ কোম্পানি৷ ইয়াৰ বিষয়ে মোতকৈ তেওঁলোকে বেছি ভালকৈ বুজাব পাৰিব৷ আচ্ছা মই ক’ব বিচাৰিছিলো যে এই সাত দিনৰ ভিতৰত যি যি ঠাইত ৱাল উঠোৱা হ’ব, তাত আমি চূণ পেলোৱাৰ দৰে চিমেণ্ট চতিয়াব নোৱাৰিম নে? গোপীনাথপুৰত চিমেণ্টৰ বস্তা ঠাহ খাই পৰি আছে৷ বৰষুণত সেইবোৰ নহ’লে গোট মাৰিব৷ তাতকৈ আমি তাক কিহবাত ব্যৱহাৰ কৰাই ভাল৷ ইয়াৰ পৰা দুটা কাম হ’ব৷ প্ৰথম – ডি মাৰ্কেচন লাইন টনা হৈ যাব আৰু দ্বিতীয়তে সেই মাটিবোৰত যি ঘাঁহ বন, গছ আছে সেইবোৰ নোহোৱা হ’ব৷ এবাৰ গাঁৱৰ মানুহখিনিৰ খেতিৰ মাটিত চিমেণ্ট পেলাই দিলে, সেই মাটি পাথৰ হৈ পৰিব৷ সকলো ঠাইতে নালাগে সেই বুলি৷ চৰকাৰী মাটি আৰু বন্ধোযা মাটিবোৰত নালাগে৷ তাৰ পিছত কি হ’ব বুজি পাইছাতো? 

কথাটো শুনি কৰুণাকাৰৰ চকু তিৰবিৰাই উঠিল৷ “কি বঢ়িয়া আইডিয়া ছাৰ! খেতিৰ মাটিত চিমেণ্ট পৰিল মানে আৰু তাত গছ বন কোনোদিনে নগজে৷ খেতি মাটি নাথাকিলে, কোম্পানিক মানা কৰিবলৈকো কোনো নাথাকে৷  তেতিয়া উপাই নাপাই কোম্পানিৰ হাততে বিক্ৰি কৰিবলৈ বাধ্য হ’ব মানুহেবাৰ৷ লাগিলে এক লাখৰ ঠাইত দুই লাখেই লওক৷ মজা আইডিয়া ছাৰ৷ কিন্তু এই কামটো বাৰিষাৰ দিনতেই কৰিব লাগিব৷ চাৰি-পাঁচ ৰাতিৰ ভিতৰতে গোটেই এৰিয়াটো টকলা কৰি পেলাম৷” – কৰুণাকাৰে ক’লে৷ 

ঃ ইমানো সহজ নহয়৷ এবাৰত কমেও ত্ৰিছ, ছল্লিশ ট্ৰাক চিমে ণ্ট আৰু লগতে জে ছি বি লাগিব কামখিনি কৰাবলৈ৷  চিমেণ্টৰ লগত অন্য কেমিকেলো মিলাব লাগিব৷ ধৰি লওক এইয়া আমাৰ তুমুল ৰণৰ সময়৷ ইয়াত পাপ-পুণ্য, ভাল-বেয়া বিচাৰ কৰাৰ সময় নাই৷ আপোনালোকেও নিজৰ নিজৰ ভৱিষ্যতক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই৷ আপোনালোকৰ কাৰণে কোম্পানিয়ে বিশেষ ব্যৱস্থা কৰিছে৷ তাৰ বাদেও গোপীনাথপুৰত বাঙলো, মাটি, গাড়ীৰ লগতে ব্যৱসায়ৰো ব্যৱস্থা কৰিছে৷ গতিকে বুজি পাইছেতো? 

ঃ ছাৰ! ছাৰ! 

ঃ আৰু আপুনি কিবা কব? -সুভাস মণ্ডলৰ ফালে চাই শুভেন্দুৱে সুধিলে৷ 

ঃ দাদাই যি ক’লে, মোৰো সেইখিনিয়েই ক’বলগীয়া আছিল৷ 

ঃ ঠিক আছে৷ মই গোপীনাথপুৰৰ কেম্পৰ সৈত যোগাযোগ কৰোঁ৷ এই সপ্তাহেটা আমাৰ কাৰণে সাংঘাতিক গুৰnত্বপূৰ্ণ৷ কোৰ্টে কেচটো বিচাৰৰ কাৰণে নিয়াৰ আগতেই এই কামখিনি আমি শেষ কৰিব লাগিব৷ কামটো হৈ গ’লে বিৰোধ কৰি থকা মানুহখিনি দুৰ্বল হৈ পৰিব৷ কূঁটা ঘাঁহ এডাল নগজা মাটিলৈ সিহঁতে কৰিব কি? 

ঃ বন্ধোযা মাইকীৰ দৰে মাটিবোৰ হৈ পৰিব – সুভাসে ক’লে৷ 

ঃ ধুৰ! সেইখিনি মাটি বিয়া নোহোৱা মাকৰ দৰে হ’ব৷ বন্ধোযা মাইকীকনো কোনে আনিব৷ কিন্তু বিয়া নোহোৱা ছোৱালী মাক হ’বলৈ ওলালে, বাপেকে বাধ্যত পৰি হ’লেও প্ৰেমিকৰ ওচৰত এৰাৰ বাদে আন বাট নাথাকিব৷ আমাৰ গাঁৱৰ মানুহবোৰে সেইবোৰ মাটি কোম্পানিক নিদি আৰু যাব ক’লৈ? হে -হে -হে৷ কৰুণাকাৰে শেষত এটা পৈশাচিক হাঁহি মাৰিলে৷ 

