by Arup Kakoti
মাজনী, আজি তই ইমানকৈ সাজোন-কাচোন কৰিছ, ক’ৰবালৈ যাবি নেকি?’’
‘‘মই নাযাওঁ দেউতা, তোমাক ডাক্টৰৰ ওচৰত দেখুৱাবলৈ অৰূপ আহিব৷’’
‘‘মোকহে নিবহি৷ তইনো ইমান ষ্টাইল কিয় কৰিব লাগে?’’
‘‘লাগে দেউতা, অৰূপে মোক আনদিনাতকৈ বেছি ধুনীয়া দেখিলে ডাক্টৰৰ ফীজ আৰু ঔষধৰ পইচা দিবৰ সময়তো মোকেই দেখি থাকিব৷’’
‘‘তই সৰু থাকোতেই তোৰ মাৰ হেৰাল৷ তইনো এইবোৰ ক’ত শিকিলি?’’
‘‘তোমাৰ পৰাই দেউতা৷ তুমিয়েই এদিন কৈছিলা যে সদায় পৰিস্কাৰ আৰু পৰিপাটি কাপোৰ পৰিধান কৰি ডাক্টৰৰ কাষলৈ যাব লাগে৷ তেতিয়া ডাক্টৰেই হওঁক বা নাৰ্চে ভাল পায়৷’’
‘‘ঠিকেই কৈছা মাজনী, অৰূপেই হ’ব তোৰ সাংসাৰিক জীৱনৰ ডাক্টৰ৷ সদায় সি ধুনীয়া দেখাকৈয়ে থাকিবি৷’’