প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ( – Purbodix.com

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ(

মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা…

নৰোত্তম মণ্ডলৰ পুতেক সুভাসে কিবা ক’বলৈ বুলি ৰৈ আছিল৷ তেওঁ সুধিলে, “ কি হ’ল? তয়ো ভদ্ৰক যাবলৈ ওলাইছ  নেকি? তহঁত গোটেইবোৰ যদি ভদ্ৰকলৈকে যাৱ, তেতিয়াহ’লে ইয়াৰ কামবোৰ কোনে চাব? নালাগে যাব৷ ইয়াত কৰিবলৈ দিয়া কামখিনি আগে কৰ আৰু যদি যাব বিচাৰিছও, অকল গোপীনাথপুৰলৈ কে যা৷ শুভেন্দু বাবু তাতেই আছে চাগৈ৷ কৰুণাকাৰে ইতিমধ্যে কোম্পানিৰ অফিচত খবৰ দিছেই৷ শুভেন্দু বাবুক গৈ গাঁৱৰ পৰিস্থিতি ভাল নহয় বুলি কৈ থৈ আহিবি৷ আনকি তেওঁৰ জীৱনলৈয়ো সংশয় আছে বুলি বুজাবি৷ এমাহ -পোন্ধৰ দিনমান যোৱাৰ পিছতহে আহিবলৈ ক’বি৷ তেতিয়ালৈ সকলো ঠাণ্ডা হৈ যাব৷”

কিন্তু সুবাসে ক’লে, “মোৰ হ’লে ৰমাকান্তলৈহে ভয় লাগিছে৷ কালি চিমেণ্ট ছটিয়াই থাকেঁাতে ড্ৰাইভাৰৰ কাষত মোক বহি থকা নীলাম্বৰে নি(য় দেখা পাইছে৷”

–ধুৰ, নাগৰ পোৱালি হৈ সেই বিষ নথকা পানী সাপবোৰলৈ ভয় কৰ? ৰমাকান্তই আমাৰ কিডাল উঘালিব? নিজৰ ভনীয়েককে চম্ভালিব নোৱাৰিলে৷ তাই গৈ আনৰ লগত নিজকে চুৱা কৰিলে আৰু এতিয়া সি আমাক নিয়ম দেখুৱাব?”

বাপেকৰ অভয়বাণী শুনি সুভাসৰ মনৰ পৰা ভয় আতৰ হ’ল৷ সি তাৰ বাপেকক ভালকৈ চিনি পায়৷ কিমান যে কথা সি তাৰ দেউতাকৰ পৰাই শিকিছে৷ শৰণাৰ্থী হৈ এই গাওঁখনলৈ সিহঁতৰ পূৰ্বপুৰুষ আহিছিল আৰু এতিয়া এই গাওঁখনৰ ভিতৰত সিহঁতেই দ্বিতীয় স্বচ্ছল পৰিয়াল৷ কথাখিনি ভাবি সুভাসৰ মনতো ভাল লাগি গ’ল৷ সি ক’লে, “ঠিক আছে, মই তেতিয়াহ’লে গোপীনাথপুৰৰ পৰাই আহোগৈ৷ তাৰ পৰা যি খবৰ পাওঁ, আপোনালৈ পঠিয়াই থাকিম৷”

ঃ বাৰn ¸যা৷ লগত ৰেইনকোটটো নিবলৈ নাপাহৰিবি৷ – নৰোত্তম মণ্ডলে পুতেকক ক’লে৷

ঃ পে পে চে চেণ্টৰ লগত কোন আহিছে? – বাৰাণ্ডালৈ লৈ ওলাই আহি হি ভদ্ৰক হস্পিটেলৰ ডাক্তৰ শ্ৰীযুত ৰথে সুধিলে৷ 

ঃ মই৷ ৰমাকান্ত আৰু নীলাম্বৰ দুয়োৱে একে লগে উত্তৰ দিলে৷ ডাক্তৰে দুয়োৰে মুখলৈ এবাৰ চালে আৰু তাৰ পিছত ৰমাকান্তলৈ চাই সুধিলে, “আপুনি কোন হয় পে পে চে চেণ্টৰ? ”

ঃ মই তাইৰ ককায়েক৷ 

ঃ আৰু তাইৰ স্বামী? – নীলাম্বৰে ডাক্তৰৰ কথা শুনি লাজতে তলমুৱা হ’ল৷ কিন্তু ডাক্তৰে তাৰ আওভাও নুবুজি ৰমাকান্তকে আকৌ ক’লে, “মোৰ ওচৰত এটা ভাল খবৰ আছে আৰু লগতে এটা বেয়া খবৰো৷”

ঃ ছাৰ মালতী ঠিকেই আছেতো? – নীলাম্বৰে মাজতে সুধিলে৷ 

ঃ তাকেই ক’ব বিচাৰিছোঁ৷ তেওঁৰ ইতিমধ্যে চেতনা আহিছে৷ মাত্ৰ আমি তেওঁৰ গৰ্ভৰ সন্তানটিক হেস্খস্খ৷ – দুখ মনেৰে ডাক্তৰজনে ক’লে৷ 

ঃ তেতিতিয়াহ’লে আমি তাইক এবাৰ চাই আহিব পাৰিম নে? – ভনীয়েকক ঘুৰাই পোৱাৰ আশা একেবাৰে এৰি দিয়া ৰমাকান্তই কান্দি কান্দি সুধিলে৷ 

আচলতে গাঁৱৰ কোনেও মালতী যে  বাচিব আশাই কৰা নাছিল৷ পাটপুৰৰ পৰা লৈ আহোঁতে আনকি নীলাম্বৰেও মালতীৰফালে চাই ঈশ্বৰৰ ওচৰত তাইৰ জীৱনৰে ভিক্ষা খুজি আহিছিল৷ ডাক্তৰৰ কথা শুনি ৰমাকান্তই নীলাম্বৰৰ ফালে চালে আৰু আনন্দত তাক জোৰকৈ কৈ গবা মাৰি ক’লে, “মই তোৰ ওচৰত আজীৱন ঋণী হৈ হৈ ৰ’ল নীলাম্বৰ! ”

যোৱা ত্ৰিছ ঘণ্টাত ঘটি যোৱা ঘটনাবোৰ এতিয়াও নীলাম্বৰৰ কিবা নাটকৰ দৰেই লাগি আছে৷ এতিয়াও তাৰ কাণখনে ডাক্তৰে কৈ যোৱা কথাখিনি বিশ্বাস কৰিব পৰা নাই৷ নিজ চকুৰে এবাৰ মালতীক চাই আহিবলৈ লৈ তাৰ খুব ইচ্ছা হ’ল৷ 

ডিউটিত থকা নাৰ্চগৰাকীয়ে ক’লে লে, “এতিয়া ভিতৰলৈ যাব ননোৱাৰে৷ আপপোনাললোকে চাব বিচাৰিলে এই কাঁচৰ দুৱাৰখনে দিয়েই চাব পাৰিব৷”

দুয়োৱে সেই কাঁচৰ দুৱাৰখনেদি মালতীক চালে৷ তাই তেতিয়াও ভেণ্টিলেটৰতে আাছিল৷ ওচৰতে থকা মেচিনটোত দেখুৱাই থকা তাইৰ হৃদস্পন্দনে তাই যে মৃত্যুৰ দুৱাৰ মুখৰ পৰা উভতি আহিছে দুয়োকে অনুভৱ কৰোৱালে৷ 

মালতীলৈ চাই ৰমাকান্ত আৰু নীলাম্বৰ বাহিৰলৈ ওলাই আহিল৷ 

“তই কি কিবা এটা খাই লগৈ যা৷ ইমান পৰে তই মুখত একো এটা দিয়া নাই৷ গধূলি হোৱাৰ পিছত ইয়াত আৰু একো নাপাবি৷ মই ইয়াতে আছোঁ৷ তই কিবা এটা খাই আহগৈ৷” ৰমাকান্তই ক’লে৷ 