শুভেন্দু চকখাই উঠিল৷ কেই চেকেণ্ডমানৰ কাৰণে তাৰ মুখেদি কোনো কথাই ওলোৱা নাছিল৷ কি সাংঘাতিক এই ল’ৰাটো! হঠাৎ তাৰ মুখত কুমাৰী গৰ্ভাৱতীৰ প্ৰসংগ কিয় ওলাল৷ কৰুণাকাৰে তাকেই ঠাট্টা কৰি কথাটো কোৱা নাইতো? কিন্তু সি মালতীৰ লগত তাৰ সম্পৰ্কৰ কথাটো জানিলে কেনেকৈ? নি জৰ দুৰ্বলতাখিনিক লুকুৱাবলৈ শুভেন্দুৱে চিগাৰেটৰ পেকেট উলিয়ালে সুধিলে, “খাই নে?”

কৰুণাকাৰে এটা ল’লে৷ কিন্তু সুভাসে মানা কৰি দিলে৷ 

“বাৰু আপোনালোক এতিয়া যাওক৷ মই কালি দিনৰ ভাগতে পাটপুৰ গৈ পোৱাৰ চেষ্টা কৰিম৷’’ শুভেন্দুৱে ক’লে৷ 

ঃ আপুনি পাটপুৰলৈ যাব? –কৰুণাকাৰে সুধিলে৷ 

শুভেন্দু আকৌ আচৰিত হ’ল৷ এনেকৈ ই কিয় কথাবোৰ কৈছৈ? লগে লগে শুভেন্দুৱে সুধিলৈ, “কিয়, আপোনালোক চোন সকলো থাকিবই৷ মই থকাকে নগ’লেও, দিনটোৰ কাৰণে গৈ ঘূৰি আহিম৷”

ঃ কিন্তু– কৰুণাকাৰে কথাৰ সামৰণি নামাৰিলে৷ 

ঃ কিবা অসুবিধা আছে? 

ঃ নাই মানে, ৰমাকান্তৰ ভনীয়েক গাঁৱলৈ ঘূৰি অহাৰ পিছৰে পৰা তাই একেবাৰে পাগলীৰ দৰে হৈ পৰিছে৷ যোৱা কালিতো ইন্দ্ৰমণিৰ বিষয়ে মানুহেবাৰক কৈ কৈ গোটেই গাওঁখনকে মূৰত তুলি লৈছিল৷ 

ঃ মালতী পাটপুৰত আছে? – প্ৰশ্নটো সোধাৰ পিছতে ঢপ কৰি শুভেন্দু চোফাখনত বহি পৰিল৷ তাৰ মুখখন শেতা পৰি গৈছিল৷ তাৰ পিছতে আকৌ ভাবিলে, হয়তো তাই নিজৰ ককায়েক দেউতাকক বুজাবলৈকে তালৈ গৈছে৷ অন্ততঃ তিনি মাহৰ কাৰণেও যদি গাঁৱৰ মানুহখিনি চুপচাপ বহি থাকিলে হয়, তেতিয়াও কিবা এটা কৰিব পৰা গ’ল হয়!

অহৰহ দি থকা বৰষুণজাক শাম কাটিছেহি৷ মেঘাছন্ন আকাশৰ ডাৱৰ ফালি কৃষ্ণপক্ষৰ জোনটোৱে লাহেকৈ ভূমুকি মাৰিছিল৷ ক’লা ডাৱৰৰ মাজৰ পৰা ওলাই অহা এই জোনটোক দেখিবলৈ প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজি অহা এজন যুঁজাৰুৰ দৰেই লাগিছিল৷ তাৰ পোহৰতেই আলোকিত হৈছিল বৰষুণে ধুই নিকা কৰি পেলোৱা পাটপুৰৰ গছ-লতা৷ 

বিছনাখনৰ পৰাই খিৰিকিখনেৰে বাহিৰলৈ চাই পঠিয়ালে নীলাম্বৰে৷ সমুখৰ সকলো বস্তু জোনৰ পোহৰত ফটফটীয়াকৈ দেখা পোৱা গৈছিল৷ ভেকুলীৰ মাতে চৌপাশ ৰজন-জনাই আছিল৷ ঘৰৰ চালখনেদি পানী নিগৰি আহি ভিতৰত পৰি পৰি তাৰ ঘৰটোক কিবা সেমেকা গুহা এটাৰ দৰে কৰি পেলাইছিল৷  পাৰ কৰি অহা আন ৰাতিবোৰৰ দৰে আজিও তাৰ টোপনি অহা নাই৷ মালতীৰ কথা ভাবি ভাবিয়েই সি ৰৈ গৈছে৷ গাৰnে¸টাক হেঁচা মাৰি নীলাম্বৰে শুবলৈ চেষ্টা কৰিলেও সি কিন্তু বিফল হৈছে৷ অন্ধকাৰৰ মাজতো সি মালতীৰ মুখখন স্পষ্টকৈ দেখা পাইছিল আৰn ¸ইচাট- বিচাট কৰি উঠিছিল৷  উপাই নাপাই দুৱাৰ খুলি ওলাই আহিল সি৷ ঘৰৰ মানুহ এতিয়া ঘোৰ নিদ্ৰাত৷ সময় কমেও দুটাৰ বেছি হ’ল৷ লাহে লাহে নীলাম্বৰ ৰাস্তাটোলৈ ওলাই আহিল৷ বাৰিষাৰ কাৰণেই ৰাতিৰ পৰিৱেশটো কিবা বেছি গোমা-গোমা লগা হৈছে৷ 

