আহক জীৱনক ভালপাওঁ (জিতুমণি বৰা) – Purbodix.com

আহক জীৱনক ভালপাওঁ (জিতুমণি বৰা)

ভাওনাৰ এফাকি বচন সৰুতেই মুখস্থ হৈ গৈছিল– আত্মহত্যা মহাপাপ শাস্ত্ৰৰ বচন৷ বচনফাকি যাদুৰাম বৰ্তাই পুৱা-গধুলি গা ধুই চোতালত গামোচাখন মেলিবলৈ আহোতে চিঞৰি চিঞৰি গাইছিল৷ কাৰণ বৰ্তাই গাঁৱৰ বছৰেকীয়া ভাওনাত এগৰাকী ঋষিৰ ভাও দিছিল৷ প্ৰেমত পৰি ব্যৰ্থ হোৱা ভাওনাৰ ৰাজকুমাৰেও আত্মহত্যা কৰিবলৈ উদ্যত হোৱাত বাধা দি ঋষিয়ে শুনাইছিল এইফাকি বচন৷ বৰ্তাই ঘৰত ইয়াৰ ৰিৰ্হাচেল কৰি সুৰত পুৱা-গধুলি আওৰাই থাকোঁতে শুনি শুনি মোৰ মুখস্থ হৈছিল৷ সেই বচনফাকিৰ বাবে তেতিয়াই আত্মহত্যা সন্দৰ্ভত এটা বিৰূপ ধাৰণাৰ জন্ম দিছিল৷ মানুহৰ জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহে৷ আমাৰ দৰে মানুহৰ জীৱনলৈ এনেকুৱা প্ৰত্যাহ্বান নাহে, যিটো প্ৰত্যাহ্বানৰ আমি মোকাবিলা কৰিব নোৱাৰোঁ৷ সম্প্ৰতি ভাৰতবৰ্ষত ৪০ অনুৰ্ধ যুৱক-যুৱতীৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে৷ চলচ্চিত্ৰ তাৰকাৰ পৰা গাঁৱৰ খেতিয়কজনলৈকে সামৰি চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে এইসকলৰ মাজত মূলতঃ প্ৰেম, বিচ্ছেদ, সংস্থাপন, চাকৰি, আৰ্থিক অৱস্থাই প্ৰভাৱ পেলায়৷ কৰ্মক্ষেত্ৰত অত্যাধিক মানসিক চাপো বহু লোকৰ হতাশা আৰু আত্মহত্যাৰ অন্যতম প্ৰধান কাৰণ৷ পিতৃ-মাতৃৰ বিচ্ছেদ, সংঘাত, পাৰিবাৰিক অশান্তি আদিয়ে সন্তানৰ জীৱনলৈ অশান্তি নমাই আনে৷ ইয়ো কেতিয়াবা হতাশাৰ সৃষ্টি কৰে৷ এই হতাশাৰ পৰা মুক্তি বিচাৰি আত্মহত্যা কৰা তৰুণ-তৰুণী আমেৰিকা, ইউৰোপতে এসময়ত আৱদ্ধ আছিল৷ এতিয়া ভাৰতবৰ্ষ আৰু অসমতো পাৰিবাৰিক অশান্তিৰ বাবে আত্মহত্যা কৰা মানুহৰ সংখ্যা কম নহয়৷ এগৰাকী ২৬ বছৰীয়া সুদৰ্শন পুৰুষ অৰ্ণৱ কুমাৰ ৰয়৷ এইগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সাংবাদিকৰ আত্মহত্যাৰ ঘটনা উপৰোক্ত উল্লেখ কৰা কাৰণসমূহৰ ভিতৰত পৰিবনে নপৰে তদন্তৰ ফলাফল প্ৰকাশ পোৱাৰ পাছত জানিব পৰা যাব৷ জীৱনলৈ অহা প্ৰত্যাহ্বান, হতাশা, সমস্যা একোৱে স্থায়ী নহয়৷ এক অৰ্থত জীৱনটোৱে চুটি আৰু অস্থায়ী৷ কিন্তু জীৱন বৰ ধুনীয়া আৰু মাদকতাময়৷ ইয়াক উপভোগ কৰিব জানিব লাগিব৷ ক্ষন্তেকীয়া উত্তেজনা আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত ল’ব নালাগে৷ গীতাত কৈছে বেয়া সময়, বেয়া মানুহ, এন্ধাৰ, ধুমুহা সকলো অকণমান সময়ৰ বাবে আহে৷ ই আপোনাক-মোক পৰীক্ষা কৰি আকৌ আঁতৰি যায়৷ অৰ্ণৱেও আধা ঘণ্টা সময় নিজৰ আটাইতকৈ প্ৰিয় বন্ধু বা বান্ধৱীৰ সৈতে কটাবলৈ ওলাই যোৱা হ’লে দুগুণ উৎসাহেৰে জীয়াই থকাৰ সমল বিচাৰি পালেহেতেন৷

মই এই কথাখিনি কৈছো নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা৷ মোৰ জীৱনলৈয়ো হতাশা আহিছিল৷ জীয়াই থকাৰ আশা হেৰুৱাই পেলাইছিলো৷ সেই সময় অতিক্ৰম কৰি পৰৱৰ্তী সময়ত বহুদূৰ গুচি আহিলো৷ এতিয়া সময় মোৰ বাবে অতীত৷ এতিয়া জীয়াই থকাৰ হেপাঁহ ইমান প্ৰৱল যে সপ্তাহৰ কেউদিন জিমলৈ যাওঁ৷ জিম, ব্যায়াম, প্ৰাতঃভ্ৰমণ জীৱনক উচ্চল কৰি ৰখাৰ প্ৰধান মন্ত্ৰ৷ লগতে জীৱনক ভালপোৱা দুজনমান বন্ধুৰ আৱশ্যক৷ শেষত এটা কথা বিশ্বাস কৰিব লাগিব, কোনোবাই আপোনাৰ বাবে অকণো ত্যাগ নকৰিব, আপুনি তেওঁৰ বাবে জীৱনটোকে ত্যাগ কৰিব, এইটো আপোনাৰ ভুল সিদ্ধান্ত আৰু মুৰ্খামী৷ আহক জীৱনক ভাল পাওঁ৷ আহক জীৱনৰ জয়গান গাওঁ৷

আলোচনা-সমালোচনা কৰি নাথাকিব৷ নিজৰ কথা ভাবক৷ পাৰিলে কাৰোবাক সহায় কৰক৷ অপকাৰ কৰাৰ কথা নাভাবিব৷ ই আপোনাৰ বহু ক্ষতি কৰিব৷ এনেকুৱা অজস্ৰ উদাহৰণ আছে চকুৰ আগত৷ এই কথাখিনি অৰ্ণৱক এবাৰ ক’বলৈ পোৱা হ’লে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *