কিষাণ বিকাশ পত্ৰ (KVP) কি আৰু ইয়াত কিদৰে বিনিয়োগ কৰিব পাৰি?(ড॰ দিলোৱাৰ হ’ক) – Purbodix.com

কিষাণ বিকাশ পত্ৰ (KVP) কি আৰু ইয়াত কিদৰে বিনিয়োগ কৰিব পাৰি?(ড॰ দিলোৱাৰ হ’ক)

কিষাণ বিকাশ পত্ৰ হৈছে মূলতঃ  ক্ষুদ্ৰ বিনিয়োগকাৰীক লক্ষ্য কৰি প্ৰৱৰ্তন কৰা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত এক সঞ্চয় আঁচনি৷  এই আঁচনিয়ে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বিনিয়োগকাৰীৰ বিনিয়োগৰ ধন দুগুণ কৰাৰ নিশ্চিত আৰু নিৰাপদ উপায় আগবঢ়ায়৷ এই আঁচনিখন পোন প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত প্ৰৱৰ্তন কৰাহৈছিল৷ ২০১১ চনত এই আচঁনিখন বন্ধ কৰি দিয়া হৈছিল৷ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া জনসাধাৰণৰ মাজত সঞ্চয় আৰn ¸বিনিয়োগক উৎসাহিত কৰিবলৈ ২০১৪ চনত কিষাণ বিকাশ পত্ৰ আঁচনিখনৰ কিছু সালসলনি সাধন কৰি পুনৰ প্ৰৱৰ্তন কৰা হয়৷ কিষাণ বিকাশ পত্ৰত বিনিয়োগকাৰীয়ে কৰা বিনিয়োগৰ ধন কম বিপদজনক প্ৰকৃতিৰ হয়৷ এই আঁচনিখন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আৰু চৰকাৰী নি(য়তা প্ৰাপ্ত হয়৷ চৰকাৰৰ দ্বাৰা সমৰ্থিত আৰু নি(য়তাপ্ৰাপ্ত হোৱাৰ উপৰি পৰিপক্ব (মেচিউৰিটিৰ) কালত লাভ কৰা উপাৰ্জনৰ ধন কৰমুক্ত  হোৱা বাবে এই আঁচনিখন ক্ষুদ্ৰ সঞ্চয়কাৰী আৰn ¸বিনিয়োগকাৰীৰ মাজত জনপ্ৰিয় হয়৷ 

কিষাণ বিকাশপত্ৰত কেনেকৈ বিনিয়োগ কৰিব ঃ 

কিষাণ বিকাশ পত্ৰ (কেভিপি)ত বিনিয়োগ কৰাটো সহজ আৰু সুলভ৷ বিনিয়োগকাৰীয়ে সমগ্ৰ ভাৰতৰ যিকোনো ডাকঘৰৰ পৰা বা অনুমোদিত বাণিজ্যিক বেংকৰ জৰিয়তে কিষাণ বিকাশ পত্ৰ (কেভিপি) প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰিব৷ আবেদন প্ৰক্ৰিয়াত কিছুমান মৌলিক নথি-পত্ৰৰ প্ৰয়োজন হয়, যেনে পৰিচয়ৰ প্ৰমাণ-আধাৰকাৰ্ড, পেনকাৰ্ড, ইত্যাদি৷ 

প্ৰমাণপত্ৰসমূহ বিনিয়োগকাৰীৰ নামত প্ৰদান কৰা হয় আৰn সেইবোৰ ব্যক্তিগতভাৱে, যৌথভাৱে বা নাবালকৰহৈ ক্ৰয় কৰিব পাৰি৷ যিকোনো ভাৰতীয় নাগৰিকে কিষাণ বিকাশপত্ৰ ক্ৰয় কৰিব পাৰিব৷ কোনোএজন প্ৰাপ্তবয়স্ক ভাৰতীয়ই তেওঁৰ নিজৰ নামত, অথবা তেওঁ এজন অভিভাৱক হিচাপত কোনো এজন নাবালকৰ নামত কিষাণ বিকাশ পত্ৰ ক্ৰয় কৰিব পাৰিব৷ কোনো এজন নাবালক যাৰ বয়স ১০ বছৰ হৈছে তেওঁ নিজেই নিজৰ নামত কিষাণ বিকাশ পত্ৰ ক্ৰয় কৰিব পাৰিব৷ যৌথভাৱে সৰ্বাধিক তিনিজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে একেলগে কিষাণ বিকাশপত্ৰ ক্ৰয় কৰিব পাৰিব৷ 