গাঁৱৰ মানুহবোৰো দুৱাৰ মাৰি শুই আছে৷ মাজে মাজে ৰাস্তাৰ কুকুৰ এটাই নিৰ্জন, নিস্তব্ধ পৰিৱেশৰ মাজত ভুকি গাওঁখনৰ অৱস্থিতিক বুজাইছে৷ নীলাম্বৰে ঘৰৰ ভিতৰৰ পৰা টৰ্চটো লৈ ওলাই আহিল৷ এইবাৰ সি মালতীৰ ঘৰলৈকে যোৱাৰ কথা ভাবিলে৷ তাইৰ কোঠাৰ খিৰিকিখন মেলাখাই থাকিলে, মনে মনে এবাৰ চাই আহিব তাইক আৰু যদি নাথাকেও, তেতিয়াও সি বিনা আক্ষেপেৰে উভতি আহিব৷ মালতীৰ ঘৰৰ বেৰখনকে হাতেৰে চুই আহিব৷ মালতী থকা ঘৰৰখন আৰু তাইৰ স্পৰ্শ পোৱা সেই ঘৰখনৰ প্ৰতিপদ বস্তুৱেই তাৰ মৰমৰ৷ তাকে ভাবি লাহে লাহে নীলাম্বৰ আগবাঢ়িল৷ 

পাটপুৰৰ লিকটা মাটিত বৰষুণ পৰি একেবাৰে পিছল হৈ পৰিছিল৷ অন্যমনস্ক হোৱা মানেই ভৰি পিছল খোৱাটো খাটাং৷ নীলাম্বৰৰ বুকুখন ঢিপিং-ঢিপিং কৰিব ধৰিলে৷ সি আচলতে ভয় খাইছিল, কিজানিবা কেনোবাই দেখেই তাক! এই মাজৰাতি ক’লৈ যাৱ বুলি সুধিলে সি উত্তৰে বা কি দিব? এনেই গাঁৱৰ পৰিস্থিতি উত্তপ্ত৷ কোনেও কাৰো ওপৰত বিশ্বাস নকৰা হৈছে৷ যিকোনো মুহূৰ্ততে গণ্ডগোল, মাৰ-পিট লাগি যাব পাৰে৷ উদ্ধৱ মহান্তিয়ে নিজৰ মানুহবোৰক পাল পাতি পাতি পহৰা দিবলৈ কোৱাৰ কথা সি শুনিছিল৷ আনকি ৰমাকান্তয়েও তাৰ বিশ্বাসী ল’ৰাবোৰক চাৰিওফালে নজৰ ৰাখিবলৈ কৈ থৈছে৷ নিজে কঠাল খাই আনৰ মূৰত আঠা লগাব পৰাকৈ সভাপতিৰ মানুহবোৰ সাজু হৈ আছে৷ নীলাম্বৰ আৰু ৰমাকান্তহঁতৰ চুবুৰীৰ মাজতে মহাদেৱ মন্দিৰ আৰু বৰ পুখুৰীটো৷ মন্দিৰ বনাবলৈ পিছফালে মাৰ্বলৰ লগতে পেলাই থোৱা ৰদেবাৰ বৰষুণত পৰি পৰি মামৰে খাইছে৷ বাৰিষা সেইবোৰ আন ক’ৰবাত নি থোৱা হ’লেই ভাল আছিল৷ কিন্তু নিব কোনে? সকলোৱেই মাত্ৰ খেপ দিবলৈ বুলি ৰৈ আছে৷ 

সি মনতে ভাবিলে– হঠাৎ মালতীয়ে যদি সাৰ পাই তাক দেখা পাই তেতিয়া সি কি ক’ব? অবাস্তৱ বুলি জানিও নীলাম্বৰে চকু মেলি সপোন দেখিবলৈ ধৰিলে৷ মেল খাই থকা খিৰিকিয়েদি সোমাই অহা জোনৰ পোহৰত মালতীৰ ক’লা চুলি কোছাৰে আধা ঢাক খাই পৰা তাইৰ মুখখন ক’লা ডাৱৰে মেঘাছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰা জোনটোতকৈ বহু বেছিহে ধুনীয়া লাগি ব৷ সি তাইক এনেকৈ চাই থকাৰ সময়ত হঠাৎ তাই সাৰ পাব আৰু বিছনাখনৰ পৰা উঠি আহি তাক দেখি ক’ব – মই জানিছিলোঁ তুমি আহিবা বুলি আৰn তেতিয়া উত্তৰত নীলাম্বৰে ক’ব– তোমাৰ এই হাঁহিটোৰ কাৰণেই মই প্ৰতিটো নিশাই উজাগৰে কটাবলৈ সাজু৷ 

কল্পনাত মছগুল হৈ পৰা নীলাম্বৰ কেতিয়ানো পিছল খাই ৰাস্তাৰ কাষতে থকা খালটোত গৈ পৰিল টলকিবই নোৱাৰিলে৷ বোকাপানী মিহলি খালৰ পানী আহি তাৰ গায়ে মুখেও লাগি গ’ল৷ লগে লগে সি ইফালে সিফালে চালে– কোনোবাই দেখিলে নেকি! 

