
চন্দনা চৌধুৰী
বিয়া হোৱাৰ পিছত মা আৰু দেউতাৰ লগত থকা সুখৰ অনুভৱ সঁচাকৈ অতুলনীয়৷ আজি মই কিছু অনুভৱ আপোনালোকলৈ বুলিও আগবঢ়ালোঁ৷
মা দেউতাৰ সৈতে সুখ-দুখৰ কথা পতাৰ লগতে বিভিন্ন বিষয় আলোচনা হ’ল৷ তাৰ পিছত মা আৰু দেউতাৰ লগত সাহিত্যৰ ক্ষেত্ৰখনৰ কথাও পাতিলো৷ মোৰ মা নষ্টালজিক হৈ পৰিল আৰু তেওঁ পঢ়া দিনলৈ গ’ল৷ তেওঁ প্ৰথম শ্ৰেণীৰ এটি কবিতা মনত পেলালে৷ কবিজনৰ নাম স্মৃতিত সজীৱ হৈ নথকাত কবিতাটোৱে পাঠ কৰিলে৷
কবিতাটো উল্লেখ কৰি আপোনালোকৰ মাজলৈও আগবঢ়ালোঁ৷
“ল’ৰাৰ পাঠ শেষ হ’ল যাওঁ ঘৰাঘৰি,
মা-পিতাক দিও গৈ সুখৰ বাতৰি৷
শুনি দুয়ো ভাল পাব আকোঁৱালি ল’ব,
কালিলৈ ছবি থকা পুথি আনি দিব৷
আৰু দিব নতুন চুৰিয়া,
উমলিম পথাৰত আমি অসমীয়া৷’’
তাৰ পিছত দেউতাও এনে নাথাকিল তেখেতেও চতুৰ্থ শ্ৰেণীৰ এটি কবিতা পাঠ কৰি শুনালে৷ তেওঁ পাঠ কৰা কবিতাটোও তলত উল্লেখ কৰিলোঁ৷
“ব’হাগৰ পৰা হয় বছৰ গণনা,
জেঠত জেঠুৱা খৰ সৱে জনা শুনা৷
আহাৰত পকা আম পাবা য’তে ত’তে,
শাওণত বানপানী হয় সকলোতে৷
ভাদত শালি খেতি কৰে পথাৰত,
আহিনত ৰুৱা হয় শেষ হৰিষ মনত৷
কাতিত দেৱালী হয় মজা দেখি কেনে,
আঘোণত পথাৰ, ঢাকি থয় পকাধানে৷
পুহত চপাই ধান, থয় ভিন ভিন,
মাঘত মুকলি মন, পিঠা খোৱাৰ দিন৷
ফাগুনত ফাঁকুৱা খেলি ৰং কৰে,
চ’তত মেলানি মাগে গোটেই বছৰ৷
তেওঁলোকৰ এই মহান অনুভৱত অভিভূত হৈ নষ্টালজিক হৈ পৰিলোঁ ময়ো৷