
ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী, অক্লান্ত নেতা সুভাষ চন্দ্ৰ বসুৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলি থকা স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি ১৯২০-৩০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আৰু ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁ “ স্বৰাজ’’ কাকতৰ জৰিয়তে পশ্চিমবঙ্গত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰচাৰ কাৰ্য চলাই থকাৰ বাবে ১৯২৫ চনত ব্ৰিটিছ শাসকে তেওঁক গ্ৰেপ্তাৰ কৰি মান্দালয়ৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল৷ তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৰিহণা আছিল Congress volunteer corps ১ General officer commanding (GOট্ৰ) হিচাপে৷ আইন অমান্য আন্দোলন বাবে তেওঁ গ্ৰেপ্তাৰ বৰণ কৰিব লগাও হৈছিল৷ কিন্তু অতি শীঘ্ৰেই সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অহিংসা আৰু সত্যাগ্ৰহ নীতিৰ সৈতে সম্পৰ্কৰ চ্ছেদ ঘটি তেওঁৰ ৰাজনৈতিক মতাদৰ্শ আৰু ৰণকৌশল সম্পূৰ্ণৰূপে অইন ফালে ঢাল খাইছিল৷ এই ক্ষেত্ৰত পশ্চিমবঙ্গৰ উগ্ৰ জাতীয়তাবাদৰ সমৰ্থক চিত্তৰঞ্জন দাসৰ তেওঁ অনুৰক্ত আৰু অনুগামী আছিল৷ চিত্তৰঞ্জন দাসৰ “ফৰৱাৰ্ড’’ বাতৰি কাকতখনৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীৰ নেতৃত্বত গঢি উঠা ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৰমপন্থাৰ বিপৰীতে উগ্ৰপন্থাক অৱলম্বন কৰি স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰে৷ তেওঁ এপিনে “স্বৰাজ’’ আন্দোলনৰ পোষকতা কৰিছিল, আনপিনে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে আপোচহীন সশস্ত্ৰ সংগ্ৰামৰ পথছোৱা বাচি লৈছিল; যাৰ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটে৷ ১৯৩৮-৩৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৰিপুৰা বাৰ্ষিক অধিবেশনত সভাপতি হিচাপে নিৰ্বাচিত হোৱা সত্বেও সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ চাপত পৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল সুঁতিৰ পৰা অব্যাহতি লৈ ১৯৩৯ চনৰ ২২ জুনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনতে নিজস্ব ভাৱে “All India Forward Bloc’’ দল গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম ঘোষণা কৰে