কিষাণ বিকাশপত্ৰ আঁচনিখনৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল ঃ

ৰ৷ নিশ্চিত প্ৰতিদান (Returns)  ঃ কিষাণ বিকাশপত্ৰ আঁচনিখনে বিনিয়োগকাৰীসকলক নিশ্চিত প্ৰতিদান বা ৰিটাৰ্ণ প্ৰদান কৰে৷ এই আঁচনিৰ অধীনত এটা নিৰ্দিষ্ট সময়ৰ অন্তত বিনিয়োগকাৰীৰ বিনিয়োগৰ টকা দুগুণ হয়৷ আঁচনিৰ মেচিউৰিটি পিৰিয়ড অৰ্থাৎ পৰিপক্বতাৰ কাল সুতৰ হাৰৰ সৈতে জড়িত, যিটো চৰকাৰে সময়ে সময়ে সংশোধন কৰে৷ চৰকাৰে সুতৰ হাৰৰ পৰিৱৰ্তন কৰিব পাৰে৷ উদাহৰণস্বৰূপে, ২০২৪ চনৰ হিচাপত কিষাণ বিকাশপত্ৰ আচনিয়ে বছৰি ৭.৫ক্মসুতৰ হাৰ, আৰn ¸এই সুতৰ হাৰত ১১৫ মাহ বা জ্ঝছৰ আৰু ৭ মাহত বিনিয়োগৰ ধন দুগুণ হয়৷ 

২) ন্যুনতম বিনিয়োগ ঃ কিষাণ বিকাশ পত্ৰ আচঁনিৰ অধীনত কোনো এজন বিনিয়োগকাৰীয়ে ন্যুনতম ১০০০ টকা আৰn ¸তাৰ পিছত ১০০ টকাৰ বহু গুণত বিনিয়োগ কৰিব পাৰে৷ বিনিয়োগৰ কোনো নিৰ্দিষ্ট সৰ্বোচ্চ সীমা নাই, যাৰ বাবেই সৰn ¸আৰn ¸বৃহৎ বিনিয়োগকাৰী উভয়ৰে বাবে এক নমনীয় বিকল্প হিচাপে জনপ্ৰিয়৷ 

৩) কোনো কৰৰ সুবিধা নাই ঃ কিষাণ বিকাশপত্ৰ আঁচনিখনে বিনিয়োগকাৰীক বিনিয়োগ কৰা টকাৰ ওপৰত নিশ্চিত প্ৰতিদান বা ৰিটাৰ্ণ প্ৰদান কৰিলেও আয়কৰ আইনৰ ধাৰা ৮০চি (৮০) ১ অধীনত আঁচনিখনে কোনো ধৰণৰ কৰ সুবিধা প্ৰদান নকৰে৷ কিন্তু এই আঁচনিত বিনিয়োগকাৰীয়ে টকা বিনিয়োগ কৰি উপাৰ্জন কৰা সুত “অন্য উৎসৰ পৰা আয়’’ৰ অধীনত কৰ যোগ্য বুলি গ্ৰহণ কৰা হয়৷ 

৪) স্থানান্তৰ যোগ্যতা ঃ কিষাণ বিকাশপত্ৰ আঁচনিখনৰ অধীনত বিনিয়োগকাৰীয়ে টকা বিনিয়োগ কৰি ক্ৰয় কৰা প্ৰমাণ পত্ৰ এজন ব্যক্তিৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পৰা যায়, যাৰ ফলত পৰিয়ালৰ সদস্যৰ ভিতৰত সম্পত্তি উপহাৰ বা পাছ কৰাৰ ক্ষেত্ৰত ই উপযোগী৷ 

