
কোনোজনে কয়–নাৰী তুমি অৰ্ধ আকাশ¸৷ আন কোনো জনৰ মতে–নাৰী ৰহস্যময়ী আৰু কিছু মানুহৰ মতে–নাৰী এবিধ জুলীয়া পদাৰ্থ¸৷ ইয়াৰ কোনো আকাৰ নাই৷ ইয়াক যি পাত্ৰতে থোৱা হয়¸ সেই পাত্ৰৰে আকাৰ লয়৷
নাৰী যিয়েই নহওক¸ ই সমাজ সৃষ্টিৰ পৰা বৰ্তমানলৈকে সভ্যতাৰ স্তৰে স্তৰে সমাজৰ ধ্বংস আৰু সৃষ্টিত অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ সমাজৰ বহু বাহ্যিক উচ্ছৃঙ্খলতাৰ মূলতে নাৰী৷ এচাম অসুস্থ মানসিকতাৰ নাৰীৰ বাবে আজি কিছুমান যুৱতী, বোৱাৰী শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ বলি হ’ব লগা হৈছে৷ হয়তো কোনোৱে এই সেউজী ধুনীয়া পৃথিৱীখনৰ মায়া মোহ এৰি মৃত্যুৰ শীতল কোলাত ঢলি পৰিছে৷ আনকি নাৰীৰ অসুস্থ মানসিকতাৰ বলি হৈ বহু পুৰুষ উন্মাদ হৈ পৰা দেখা যায়৷ সমাজ নানা উচ্ছৃঙ্খলতাত জাহ যায়৷
অনুভৱৰ চানেকিৰে আমি যদি সমাজখন চাওঁ¸ তেন্তে দেখা পাওঁ যে একেখন সমাজতে এজনী নাৰীয়ে এটি সুন্দৰ শিশুৰ জন্ম দি সুন্দৰৰ ফুলাৰ মন্ত্ৰত মানৱৰ অগ্ৰগতিৰ বীজ সিঁচে৷ অন্যহাতে আন এজনী নাৰীয়ে জন্ম দিয়ে– আন্ধাৰ,¸ বিভৎস, ¸ধুমুহা৷ উদাহৰণ স্বৰূপে এ¸পি¸জে আব্দুল কালাম আৰু বিন লাডেনৰ কথা ক’লো৷
চিকিৎসা বিজ্ঞান আৰু মনোবিজ্ঞান দিশৰ পৰা জানিব পাৰি যে এজন মানুহ শতকৰা পঞ্চাশ শতাংশ ন মাহৰ গৰ্ভস্থ সময়ত মানসিকভাৱে গঢ় লয়৷ গতিকে এগৰাকী বিকৃত মস্তিষ্কৰ নাৰীয়ে মানসিক আৰু শাৰীৰিক দুয়ো দিশতে সুন্দৰ এটি শিশু জন্ম দিয়াত অসুবিধা হয়৷ কিয়নো; গৰ্ভস্থ সময়ত নাৰী গৰাকীয়ে যি মনোভাব লয় সেই মনোভাবেৰে সন্তানটি পৃথিৱীলৈ আহে৷
ক’ব পাৰি যে কেৱল বাহ্যিকতাৰে এখন সুস্থ সমাজ গঢ়িব নোৱাৰি৷ ইয়াৰ আগতে আভ্যন্তৰিকভাবে শিশুটিক গঢ় দিব লাগিব৷ এই ক্ষেত্ৰত প্ৰধান ভূমিকা নাৰীৰ৷ গতিকে গৰ্ভস্থ নাৰী সকলে এই কথা গুৰুত্ব দিয়া উচিত৷ অন্যথা আমি এখন সুস্থ সমাজ আশা কৰিব নোৱাৰো৷ ভৱিষ্যতে সমাজত ধৰ্ষণ, হত্যা, চুৰি-ডকাইতিৰ দৰে কাৰ্য হোৱাৰ সম্ভৱনা প্ৰকট৷