বিশেষকৈ দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্ৰিটিছ শাসকে ভাৰতৰ ৰাজনৈতিক দলসমূহৰ কোনো সুপৰামৰ্শ বা সমৰ্থন নোলোৱাকৈ ব্ৰিটিছ -ভাৰতীয় সৈন্য বাহিনীক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ বাবে সুভাষচন্দ্ৰ বসুয়ে প্ৰতিবাদ কৰি অসহযোগ আন্দোলন আৰম্ভ কৰিছিল যদিও এই ক্ষেত্ৰত তেওঁ মহাত্মা গান্ধীৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা কোনো সঁহাৰি পোৱা নাছিল; বৰঞ্চ সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানী, জাপান আৰু ইটালীৰ ফেচিবাদী (Fascists) শক্তিৰ লগত একত্ৰিত হোৱাৰ বাবে, ১৯২০ চনৰ পৰা ১৯৩৪ চনলৈকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে উগ্ৰ পন্থাৰে প্ৰচাৰ চলাই যোৱাৰ বাবে আৰু ১৯৩০ চনত তেওঁ ইউৰোপ ভ্ৰমণ কৰি ভাৰতীয় ছাত্ৰ আৰু বেনিটো মুছলিনীক আদি কৰি ৰাজনীতিবিদ বিশেষকৈ ইংলেণ্ডৰ লেবাৰ পাৰ্টিৰ নেতা আৰু ৰাজনৈতিক চিন্তাবিদ যেনে, লৰ্ড হেলিফেক্স, জৰ্জ লেন্সবাৰী, ক্লীমেণ্ট এটলি, আৰ্থাৰ গ্ৰীণউদ, হেৰল্ড লাস্কি, জে বি এচ হেলডেন, আইভৰ জেনিংছ, জি, ডি এইচ ক’ল, গিলবাৰ্ট মুৰে, আৰু ছাৰ ষ্টেফৰ্ড ক্ৰীপ্স আদিৰ লগত ভাৰতৰ ভৱিষ্যৎ লৈ আলোচনাত মিলিত হৈ তুৰস্কৰ আতাতুৰ্ক কামাল পাছাৰ সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ আধাৰত “The Indian Struggle’’ লিখি প্ৰচাৰ কৰাৰ অপৰাধত ব্ৰিটিছ শাসকে গ্ৰন্থখন নিষিদ্ধ ঘোষণা কৰি সুভাষ চন্দ্ৰ বসুক গৃহবন্দী কৰা অনৈতিক কাৰ্যক ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণোদ্যমে সমৰ্থন জনাইছিল৷ ১৯৩৯ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কৃত হৈ বাধ্যত পৰি ১৯৪১ চনৰ নৱেম্বৰ মাহত বাৰ্লিনত গৈ জাৰ্মান পুঁজিৰে বাৰ্লিনত Free India Centre স্থাপন কৰি সুভাষ চন্দ্ৰ বসুৱে প্ৰত্যেক ৰাতি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সম্প্ৰচাৰ আৰম্ভ কৰে৷ Erwin Rommel ১ আফ্ৰিকা কৰ্পছে কৰায়ত্ত কৰা ৩০০০ হেজাৰ ভাৰতীয়ক লৈ তেওঁ Free India legion বাহিনী গঠন কৰি জাৰ্মানীৰ স্থল পথেৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা হাতত লয়৷ ১৯৪২ চনৰ মে মাহত তেওঁ জাৰ্মানীৰ চেঞ্চেলাৰ এডলফ হিটলাৰক লগ ধৰি তেওঁৰ পৰামৰ্শক্ৰমে ১৯৪৩ চনৰ মে মাহত জাপানৰ সুমাত্ৰাত পদাৰ্পন কৰে আৰু জাপানৰ সহযোগত Indian National Army, INA ( আজাদ হিন্দ ফৌজ) পুনৰ্জীৱিত কৰে৷ সুভাষ চন্দ্ৰ বসুৱে এই আজাদ হিন্দ ফৌজৰ অধীনত ছিংগাপুৰৰ যুদ্ধত বন্দী হোৱা ব্ৰিটিছ -ভাৰতীয় সৈন্য বাহিনীৰ ভাৰতীয়সকলক একত্ৰিত কৰি জাপান অধিকৃত আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন কৰে আৰু ইয়াৰ নেতৃত্ব দিয়ে বসুৱে নিজেই৷ আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী সুভাষ চন্দ্ৰ বসুৱে পোন প্ৰথমবাৰৰ বাবে “জয়হিন্দ’’ শ্লোগান প্ৰচাৰ কৰে৷ বসুৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী আছিল ভৌগোলিক বৈচিত্ৰ্য, ধৰ্মীয় বৈচিত্ৰ্য আৰু লিংগ বৈচিত্ৰ্যৰ এক উৎকৃষ্ট উদাহৰণ৷ ১৯৪৩ চনৰ ২৯ অক্টোবৰত “আজাদ হিন্দ’’ অৰ্থাৎ স্বাধীন ভাৰতৰ চৰকাৰৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে৷ আৰn ¸১৯৪৩ চনৰ ৩১ অক্টোবৰত এই চৰকাৰে ইংলেণ্ড আৰু আমেৰিকাৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰি “দিল্লী চলো’’ অভিযানৰ প্ৰস্তুতি চলায়৷ ১৯৪৪ চনৰ জানুৱাৰী মাহত নেতাজী সুভাষ ¸চন্দ্ৰ বসুয়ে ৰেঙ্গুনত প্ৰধান সামৰিক দ৫১ স্থাপন কৰি “দিল্লী চলো’’ অভিযান আৰম্ভ কৰে৷ আজাদ হিন্দ ফৌজে শীঘ্ৰেই ইম্ফল দখল কৰি অসমৰ মাজেৰে বঙ্গদেশত যোৱাৰ পৰিকল্পনা কৰে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনীয়ে বিশাল যুদ্ধ সম্ভাৰ লৈ জাপানৰ পিনে অগ্ৰসৰ হোৱাত জাপানী সৈন্যসকলে স্বদেশ ৰক্ষাৰ বাবে ব্ৰহ্মদেশ ত্যাগ কৰে৷ তেতিয়া এই যুদ্ধত আজাদ হিন্দ ফৌজৰ আধা সৈনিক মৃত্যু মুখত পৰে৷ শেষত বাধ্যত পৰি ইণ্ডিয়ান নেচনেল আৰ্মীৰ দলে মালয় লৈ পলাই গৈ ছিংগাপুৰত আত্মসমৰ্পণ কৰে৷ কিন্তু বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছ -ভাৰতীয় সৈন্য বাহিনীৰ ওচৰত হাৰ নামানি মাঞ্চুৰিয়ালৈ পলাই গৈ ক্ৰমে ব্ৰিটিছ বিৰোধী মানসিকতা গঢ় লৈ উঠা ছোভিয়েট ইউনিয়নৰ কাষ চাপিবলৈ চেষ্টা কৰে যদিও ১৯৪৫ চনৰ ২৩ আগষ্টত টাইৱানত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে৷ অৱশ্যে কোনো কোনোৱে বিশ্বাস কৰে যে, বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতো সুভাষ চন্দ্ৰ বসু জীয়াই আছিল৷ তেওঁৰ মৃত্যু-ৰহস্য এতিয়াও ভেদ হোৱা নাই৷

জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ দেশে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে যদিও প্ৰকৃতাৰ্থত বিপ্লৱী, অক্লান্ত ফৰৱাৰ্ড ব্লকৰ জন্মদাতা তথা আজাদ হিন্দ ফৌজৰ নেতা সুভাষ চন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ মোক্ষম আঘাতত ব্ৰিটিছ শাসকৰ হৃদ-কম্পনৰ সৃষ্টি হোৱাৰ ফলতহে এই স্বাধীনতা ত্বৰান্বিত হোৱাত মুখ্য ভূমিকা পালন কৰিছিল৷
ভাৰতৰ স্বাধীনতা সংগ্ৰামত সুভাষ চন্দ্ৰ বসুৰ অটল সংকল্প আৰু অংগীকাৰ আৰু স্বাধীনতাৰ বাবে তেওঁৰ নিৰ্ভীক চেতনাবোধ আৰু দৃষ্টিভংগীয়ে ভাৰতৰ ইতিহাসত তেওঁ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী হিচাপে পৰিগণিত হৈছে৷ দেশপ্ৰেমমূলক আৰু সাহসিকতাৰে ভৰা তেওঁৰ বিখ্যাত উক্তিসমূহ এতিয়াও ভাৰতৰ বুকুত অনুৰণিত হৈ আছে৷ তেওঁৰ “তোমৰা আমাকে ৰক্ত দাও, আমি তোমাদেৰ স্বাধীনতা দেব৷’’ Give me blood I give you freedom. প্ৰত্যেকজন ভাৰতীয়ৰ শৰীৰৰ শিৰা-উপশিৰা আৰু হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে স্বাধীনতা আন্দোলনৰ বাবে তেজ উত্তপ্ত কৰি তোলে৷ “জয় হিন্দ’’ নেতাজী সুভাষ চন্দ্ৰ বসু অমৰ ৰহে