কবিতা নৱবৰ্ষ (বুলমণি বৰি) – Purbodix.com

কবিতা নৱবৰ্ষ (বুলমণি বৰি)

টোপনিত থাকোঁতেই 

শান্ত শীতল নিশাটিৰ বুকুত জাহ গ’ল 

এটি বছৰৰ অন্তিম প্ৰহৰ 

 

হিম চেঁচা বতাহছাটিয়ে 

আদৰি আনিলে 

এটি নতুন বৰ্ষ 

ভৱিষ্যতক আহ৩ান জনাবলৈ 

দৌৰিবলৈ ৰৈ থকা 

অস্থিৰ খোজৰ কি যে দৌৰাত্ম 

যেন 

জীৱনক বসন্ত কৰাৰ বৰদলৈচিলা 

 

সঁচাই 

উৎফুল্ল হ’বৰ বাবে কিমান উৎকণ্ঠা 

দিনলিপিৰ পাতে পাতে 

জীৱনক জাতিষ্কাৰ কৰাৰ 

অফুৰন্ত বাসনা 

 

বছৰৰ পাছত বছৰ 

এয়াই চিৰন্তন অৱস্থিতি

দূৰ দিগন্তই ৰাঙলী দলিচা পাৰি 

ৰৈ থাকে 

দিনটোক সামৰি নিবলৈ 

স্মৃতিৰ ৰেখা আঁকি 

বিদ্ৰুপৰ হাঁহি মাৰি 

গুচি যায় সময় 

 

প্ৰতিদিনেই 

পশ্চিমত বুৰ যোৱা বেলিয়ে 

আভাস দিয়ে 

ৰঙীন ৰংহীন সময়ৰ প্ৰহেলিকা 

ধ্ৰুৱ সত্য

যিমানেই জীৱন জাতিষ্কাৰৰ বাবে 

আয়োজন নকৰোঁ কিয় 

ৰাতিৰ অন্ধকাৰৰ দৰে জীৱনৰ গূঢ়াৰ্থ৷  

Leave a Reply

Your email address will not be published. Required fields are marked *