যোৱাকালি সুভাশ আৰু ইন্দ্ৰমণিৰ কথা শুনি নীলাম্বৰ আকৌ হতাশ হৈ পৰিল৷ কোম্পানিৰ পূৰ্বৰ মেনেজাৰ শুভেন্দু পট্টনায়ক আকৌ হেনো পাটপুৰলৈ মেনেজাৰ হৈ আহিব৷ এতিয়া শুভেন্দু ঘূৰি আহিলে জানো মালতীয়ে তাৰ ফালে ঘূৰি চাব? ওহো, কেতিয়াও নাচায়৷ ক’ত শুভেন্দু আৰু ক’ত সি! এনেকৈ ভৰি পিছল খোৱাটো কিবা অমংগলৰহে যেন ইংগিত আছিল৷ 

কথাটো মনলৈ অহাৰ লগে লগে নীলাম্বৰে যিটো উৎসাহত বিছনাৰ পৰা নামি আহিছিল, সিমানে নিৰুৎসাহ হৈ আকৌ নিজৰ ঘৰলৈ উভতি আহিল৷ সি মিছাতে কোনোদিনে পিয়াহ পলোৱাব নোৱাৰা কুঁৱলীৰ মাজত পানী বিচাৰি ফুৰিছে৷ হঠাৎ অৰ্জুনবাবাজীৰ পুখুৰীটোৰ পাৰত চকামকা কৈ কাৰোবাৰ ছায়া-মূৰ্তি এটা দেখি নীলাম্বৰ চক খাই উঠিল৷ 

কিন্তু ইমান দূৰৰ পৰা সেইয়া নাৰী নে পুৰুষ আছিল, সেইয়াহে ধৰিব পৰা নাছিল৷ নে বাবাজী নিজই? কিন্তু এই দুভাগ ৰাতি বাবাজীয়ে পুখুৰীৰ পাৰত কি কৰিবলৈ আহিব? নে এইয়া উদ্ধৱ মহান্তিৰ কোনোবা গুপ্তচৰ? নীলাম্বৰ অস্তব্যস্ত হৈ পৰিল আৰু কোন নভবা নিচিন্তাকৈ হাতত সাৰে ভৰিত সাৰে সি অৰ্জুন বাবাজীৰ পুখুৰীটোৰ ফালে আগুৱাই গৈ থাকিল৷ 

ছায়ামূৰ্তিটো পুখুৰীটোলৈ নামি গৈছিল৷ নীলাম্বৰে এইবাৰ খৰকৈ খোজ ল’লে৷ মনত তাৰ অসংখ্য প্ৰশ্ন৷ বাবাজীৰ মঠত এই মানুহজনৰ কি কাম থাকিব পাৰে? ৰমাকান্তই কৈছিল যে অৰ্জুন বাবাজীৰ ফালৰ পৰা আৰু গোটেই গাওঁখনৰ ফালৰ পৰা কোম্পানিৰ বিৰুদ্ধে দুটাকৈ কেচ দিয়া হৈছৈ৷ বাবাজীয়েই উভয় পক্ষৰ কেচৰ খৰচ-পাতি দিছে৷ যোৱা দুদিনৰ আগত তেওঁ কটকৰ পৰা আহিছে৷ তেনেহ’লে শত্ৰু পক্ষৰ কোনোবাই বাবাজীৰ ওপৰত আক্ৰমণ কৰিবলৈ অহা নাইটো? নীলাম্বৰৰ মনত ভিতৰি ভিতৰি শংকা উপজিল – এই মঠটোত বাবাজী অকলে থাকে৷ ইয়াত যদি কোনোবাই আহি তেওঁৰ ওপৰত আক্ৰকণ কৰে, তেওঁ অকলে বেছি সময়লৈকে বাধা দি ৰাখিবও নোৱাৰিব! 

থিক সেই সময়তে নৈৰ ফালৰ পৰা আহি থকা এখন ট্ৰাকৰ হেডলাইটৰ পোহৰে নীলাম্বৰক অন্যমনস্ক কৰি পেলালে৷ বৰষুণৰ কাৰণে ৰাস্তাৰ কাম বন্ধ হৈ থকাৰ পিছেতা এই ট্ৰাকখনে মাজ ৰাতি ইয়াত কি কৰি আছে? এনেকুৱা নেৰা-নপৰা বৰষুণৰ বতৰত কি এনে কাম চলি আছে? নৈৰ ফালে আৰু পাহাৰৰ সিফালে এনেকুৱা দুখনকৈ ট্ৰাক আৰু বুলড্‌জাৰ থিয় কৰাই থোৱা আছিল৷ ৰাতিৰ আন্ধাৰত সিহঁতবোৰক একো একোটা দৈত্যৰ দৰে লাগিছিল৷ 

ঠিকাদাৰে যে নিজৰ কাম সোনকালে শেষ কৰিব বিচাৰিছে তাকেই নীলাম্বৰে ধৰি ল’লে৷ সিহঁতৰে কোনোবাই বনুৱাই চাগে পুখুৰীত পানী খাবলৈ গৈছে৷ কিন্তু এই বাৰিষাৰ বতৰত কাম কৰিলে দুমাহতে চোন ৰাস্তা উটোৱাই লৈ যাব৷ 

নীলাম্বৰে এইবাৰ বণিয়া চুবুৰীৰ ফালে চালে৷ ট্ৰাকখনে হেডলাইট দুটা নুমুৱাই দিলে৷ সেই অন্ধকাৰৰ মাজতো সি ধৰিব পাৰিছিল যে ট্ৰাকখন ৰৈ থকা নাছিল৷ একেবাৰে নিম্ন গতি লাহে লাহে আগুৱাই আহিছিল৷ এই মাজনিশা ট্ৰাকখনৰ গতি বিধি কিবা অস্বাভাৱিক যেন লাগিল তাৰ৷ 

নতুনকৈ বনোৱা ৰাস্তাৰ দুেয়াকাষে গাঁৱৰ মানুহৰ খেতি পথাৰবোৰ৷ কিমান প্ৰকাৰৰ যে ধান নহয় এই মাটিত?  পাটপুৰ অকল চ’লা, পাটিণি, জটিয়া, সুকুমাৰিয়া ধানৰ কাৰণেই নহয়, ময়ূৰকণ্ঠি, চিনি কামিনী, সঞ্জৱৰ্ণ, মাছকণ্টা, চম্পা আৰু পাথৰ মুক্তাৰ নিচিনা বহু বিধ চাউলৰ কাৰণেও জনাজাত৷ অৰ্জুনবাবাজীয়ে তেওঁৰ মাটিত বাচি বাচি সুকুমাৰিয়া ধানৰ খেতি কৰিছে৷ কিন্তু কাৰখানা আৰু গ্ৰীড বহাৰ পিছত এই খেতিবোৰৰ যে কি দশা হ’ব, সেইয়া নীলাম্বৰে কিছু হ’লেও অনুমান কৰিব পাৰিছিল৷ সি আকৌ এবাৰ অৰ্জুনবাবাজীৰ পুখুৰীৰ ফালে চালে৷ নাই তাত আৰু সেই ছায়ামূৰ্তি নাই৷ বোধহয় গুছি গ’ল তাৰ পৰা৷ কিন্তু এই মাজনিশা নৈৰ ওচৰে পাজৰে ট্ৰাকখন কিয় এনেকৈ ঘূৰি ফুৰিছে৷ কিবা এটাটো কাৰণ নি(য় থাকিব৷ নীলাম্বৰে হাতত লৈ থকা টৰ্চটো জ্বলাই সেই ট্ৰাকখনৰ ফালে মাৰিলে৷ লগে লগে ট্ৰাকখন ৰৈ গ’ল আৰু লগতে তাৰ ইঞ্জিনৰ শব্দও বন্ধ হৈ গ’ল৷ সি ট্ৰাকখনৰ ওচৰলৈ গৈ কি চলি আছে এবাৰ চাই অহাৰ কথা ভাবিছিল যদিও অকলে তালৈ যোৱাৰ সাহস গোটাব নোৱাৰিলে৷ কোনোবা এটা লগত থকা হ’লে কিন্তু গ’ল হয়৷ পিচে এই মাজৰাতি সি মাতিবও কাক? যাকেই মাতিব ওলটি নীলাম্বৰকহে এই মাজনিশা কি কৰি আছে বুলি সুধিব৷ সি যে মালতীক চাবলৈহে ওলাই আহিছিল, এই কথাটো জানো সি ক’ব পাৰিব? নাই, ৰাতিপুৱালৈ ৰোৱাই ভাল৷ ৰাতিপুৱা গৈ কিনো দুই নম্বৰী কাম কৰিছে ইহঁতে চোৱাটোৱেই ভাল হ’ব৷ এনে কৈ গাঁৱৰ মানুহক ঠগাটো মুঠেই ভাল হোৱা নাই৷ তাৰ কৰুণাকাৰৰ কথা মনত পৰিল – সি তাক ৰাস্তাৰ কাম চোৱাৰ কথা কৈছিল৷ কিন্তু সিহঁতে যে এনেকুৱা বতৰতো ৰাতি ৰাতি কাম কৰি মানুহবোৰক ঠগিব সি সপোনতো ভবা নাছিল! 

এহ যিয়ে ঠগে ঠগি থাকক বুলি নিজকে কৈ নীলাম্বৰ আকৌ পুখুৰীটোৰ ফালে গ’ল৷ আকৌ ভাবিলে অৰ্জুনবাবজীকেই মাতি আনিব নেকি? এই সময়ত বাবাজীক অলপ সতৰ্ক হৈ থাকিবলৈ কোৱাৰ মন গ’ল তাৰ৷ হ’ব পাৰে বাবাজীয়ে ইমান ৰাতি তাক দেখি আচৰিত, তথাপিও সি তাৰ দায়িত্ব পালন কৰাটো ভাল হ’ব৷ 

পুখুৰীৰ পৰা দুশহাতমান দূৰৰ পৰা নীলাম্বৰে পানীত ঢপ্‌কৈ কিবা ডাঙৰ বস্তু এটা পৰাৰ শব্দ শুনিলে৷ গছৰ ডাঙৰ ডাল ভাঙি পৰিলে যেনেকুৱা শব্দ হয়, ঠিক তেনেকুৱাই৷ কিন্তু য’ত পাত এখিলা লৰাব পৰাকৈও বতাহ এজাক নাই, গছৰ ডাল এটাকে নে কৈ ভাগি পৰি ব? নীলাম্বৰ এইবাৰ খৰধৰকৈ পুখুৰীটোৰ ফালে আগুৱাই গ’ল৷ 

লগে লগে সি টৰ্চটো মাৰি পুখুৰীটোলৈ চালে৷ টৰ্চৰ পোহৰত সি যি দেখিলে, তাৰ দেহৰ নোম শিয়ৰি উঠিল৷ বাৰিষা বৰষুণৰ পানীত চপচপীয়া দি থকা পুখুৰীটোত বিসৰ্জন দিয়া প্ৰতিমাৰ দৰে ওপঙি আছিল মানুহৰ মূৰ এটা৷ নীলাম্বৰে আগ-পিছ একো নাভাবি চিধা জপিয়াই পৰিল বৰপুখুৰীটোত৷ 

ঠিক সেই সময়তে মঠৰ ভিতৰৰ পৰা অৰ্জুন বাবাজীও ‘সেইয়া কোন’ বুলি চিঞৰি ওলাই আহিল৷ 

পোহৰ হোৱাৰ আগতেই পাটপুৰ গাওঁখন সাৰ পাই৷ যেন কোনোবাই হাতত ধৰি তেওঁলোকক জগাই থৈহে যায়৷ পুখুৰীৰ পাৰত পুৱাই পুৱাই মানুহবোৰৰ আহ-যাহ আৰম্ভ হৈ যায়৷ সেই ৰাতিপুৱা ভাগতেই খবৰটো মানুহৰ মুখে মুখে গোটেই গাওঁখনত বিয়পি পৰিল, “সনাতন দাসৰ জীয়েকে অৰ্জুন বাবাজীৰ পুখুৰীত জাপ দি আত্মহত্যা কৰিছে৷”

উভয় অৰ্জুন বাবাজীৰ পুখুৰীৰ পাৰত আৰু মালতীৰ ঘৰত মানুহৰ ভীৰ৷ 

মঠৰ সমুখত অৰ্জুনবাবাজীয়ে মুঢ়া এটাত বহি আছে আৰn তেওঁক আগুৰি থিয় হৈ আছে গাঁৱৰ মানুহেবাৰ৷’’ মালতীক ঠিকাদাৰৰ গাড়ীৰে ভদ্ৰকৰ হস্পিটেললৈ নিয়া হৈছে৷ যিহেতু এইটো আত্মহত্যাৰ কেচ, সেইকাৰণে পুলিচকো খবৰ দিব লাগিব৷” – কথাখিনি কৈ উঠি বাবাজীয়ে আকৌ দুখমনেৰে ক’লে, “মাত্ৰ মনৰ খুদুৱনি মাৰিবলৈহে তাইক হস্পিটেললৈ নিয়া হৈছে৷ বাচিব যে আশা কম৷”

ঃ তেনেকৈ নক’ব বাবাজী৷ মালতীৰ কিবা হ’লে, তাইৰ মাকজনী জীয়াই জীয়াই মৰি যাব৷ –অহল্যাই চকুপানী টুকি টুকি ক’লে৷ অহল্যাই এইবাৰ বাবাজীকে কাকূতি কৰি ক’লে, “ছোৱালীজনীৰ জীৱনৰ কাৰণে ঈশ্বৰৰ ওচৰত অলপ প্ৰাৰ্থনা কৰক বাবাজী৷ ৰাতিপুৱাৰ পৰাই ছোৱালীজনীৰ মাক অচেতন হৈ পৰি আছে৷”

“ভৰ বাৰিষা পুখুৰীৰ প্ৰায়বোৰ পাথৰৰ চিড়িয়ে ডুব গৈ আছিল৷ সেই পাথৰৰ চিড়ি কেইটাত তাইৰ মূৰে খুন্দাও খাইছে৷ নীলাম্বৰে দেখিলে বুলিহে৷ নহ’লেতো এই বৰষুণ ৰাতি কোনেও কথাটো গমেই নাপালে হয়৷” –অৰ্জুন বাবাজীয়ে ক’লে৷ 

ঃ নীলাম্বৰ! ইমান ৰাতি নীলাম্বৰেনো কি কৰি আছিল বাহিৰত? সি মানুহেটা ক’ত গ’লনো? –অহল্যাই সুধিলে৷ 

ঃ তাকেই মই ক’ব খুজিছোঁ৷ ভগবানে যেন নিজেই তাক পঠিয়াইছিল৷ নহ’লে এই দুভাগ ৰাতি কোনে গম পালে হয়, বা তাইক পুখুৰীৰ মাজৰ পৰা বা কোনে উলিয়াই আনিলে হয়? সিয়েই তাইক লৈ ডাক্তৰখানালৈ গৈছে৷ 

গোটেই পাটপুৰ গাওঁখনতেই মালতীৰ আত্মহত্যাৰ কথাটো চৰ্চাৰ বিষয় হৈ পৰিল৷ শুভাকাংক্ষীসকলে সনাতন দাসৰ প্ৰতি সহানুভূতি দেখুৱালেও, মালতীক কিন্তু ভাল ছোৱালী বুলি গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল৷ 

“যিদিনাৰ পৰাই ছোৱালীজনীয়ে ল’ৰাবোৰৰ লগত নাটক কৰিবলৈ ল’লে সেইদিনাখনৰ পৰাই তাইৰ মতি-গতি গম পোৱা গৈছিল৷” – ৰায় দিয়াৰ দৰে মাধৱ পূজাৰীয়ে নিজৰ মত দিলে৷ পিচে ইন্দ্ৰমণিৰ নাটকৰ ল’ৰাবোৰে হ’লে এই কথাৰ বিৰোধিতা কৰি উঠিল৷ সিহঁতে যুক্তি দেখুৱালে যে নাটকে কাৰো অপকাৰ নকৰে৷ ওলটি মানুহৰ সুপ্ত প্ৰতিভা বিকাশিতহে কৰে৷ 

ঃ তেনেহ’লে মালতীৰ এই দশা কিয় হ’ল? কোন সেই ল’ৰা? 