কম্পিউটাৰ যুগৰ দৰে বাস্তৱ জগত, মহাকাশ বিচৰণৰ সময়তো কিছুমান যুক্তিহীন মানসিকতাৰ বলি হৈ বহুতো সন্তান আৰু পৰিয়াল মানসিকভাৱে উচ্ছেদ হৈ পৰা দেখা যায়৷ সমাজৰ বহু পৰিয়ালত নাৰীয়ে নাৰীৰ ভক্ষক হৈ থিয় দিয়ে৷ এই ক্ষেত্ৰত পুৰুষে নীৰৱ বা সহযোগিতাৰ ভূমিকা পালন কৰে৷ এই বাস্তৱমুখী জগততো এচাম পুৰুষে সম্বন্ধৰ দোহাই দি পৰিয়ালত চলি থকা সকলো অন্যায়ৰ নীৰৱ দৰ্শক হয়৷ অৱশ্যে কিছু সংখ্যক মানুহে অন্যায় সহ্য কৰাতো আটাইতকৈ ডাঙৰ অন্যায় বুলি প্ৰতিবাদ কৰা দেখা যায়৷ পৰিয়ালত ঘটি থকা এই উচ্ছৃঙ্খল কাৰ্যবোৰ সন্তানে প্ৰত্যক্ষ কৰে৷ মনত উচ্ছৃঙ্খলতাৰ সাঁচ বহে আৰু সেই সন্তানে ভৱিষ্যতে এনে উচ্ছৃঙ্খল কাৰ্য কৰাৰ সম্ভাৱনা থাকে৷
অভিভাৱক সকলে নিজৰ সন্তানক বাস্তৱ সত্যৰ সৈতে পৰিচয় কৰি দিয়াৰ দৰকাৰ৷ মানুহে মানুহৰ সৎ চৰিত্ৰ, সু-সংস্কাৰ আৰু সবল ব্যক্তিত্বকহে সন্মান কৰা উচিত৷ সম্বন্ধ বা বয়সৰ দোহাই দি পৰিয়াল তথা ¸সমাজৰ অন্যায়বোৰক সমৰ্থন জনাই উঠি অহা শিশুক সেই বাটেৰে আগবঢ়াই দিয়াতো অন্যায়৷ কিয়নো; সিহঁতৰ সৰল মনে, ¸সূক্ষ্ম মগজে অন্যায়, ¸উচ্ছৃঙ্খলতা গ্ৰহণ কৰাটোৱেই মানুহৰ জীৱন বুলি ভাবি লয় আৰু সময়ত ইয়াৰ প্ৰতিফলন ঘটায়৷
সমাজৰ বহু পৰিয়ালত পুৰুষৰ দুৰ্বল মনস্তত্ত্বৰ বাবে কিছুমান নাৰী উচ্ছৃঙ্খলতাৰ বলি হৈ মানসিক বা শাৰীৰিকভাবে অসুস্থ শিশুৰ জন্ম দিয়ে৷ সাম্প্ৰতিক সময়তো কিছুমান শিক্ষিত মানুহে ‘মানুহ’ৰ প্ৰকৃত অৰ্থ নিবিচাৰি “লাও সদায় পাতৰ তলত” বুলি প্ৰবাদ গণি নাৰী আৰু পুৰুষৰ মাজত বিভেদ কৰাৰ লগতে ‘মানুহ’ শব্দটোক বিভেদ কৰিছে৷ নাৰীক হীন চকুৰে চাই যি গাফিলতি কৰা হয়¸ সেই গাফিলতিত নাৰী মানসিকভাৱে ভাগি পৰে আৰু ফলস্বৰূপে দম্পতীহালে উপহাৰ পায় অস্বাভাৱিক সন্তান৷ এনে দম্পতীয়ে শেষ বয়সত নিজৰে সৃষ্টি সন্তানৰ পৰা অস্বাভাৱিক ব্যৱহাৰৰ বলি হ’ব লগা হয় আৰু সমাজখন উচ্ছৃঙ্খলতাৰে ভৰি পৰে৷

সুস্থ মানসিকতা,¸ সুস্থ-সবল পৰিৱেশ আৰু স্বাস্থ্যসন্মত খাদ্যৰ অবিহনে আমি কেতিয়াও সু-সন্তান তথা সু-নাগৰিক লাভ কৰিব নোৱাৰোঁ৷
সন্তান জন্মদিয়াটো ডাঙৰ কথা নহয়৷ ডাঙৰ কথা হ’ল সিহঁতক সু-সন্তান কৰি গঢ়ি তোলা৷ এই ক্ষেত্ৰত এগৰাকী নাৰীৰ প্ৰধান ভূমিকা হ’ল-পৰিচালনা আৰু সন্তানৰ মাৰ্গদৰ্শন৷
মাতৃ হ’ল সন্তানৰ প্ৰথম শিক্ষাগুৰু৷ এগৰাকী বিদেশী চিত্ৰকৰে কৈছিল–“মোৰ মায়ে মোক মাত্ৰ এটা চুমা খালে আৰু মই চিত্ৰবিদ্যাত প্ৰবীণ হৈ গ’লো”৷ গতিকে ক’ব পাৰি যে মাতৃৰ মমতা সন্তানৰ বাবে সাহস, ¸সততা আৰু সাফল্য গঢ়াৰ আধাৰস্বৰূপ৷ সেইদৰে নান্সি এডিছন, ¸মহাকবি শ্ৰীহৰ্ষৰ মাতৃ, পুতলীবাই¸, খেৰসুতি আদিৰ দৰে মাতৃৰ তত্বাৱধানত সৃষ্টি হৈছিল প্ৰকৃত মানৱ৷
‘মাতৃত্ব’ হ’ল সমাজৰ বাবে অতুলনীয় আৰু অদ্বিতীয় উপহাৰ৷ মাতৃয়ে আপোন তেজ-মঙহেৰে সজাই-পৰাই সন্তান জন্ম দিয়ে আৰু বুকুৰ গাখীৰ খুৱাই ঊম দি সিহঁতক ডাঙৰ-দীঘল কৰে৷ সন্তানক দিয়ে জীৱনৰ নতুন নতুন শিক্ষা৷ ওঁঠত ভাষাৰ প্ৰাচূৰ্য ¸ব্যক্তিত্ব, ধৰণ-কৰণ, ¸আচাৰ-ব্যৱহাৰ এই সকলো শিক্ষা এগৰাকী নাৰীয়ে সন্তানক দিয়ে৷ যেতিয়া শিক্ষকে আকাশৰ কথা শিকায়, তেতিয়া মাতৃয়ে সন্তানক শিকায় মাটিৰ কথা৷ যি মাটিত সন্তানে খোজ দিছে জীৱনৰ অৰ্থ বিচাৰি৷ এজন মানুহ জন্মৰ পৰা মৃত্যুৰ সময়লৈকে এই দীঘলীয়া সময়খিনি আমি যদি দৃষ্টি গোচৰ দিওঁ তেন্তে ক’ব পাৰি যে মানুহৰ জীৱন বৰ বিশাল৷
এগৰাকী মাতৃয়ে এটি সু-সন্তানৰ বাবে ঘৰতে শিক্ষা তথা সন্তানটিৰ মনৰ সন্তুষ্টিৰ কাৰণে নানা ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ বৰ্তমান সময়ত সন্তানৰ মনস্তত্ত্ব আৰু বৃত্তিমুখী মনোভাৱৰ ওপৰত গুৰুত্ব দিয়া নিতান্তই প্ৰয়োজন৷
পৃথিৱীত থকা সকলোখিনিয়ে এটি শিশুৰ বাবে অজ্ঞাত৷ সি আমাৰ পৃথিৱীখনত নতুন এজন আলহীৰ দৰে৷ সেইবাবে শিশুটিয়ে জানিব বিচৰাখিনিৰ ওপৰত অধিক সংস্পৰ্শত থকা মাতৃগৰাকীয়ে শুদ্ধজ্ঞান আৰু ধাৰণা দি ভৱিষ্যত জীৱনৰ বাবে তাক আৱশ্যকীয় সমলখিনি যোগান ধৰা উচিত৷ তেতিয়াহে আমি এটি সু-সন্তান আশা কৰিব পাৰোঁ৷