

উপকৰণ- (পিঠাগুড়িৰ ঘোলৰ বাবে)-
ৰকাপ পিঠাগুড়ি (ভাত খোৱা চাউলৰ), ৰয২ কাপ ময়দা, ৰচামুচ চুজি, নিমখ জোখমতে,
ৰচামুচ চেনি, গাখীৰযপানী ৰকাপ৷
ঘোল প্ৰস্তুত প্ৰণালী- এটা পাত্ৰত ওপৰোক্ত আটাইখিনি সামগ্ৰী মিহলাই পাতল ঘোল বনাই লৈ ১৫-২০ মিনিট সময় ঢাকি থ’ব৷
পূৰৰ বাবে উপকৰণ-
ৰয২ লিটাৰ গাখীৰ, এচিকূট ইলাচি পাউডাৰ, ২ টেবুল চামুচ চেনি
ৰ টেবুল চামুচ পিঠাগুড়ি৷
প্ৰণালী- এখন পেনত ওপৰোক্ত আটাইখিনি সামগ্ৰী (পিঠাগুড়িৰ বাহিৰে) দি কম জুইত পগাই থাকিব যেতিয়া অলপ ঘন হৈ আহিব পিঠাগুড়িখিনি অলপ পানীৰে গুলি তাত মিহলাই লৰাই থাকিব৷ আধা হলে নমাই থৈ খেজুৰৰ গুড় ৰচামুচ মান দিব পাৰে তেতিয়া ৰঙটো সুন্দৰ হ’ব৷
পাতিচেপ্তা প্ৰস্তুত প্ৰণালী-
এখন ননষ্টিক পেনত ৰিফাইণ্ড তেল অলপ ব্ৰাছ কৰি কাপোৰেৰে মোহাৰি ল’ব৷ এতিয়া ডেৰ হেতামান পিঠাগুড়িৰ ঘোল দি পেনখন হাতেৰে ঘূৰাই পাতল পিঠা কৰি ল’ব৷ ওপৰত পূৰ দুচামুচ মান দি পিঠাখন ২-৩ ভাজ খুৱাই ৰোল কৰি দি ইলুটি-সিলুটি কৰি ৰমিনিট মান ৰাখি নমাই থ’ব৷
কেটলি পিঠা (টেকেলি পিঠা)

উপকৰণ-
চাউলৰ গুড়ি (যিকোনো ভাতখোৱা চাউল)- ২-৩ কাপ, ৰয২ চামুচ নিমখ, ৰয৪ কাপ মান পানী, নাৰিকলৰ গুড়ি-ৰয২ কাপ, গুড় ৰয২ কাপ, কটন পাতল কাপোৰ এডোখৰ৷
প্ৰস্তুত প্ৰণালী-
এটা পাত্ৰত পিঠাগুড়িখিনি লৈ তাত নিমখ আৰু পানীখিনি অলপ অলপকৈ দি হাতেৰে মোহাৰি ল’ব৷ এখন চালনিৰে পিঠাগুড়িখিনি দৰদৰীয়াকৈ চালি ল’ব৷
এটা কেটলিত ২-৩ ভাগ মান পানী দি ভালদৰে উতলাই ল’ব৷ কেটলিৰ নল ডাল কাপোৰেৰে সোপা মাৰি ল’ব৷ এতিয়া কেটলিৰ ঢাকোনখনত এক তৰপ পিঠাগুড়ি দি ওপৰত গুড় আৰু নাৰিকলৰ গুড়ি এক তৰপ দিব৷ একেবাৰে ওপৰত আৰু এক তৰপ পিঠাগুড়ি দি লাহেকৈ হাতেৰে হেঁচি দি কটন কাপোৰখন পানীত তিয়াই চেপি লৈ ঢাকোনখন ঢাকি দিব৷ ঢাকোনখন কাপোৰখনেৰে টানকৈ মেৰিয়াই লৈ পানী উতলি থকা কেটলিৰ মুখত বহুৱাই দিব৷ ৫ মিনিট মান সময় উচ্চ তাপত ৰাখি ঢাকোনখন নমাই আনি কাপোৰৰ পৰা পিঠাখন উলিয়াই ল’ব৷ মনত ৰাখিব যেতিয়া পিছৰ পিঠাখন কৰিব কাপোৰখন পুনৰ পানীত তিয়াই চেপি ল’ব৷