by Arup Kakoti
মাৰলঘৰত সঁাজ লগা বেলিকা
মোৰ দেহত বৰ শিলৰ কোব,
কেতিয়াবা মুখত, কেতিয়াবা হৃদয়ত
কাহিলি পুৱাতে কোনোদিন ভুলতো এবাৰ
তেজৰঙী গোলাপৰ কলিটো ছিঙা নাই
সেইবাবে হালধীয়া চৰাইজাকৰ অনৰ্গল ক্ষোভ
তুঁহ-জুইৰ দৰে উমি উমি জ্বলি থকা হৃদয়ৰ
ক’লা ক’লা দাগবোৰ
চাৰিআলিৰ চুকৰ অস্তাচলৰ পোহৰত
মোৰ ডক্ডকীয়া ঘাবোৰ জিলিকি যায়
চুই চুই আকৌ এবাৰ আৱৰণ গুচায়
মোৰ এঙেৰুৱা পোছাক
ঘৰলৈ অহাৰ বাটত
তেওঁ ক’লে– তুমি ধুনীয়া
এমুঠি প্ৰশ্নৰে টোপোলা বান্ধি
হাঁচতিত আনিলোঁ তেওঁৰ দীঘল ছাঁ
মাৰলিৰ ফাঁকত লুকাই থকা
ছাঁটোক চুই চুই ক’লো–
তুমি মোক ভালপোৱা বাবে মই ধুনীয়া
তুমি মোক চুই দিয়া বাবে মই
আমোলমোলোৱা৷ vv