প্ত)  অকালতে বা পৰিপক্বতা লাভৰ পূৰ্বেই টকা উলিওৱা ঃ কিষাণ বিকাশপত্ৰৰ এটা নিৰ্দিষ্ট লক-ইন সময় থাকে৷ অৰ্থাৎ এই আঁচনিৰ অধীনত বিনিয়োগকাৰীয়ে তেওঁলোকে কৰা বিনিয়োগৰ টকা এটা নিৰ্দিষ্ট সময়লৈ আঁচনিত জমা ৰাখিব লাগে৷ কিন্তু বিনিয়োগকাৰীৰ প্ৰয়োজনত বা বিশেষ ¸কিছু নিৰ্দিষ্ট পৰিস্থিতি যেনে প্ৰমাণপত্ৰধাৰীৰ মৃত্যু বা আদালতৰ আদেশ ইত্যাদি পৰিস্থিতিত আঁচনিত বিনিয়োগ কৰা টকা পৰিপক্বতা লাভৰ পূৰ্বেই বা অকালতে উলিওৱাৰ অনুমতি দিয়া হয়৷ অৱশ্যে আগতীয়াকৈ টকা উলিওৱাৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে পৰিপক্বতা লাভৰ পূৰ্বে টকা উলিওৱাৰ লগত জড়িত জৰিমনা পৰিশোধ কৰিবলগীয়া হয়৷ 

৬)  কিষাণ বিকাশ পত্ৰৰ  বিৰুদ্ধে ঋণ ঃ এহ ×আঁচনিৰ অধীনস্ত বিনিয়োগকাৰীয়ে তেওঁলোকৰ কিষাণ বিকাশপত্ৰৰ প্ৰমাণপত্ৰকো জামিন হিচাপে ব্যৱহাৰ কৰি বেংকৰ পৰা ঋণ লাভ কৰিব পাৰে৷ বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰাৰ ক্ষেত্ৰত কিষাণ বিকাশ পত্ৰৰ প্ৰমাণপত্ৰক জামিন হিচাপে ব্যৱহাৰ তথা বেংকে গ্ৰহণ কৰাৰ ফলত ই নগদ টকা বা লিকুইডিটিৰ প্ৰয়োজনীয়তাৰ বাবে এক বহুমুখী বিত্তীয় আহিলা হিচাপে গণ্য কৰা হয়৷ 

কিষাণ বিকাশ পত্ৰই কেনেকৈ কাম কৰেঃ কিষাণ বিকাশ পত্ৰত বিনিয়োগকাৰীয়ে টকা বিনিয়োগ কৰি কিদৰে লাভবান হ’ব পাৰিব তাক এটা সংখ্যাগত উদাহৰণৰ সহায়ত তলত ব্যাখ্যা কৰা হ’ল ঃ

পৰিস্থিতিৰ ঃ ধৰি লোৱা হ’ল কোনো এজন ব্যক্তিয়ে ২০২৪ চনৰ জানুৱাৰী মাহৰৰৰ তাৰিখত বছৰি ৭.৫ক্ম সুতৰ হাৰত কিষাণ বিকাশ পত্ৰত মৌলিক বিনিয়োগ অৰ্থাৎ প্ৰাৰম্ভিক বিনিয়োগ হিচাপত ৫০, ০০০ টকা বিনিয়োগ কৰে৷ বৰ্তমানৰ সুতৰ হাৰ অনুসৰি এই বিনিয়োগৰ ১৫ মাহত বা ৯ বছৰ আৰু ৭ মাহত দুগুণ হ’ব৷ অৰ্থাৎ বিনিয়োগকাৰীয়ে ক্ৰয় কৰা কিষাণ বিকাশপত্ৰ ২০৩৩ চনৰ ৩১ জুলাইত পৰিপক্বতা বা মেচিউৰিটি লাভ কৰিব আৰু বিনিয়োগকাৰীয়ে কৰা ৫০, ০০০ টকা বিনিয়োগৰ বিপৰীতে তেওঁ মুঠ ৰ, ০০, ০০০ টকা ওভতাই পাব, যিটো বিনিয়োগৰ টকাৰ দুগুণ হয়৷ এই উদাহৰণটোৰ পৰা দেখা গ’ল যে – (i) প্ৰাৰম্ভিক বিনিয়োগ (২০২৪) ঃ ৫০, ০০০ টকা

