সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

আজিৰ পৰা কিছু বছৰ অতীতৰ তথা তেতিয়া আছিল অসমীয়া সাহিত্য আলোচনীৰ সোণালী যুগ৷ দৈনিক বাতৰি কাকত, সাপ্তাহিক কাকত আৰু মাহেকীয়া আলোচনী উভৈনদী হৈ আছিল কিতাপৰ দোকান সমূহ৷ প্ৰায়বোৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠীয়েই কিবা নহয় কিবা এখন কাকত বা আলোচনীৰ প্ৰকাশৰ লগত জড়িত হৈ আছিল৷ ইমান সংখ্যক আলোচনীৰ মাজৰ কিছু সংখ্যকৰ প্ৰচলন বহু বেছি আছিল, কিছু আছিল তুলনামূলকভাবে কম৷ কিন্তু সকলো আলোচনী সুন্দৰকৈ চলি আছিল৷ পাঠকৰ নিজস্ব স্বাদ অনুসৰি সকলোৱে নিজৰ নিজৰ পচন্দৰ আলোচনী সংগ্ৰহ কৰিছিল৷

তেতিয়া, হয়- তেতিয়া বিহু আৰু পূজাৰ বাবে দুটি বিশেষ সংখ্যা উলিওৱা হৈছিল৷ বিহু আৰু পূজাৰ প্ৰায় তিনি-চাৰি মাহ আগৰ পৰা এই সংখ্যা সমূহত লিখনিৰ বাবে লিখকক তাগিদা দিয়া হৈছিল৷ ফেব্ৰুৱাৰী মাহত আকৌ প্ৰেমৰ বিশেষ সংখ্যা উলিওৱা হৈছিল৷ এইবোৰ আলোচনীৰ বুকুতেই জন্ম হৈছিল বহু লিখক-লেখিকাৰ৷ নৱ-প্ৰজন্মৰ লেখক-লেখিকাৰ বাবে এই আলোচনীবোৰ আজি এখন বৃহৎ প্লেটফৰ্ম– এখন মুকলি মঞ্চ৷ প্ৰায় সকলোবোৰ আলোচনীয়েই লেখকসকলক লিখিবলৈ উৎসাহিত কৰিছিল৷ লেখকৰ মাননি নগণ্য আছিল– কিন্তু সেইয়া লেখকৰ বাবে গৌণ কথা- চপা আখৰত নিজৰ লিখনি প্ৰকাশ পোৱাটোৱেই আছিল নতুন লেখকৰ বাবে সৌভাগ্যৰ কথা, গৰ্বৰ কথা৷

চকুৰ অৱগতেই সময়ৰ সোঁতত ক’ৰবাত ছন্দপবন ঘটিল৷ বাতৰি কাকতবোৰ লাহে লাহে নোহোৱা হ’ল৷ মাহেকীয়া, পষেকীয়া আলোচনী নাই বুলিবৰে হ’ল৷ সামাজিক মাধ্যমৰ ব্যাপক আগ্ৰাসনত যেন আমাৰ মৰমৰ কাকত-আলোচনীবোৰ তিষ্ঠি থাকিবলৈ নোৱাৰিলে আৰু হয়তো আমি এইক্ষেত্ৰত কিছু সজাগ নহ’লো৷ ফলত আমি হেৰুৱাইছো বহু সম্ভাব্য-ন-লেখক-লেখিকা৷ সেইয়া হয়তো হ’ব পাৰে কোনোবা কবি, ঔপন্যাসিক অথবা গল্পকাৰ ইত্যাদি৷ কিন্তু এইয়া আমাৰ সাহিত্য জগতখনৰ এক বৃহৎ ক্ষতি৷

বিগত দিন ধৰি আমি নিজেও সামাজিক মাধ্যম ব্যৱহাৰ কৰি আছোঁ– সামাজিক মাধ্যম মানেই ঋণাত্মক ধাৰণা৷ নাই- বহু ধনাত্মক দিশো আছে৷ কিন্তু সামাজিক মাধ্যমৰ স্মৃতি ক্ষন্তেকীয়া- কোনো যুগমীয়া সৃষ্টি ই কৰিব নোৱাৰে– জাষ্ট এ ৱেষ্ট৷ এই আজি অমুক আহিল কাইলৈ উঠি গুছি গ’ল৷

ছপা মাধ্যমৰ আছে এক অভিজাত সন্মান৷ এটা সৰু লিখনি প্ৰকাশৰ বাবে ৰৈ থকা বহু লেখক-লেখিকাৰ অনেক নিদ্ৰাহীন ৰাতিৰ সংগ্ৰাম-মনোকষ্টৰ অলিখিত বুৰঞ্জী৷

মাজে মাজে ছপা মাধ্যমৰ ভৱিষ্যত কি হ’ব বুলি ভাবো- দেখো ছপা মাধ্যমৰ ব্যৱসায়ৰ চমকপ্ৰদ উত্থানৰ অলেখ তথ্য৷ কিছুমান বিশ্বাসো নহয়৷ তথাপি ভাবো ভাল (অচ্ছে) দিন আহিব৷

ছপা মাধ্যমত প্ৰকাশিত যিকোনো লিখনি- কিতাপ এজন লেখকৰ সমগ্ৰ জীৱনৰ বাবে এখন পুৰস্কৃত চাৰ্টিফিকেটৰ দৰে- যি কেতিয়াও হেৰাই নাযায়৷ যাক মন গ’লেই বুকুৰ মাজত লৈ আঙুলি চুই অনুভৱ কৰিব পাৰি– আস/ এইয়া মোৰেই সৃষ্টি৷

ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *