
আজিৰ পৰা কেইবা বছৰৰ আগতে এখন জনপ্ৰিয় অসমীয়া ছবি চাইছিলো৷ প্ৰয়াত যশস্বী পৰিচালক মুনিন বৰুৱা দেৱ পৰিচালিত ছবিখনত ছবিখনৰ এটি বিশেষ মুহূৰ্তত বিশিষ্ট অভিনেতা তপন দাসৰ মুখত এষাৰ সংলাপ দিয়া হৈছিল,,, “প্ৰেম কৰা নাযায়,,, হৈ যায়,,,৷৷’ তেতিয়া সেই সংলাপ ফাঁকিয়ে মোৰ দৰে হয়তো বহুতৰে হৃদয় চুই গৈছিল,,,,,৷ সঁচাই, প্ৰকৃত প্ৰেম কৰা নাযায়,,, হৈ যায়৷ প্ৰেম এনে এক শক্তি, এনে এক হৃদয়ৰ আলোড়িত টান, যি দুখন হিয়াক মৰম-ভালপোৱাৰ হিয়া; দিয়া-নিয়া ১ মাজৰে একেবাৰে বান্ধি ৰাখে,,৷ যদিও এই মধুময় শব্দ প্ৰেমৰ লগত প্ৰাপ্তি-অপ্ৰাপ্তিৰ কথা লুকাই আছে তথাপি প্ৰেম এক সুখময় স্বৰ্গীয় অনুভূতি৷ যাক অনুভৱহে কৰিব পাৰি,,,৷ সুগন্ধি পখিলাৰ কবি হীৰু দাৰ ভাষাত,,,
“প্ৰেম নি(য় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়৷’’
হয়, হীৰুদাই কোৱাৰ দৰেই বাৰে-বাৰে আৱৰণ খুলি হৃদয় জুৰোৱাৰ নামেই হয়তো প্ৰেম৷
প্ৰেম হেনো ভগৱানে মানুহক দিয়া পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ৷ প্ৰেম প্ৰেৰণাৰ উৎস বুলি কোৱা হয়৷ পৃথিৱীত এনে বহু অমৰ প্ৰেম কাহিনী আছে যি সদায়ে আমাক আহ্লাদিত কৰি থাকে৷ সেইয়া হিন্দু দৰ্শনৰ ৰাধা-কৃষ্ণৰ বা উষা-অনিৰুদ্ধ অমৰ প্ৰেম গাঁথাই হওক নাইবা বিশ্বৰ মহান প্ৰেমগাঁথা হীৰ-ৰাঞ্জা, ৰোমিঅ’-জুলিয়েট, ডান্তে-বিয়েট্ৰিছ, লাইলা-মজনু, চেলিম-অনাৰকলিয়েই হওক বা অসমৰ অমৰ প্ৰেম গাঁথা জয়মতী-গদাপাণি, পানেই-জংকী, নীলপবন-দীপালীৰ অমৰ প্ৰেম কথাই হওক,,৷ এই অমৰ প্ৰেম কাহিনীয়ে প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাক সদায়ে আলোড়িত কৰি থাকে আৰু চিৰদিন থাকিব৷ আচলতে প্ৰেম জীৱনৰ চালিকা শক্তি৷ প্ৰেম আছে বাবেইটো পৃথিৱীখন ইমান ধুনীয়া হৈ আছে,,,৷
সেয়েহে হয়তো কোৱা হয়,,,
‘প্ৰেমত ফুলিছে শতদল,,
প্ৰেমত ঘূৰিছে ভূমণ্ডল,,৷৷’’
এই প্ৰেম চিৰসুন্দৰ,,, চিৰ শ্বাস্বত,,,৷৷

সৰগীয় সুখৰ অনুভূতি প্ৰেম জীৱনৰ এক নিৰ্দিষ্ট সময়ত, জীৱনৰ বিশেষ মুহূৰ্তত সকলোৰে মনলৈ আহে নীৰৱে-সংগোপনে৷ চাৰি চকুৰ মিলন ঘটে, প্ৰস্ফুটিত হয় বুজা-নুবুজাৰ অলেখ ভাষা,,,৷ ইজনে-সিজনৰ প্ৰতি আকৰ্ষিত হয়, হৃদয়ে হৃদয়ৰ মৰম বিচাৰে,,,,৷ প্ৰেম হৈ যায়,,,৷ আৰম্ভ হয় এক নতুন জীৱনৰ৷ আচলতে য’ত প্ৰেম আছে তাতেই সঁচা অৰ্থত জীৱনো আছে,,৷ কেতিয়াবা এই প্ৰেমে পূৰ্ণতা পায় বিবাহৰ ৰূপ লয় আৰু আন কেতিয়াবা বিভিন্ন কাৰণত এই প্ৰেমে পূৰ্ণতা নাপায়৷ প্ৰেমিক যুগলৰ মাজত বিচ্ছেদ ঘটে৷ অকালতে মৰহি যায় প্ৰেম-ভালপোৱা,,, ৷ সঁচা প্ৰেমে কিবা কাৰণত পূৰ্ণতা নাপালেও পুৰণি বকুলৰ সুবাসৰ দৰেই গোটেই জীৱন সুবাসিত কৰি ৰাখে,,, হৃদয়ত ৰুৱাই স্মৃতি হৈ থাকি যায়৷ পৃথিৱীত হয়তো পূৰ্ণতা নোপোৱা সঁচা প্ৰেমৰ অনেক উদাহৰণ আছে৷ পূৰ্ণতা পাওক বা নাপাওঁক প্ৰকৃত প্ৰেম কেতিয়াও পাহৰিব পৰা নাযায়৷ কিবা বিশেষ কাৰণত প্ৰেমে পূৰ্ণতা নাপাব পাৰে বা প্ৰেমিক যুগলৰ মিলন হয়তো নহ’ব পাৰে সেইবুলি প্ৰেমত কোনেও কেতিয়াও প্ৰতাৰণা কৰিব নাপায়৷ মিলন ঘটক বা নঘটক প্ৰেম প্ৰেমেই৷ প্ৰকৃত প্ৰেম জীৱনত কেতিয়াও পাহৰিব পৰা নাযায়,,,৷ প্ৰেমত বিচ্ছেদ ঘটিলেও প্ৰেমৰ কোমল অনুভৱৰ জোনাকখিনিয়ে হৃদয়ত সদায়ে এটি মিঠা মিঠা শিহৰণ জগাই থাকিব,,,৷ এয়াই হয়তো প্ৰকৃত প্ৰেম,,৷ পাহৰিব খুজিলেও যাক পাহৰিব পৰা নাযায়,,,৷ এইখিনি মুহূৰ্তত হীৰুদাৰ সেই বিশেষ কবিতাৰ পংক্তিটো মনলৈ ভাঁহি আহিছে,,,
‘ভঙা কলিজাত কোনে বিনায়,,,
কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাই,,৷৷’
সুখতে হওক বা দুখতেই হওক প্ৰেম এসাগৰ প্ৰেৰণা, এজাক জীয়া অনুভৱৰ খৰিকাজাই হৈ থাকক,,,৷৷
চেইণ্ট ভেলেণ্টাইনৰ সোঁৱৰণত “প্ৰেমৰ দিৱস’’ হিচাবে উদযাপিত ১৪ ফেব্ৰুৱাৰীৰ দিনটো সকলোৰে বাবে শুভ হওক৷ বিশ্বৰ প্ৰতিগৰাকী প্ৰেমিকযুগলে নিজৰ প্ৰিয়জনক অন্তৰত সাঁচি ৰখা সঁচা প্ৰেম-ভালপোৱাখিনি উজাৰি দিয়ক,, কেৱল ভেলেণ্টাইন দিৱস বুলি নহয় প্ৰেম সদায়ে সকলোৰে হৃদয়ত এপাহী তেজী ৰঙা গোলাপ হৈ ফুলি থাকক,,, বৰ্তমান সমাজত ঘটি থকা অসুয়া-অশান্তি, লুণ্ঠন, ধৰ্ষণ আদি অমানবীয় কাৰ্যবোৰ প্ৰেমৰ মহামন্ত্ৰৰে নোহোৱা কৰক,, হৃদয়ৰ পৰা হৃদয়লৈ প্ৰেমৰ বাণী প্ৰসাৰিত হওক,,, প্ৰেম হৈ থাকক এক মহামিলৰ অৰ্ঘ্য,,, ৷ সদায়ে হৈ থাকক,,
“প্ৰেম হৃদয়ৰ এক চিৰসেউজ গান৷
হৃদয় আহ্লাদিত কৰা এক টান৷৷’’