(ii) মেচিউৰিটিৰ পৰিমাণ (২০৩৩) ঃ  ৰ, ০০, ০০০ টকা

এইদৰে ২০৩৩ চনৰ ভিতৰত বিনিয়োগকাৰীৰ ৫০, ০০০ টকা, ০০, ০০০ টকালৈ বৃদ্ধি পাব, যাৰ ফলত মূল বিনিয়োগ দুগুণ হ’ব৷ 

পৰিস্থিতিঃ একেদৰে বৃহৎ বিনিয়োগৰ পৰিমাণৰ এটা উদাহৰণ দাঙি ধৰা হ’ল৷ যদি কোনো বিনিয়োগকাৰীয়ে ২০২৪ চনৰ ১ জানুৱাৰীত কিষাণ বিকাশপত্ৰত প্ত, ০০, ০০০ টকা ৰাখে বা বিনিয়োগ কৰে, তেন্তে ১১৫ মাহ বা জ্ঝবছ১৭ মাহৰ পিছত বিনিয়োগ পুনৰ দুগুণ হ’ব, অৰ্থাৎ ২০৩৩ চনৰ জুলাই মাহ ২১৩১ তাৰিখত ১০, ০০, ০০০ টকা হ’ব৷ 

(i) প্ৰাৰম্ভিকবিনিয়োগ (২০২৪) ঃ প্ত, ০০, ০০০ টকা

(ii) মেচিউৰিটি বা পৰিপক্বতাৰ পৰিমাণ (২০৩৩) ঃ  ১০, ০০, ০০০ টকা

বিনিয়োগকাৰীয়ে ক্ৰয় কৰা কিষাণ বিকাশপত্ৰ পৰিপক্বতা বা মেচিউৰিটিৰ লগে লগে ১০, ০০, ০০০টকা লাভ কৰাৰ আশা কৰিব পাৰে, যাৰ ফলত সুৰক্ষিত প্ৰতিদান বা ৰিটাণ ৰ্বিচৰাসকলৰ বাবে কিষাণ বিকাশ পত্ৰৰ এক আকৰ্ষণীয় দীৰ্ঘম্যাদী বিনিয়োগৰ উৎস হয়৷ 

কিষাণ বিকাশপত্ৰৰ উপকাৰিতা বা সুবিধাসমূহ ঃ

ৰ) কম বিপদ আৰn ¸উচ্চ নিৰাপত্তা ঃ কিষাণ বিকাশপত্ৰ আঁচনিখন ভাৰত চৰকাৰৰ সমৰ্থিত এটা সঞ্চয় ও বিনিয়োগৰ আঁচনি৷  ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আঁচনি হোৱা বাবেই কিষাণ বিকাশপত্ৰ উপলব্ধ বিনিয়োগৰ উৎসসমূহৰ অন্যতম নিৰাপদ বিকল্প বিনিয়োগ আঁচনি হয়৷ বিনিয়োগকাৰীয়ে বজাৰৰ উঠা-নমা বা মিউচুৱেল ফাণ্ড বা ষ্টকৰ দৰে অন্যান্য বিনিয়োগৰ ক্ষতি শংকা আৰn ¸অনি(য়তা বহনৰ সৈতে জড়িত বিপদৰ বিষয়ে চিন্তা কৰিব নালাগে৷ 

২) বিনিয়োগৰ টকা দুগুণ কৰা ঃ কিষাণ বিকাশপত্ৰ আঁচনিৰ জৰিয়তে নিৰ্ধাৰিত েমেচিউৰিটিৰ ভিতৰত বিনিয়োগকাৰীৰ প্ৰাৰম্ভিক বিনিয়োগ দুগুণ হোৱাৰ নি(য়তা দিয়া হৈছে, যিটো বৰ্তমানৰ ১৫ মাহৰ পৰিপক্বতা লাভৰ সময়৷ ইয়াৰ ফলত বিনিয়োগৰ ওপৰত ভৱিষ্যদ্বাণীযোগ্য আৰn ¸নিশ্চিত লাভ বিচৰাসকলৰ বাবে ই আকৰ্ষণীয় হৈ পৰে৷ 

