Vদীপালিমা, তুমি…
‘‘বিজয়, মোক দেখি তুমি চক্ খাই উঠিবলৈ বা তোমাৰ গোপন প্ৰেয়সীৰ নাম সুধিবলৈ, মই তোমালোকক মাত লগোৱা নাই৷ মোৰ দেহ বা মনত নথকা কি এনে বিশেষত্ব তোমাৰ প্ৰেয়সীৰ আছে তাকেহে মই চাই ল’লো৷ ভাল লাগিছে এটাই যে মই তোমালোকক কোনো অসংযত অৱস্থাত পোৱা নাই৷ কাচৰ কেবিনটোতে ময়ো আছো৷ চাবলৈ মন গ’লে আহিবা, মোৰ দৰেই অনুমতি নোলোৱাকৈয়ে–অৱশ্যে, মোৰ প্ৰেমিক তোমাৰ দৰে ধীৰ-স্থিৰ-গম্ভীৰ নহয়৷ বাহু বন্ধনৰত কথোপকথনহে তেওঁৰ বৰ প্ৰিয়৷ মোক অসংযত অৱস্থাত দেখি তোমাৰ যাতে খং নুঠে৷ তুমিও জানা যে এনে ৰেণ্টুৰেণ্টৰ বিশেষ ব্যৱস্থাৰ কেবিনবোৰ কেৱল পৃথিৱীখন শান্ত-সমাহিত কৰি ৰাখিবৰ বাবেই তৈয়াৰ কৰা হয়৷ থাকা বিজয়, ঘৰলৈ ওভতোতে, মন হয় যদি, তোমাৰ প্ৰিয় ছাগলী মাংস অলপ আনিবা৷ তোমাৰ প্ৰিয় খাদ্য ৰান্ধি-বান্ধি খুৱাই, এতিয়াও যে মই আগৰদৰেই ভালপাওঁ, কথাটো কিন্তু তোমাৰ প্ৰেয়সীকো বুজাই ক’বা৷’’