মালতীৰ সংজ্ঞা ঘূৰি অহা বুলি জনাৰ পিছত ফূৰ্তিতে নীলাম্বৰে ভোকৰ কথা পাহৰিয়ে গৈছিল৷ নহ’লে তাৰ আগলৈকে  কতো তাৰ হাত-ভৰিয়ে কামেই কৰা নাছিল৷ এতিয়া অন্ততঃ চলাচল কৰিব পৰা অৱস্থালৈ লৈ আহিছে৷ 

নীলাম্বৰকো অকণমান নিৰ্জনতাৰ প্ৰয়োজন হৈছিল৷ সি উঠি আহি অলপ দূৰৈত ৰৈ থকা ৰেষ্টুৰেণ্টখনলৈকে আহিল৷ তাতে বহি সি আকৌ কথাবোৰ আওৰাবলৈ ধৰিলে৷ সকলো আগৰ পৰাই নিৰ্ধাৰিত৷ আনকি মালতীৰ ভাগ্যও৷ নহ’লেনো সি পিছদিনা  নিশা মালতীক চাই অহাৰ কথা ভাবিলে হয়নে? আৰু যোৱাৰ কাৰণেইতো সি ট্ৰাক ড্ৰাইভাৰ আৰু কৰুণাকাৰৰ কাণ্ড-কাৰখানাবোৰ দেখিবলৈ পালে৷ কোম্পানিৰ ট্ৰাকখনে গাঁৱৰ খেতিমাটিবোৰক শিল কৰি পেলোৱাৰ নামত যি কৰিবলৈ লৈছে, দেখি তাৰ তেজ গৰম হৈ গৈছিল৷ পি পি চে সেই ট্ৰাকখন থকাৰ কাৰণেই মালতীৰ অসাৰ প্ৰায় দেহটোক কালি সিহঁতে ভদ্ৰকলৈ তৎক্ষণাত লৈ আহিব পাৰিলে৷ কিন্তু সেইখন তাত নথকা হ’লে? তেতিয়া কি হ’ল হয়? হয়তো মালতী বচাৰ সম্ভাৱনাই নাথাকিল হয়৷ আনকি হস্পিটেলৰ পৰা ঘূৰি যাওঁতে কৰুণাকাৰে দৰকাৰ হ’ব বুলি কোৱা পইছাৰ কথাও সি কেনেকৈ পাহৰিব৷ মানা কৰাৰ পিছতো কৰুণাকাৰে তাক শত্ৰুতাৰ কথা পাহৰি জোৰ কৰি টকা বিছ হাজাৰ দি থৈ গৈছিল৷ সেয়ে ভিতৰত খং থাকিলে সি কিন্তু মনৰ পৰা উলটি কৰুণাকাৰ আৰু ড্ৰাইভাৰজনক কৃতজ্ঞতাহে জনাইছিল৷ কিন্তু এই সাহায্যৰ কথাবোৰ সি এতিয়া ৰমাকান্তক কয় কেনেকৈ? 

ইয়াৰ উপৰিও ডাক্তৰৰ কথাখিনি শুনাৰ আগতেই নীলাম্বৰে কিবা অলপ অনুমান কৰিব পাৰিছিল৷ কাৰণ আগ নিশা মালতীয়ে বৰপুখুৰীত জাপ দিয়াৰ আগতে মাক-দেউতাকৰ নামত এখন চিঠি লিখি পুখুৰীৰ পাৰতে থকা শিল এচটাৰ ওপৰত থৈ গৈছিল৷ তাত শুভেন্দুৱে কৰা প্ৰতাৰণাৰ বিষয়ে লিখিছিল৷ এতিয়াও সেই চিঠিখন তাৰ পকেটতে আছে৷ 

নীলাম্বৰৰ পেটে কলমলাই উঠিল৷ সি আগে পানী এগিলাচ খাই, ৰুটি ডালমা অৰ্ডাৰ দিলে৷ তাৰ পিছত সি আকৌ মালতীক লৈ চিন্তাৰ সাগৰত বুৰ গ’ল৷ 