৩) বিনিয়োগৰ ধন তাৰল্য (লিকুইডিটি) ঃ যদিও কিষাণ বিকাশপত্ৰত বিনিয়োগৰ লগত এটা নিৰ্দিষ্ট লক-ইন সময় বা টকা জমা কৰি ৰখাৰ নিৰ্দিষ্ট সময় থাকে, তথাপিও এই আঁচনিৰ অধীনস্ত বিনিয়োগৰ দ্বাৰা ক্ৰয় কৰা প্ৰমাণপত্ৰৰ বিপৰীতে অকালতে বা পৰিপক্বতাৰ লাভ কৰাৰ পূৰ্বেই টকা উলিওৱা আৰু ঋণৰ ৰূপত তাৰল্যতা বা লিকুইডিটি প্ৰদান কৰা হয়৷ আৰ্থিক প্ৰয়োজনৰ সময়ত এই নমনীয়তা অত্যন্ত উপযোগী৷ 

৪) নমনীয় বিনিয়োগৰ পৰিমাণ ঃ এই আঁচনিৰ জৰিয়তে বিনিয়োগকাৰীক ন্যূনতম ৰ, ০০০ টকাৰ পৰা আৰম্ভ কৰি বিনিয়োগৰ অনুমতি দিয়া হৈছে৷ বিনিয়োগৰ কোনো উচ্চ সীমা নিৰ্দ্ধাৰণ কৰানাই৷ ইয়াৰ ফলত ক্ষুদ্ৰ সঞ্চয়কাৰীৰ পৰা আৰম্ভ কৰি উচ্চ আয় উপাৰ্জনকাৰী তথা বৃহৎ পৰিমাণৰ টকাবি নিয়োগকাৰীলৈকে সকলো প্ৰকাৰৰ বিনিয়োগকাৰীৰ বাবে এহ ×আঁচনিত বিনিয়োগ সুলভ হৈ পৰে৷ 

প্ত) সহজে স্থানান্তৰ যোগ্য ঃ কিষাণ বিকাশপত্ৰ আঁচনিখনৰ অধীনত বিনিয়োগকাৰীয়ে নিজৰ টকা বিনিয়োগ কৰি ক্ৰয় কৰা প্ৰমাণপত্ৰসমূহ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব পৰা যায়৷ যাৰ বাবে কিষাণ বিকাশপত্ৰ পৰিয়ালৰ ভিতৰত ধন বা সম্পত্তি প্ৰেৰণৰ বাবে উপযোগী কৰি তোলা হয়৷ ইয়াৰ দ্বাৰা উপহাৰ দিয়া বা স্থানান্তৰ কৰাটোও সহজ হৈ পৰে৷ 

৬) সহজ আৰু সহজে বুজিব পৰা ঃ কিষাণ বিকাশপত্ৰ হৈছে এক পোনপটীয়া বিনিয়োগৰ আঁচনি আৰু ই সকলো ধৰণৰ জটিলতাৰ পৰা মুক্ত৷ এই সৰলতাই ইয়াক বিত্তীয় সাক্ষৰতা কম থকা গ্ৰাম্য আৰn ¸অৰ্ধনগৰীয়া অঞ্চলৰ লোকৰ মাজত জনপ্ৰিয় কৰি তুলিছে৷ 

কিষাণ বিকাশপত্ৰৰ সীমাবদ্ধতা ঃ

ক) কৰৰ সুবিধাৰ অভাৱ ঃ কিষাণ বিকাশপত্ৰত কৰা বিনিয়োগত ৰাজহুৱা ভৱিষ্যদ্বাণী পুঁজি (পিপিএফ) বা ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (এনএছচি)ৰ দৰে কৰৰ সুবিধাসমূহ বিনিয়োগকাৰীয়ে লাভ নকৰে৷ কিষাণ বিকাশপত্ৰত কৰা বিনিয়োগে আয়কৰৰ ধাৰা ৮০চিৰ অধীনত কোনো ধৰণৰকৰ কৰ্তনৰ ব্যৱস্থা নকৰে৷ কৰ-দক্ষ বিনিয়োগৰ বিকল্প বিচৰাসকলৰ বাবেই এক সুবিধাজনক বিনিয়োগৰ আঁচনি নহয়৷ 

