প্ৰতিশ্ৰুতি (বন্দিতা দত্ত বৰদলৈ) – Purbodix.com

প্ৰতিশ্ৰুতি (বন্দিতা দত্ত বৰদলৈ)

মোৰ হাততে হাত থৈ,, 

মোৰ চকুত চকু থৈ

তুমি প্ৰতিশ্ৰুতি দিছিলা,, 

দুখন হৃদয় এখন হোৱাৰ, , 

দুটি প্ৰাণ এটি হোৱাৰ,,, 

 

সাগৰৰ দৰে গভীৰ, , 

আকাশৰ দৰে বিশাল বুলি

তুমি প্ৰতিশ্ৰুতি দিছিলা, , 

তোমাৰ মোৰ প্ৰতি   মৰম-ভালপোৱা৷ 

জন্মৰ পৰা জন্মান্তৰলৈ

সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ

কোনো দিন বিচ্ছেদ নোহোৱাৰ,, 

তুমি মোক প্ৰতিশ্ৰুতি দিছিলা,,, 

জীৱনে-মৰণে একেলগে থকাৰ,,,৷ 

কিন্তু কিয়,,, 

সকলো প্ৰতিশ্ৰুতি পাহৰি 

হঠাৎ তে তুমি গুচি গ’লা বহু দূৰণিলৈ,,,৷ 

জানা, তুমি আঁতৰি যোৱাৰ পিছতো,, 

মোৰ বুকুৰ ভিতৰত আলফুলে সাঁচি ৰাখিছোঁ,, 

তোমাৰ মৰম, ভালপোৱা বিশ্বাস, আবদাৰবোৰ,,, 

চিৰদিন সযতনে সাঁচি ৰাখিম,, 

তুমি দিয়া মৰমৰ প্ৰতিশ্ৰুতিবোৰ,,,

Leave a Reply

Your email address will not be published. Required fields are marked *