এই দুয়োটা প্ৰশ্নৰ উত্তৰ বিচাৰি গাঁৱৰ মানুহখিনি ব্যস্ত হৈ পৰিল৷ কোনোবাই কৈছিল নীলাম্বৰ আৰু মালতীৰ মাজত গোপন সম্পৰ্ক আছিল৷ নহ’লেনো মাজনিশা নীলাম্বৰে এনেকৈ মালতীৰ পিছে পিছে বাবাজীৰ পুখুৰীৰ ফালে গ’ল হয়নে? এই কথাটোকে উদ্ধৱ মহান্তিৰ ফলীয়া মানুহখিনিয়ে জোৰ দি প্ৰচাৰ কৰিব বিচাৰিছিল৷ সিহঁতে শুভেন্দুৰ কথা জানিও নিজৰ স্বাৰ্থৰ খাতিৰত প্ৰকৃত কথাটোক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে৷ কাৰণ শুভেন্দু পট্টনায়ক বদনাম হোৱা মানে সিহঁতৰো বদনাম হোৱা আৰু লগতে কোম্পানিক আঙুলি টুৱাবলৈ সুযোগ পোৱা৷ গতিকে সেইবোৰ কথা মানুহৰ মনলৈ আহিবলৈ দিয়াৰ প্ৰয়োজনেই নাই৷ মালতীতো মৰিবই, লগতে কথাবোৰ লৈ যাব৷ উদ্ধৱ মহান্তিয়ে ইতি মধ্যে শুভে ন্দু বাবুক খবৰ দিয়েই পঠিয়াইছে, – ভুলতো যেন তেওঁ সঁচা কথাটো মানি নলয়৷ এনেকুৱা কৰিলে সনাতন দাস আৰু তাৰ পুতেকে ঘৰৰ মান সন্মানৰ কথা ভাবি সমাজৰ আগত মুখ খুলিবলৈকো সাহস নকৰিব আৰু সি হঁতৰ উদ্যম চেঁচা পৰি যাব৷ 

পিচে কথাটো অকল মালতীৰ আত্মহত্যাতে সীমিত হৈ নাথাকিল৷ কাৰণ যোৱা ৰাতি নীলাম্বৰে খেতিৰ মাটিত ট্ৰাকখনে চিমেণ্ট চতিয়াই যোৱা দেখা পাইছিল৷ ভাগ্যে সি মালতীক লৈ হস্পিটেল গ’ল বুলিহে৷ নহ’লে ইমান পৰে কথাটো গোটেই গাওঁখনতে বিয়পি পৰিল হয়৷ সনাতন দাস, ৰমাকান্ত আৰু লুলু বিশ্বৱালক চিনি পাবলৈ তেওঁৰ বাকী নাই৷ এই কথাটো সিহঁতৰ কাণত গৈ পৰা মানে উদ্ধৱ মহান্তিয়ে টালি -টোপোলা বান্ধি পাটপুৰৰ পৰা বিদায় লোৱা৷ নাই!  কিবা কৰি হ’লেও এই নীলাম্বৰটোক হাত কৰিবই লাগিব৷ ইতিমধ্যে কৰুণাকাৰে তাৰ হাতত কিছু পইছা-পাতি দিয়েই পঠিয়াইছে৷ তাৰ চাকৰিটো যিকোনো উপায়েৰে স্থায়ী কৰাবই লাগিব, নহ’লে সি মুখ খুলিলে পৰিস্থিতিয়ে কি ৰূপ লয় ঠিকনা নাই৷ 

উদ্ধৱ মহান্তিয়ে লগে লগে ইন্দ্ৰমণিক মাতি ক’লে, “গাঁৱত প্ৰচাৰ কৰি দে যে কোম্পানিৰ ট্ৰাকখন আছিল বুলিহে এই বিপদৰ সময়ত লগে লগে মালতীক ভদ্ৰকলৈ নিব পৰা গ’ল৷ এতিয়া জীয়াই থকা বা নথকা ভগৱানৰ হাতত৷ সময়ত পাহাৰ ভাঙি ৰাস্তাটো বনোৱা হ’ল বুলিহে৷ ভাগ্যে কোম্পানিৰ ট্ৰাকখন গাঁৱতে আছিল৷ ক’বলৈ গ’লে এই কোম্পানিৰ মানুহবোৰ দেৱতাস্বৰূপ৷ আজি যিয়েই তেওঁলোকৰ বিৰোধীতা কৰিছে তেওঁলোক আচলতে গাঁৱৰ হে শত্ৰু৷ যিজন ট্ৰাক ড্ৰাইভাৰে মালতী, নীলাম্বৰ আৰু ৰমাকান্তক ভদ্ৰক লৈ গৈছে, তেওঁক কলানিকেতনৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনোৱা উচিত৷”

ইন্দ্ৰমণিৰ হাঁহি উঠিল৷ সিক’লে, “ঈশ্বৰে যে কেনেকৈ আপোনাৰ মূৰত এই বুদ্ধিবোৰ ঠেচি ঠেচি সোমাৱাই দিছে ভাবিলে আচৰিতহে লাগে মোৰ৷ আজিও একে৷ তেতিয়া হ’লে আমি বাট চাব লাগিব মালতী…৷ ” 

ইন্দ্ৰমণিৰ শেষৰ কথাখিনিৰ ইংগিত বুজি পাই, আনৰ আগত ধৰা নপৰাকৈ উদ্ধৱ মহান্তিয়ে মাত্ৰ হাঁহিলে৷ 