খ) কৰযোগ্য সুত ঃ কিষাণ বিকাশপত্ৰৰ বিনিয়োগৰ পৰা উপাৰ্জন কৰা সুত বিনিয়োগকাৰীৰ আয়কৰ স্তৰ (সেvব) অনুসৰি সম্পূৰ্ণৰূপে কৰযোগ্য৷ ইয়াৰ ফলত বিশেষকৈ উচ্চ কৰ ব্ৰেকেটৰ বিনিয়োগকাৰীৰ বাবে ফলপ্ৰসূ প্ৰতিদান (ৰিটাৰ্ণ) হ্ৰাস পায়৷ 

গ) লক-ইনৰ সময়সীমা ঃ কিষাণ বিকাশপত্ৰত বিনিয়োগৰ সৈতে ১১৫ মাহৰ দীঘলীয়া লক-ইন সময়, অৰ্থাৎ বিনিয়োগৰ টকা জমা কৰি ৰখাৰ এক নিৰ্দিষ্ট সময় থাকে, যিটো হ্ৰস্বম্যাদী তাৰল্য (লিকুইডিটি) বিচৰা ব্যক্তিসকলৰ বাবে কিষাণ বিকাশপত্ৰত বিনিয়োগ এক আদশ ৰ্বিনিয়োগ নহ’বও পাৰে৷ অকালতে বা পৰিপক্বতা লাভৰ পূৰ্বেই টকা উলিওৱাৰ অনুমতি আছে যদিও ইয়াৰ বাবে জৰিমনা বিহা হয়৷ 

ঘ) মুদ্ৰাস্ফীতিৰ আশংকা ঃ যিহেতু কিষাণ বিকাশপত্ৰত বিনিয়োগৰ পৰা বিনিয়োগকাৰীৰ বাবে প্ৰতিদান বা ৰিটাৰ্ণ নিৰ্দিষ্ট হৈ থাকে, গতিকে দীৰ্ঘম্যাদীভাৱে বিশেষকৈ উচ্চ মুদ্ৰাস্ফীতিৰ সময়ছোৱাত কিষাণ বিকাশপত্ৰত বিনিয়োগে মুদ্ৰাস্ফীতিৰ লগত খোজ  মিলাব নোৱাৰিবও পাৰে৷ ইয়াৰ ফলত বিনিয়োগৰ পৰা লাভ কৰা প্ৰতিদান বা ৰিটাৰ্ণৰ প্ৰকৃত মূল্য ক্ষয় হয়৷ 

সামৰণি ঃ

কিষাণ বিকাশপত্ৰই সময়ৰ লগে লগে আপোনাৰ সঞ্চয় বৃদ্ধি কৰাৰ এক নিৰাপদ, সুৰক্ষিত, আৰু নিশ্চিত উপায় আগবঢ়াইছে৷ কিষাণ বিকাশপত্ৰত বিনিয়োগৰ ক্ষেত্ৰত অন্যান্য চৰকাৰী আঁচনিৰ দৰে কিছুমান কৰ সুবিধাৰ অভাৱ আছে যদিও এই আঁচনিৰ নিশ্চিত বিনিয়োগ দুগুণ বৃদ্ধিয়ে ইয়াক ক্ষুদ্ৰ সঞ্চয়কাৰী, গ্ৰাম্য বিনিয়োগকাৰী আৰু কম বিপদজনক বিকল্প বিচৰাসকলৰ মাজত জনপ্ৰিয় পছন্দ বুলি বিবেচিত হৈছে৷ ইয়াৰ সৰলতাৰ লগতে চৰকাৰী সমৰ্থনে নিশ্চিত কৰে যে কিষাণ বিকাশপত্ৰ (কেভিপি) আৰ্থিক সুৰক্ষা আৰু স্থিতিশীলতা বিচৰা লাখ লাখ ভাৰতীয়ৰ বাবে এক বিশ্বাসযোগ্য বিনিয়োগ হৈ থাকিব৷  

Leave a Reply

Your email address will not be published. Required fields are marked *