হাড়ে-হিমজুৱে পাটপুৰৰ মানুহখিনিক সি চিনি পায়৷ এতিয়া মালতীক দেখিলেই সেইবোৰে নাকত সূতা ভৰাই হ’লেও হাঁচিয়াব৷ আহোতে যাওঁতে তাইক নানান কথা শুনাব, অশ্লীল আলোচনা কৰিব৷ মুঠৰ ওপৰত তাইক গাঁৱত শান্তিত থাকিবলৈ নিদিব৷ 

টেবুলত দি থৈ যোৱা ৰুটি এডোখৰ ফালি সি বাটিত থকা ডালমাখিনিতে ডুবাই ভাবিলে যে আজি আৰু সি পাটপুৰ ঘূৰি  নাযায়৷ এনেও ৰাতি ইমান পৰ হ’ল যেতিয়া ঘূৰি যাবলৈ গাড়ীও পোৱা নাযাব৷ 

কথাবোৰ ভাবি থাকোঁতেই নীলাম্বৰ হঠাৎ ৰমাকান্তৰ মাতত চক খাই উঠিল৷ ৰমাকান্তই তাৰ ওচৰতে বহি নিজৰ কাৰণেও ৰুটি ডালমাৰ অৰ্ডাৰ দি নীলাম্বৰক সুধিলে, “তোৰ ওচৰত মালতীৰ চিঠিখন নাই জানো?”

নীলাম্বৰে বাওঁহাতেৰে নিজৰ পকেটৰ পৰা চিঠিখন উলিয়াই ৰমাকান্তক দিলে৷ ৰমাকান্তই চিঠিখন নিজৰ পকেটত সোমোৱাই ক’লে, “উদ্ধৱ মহান্তিৰ মানুহখিনিয়ে যে আমাৰ গাঁৱৰ খেটিৰ মাটিখিনি নষ্ট কৰি পেলাব খুজিছে সেই কথা গম পাইছনে? এতিয়াই কৈ দিলোঁ, মই বাচি থাকোঁ মানে এনেকুৱা কাম সিহঁতক গাঁৱত কৰিবলৈ নিদিও৷ কোম্পানিৰ সেই বইজাতবোৰহে বাহিৰৰ, ইহঁতিবোৰতো আমাৰ গাঁৱৰেই৷ নিজৰ মানুহখিনিৰ কথা এবাৰো সিহঁতি ভাবি নাচালে? এইবোৰ মানুহেই নে?”

নীলাম্বৰৰ, ৰমাকান্তৰ কোনো কথাৰেই উত্তৰ দিবলৈ মন নগ’ল৷ সি খাই খায়েই কেছ কাউণ্টাৰৰ ওচৰত থকা টিভিটোলৈ চালে৷ তাৰ দৃষ্টিক অনুসৰণ কৰিয়েই ৰমাকান্তও টিভিত ৰাজ্যৰ শিল্পমন্ত্ৰীয়ে কিনো কৈছে জানিবলৈ চালে৷ 

নীলাম্বৰ চকখাই উঠিল৷ সি উত্তেজিত হৈ ৰমাকান্তক ক’লে লে, “দেখিলিনে?”

একো ধৰিব নোৱাৰি ৰমাকান্তই সুধিলে, “কি হৈছে?”

ঃ তলত চা – পাটপুৰৰ মহাবীৰ ষ্টীল প্ৰকল্পৰ বিৰুদ্ধে দাখিল কৰা জনস্বাৰ্থ জড়িত মামলা উচ্চন্যায়ালয়ত গৃহীত হৈ গ’ল৷ 

ঃ দেখিলিনে, দেখিলি৷ – ৰমাকান্তই এক প্ৰকাৰে চিঞৰিয়ে উঠিল৷ তাৰ চিঞৰ শুনি কেছ কাউণ্টাৰত বহি থকা মালিকজনো আনকি চক খাই কি হ’ল বুলি দুয়োলৈ চালে৷

(অহা সংখ্যাত….)

Leave a Reply

Your email address will not be published. Required fields are marked *