“একো নক’লে যে?” ইন্দ্ৰই সুধিলে৷ 

ঃ মোৰ লগা নাই মালতী যে বাচিব? অৰ্জুন বাবাজীয়ে কোৱা মতে তাই মূৰ আৰু পেটত জোৰকৈ দুখ পাইছে৷ ইয়াৰ পৰা নি ভদ্ৰক পাই ডাক্তৰক দেখুৱাই মানে কমেও তিনি-চাৰি ঘণ্টা লাগি যাব৷ তথাপিও তহঁতে খবৰ ৰাখি থাকিবি৷ সেইফালৰ পৰা মালতীৰ মৰাৰ খবৰ অহাৰ লগে লগে মই সনাতন দাসৰ ঘৰলৈ গৈ আনৰ আগত সহানুভুতিখিনি দেখুৱাব লাগিব নহয়৷ তাইৰ সৎকাৰ কৰাৰ আগতে আমি সাজু হৈ থাকিব লাগিব৷ আমি মানে তহঁতি! তহঁতৰ কলানিকেতনৰ ফালৰ পৰা অভিনেত্ৰী মালতীৰ শোকসভা আৰn ¸স্মৃতি ৰক্ষা কাৰ্যক্ৰম কৰাটো খুবেই জৰুৰী৷ ইয়াৰ পৰা নাটক গোষ্ঠীৰ ল’ৰাবোৰৰ মনতো আমাৰ প্ৰতি শ্ৰদ্ধা দুগুণ হোৱাৰ লগতে বিৰোধী দলৰ মানুহখিনিয়েও ওলটি লাজ পাব৷ এনেও সিহঁতি এতিয়া কাৰো আগতে মুখ দেখুৱাব পৰা অৱস্থাত নাই৷ এই সময়তেই আমি মালতীক মহান অভিনেত্ৰী, প্ৰতিভাবান অভিনেত্ৰী, সংস্কৃতিৰ উপাসক এইবিলাক উপাধি দি তাইৰ স্মৃতি ৰক্ষাৰ আয়োজন কৰিলে গাঁৱৰ বাকী মানুহখিনিৰ মনবোৰ আমাৰ ফালে ঢাল খাই পৰিব৷ গতিকে দেৰি নকৰিবি, সোনকালে কামত লাগি পৰ৷  খৰচ-পাতি ১ কথা চিন্তা কৰিব নালাগে৷ পিচে বাৰিষা শুকান খৰি পোৱাটোহে টান৷ আগে সেইবোৰ ক’ত পোৱা যাব খবৰ কৰ৷ পাৰিলে ডাঙৰ ফুলৰ মালা এডালৰো যোগাৰ কৰ৷ এই কৰুণাকাৰেই আহোতে ভদ্ৰকৰ পৰা মালা এডাল লৈ আহিব পাৰিব৷ পিচে তাৰ বা মূৰত কথাটো খেলালেহে! 

মালতীৰ আত্মহত্যাৰ খবৰটো পাই উদ্ধৱ মহান্তিতকৈ নৰোত্তম মণ্ডল আৰু বাসন্তীয়ে বৰ ভাল পাইছিল৷ এক গুলিত দুই চিকাৰ হোৱাৰ সমান ৰং সিহঁতে পাইছিল৷ এনেও বাসন্তীয়ে মালতীক ভাল নাপায়৷ যিদিনাৰ পৰাই মালতীয়ে ৰেজিয়াৰ চৰিত্ৰটোত অভিনয় কৰিলে, সেইদিনাখনৰ পৰাই তাই মালতীক কূটা চকুৰেও দেখিব নোৱাৰা হ’ল৷ ভালেই হ’লে তাইৰ বাটৰ কাঁইটডাল আঁতৰি গ’ল৷ য’ত বাপেকে মালতী মৰিলে ভাল বুলি যুক্তি দিছিল, তাত তেওঁৰ জীয়েকে গৰ্ভৱতী মালতীয়ে মৰি মৰি জীয়াই থকাৰ যাতনা পোৱাটহে শ্ৰেয় বুলি কৈ অনেক যুক্তি ডাঙি ধৰিছিল৷ কিন্তু জীয়েকে কৰুণাকাৰৰ লগত বিয়া পতাৰ মন মেলিলেও, নৰোত্তম মণ্ডলে কিন্তু ছোৱালীৰ কাৰণে এজন ভাল প্ৰাৰ্থী হে বিচাৰি আছিল৷ মানে ভাল ঘৰৰ, ভাল চাকৰি কৰা ল’ৰা৷ আৰু সেই প্ৰাৰ্থীৰ লিষ্টত শুভেন্দু পট্টনায়ক একেবাৰে ওপৰত আছিল৷ দেখাই শুনাই, চাকৰিয়ে সৈতে একেবাৰে উপযুক্ত ল’ৰা৷ এনেহ’লে হয়তো তেওঁ বাসন্তীক বিয়া নাপাতিলে হয়, কিন্তু এতিয়া তেওঁৰ জৰীডাল নৰোত্তম মণ্ডলৰ হাতত৷ তেওঁ ইচ্ছা কৰিলে শুভেন্দু পট্টনায়কৰ সুনাম নিমিষতে মষিমূৰ কৰি পেলাব পাৰে৷ হয়তো জেলৰ ভাতো খাব লগা হ’ব পাৰে৷ গতিকে এই প্ৰস্তাৱক শুভেন্দু পট্টনায়কে প্ৰত্যাখ্যান কৰিব নোৱাৰে বুলি নৰোত্তম মণ্ডল প্ৰায় নি(ত হৈ পৰিছিল৷ উচ্চ শিক্ষিত জোঁৱাই এজন পালে আৰু কি লাগে৷ ক’বলৈ গ’লে ভাগ্যৰ কথা৷ এনেও বিয়াখন হৈ গ’লে গাওঁখনত তেওঁৰেই দাম বাঢ়িব৷ পিচে কৰুণাকাৰে মনত অলপ দুখ পাব৷ কিন্তু পালেও সি তেওঁৰ কিবা জানো অপকাৰ কৰিব পাৰিব? বহুত উপকাৰ কৰি থৈছে তেওঁ তাৰ ওপৰত৷ আগলৈ ও কৰি যাব৷ পইছা দেখিলে বাসন্তীক পাহৰিবলৈ তাৰ বেছি সময় নালাগে৷ 

(অহা সংখ্যাত…)

Leave a Reply

Your email address will not be published. Required fields are marked *